মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিজৰ গাঁও লাংজালৈ উভতি যোৱাৰ কথা ভাবিলেই খুমা থেইকৰ ভৰিৰ তলৰ মাটি কঁপি উঠে। ৩০ বছৰ ধৰি ৬৪ বছৰীয়া কৃষকগৰাকীৰ ঘৰ আছিল লেংজা। নিজৰ বুলি ভবা সেয়া আছিল চিনাকি ঠাই য’ত তেওঁ নিজৰ পুত্ৰ ডেভিদক ডাঙৰ-দীঘল কৰিছিল, স্কুললৈ পঠিয়াইছিল আৰু ধাননি পথাৰত একেলগে কাম কৰিছিল। প্ৰথমবাৰৰ বাবে ককাদেউতাক হোৱা ঠাইখনো এয়াই আছিল। লাংজা আছিল খুমাৰ পৃথিৱী। এইখন পৃথিৱীক লৈ তেওঁ সুখী আছিল।

২ জুলাই, ২০২৩ চনৰ আগলৈকে সকলো ঠিকেই আছিল।

সেই দিনটোৱে তেওঁৰ জীৱনৰ অৱশিষ্টকণো কাঢ়ি নিছিল আৰু মন-মগজুৰ পৰা মচিব নোৱৰা এখন ভয়ানক ছবিয়ে অহৰহ খেদি থাকিবলৈ আৰম্ভ কৰিছিল। এই ফটোখনৰ বাবেই তেওঁ ভালকৈ শুব পৰা নাই। এই ফটোখনে তেওঁক অকণো শান্তিত থাকিবলৈ দিয়া নাই। এই ফটোখন আছিল বাঁহৰ বেৰখনৰ ওখ খুঁটা এটাত ওলমাই থোৱা তেওঁৰ একমাত্ৰ পুত্ৰৰ কঁটা মূৰৰ ফটো।

গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত খুমাৰ গৃহৰাজ্য ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত মণিপুৰ ৩ মে’, ২০২৩ৰ পৰা জ্বলিয়েই আছে। মাৰ্চৰ শেষৰফালে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটে সম্প্ৰদায়ক জনজাতীয় মৰ্যাদা প্ৰদানৰ নিৰ্দেশ দিয়াৰ পিছতে সম্প্ৰদায়টোৱে চৰকাৰী চাকৰি আৰু আৰ্থিক দিশত অধিক সুবিধা লাভৰ পথ প্ৰশস্ত হৈ পৰে। ইয়াৰ লগতে পাহাৰীয়া অঞ্চলত থকা কুকি অধ্যুষিত ঠাইত ভূমি ক্ৰয়ৰো অধিকাৰ লাভ কৰে সম্প্ৰদায়টোৱে। অৱশ্যে উচ্চতম ন্যায়ালয়ে পিছত উক্ত নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে।

ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২৮ শতাংশ হৈছে কুকি সম্প্ৰদায়ৰ। তেওঁলোকৰ ধাৰণা যে আদালতৰ এই নিৰ্দেশৰ পিছত ইতিমধ্যে সুবিধাজনক স্থিতিত থকা ৫৩ শতাংশ মেইটে লোকে আৰু অধিক সুবিধা লাভ কৰিব।

Khuma Theik at his brother’s house, after his own home in the Kuki village of Langza was attacked and his son violently killed
PHOTO • Parth M.N.

ফটোঃ ভাতৃৰ সৈতে থকা খুমা থেইক, নিজৰ মৰমৰ গাঁও কুকি অধ্যুষিত লাংজাত চলা আক্ৰমণত পুত্ৰক বৰ্বৰভাৱে হত্যা কৰাৰ পিছত এনেকৈয়ে দিন কটাইছে খুমাই

৩ মে’ত কুকি সম্প্ৰদায়ৰ একাংশ লোকে চূড়াচান্দপুৰ জিলাত ন্যায়ালয়ৰ সেই আদেশৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদৰ পিছতে চূড়াচান্দপুৰস্থিত ১৯১৭ চনত ঔপনিৱেশিক ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে হোৱা কুকি বিদ্ৰোহৰ প্ৰতীক স্বৰূপ এংলো-কুকি ৱাৰ মেম’ৰিয়েল গেটখন মেইটেসকলে জ্বলাই দিয়ে। এনেকৈ সংঘৰ্ষ চৌদিশে বিয়পি পৰে আৰু প্ৰথম চাৰি দিনত অতিকমেও ৬০ জন লোক নিহত হয়।

এয়া আছিল হিংসাত্মক সংঘৰ্ষৰ আৰম্ভণি, যাৰ লেলিহান শিখাই মুহূৰ্ততে ৰাজ্যখনৰ সৰ্বত্ৰে বিয়পি পৰিছিল, ঠায়ে ঠায়ে সংঘটিত হৈছিল নিৰ্বিচাৰ হত্যাকাণ্ড, গণধৰ্ষণ আৰু অমানুষিক অত্যাচাৰ। এই গোষ্ঠী সংঘৰ্ষত এই পৰ্যন্ত প্ৰায় ১৯০ জন লোকৰ প্ৰাণহানি ঘটিছে আৰু ৬০,০০০ লোক গৃহহাৰা হৈছে, ইয়াৰে সৰহসংখ্যকেই হৈছে কুকি সম্প্ৰদায়ৰ। কুকিসকলে অভিযোগ কৰা মতে এই গোষ্ঠী সংঘৰ্ষত ৰাজ্য চৰকাৰৰ লগতে আৰক্ষীয়েও মেইটেসকলক হিংসা সংঘটিত কৰাত কোনো বাধা প্ৰদান কৰা নাছিল।

দুয়োটা জনগোষ্ঠীৰ মাজত দেখা দিয়া বিশ্বাসহীনতাৰ ফলত তেওঁলোকে নিজ নিজ গাঁৱত সম্প্ৰতি শত্ৰু হৈ পৰা একালৰ চুবুৰীয়া গাঁৱৰ লোকসকলৰ পৰা ৰক্ষা পাবলৈকে নিজ নিজ ৰক্ষাবাহিনী গঠন কৰিবলৈ বাধ্য হৈ পৰিছিল।

Barricades put up by paramilitary forces along the borders of Imphal and Churachandpur, Manipur
PHOTO • Parth M.N.

ফটোঃ মণিপুৰৰ ইম্ফল আৰু চূড়াচান্দপুৰৰ সীমাত অৰ্ধসামৰিক বাহিনীৰ বেৰিকেড

A home (left) and a shop (right) burned to the ground near the border of Imphal and Churachandpur, Manipur
PHOTO • Parth M.N.
A home (left) and a shop (right) burned to the ground near the border of Imphal and Churachandpur, Manipur
PHOTO • Parth M.N.

ফটোঃ মণিপুৰৰ ইম্ফল আৰু চূড়াচান্দপুৰৰ সীমাত জ্বলি ছাই হোৱা এটি ঘৰ (বাঁওফালে) আৰু এখন দোকান (সোঁফালে)

২ জুলাইৰ সেই বিভীষিকাময় দিনটোত খুমাৰ ৩৩ বছৰীয়া পুত্ৰ ডেভিদে নিজৰ কুকি গাঁও লাংজাত বাকীসকলৰ সৈতে পহৰা দি থকা সময়তে হঠাৎ অস্ত্ৰধাৰী মেইটে দল এটাই অতৰ্কিতে আক্ৰমণ চলাইছিল। কুকি অধ্যুষিত চূড়াচান্দপুৰ আৰু মেইটে অধ্যুষিত ইম্ফল ভেলীৰ সীমাত অৱস্থিত হোৱা বাবে লাংজা গাঁওখন অতি স্পৰ্শকাতৰ হৈ পৰিছিল।

গাঁওবাসীৰ হাতত বেছি সময় নাই বুলি উপলব্ধি কৰি ডেভিদে তৰানৰা ছিঙি আহি গাঁওবাসীক পলাবলৈ কৈছিল আৰু তাৰ পিছত সি দলটোক বাধা দিবলৈ বুলি ওলাই গৈছিল। ''আমি লাম-লাকটু যিয়ে যেনেকৈ পাৰো লৈ আমাৰ গোষ্ঠীৰ মানুহ থকা পাহাৰৰ আৰু ভিতৰলৈ পলাইছিলো,’’ খুমাই কয়। ''ডেভিদে সোনকালে ঘূৰি আহিম বুলি কৈছিল। তাৰ স্কুটাৰ এখনো আছিল।’’

ডেভিদ আৰু অন্যান্য পহৰাদাৰ সকলে পৰিয়ালৰ লোকসকলে পলাই যাব পৰাকৈ সিহঁতৰ সৈতে যুঁজিছিল। কিন্তু সি ঘূৰি আহিব নোৱাৰিলে। স্কুটাৰখনৰ ওচৰ পোৱাৰ আগতেই তাক সিঁহতে ডিঙি কাটি হত্যা কৰিলে। তাৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি জ্বলাই দিলে।

''সেইদিন ধৰি মই ভীষণ অস্থিৰ হৈ আছো,’’ চূড়াচান্দপুৰ জিলাৰ ভিতৰুৱা পাহাৰ অঞ্চলত ভাতৃৰ সৈতে থকা খুমাই কয়। ''মই মাজনিশা সাৰ পাও আৰু ভয়তে শিঁয়ৰি উঠো। মই ভালকৈ টোপনি যাব পৰা নাই। মোৰ ল’ৰাৰ কটা মূৰটো হাতত লৈ এজন মানুহে খোজকাঢ়ি যোৱা ফটো এখনো দেখিছিলো। সেইখনেই মোৰ মনত সকলো সময়তে ভাহি থাকে।’’

The charred remains of vehicles set on fire near the Churachandpur-Imphal border
PHOTO • Parth M.N.
The charred remains of vehicles set on fire near the Churachandpur-Imphal border
PHOTO • Parth M.N.

ফটোঃ ইম্ফল আৰু চূড়াচান্দপুৰৰ সীমাত জ্বলাই দিয়া বাহনবোৰৰ অৱশেষ

Boishi at a relief camp in Churachandpur where she has taken shelter along with four of her children aged 3 to 12, after her village of Hao Khong Ching in the district of Kangpokpi came under attack
PHOTO • Parth M.N.

ফটোঃ চূড়াচান্দপুৰত কুকিসকলে সংঘৰ্ষত নিহত প্ৰিয়জনৰ স্মৃতিত স্থাপন কৰা স্মৃতিসৌধ। ইম্ফলস্থিত হাস্পতাললৈ গৈ প্ৰিয়জনৰ মৃতদেহ আনি শেষকৃত্য সম্পন্ন কৰিব নোৱৰা বাবে এনেদৰে খালী কফিন প্ৰতীকিভাৱে থোৱা হৈছে

মণিপুৰৰ ভিন্ন প্ৰান্তত খুমাৰ দৰে আৰু অনেক ঘৰ-বাৰী হেৰোৱা লোক আছে। এসময়ত ঘৰ বুলি ক’লেই যি কথা মনলৈ আহিছিল এতিয়া আৰু তেওঁলোকৰ মনলৈ তেনে ভাৱ নাহে। সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা আৰু দুঃসহ স্মৃতি কঢ়িয়াই ফুৰা গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত লোকসকলৰ একাংশই হয়তো নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে আৰু আন একাংশই কোনো দাতব্য সংস্থাই পৰিচালনা কৰা আশ্ৰয় শিবিৰত দিন কটাবলৈ বাধ্য হৈ পৰিছে।

৩ মে’ত কাংপক’পি জিলাৰ হাও খং ছিং গাঁওখনত সংঘটিত হোৱা আক্ৰমণৰ পিছৰে পৰা ৩-১২ বছৰ বয়সৰ ৪টা কণ কণ সন্তান লৈ চূড়াচান্দপুৰ জিলাৰ লামকা মৌজাৰ লিংছিফাই গাঁৱৰ এটা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৩৫ বছৰীয়া বৈছি থাঙে। ''মেইটেৰ দল এটাই তিনিখন গাঁও জ্বলাই আমাৰ গাঁওখনো আহি পাইছিল’’, তেওঁ কয়। ''আমাৰ হাতত সময় কম আছিল, সেয়ে তিৰোতা আৰু ল’ৰা-ছোৱালীবোৰক আগতে পলাবলৈ কৈছিল।’’

তেওঁৰ স্বামী ৩৪ বছৰীয়া লাল টিন থাঙে আনসকলৰ সৈতে গাঁওতেই আছিল আৰু বৈছিয়ে সন্তানকেইটিক লৈ কাষৰ নগা গাঁওখনলৈ পলাইছিল। নগা গাঁওখনে তাইক আৰু ল’ৰা-ছোৱালীকেইটিক আশ্ৰয় দিছিল, তাতেই তেওঁ মানুহজন অহালৈ বাট চাই নিশাটো পাৰ কৰিছিল।

নগা সম্প্ৰদায়ৰ এজন লোকে লাল টিন থাং নিৰাপদে আছেনে নাই সেয়া চাবলৈ বুলি তেওঁলোকৰ গাঁওখনলৈ গৈছিল। কিন্তু বৈছিয়ে যি ভয় কৰি আছিল সেই দুঃসংবাদ লৈ উভতিছিল লোকজন। তাইৰ স্বামীক ধৰি, নিৰ্যাতন চলাই জীৱন্তে জ্বলাই দিয়া হৈছিল। ''মই মোৰ মানুহজন নাইকিয়া হৈ যোৱাৰ দুখত ভালকৈ কান্দিবলৈয়ো নাপালো,’’ চকুলো মচি কৈছিল বৈছিয়ে। ''মই এতিয়া সন্তানকেইটিক ভালকৈ ৰাখিব লাগিব। পিছদিনা পুৱা নগাসকলে মোক চূড়াচান্দপুৰৰ এখন কুকি গাঁৱত থৈ আহিছিল। মই যে আৰু ঘৰলৈ ঘূৰি যাব পাৰিম তাৰ কোনো আশা নাই। ঘৰতকৈয়ো এতিয়া আমি জীয়াই থকাটোহে ডাঙৰ কথা।’’

গাঁৱত থকা ৫ একৰ মাটিত কৰা খেতি-বাতিৰেই চলিছিল বৈছিহঁতৰ ঘৰখন। কিন্তু এতিয়া তাই আৰু ঘৰলৈ উভতি যোৱাৰ কথা ভাবিবই নোৱাৰে। এতিয়া চূড়াচান্দপুৰ কুকিসকলৰ বাবে নিৰাপদ ঠাই কিয়নো তাত আশে-পাশে মেইটে লোক নাই। মেইটে গাঁৱৰ কাষতে জীৱনৰ এছোৱা সময় পাৰ কৰা বৈছিয়ে এতিয়া মেইটেসকলৰ লগত একেলগে থকাৰ কথা কল্পনাই কৰিব নোৱাৰে। ''আমাৰ গাঁওখনৰ আশে-পাশে বহুকেইখন মেইটে গাঁও আছে,’’ তাই কয়। ''তেওঁলোকে বজাৰ চলাইছিল, আমি বস্তু কিনিছিলো। বহুত ভাল সম্পৰ্ক আছিল আমাৰ মাজত।’’

Boishi at a relief camp in Churachandpur where she has taken shelter along with four of her children aged 3 to 12, after her village of Hao Khong Ching in the district of Kangpokpi came under attack
PHOTO • Parth M.N.

ফটোঃ ৩-১২ বছৰীয়া ৪ সন্তানৰ সৈতে চূড়াচান্দপুৰত আশ্ৰয় শিবিৰত দিন কটোৱা বৈছি, কাংপক’পি জিলাৰ তাইৰ হাও খং চিং গাঁওখন মেইটে দুৰ্বৃত্তৰ দলে জ্বলাই দিছিল

কিন্তু এতিয়া মণিপুৰত দুয়োটা সম্প্ৰদায়ৰ মাজত বিশ্বাসহীনতাই সম্পূৰ্ণৰূপে গা কৰি উঠিছে। ৰাজ্যখন এতিয়া যে ইম্ফল ভেলীৰ মেইটেই আৰু পাহাৰৰ কুকিসকলৰ মাজত দুটা ভাগত বিভক্ত হৈ পৰিছে। এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ ঠাইলৈ যোৱা মানেই যেন মৃত্যু অৱধাৰিত। ইম্ফল ভেলীৰ এসময়ৰ কুকি গাঁওবোৰ এতিয়া জনশূন্য আৰু কুকি অধ্যুষিত ঠাইত থকা আগৰ মেইটে গাঁওবোৰতো কোনো মানুহ নাই।

ইম্ফলৰ মেইটে আশ্ৰয় শিবিৰ এটাত থকা ৫০ বছৰীয়া হেমা বাতি মৈৰাংথেমে তেওঁলোকৰ ম’ৰে চহৰত কুকিসকলে আক্ৰমণ চলোৱাৰ দিনা পেৰালাইছিছত আক্ৰান্ত ভায়েকক লৈ কেনেকৈ পলাইছিল সেয়া মনত পেলাইছিল। ''মোৰ একোঠলীয়া ঘৰটো জ্বলাই দিছিল,’’ তাই কৈ গৈছিল। ''মোৰ ভতিজাটোৱে পুলিচক ফোন কৰিছিল। আমি আশা কৰিছিলো যে পুলিচ আহি আমাক মৰাৰ পৰা বচাব।’’

ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰখন কুকিসকলে এফালৰ পৰা শেষ কৰি গৈছিল আৰু ভায়েকৰ অক্ষমতাৰ বাবে হেমাই যাও বুলিয়ে দৌৰি পলাব পৰা নাছিল। ''সি মোক যাবলৈ কৈছিল, কিন্তু তাক এৰি মই কেনেকৈ আহোনো, তেনে কৰিলে মই নিজকে ক্ষমা কৰিব নোৱাৰিম,’’ তাই কয়।

এক দুৰ্ঘটনাত হেমাৰ স্বামীৰ মৃত্যু হোৱাৰ পিছত তেওঁলোকে ১০ বছৰ ধৰি একেলগেই বাস কৰি আহিছে। জানি-শুনি এজনে আনজনক এনেকৈ মৰিবলৈ এৰি দিয়াতো সেয়ে সম্ভৱ নাছিল। যি হয় সেয়া আটাইকেইজনৰেই হ’ব লাগিব বুলি তেওঁলোকে ভাবি লৈছিল।

যেতিয়া আৰক্ষী আহি পাইছিল জ্বলি শেষ হ’বলৈ ধৰা ঘৰটোৰ ওচৰৰ পৰা হেমা আৰু তাইৰ ভতিজাকে ভায়েকক দাঙি নি আৰক্ষীৰ গাড়ীত বহুৱাইছিল। আৰক্ষীয়ে ১১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি নিৰাপদে তেওঁলোকক ইম্ফলত নমাই দিছিল। ''তেতিয়াৰে পৰা মই এই আশ্ৰয় শিবিৰতে আছো,’’ তাই কয়। 'মোৰ ভাই আৰু ভতিজাটো আত্মীয় এঘৰত আছে।’’

Hema is now at a relief camp in Imphal. She escaped with her paralysed brother when her town, Moreh  was attacked by a Kuki mob
PHOTO • Parth M.N.

ফটোঃ ইম্ফলৰ আশ্ৰয় শিবিৰত হেমা। ম’ৰে চহৰত কুকি দুৰ্বৃত্তৰ দলে চলোৱা আক্ৰমণৰ পিছত পেৰালাইছিছত আক্ৰান্ত ভায়েকৰ সৈতে কোনোমতে প্ৰাণ বচাবলৈ সমৰ্থ হৈছিল তাই

ম’ৰে চহৰত গেলামালৰ দোকান দিয়া হেমা এতিয়া দাতব্য সংস্থাসমূহৰ ওপৰত নিৰ্ভৰশীল। আন ২০ গৰাকী অচিনাকি মানুহৰ সৈতে এটা হোষ্টেলৰ দৰে কোঠাত একেলগে শুবলগীয়া হৈছে হেমাই। শিবিৰত ৰন্ধা খাদ্য খাইছে আৰু কোনোৱে দান দিয়া কাপোৰ পিন্ধিছে। 'কিবা এটা ভাল লগা নাই এনেকৈ,’’ তাই কয়। ''স্বামীৰ মৃত্যুৰ পিছতো মই নিজেই কৰি নিজেই খাইছো। মই ভাইটিটোকো চাই আহিছো। এনেকৈ আৰু কিমান দিন থাকিবলগীয়া হয় ভগৱানেহে জানিব।’’

সমগ্ৰ মণিপুৰতে এইসকল লোকক ক্ৰমাৎ আপোন ঘৰ, পৰিয়াল আৰু আগৰ সেই ভাললগা জীৱনটো যে হেৰুৱাই পেলালে সেই যন্ত্ৰণাই এতিয়া দহি নিছে।

গোটেই জীৱনটোত আপোনজনক হেৰুৱাই একপ্ৰকাৰ শিল হৈ পৰা খুমায়ো ডেভিদৰ মৃত্যুক কোনোপধ্যে মানি ল’ব পৰা নাই। ৩০ বছৰ আগতে খুমাই কলেৰাত জীয়েকক হেৰুৱাইছিল, তেতিয়া জীয়েকৰ বয়স আছিল মাত্ৰ দুবছৰ। ২৫ বছৰ আগতে কৰ্কট ৰোগত আক্ৰান্ত পত্নীক হেৰুৱাইছিল। কিন্তু কণাৰ লাখুটিহেন তেজাল ডেকা পুতেক ডেভিদক হেৰুৱাই মানুহজন একপ্ৰকাৰ ভাগি পৰিছে।

মাতৃহাৰা ডেভিদক খুমাই একলা-দুকলাকৈ ডাঙৰ-দীঘল কৰিছিল। স্কুলৰ অভিভাৱকৰ মিটিংবোৰত খুমা উপস্থিত আছিল। হাইস্কুলৰ ডেওনা পাৰ হোৱাৰ পিছত কোনখন কলেজত পঢ়িব সেই লৈয়ো বাপেক-পুতেক দুয়ো ওৰে ৰাতি আলোচনা কৰি সিদ্ধান্ত লৈছিল। এনেকৈ এদিন সকলো সুকলমে পাৰ হোৱাত ডেভিদে দেউতাকক কৈছিল তাৰ বিয়াৰ কথা।

এনেকৈ ইমান বছৰে এজনে আনজনৰ ছাঁটোৰ দৰে হৈ থকাৰ পিছত আপোনজনক হেৰুৱাই ভাগৰি পৰা খুমাৰ পৰিয়ালটোৱে থিতাপি লাগিব লৈছিল। তিনিবছৰ আগতে ডেভিদে বিয়া পাতিছিল, বিয়াৰ এবছৰ পিছত খুমাই নাতিয়েকক পাইছিল। খুমাই ভাবিছিল নাতিয়েকৰ সৈতে খেল-ধেমালি কৰি বৃদ্ধকালটো পৰিয়ালৰ সৈতে ভালকৈ কটাব। কিন্তু নিয়তিৰ পৰিহাস, আকৌ অকলশৰীয়া হৈ পৰিল খুমা। ডেভিদৰ পত্নী আৰু সন্তানটো আন এখন গাঁৱত আছে। খুমা আছে ভায়েকৰ সৈতে আন এখন গাঁৱত। এতিয়া তেওঁৰ সমুখত অগা-দেৱা কৰি আছে অনেক স্মৃতিয়ে। এই স্মৃতিবোৰৰ কিছুমান বাৰে বাৰে মনত পেলাব খোজে। আন কিছুমানৰ পৰা আকৌ তেওঁ পৰিত্ৰাণ পাব বিচাৰে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Parth M.N.

பார்த். எம். என் 2017 முதல் பாரியின் சக ஊழியர், பல செய்தி வலைதளங்களுக்கு அறிக்கை அளிக்கும் சுதந்திர ஊடகவியலாளராவார். கிரிக்கெடையும், பயணங்களையும் விரும்புபவர்.

Other stories by Parth M.N.
Editor : Priti David

ப்ரிதி டேவிட் பாரியின் நிர்வாக ஆசிரியர் ஆவார். பத்திரிகையாளரும் ஆசிரியருமான அவர் பாரியின் கல்விப் பகுதிக்கும் தலைமை வகிக்கிறார். கிராமப்புற பிரச்சினைகளை வகுப்பறைக்குள்ளும் பாடத்திட்டத்துக்குள்ளும் கொண்டு வர பள்ளிகள் மற்றும் கல்லூரிகளுடன் இயங்குகிறார். நம் காலத்தைய பிரச்சினைகளை ஆவணப்படுத்த இளையோருடனும் இயங்குகிறார்.

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari