“জাবৰ যদি আপুনি সৃষ্টি কৰিছে, তেন্তে আমি কেনেকৈ কচ্ছৰাৱালি হ’লো? আমি আচলতে চহৰখন চাফা কৰাসকলহে। নাগৰিকসকল নিজেই কচ্চৰাৱালে নহয়নে?” পুণেৰ জাবৰ সংগ্ৰহ কৰোঁতা সুমন ম’ৰেয়ে কয়।
কাগজ কাঁচ পত্ৰ কষ্টকৰি পঞ্চায়ত, ১৯৯৩য়ে সংগঠিত কৰা জাবৰ সংগ্ৰহকাৰী লোকৰ সংস্থাটোৰ ৮০০ গৰাকী সদস্যৰ মাজৰ এগৰাকী হৈছে সুমন। এতিয়া এই সংখ্যা আৰু বাঢ়িছে। তেওঁলোকৰ কামক চৰকাৰী স্বীকৃতি দি পৰিচয় পত্ৰ দিয়াৰ বাবে তেওঁলোকে পুণে পৌৰনিগমলৈ দাবী জনাইছিল। ১৯৯৬ত তেওঁলোকৰ সেই দাবী পৌৰনিগমে মানি লৈছিল।
মহিলাসকলে এতিয়া পি.এম.চি.ৰ অধীনত জাবৰ সংগ্ৰহৰ কাম কৰে। তেওঁলোক মহাৰাষ্ট্ৰত অনুসূচিত জাতি হিচাপে তালিকাভূক্ত মাহাৰ আৰু মাতংগ সম্প্ৰদায়ৰ লোক। “আমি শুকান আৰু ভিজা জাবৰ পৃথক কৰোঁ আৰু ভিজা জাবৰখিনি জাবৰ সংগ্ৰহকাৰী ট্ৰাকক দিওঁ,” সুমনে কয়। লগতে যোগ দিয়ে, “আমি শুকান জাবৰখিনিৰ বিনিময়ত যি টকা পাওঁ লৈ জাবৰখিনি ট্ৰাকখনকে দিওঁ।”
মহিলাসকলে ভয় কৰে যে পি.এম.চি.য়ে তেওঁলোকৰ কাম কোনো বেচৰকাৰী ঠিকাদাৰক গতাই দিব। তাৰ বিৰুদ্ধে তেওঁলোক যুঁজিবলৈ সাজু - “আমাৰ কাম আমি কাকো কাঢ়ি ল’বলৈ নিদিও,” আশা কাম্বলেয়ে কয়।
মোল (Worth) নামে এই তথ্যচিত্ৰখনৰ যোগেদি পুণেৰ মহিলা জাবৰ সংগ্ৰহকাৰীসকলৰ সংগ্ৰামৰ ছবিখন তেওঁলোকৰ কথাৰেই দাঙি ধৰা হৈছে।
অনুবাদ: পংকজ দাস