খোৱাজা মইনুদ্দিনৰ সেই দিনটো এতিয়াও মনত আছে। ১৯৫১-৫২ৰ সময়ছোৱাত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বগা কুৰ্তা এটা পিন্ধি তেওঁ ওলাইছিল। তেতিয়া তেওঁৰ বয়স আছিল ২০ বছৰ। তেওঁ ডেকা মনটোক ৰখাব পৰা নাছিল, ইটোৰ পৰা সিটো ভোটকেন্দ্ৰলৈ তেওঁ দেও দি গৈছিল আৰু উশাহত লৈছিল স্বাধীন দেশৰ গণতন্ত্ৰৰ সুবাস।
এতিয়া ৭২ বছৰ পিছত মইনুদ্দিন ডাঙৰীয়াই জীৱনৰ দশমটো দশকত সোমাইছে। ২০২৪ চনৰ ১৩ মে’ত তেওঁ আকৌ এবাৰ ৰাতিপুৱা অলপো ভাঁজ নথকা বগা কুৰ্তা এটা পিন্ধি ওলাই আহিল। কিন্তু এইবাৰ লাখুটিৰ সহায়তহে তেওঁ ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ দিলে। তেওঁৰ খোজৰ উচাহ নাইকিয়া হৈ গ’ল, ঠিক ভোটদানৰ দিনটো উদযাপনৰ পৰিৱেশটোৰ দৰে।
“ তব দেশ বনানে কে লিয়ে ভোট কিয়া থা , আজ দেশ বচানে কে লিয়ে ভোট কৰ ৰহে হ্যে (তেতিয়া দেশ নিৰ্মাণৰ হকে ভোট দিছিলো, এতিয়া দেশ ৰক্ষাৰ বাবে ভোট দিছো,” মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নিজ ঘৰত পাৰিৰ সৈতে কথা পাতোতে তেওঁ কয়।
বীড় জিলাৰ শিৰুৰ কছৰ টেহচিলত ১৯৩২ত জন্মগ্ৰহণ কৰা মইনুদ্দিনে টেহচিল কাৰ্য্যালয়ত চকীদাৰ হিচাপে কাম কৰিছিল। ১৯৪৮ত প্ৰাদেশিক ৰাজ্য হায়দৰাবাদক ভাৰতৰ সৈতে চামিল কৰাক লৈ সৃষ্টি হোৱা হিংসাৰ সময়ত তেওঁ তাৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ বীড় চহৰলৈ পলাই যাবলগীয়া হৈছিল।
১৯৪৭ৰ ৰক্তাক্ত দেশবিভাজনৰ পিছত তিনিখন সামন্ত ৰাজ্য হায়দৰাবাদ, কাশ্মীৰ আৰু ট্ৰবানক’ৰে ভাৰতৰ লগত চামিল নোহোৱাৰ সিদ্ধান্ত ল’লে। হায়দৰাবাদৰ নিজামে স্বতন্ত্ৰ ৰাজ্য হৈ থকাটো বিচাৰিলে, ভাৰত বা পাকিস্তান কাৰো লগত চামিল নোহোৱাৰ সিদ্ধান্ত ল’লে। মাৰাঠৱাড়াৰ কৃষিভূমিৰে আৱৰা অঞ্চলটো তেতিয়া সামন্ত ৰাজ্য হায়দৰাবাদৰ অংশ আছিল।
১৯৪৮ৰ ছেপ্টেম্বৰত ভাৰতীয় সেনাবাহিনী হায়দৰাবাদত প্ৰৱেশ কৰে আৰু চাৰিদিনৰ ভিতৰতে নিজামক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। কিন্তু চৰকাৰে বহুদশক পিছত ৰাজহুৱা কৰা সুন্দৰলাল কমিটিৰ প্ৰতিবেদন মতে চৰকাৰী আগ্ৰাসনৰ সময়ত প্ৰায় ২৭ হাজাৰৰ পৰা ৪০ হাজাৰ মুছলমান লোকে প্ৰাণ হেৰুৱাইছিল। তেনে পৰিস্থিতিত পৰিয়ে মইনুদ্দিনৰ দৰে কিশোৰে ঘৰ এৰিবলগীয়া হৈছিল।
“আমাৰ গাঁৱৰ কুঁৱাটো মৃতদেহেৰে ভৰি পৰিছিল,” তেওঁ মনত পেলায়। “আমি বীড় চহৰলৈ পলাই গৈছিলো। তেতিয়াৰপৰাই এইখন মোৰ ঘৰ।”
তেওঁ বীড় জিলাতে বিয়া পাতে আৰু সন্তি-সন্ততিক তুলি-তালি ডাঙৰ-দীঘল কৰে। নাতি-পুতি চকুৰ আগতে ডাঙৰ হোৱা দেখিছে। তেওঁ ৩০ বছৰ ধৰি দৰ্জীৰ কাম কৰিছে আৰু স্থানীয় ৰাজনীতিৰ লগতো কিছুদিনৰ বাবে জড়িত আছিল।
শিৰুৰ কছৰৰ ঘাই ঘৰখনৰ পৰা পলাই অহাৰ সাতটা দশক হোৱা স্বত্ত্বেও মইনুদ্দিনৰ মুছলমান পৰিচয়ে তেওঁক নিৰাপত্তাহীনতাত ভোগায়।
ইণ্ডিয়া হেট লেব নামে ৱাশ্চিংটন ডিচিৰ সংস্থা এটাই বিদ্বেষমূলক বক্তব্য (হেট স্পীচ্ছ) আৰু হেট ক্ৰাইম (বিদ্বেষমূলক অপৰাধ)ক লৈ গোটোৱা তথ্য অনুসৰি ২০২৩ত ভাৰতত ৬৬৮ বাৰ বিদ্বেষমূলক বক্তব্য ৰখা হৈছিল, তাৰমানে এদিনত দুবাৰকৈ। মহাৰাষ্ট্ৰখন মহাত্মা ফুলে আৰু বাবাচাহেব আম্বেদকাৰৰ দৰে প্ৰগতিশীল মনীষীৰ বাবে জনা যায় যদিও ১১৮ বাৰ এনে বক্তব্যৰে ৰাজ্যখন আছিল এই প্ৰতিবেদনৰ তালিকাৰ শীৰ্ষত।
“বিভাজনৰ পিছত মুছলমানক লৈ দেশত অনিশ্চয়তাৰ পৰিৱেশ আছিল,” তেওঁ মনত পেলায়। “কিন্তু মই ভয় খোৱা নাছিলো। ভাৰত ৰাষ্ট্ৰৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছিল। এতিয়া, জীৱনৰ বিয়লি বেলাত এনে লাগে যেন যদি মই…”
তেওঁ ভাবি বিস্ময়চকিত হয় যে শীৰ্ষত থকা এজন নেতাই কেনেকৈ এক বিশ্বাসৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।
“পণ্ডিত জৱাহৰলাল নেহৰুৱে অকপটে সকলোকে ভাল পাইছিল আৰু সকলোৱে তেওঁক তাৰ প্ৰতিদান দিছিল,” মইনুদ্দিনে কয়। “তেওঁ আমাক বিশ্বাস দিছিল য়ে হিন্দু আৰু মুছলমানে একেলগে সুখে-সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে। তেওঁ আছিল এজন সংবেদনশীল লোক আৰু প্ৰকৃতাৰ্থত এজন ধৰ্মনিৰপেক্ষ নেতা। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ভাৰতখন বিশেষ কিবা এটা মৰ্য্যাদাপূৰ্ণ দিগন্তলৈ লৈ যোৱাৰ আশা আমাক দিছিল।”
তাৰ বিপৰীতে নিৰ্বাচনৰ সময়ত সম্প্ৰদায়ৰ ভিত্তিত দেশখনত বিভাজিত কৰি ভোট মাগি ফুৰা নৰেন্দ্ৰ মোদীয়ে মুছলমানসকলক “অনুপ্ৰৱেশকাৰী” বুলি কোৱা কথাষাৰে আমাৰ বুকুত খুন্দা মাৰে। কেৱল নিৰ্বাচনত জিকাৰ বাবেই তেওঁ দেশখনত জাত-পাত আৰু ধৰ্মৰ নামত ভগাই পেলাইছে বুলি মইনুদ্দিনে অনুভৱ কৰে।
শাসনত থকা ভাৰতীয় জনতা পাৰ্টিৰ ষ্টাৰ কেম্পেইনাৰ মোদীয়ে ২০২৪ৰ ২২ এপ্ৰিলত ৰাজস্থানত আয়োজন কৰা এক ৰেলীত মিছা দাবী কৰিছিল যে কংগ্ৰেছ দলটোৱে দেশৰ সম্পদ “অনুপ্ৰৱেশকাৰী”ৰ মাজত বিলাই দিয়াৰ পৰিকল্পনা কৰিছে।
মইনুদ্দিনে কয়, “বৰ হতাশজনক কথা। এটা সময় আছিল, যেতিয়া সংহতি আৰু আদৰ্শই আছিল আটাইকতৈ মূল্যবান সম্পদ। এতিয়া যিকোনো মূল্যৰ বিনিময়ত শাসনভাৰ হাতলৈ অনাই মূল লক্ষ্য হৈ পৰিছে।”
মইনুদ্দিনৰ এটা কোঠালীৰ ঘৰটোৰ পৰা দুই-তিনি কিলোমিটাৰমান গৈ ছৈয়দ ফখৰু উজ জামাৰ ঘৰ। তেওঁ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভোট দিয়া নাছি চাগে, কিন্তু ১৯৬২ত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী নেহৰুক পুনৰ নিৰ্বাচিত কৰাৰ বাবে ভোট দিছিল।
ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ভাৰত জোড়ো যাত্ৰা নামে পদযাত্ৰাৰ পৰা তেওঁ প্ৰভাৱিত হৈছিল। মহাৰাষ্ট্ৰত তেওঁ উদ্ধৱ থাকৰেক লৈও তেওঁ কৃতজ্ঞ।
“শিৱসেনা ভাললৈ আহিছে,” তেওঁ কয়। “ক’ভিডৰ সময়ত উদ্ধৱ থাকৰেয়ে মুখ্যমন্ত্ৰী হিচাপে যিমানখিনি কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। আন ৰাজ্যৰ দৰে মহাৰাষ্ট্ৰত ধৰ্মৰ ভিত্তিত কোনোৱে কাকো কটাক্ষ নকৰক, তেওঁ সেয়া নিশ্চিত কৰিছিল।”
৮৫ বছৰ বয়সীয়া জামাই কয় যে ভাৰতত সাম্প্ৰদায়িক বিভাজনৰ সোঁত সদায়েই বৈ আছিল, কিন্তু “তাৰ বিপৰীতে মাত মতা মানুহ সংখ্যাত বেছি নহ’লেও সমানে সৰৱ আছিল।”
১৯৯২ৰ ডিচেম্বৰত কট্টৰ হিন্দু সংগঠন বিশ্ব হিন্দু পৰিষদে উত্তৰ প্ৰদেশৰ অযোধ্যা চহৰত থকা বাবৰি মছজিদ ধ্বংস কৰে, কয় যে সেয়া কিংবদন্তি পুৰুষ ভগৱান ৰামৰ জন্মস্থান। এই ঘটনাৰ পিছত গোটেই দেশতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়। মহাৰাষ্ট্ৰৰ মুম্বাই চহৰকে ধৰি দেশৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণ ঘটে আৰু ব্যাপক হিংসাই দেখা দিয়ে।
১৯৯২-৯৩ৰ সেই অস্থিৰ সময়ত বীড় জিলাত বিৰাজ কৰা উত্তেজনাৰ পৰিৱেশৰ কথা জামাৰ মনত আছে।
“আমাৰ ভাতৃত্ববোধ যাতে অটুট থাকে, তাৰবাবে মোৰ ভাইটোৱে চহৰখনত শান্তি সমদল উলিয়াইছিল। হিন্দু আৰু মুছলমান সকলোৱে তাত ভাগ লৈছিল। সেই ভাতৃত্ববোধ এতিয়া নাইকিয়া হৈ যোৱা যেন লাগে,” তেওঁ কয়।
জামাৰ জন্ম তেওঁ বৰ্তমান থকা ঘৰটোতে। তেওঁৰ পৰিয়ালটো বীড় জিলাৰ প্ৰভাৱশালী মুছলমান পৰিয়ালৰ এটা, ৰাজনৈতিক নেতাই নিৰ্বাচনৰ আগেয়ে তেওঁৰ পৰিয়ালৰ ওচৰত আশীৰ্বাদ ল’বলৈ আহে। তেওঁৰ পিতৃ, ককা দুয়োগৰাকী শিক্ষক আছিল আৰু দুয়োৱে “পুলিচ এক্সন”ৰ সময়ত জেললৈ গৈছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত স্থানীয় নেতাকে ধৰি বিভিন্ন ধৰ্মালম্বী হাজাৰ হাজাৰ লোকে শেষকৃত্যত উপস্থিত আছিল।
বীড়ৰ এজন সমাদৃত নেতাৰ কথা উল্লেখ কৰি জামাই কয়, “গোপীনাথ মুণ্ডেৰ সৈতে মোৰ বৰ ভাল সম্পৰ্ক আছিল। তেওঁ বিজেপিৰ হ’লেও আমাৰ গোটেই পৰিয়ালটোৱে ২০০৯ চনত তেওঁক ভোট দিছিল। আমি জানিছিলোঁ তেওঁ হিন্দু আৰু মুছলমানৰ মাজত ভেদাভেদ নকৰে।”
তেওঁ কয় যে বীড়ৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা মুণ্ডেৰ কন্যা পংকজাৰ সৈতেও তেওঁৰ সম্পৰ্ক ভাল। পংকজাই কেতিয়াও মোদীৰ সাম্প্ৰদায়িক মন্তব্যৰ সপক্ষে থিয় দিয়া নাই। জামাই কয়, “বীড়ত ৰেলীৰ সময়তো মোদীয়ে এক সাম্প্ৰদায়িক মন্তব্য কৰিছিল। পংকজাই মোদীৰ ৰেলীৰ পিছত হাজাৰ হাজাৰ ভোট হেৰুৱাইছিল। এনেও মিছা কথাৰ ঠেং ছুটি।”
জামাই তেওঁৰ জন্মৰ আগতেই দেউতাকৰ কাহিনী এটা শুনা মনত পেলায়। ১৯৩০ চনত তেওঁৰ ঘৰৰ পৰা নাতিদূৰত মন্দিৰ এটাক লৈ বিতৰ্ক হয়। কিছুমান স্থানীয় মুছলমান নেতাই হায়দৰাবাদৰ নিজামক কয় যে সেইটো মন্দিৰৰ ঠাইত আচলতে এটা মছজিদ আছিল। নিজামক সেই মন্দিৰটো মছজিদলৈ পৰিৱৰ্তন কৰিবলৈ তেওঁলোকে নিজামক আৰ্জি দিয়ে। জামাৰ পিতৃ ছৈয়দ মেহবুব আলি শ্বাহ সেই সময়ত হিতৈষী হিচাপে নাম আছিল।
“সেয়া মন্দিৰ নে মছজিদ, নিৰ্ধাৰণ কৰাৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হ’ল,” জামাই কয়। “আব্বাই নিজে গৈ পৰীক্ষা কৰি চালে আৰু দেখিলে যে সেইটো মছজিদ হোৱাৰ কোনো প্ৰমাণ নাই। বিষয়টো তেনেকৈ নিষ্পত্তি কৰা হ’ল আৰু মন্দিৰটো বাচিল। কেইগৰাকীমান নেতাক আব্বাৰ এই সিদ্ধান্তই বিতুষ্ট কৰিছিল যদিও তেওঁ এই সিদ্ধান্তত অটল আছিল। মিছা নকৈছিল। আমি গান্ধীৰ বাণীত বিশ্বাস কৰোঁ: সত্যই সদায় আপোনাক স্বাধীন কৰিব।”
মইনুদ্দিনৰ লগত কথা পাতিলেও গান্ধীৰ প্ৰসংগ প্ৰায়ে ওলায়। “তেঁৱেই আমাৰ মাজত একতা আৰু সাম্প্ৰদায়িক সংহতিৰ ধাৰণা আনিছিল,” তেওঁ কয়, লগতে পুৰণি হিন্দী চিনেমাৰ গীত এফাকি গাই শুনায়, তু না হিন্দু বনেগা , না মুছলমান বনেগা । ইনচান কি ঔলাদ হ্যে , ইনচান বনেগা ।
মইনুদ্দিনে কয় যে বীড় জিলাত ১৯৯০ত কাউন্সেলৰ হোৱাৰ পিছত সেয়াই তেওঁৰ লক্ষ্য হিচাপে ধৰি লৈছিল। “ত্ৰিশ বছৰ দৰ্জীৰ কাম কৰাৰ পিছত ১৯৮৫ত মই সেই কাম এৰি ৰাজনীতিলৈ আহো, তেতিয়াহে মোৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ উপজিল,” তেওঁ মিচিকিয়াই হাঁহি কয়। “কিন্তু বেছিদিন ৰাজনীতিবিদ হিচাপে টিকি থাকিব নোৱাৰলো। স্থানীয় নিৰ্বাচনতো যিটো হাৰত দুৰ্নীতি হয় আৰু ধন-টকা ব্যয় কৰা হয়, সেয়া দেখি তাত আৰু থাকিব নোৱাৰিলো। ৰাজনীতি এৰি অহা এতিয়া ২৫ বছৰ হ’ল।”
পৰিৱৰ্তিত সময় আৰু অবাধ দুৰ্নীতিৰ পৰিৱেশে জামাক সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰায়। আগতে তেওঁ স্থানীয় ঠিকাদাৰ হিচাপে দুই-এটা কাম কৰিছিল। “১৯৯০ৰ দশকত সকলো সলনি হৈ গ’ল,” তেওঁ মনত পেলায়। “গুণগত মানসম্পন্ন কামৰ দিন উকলিল, উৎকোচ নিদিলে একো কামেই নোহোৱা হ’ল। এইবোৰত সোমোৱাতকৈ ঘৰত বহাটোৱে শ্ৰেয় বুলি মই ঠিৰাং কৰিলো।”
অৱসৰৰ পিছত জামা আৰু মইনুদ্দিনে আধ্যাত্মিক দিশত মনোনিৱেশ কৰিবলৈ ল’লে। জামাই পুৱা ৪:৩০ বজাতে উঠি নামাজ আদায় কৰে। মইনুদ্দিনে শান্তিৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ ৰাস্তাৰ সিটো পাৰে থকা মছজিদলৈ যায়। ভাগ্যে মছজিদটো বীড়ৰ ঠেক সেই গলিটোত আছে।
যোৱা কেইটামান বছৰত হিন্দু সোপন্থী সংগঠনবোৰে মছজিদৰ সন্মুখত প্ৰৰোচনামূলক, বিদ্বেষমূলক আৰু উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিবপৰা বিধৰ গান বজাই ৰাম নৱমী উদযাপন কৰি আহিছে। বীড়ৰ কাহিনীও কোনো ব্যতিক্ৰম নহয়। ভাগ্যে মইনুদ্দিনৰ মছজিদটো বীড়ৰ ঠেক গলিত আছে, সেই গলিৰে আগ্ৰাসী কোনো মিচিল পাৰ হৈ যাব নোৱাৰে।
জামা সেইফালৰ পৰা চাব গ’লে ভাগ্যৱান। মুছলমানসকলক পশুতুল্য বুলি গণ্য কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে হিংসাৰ কথা থকা গানবোৰ শুনিবলগীয়া হয়। তেনে গীত-মাতৰ কথাই তেওঁৰ মনত আঘাত দিয়ে।
“মোৰ মনত আছে যেতিয়া মোৰ নাতিল’ৰাহঁতে আৰু আন মুছলমান বন্ধুই ৰাম নৱমী আৰু গণেশ উৎসৱত হিন্দু তীৰ্থভ্ৰমণকাৰীসকলক ফলৰ ৰস আৰু কল আৰু পানী যাঁচিছিল,” জামাই কয়। “কিন্তু প্ৰৰোচনামূলক বিদ্বেষী গীতেৰে যেতিয়াৰে পৰা তেওঁলোকে আমাৰ মনত আঘাত দিবলৈ ল’লে, তেতিয়াৰে পৰা এই সুন্দৰ প্ৰথাৰো অন্ত পৰিল।”
ভগৱান ৰামৰ প্ৰতি তেওঁৰ মনত অতিশয় শ্ৰদ্ধা আছে। “ভগৱান ৰামে কেতিয়াও কাকো হিংসা কৰিবলৈ শিকোৱা নাছিল। এই ডেকা ল’ৰাবোৰে নিজেই নিজৰ ইশ্বৰক অপমান কৰিছে। ৰামে তেনে একো শিকোৱা নাছিল।”
মছজিদৰ আগত আহি উদ্ভণ্ডালি কৰা হিন্দু লোকৰ বয়স তেনেই কম, যুৱচামৰ মাজত এনে আগ্ৰাসন দেখি জামা চিন্তিত হৈ পৰে। “হিন্দু বন্ধুবৰ্গ আহি নোপোৱালৈকে আমাৰ আব্বাই ঈদৰ খানা নাখাইছিল,” তেওঁ কয়। “ময়ো তেনেকুৱাই কৰিছিলো। কিন্তু সেই দিন এতিয়া নাইকিয়া হৈ আহিব ধৰিছে।”
সাম্প্ৰদায়িক সংহতিৰ দিনবোৰলৈ যদি আমি উভতি যাব লাগে, আমাক গান্ধীৰ দৰে বিশ্বাস নিয়াব পৰা সৎ লোক এজন লাগিব যিয়ে গান্ধীৰ বাৰ্তা আকৌ এবাৰ দেশজুৰি বিয়পাই দিব পাৰে।
গান্ধীৰ জীৱনৰ প্ৰসংগত মজৰুহ চুলতানপুৰিৰ এশাৰী কবিতালৈ তেওঁৰ মনত পৰে, “ ম্যে অকেলা হি চলা থা জানিব - এ - মঞ্জিল মগৰ , লোগ সাথ আতে গয়ে ঔৰ কাৰৱা বনতা গয়া (মই অকলেই লক্ষ্য ধিয়াই আগুৱাই গৈ আছিলো, মানুহে মোৰ সৈতে খোজ দিলে আৰু মানুহৰ মিচিল হৈ পৰিল)।”
“এনে নকৰিলে এদিন সংবিধান সলনি হৈ যাব আৰু পিছৰ প্ৰজন্মবোৰে তাৰ ফল ভুগিবলগীয়া হ’ব,” তেওঁ কয়।
অনুবাদ: পংকজ দাস