সত্যপ্ৰিয়াৰ কাহিনী কোৱাৰ আগতে মই মোৰ পেৰিয়াম্মাৰ বিষয়ে অকণমান ক’ব বিচাৰিছো। মই ১২ বছৰ বয়সৰ পৰা (৬ম মানত পঢ়ি থাকোতে) পেৰিয়াপ্পা আৰু পেৰিয়াম্মা (খুৰা আৰু খুৰী)ৰ লগত থাকিছো। মই সদায়ে তেওঁলোকক আম্মা আৰু আপ্পা (মা-দেউতা) বুলি সম্বোধন কৰি আহিছো। তেওঁলোকে মোক বৰ ভালকৈ ৰাখিছিল আৰু মা-দেউতাহঁতে বন্ধৰ দিনত তালৈ আহিছিল।

মোৰ জীৱনটোত পেৰিয়াম্মা (খুৰীদেউ)ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ আমাৰ আটাইবোৰ প্ৰয়োজনীয়তা পুৰণ কৰিছিল, আমাক সময়ত খুৱাই-ধুৱাই ভালকৈয়ে যত্ন লৈছিল। মই স্কুলত ইংৰাজী শিকিবলৈ লওতে মোৰ পেৰিয়াম্মাই মোক বহুকথা শিকাইছিল। বুজাত কিবা অসুবিধা পালে মই পোনে পোনে পাকঘৰলৈ গৈছিলো। তাত জুইত খাদ্য ৰান্ধি থকা পেৰিয়াম্মাই মই নজনা শব্দবোৰ মোক উচ্চাৰণ কৰা শিকাইছিল, এটা এটাকৈ। তেতিয়াৰে পৰা তেওঁ মোৰ প্ৰিয় হৈ পৰিছিল।

স্তনৰ কৰ্কটৰোগ হৈ তেওঁ ঢুকাই থাকিল, নিজগৰীয়াকৈ জীৱন এটা তেওঁ অকণো জীয়াব নাপালে। তেওঁৰ বিষয়ে ভালেখিনি কথা মই ক’বলগীয়া আছে, কিন্তু সেইবোৰ আন এদিনৰ বাবে থ’লো।

*****

মোৰ খুৰীদেউ ঢুকোৱাৰ পিছত তেওঁৰ আলোকচিত্ৰ এখনৰ পৰা ছবি এখন আঁকি দিব পাৰিব নেকি বুলি সত্যপ্ৰিয়াক সুধিলো। মই শিল্পীৰ প্ৰতি ইৰ্ষান্বিত নহওঁ, কিন্তু মই সত্যপ্ৰিয়াৰ কাম দেখি ইৰ্ষা নকৰাকৈ নোৱাৰিলো। লাহে লাহে ইৰ্ষা জন্মিল। কেৱল সত্যপ্ৰিয়াইহে ইমান সুক্ষ্মতাৰে আৰু ধৈৰ্য্যসহকাৰে কামবোৰ কৰিব পাৰে। তেওঁৰ কামবোৰত অতি অগতানুগতিক শৈলীত বাস্তৱবাদ ফুটি উঠে আৰু তেওঁৰ শিল্পকৰ্ম অতি বেছি ৰিজলিউচন থকা ফটো এখনৰ দৰে দেখা যায়।

ইনষ্টাগ্ৰামৰ যোগেদি মই সত্যপ্ৰিয়াৰ সৈতে চিনাকি হৈছিলো। মই তেওঁলৈ পঠিওৱা ফটোখনত পিক্সেল কম আছিল। সেইখন ছবি আঁকিবলৈ ব্যৱহাৰ কৰিব পৰা যাব নে নাই, সেই লৈ নিশ্চিত নাছিলো। সম্ভৱ নহ’ব বুলিয়ে মই ভাবি লৈছিলো।

কিছুদিন পিছত মই মাদুৰাইত অনাময় কৰ্মীৰ শিশুৰ বাবে আলোকচিত্ৰ শিল্পৰ এক কৰ্মশালা আয়োজন কৰিছিলো। সেয়া আছিল মোৰ প্ৰথমখন কৰ্মশালা আৰু মই তাত সত্যপ্ৰিয়াক ভাৰ্চুৱেল জগতৰ বাহিৰত লগ পাইছিলো। তেওঁ মোৰ খুৰীদেউৰ ছবি কেইখনমান আঁকি আনিছিল। তাই বহুত কষ্টসাধ্য কাম এটা কৰিছিল আৰু মই ততালিকে সেই ছবিকেইখনৰ প্ৰতি আকৰ্ষিত হৈছিলো।

সেই কৰ্মশালাত মোৰ বুকুৰ আপোন খুৰীদেউৰ ছবিকেইখন পাই মই বৰ সুখ অনুভৱ কৰিছিলো। তেতিয়াই মই সত্যপ্ৰিয়াৰ বিষয়ে লিখিবলৈ মনতে পাঙি থৈছিলো। মই তেওঁৰ কাম দেখি বৰ সন্মোহিত হ’লো আৰু তেওঁক ইনষ্টাগ্ৰামক অনুসৰণ কৰিবলৈ ল’লো। মই বিস্ময়াভিভূত হ’লো তেওঁৰ ঘৰলৈ গৈহে। যেতিযা মজিয়াৰ পৰা আৰম্ভ কৰি বেৰত, যিফালে চকু যায় সিফালে তেওঁৰ ঘৰটো শিল্পকৰ্মৰে ভৰি থকা দেখিলো।

PHOTO • M. Palani Kumar

নিজৰ ষ্টুডিঅ’ত কাম কৰি থকা সময়ত সত্যপ্ৰিয়া। তেওঁৰ ছবিবোৰত অতি-বাস্তৱবাদ ফুটি উঠে, যেন এখন অত্যধিক ৰিজলিউচন থকা ফটো

PHOTO • M. Palani Kumar

সত্যপ্ৰিয়াৰ ঘৰটো তেওঁৰ শিল্পকৰ্মৰে ভৰি আছে। তেওঁ প্ৰতিখন ছবিৰ আধাৰভাগ আঁকোতে প্ৰায় পাঁচঘণ্টামান সময় লয়

সত্যপ্ৰিয়াই তেওঁৰ কাহিনী ক’বলৈ ধৰিলে আপুনি তেওঁ অঁকা ছবিয়ে কথা কোৱা শুনিবলৈ পাব।

“মই সত্যপ্ৰিয়া। মোৰ ঘৰ মাদুৰাইত, বয়স ২৭ বছৰ। মই অতিবাস্তৱবাদী চিত্ৰশিল্পৰ কাম কৰোঁ। মই আচলতে ছবি আঁকিব নাজানিছিলো। কলেজত থাকোতে প্ৰেমৰ সম্পৰ্ক এটাত বিফল হৈছিলো (ৰোমাণ্টিক ব্ৰেক-আপ বুলি যাক কয়)। সেই সম্পৰ্কৰ কথা পাহৰিবলৈ মই ছবি আঁকিবলৈ ল’লো। প্ৰথম প্ৰেমে দিয়া হতাশাক মই ছবি আঁকি, নিজকে ব্যক্ত কৰি দূৰ কৰিবলৈ চেষ্টা কৰিছিলো। ৰং-তুলিকাই মোক সকাহ দিছিল। তেতিয়া মই পৰিয়ালক ক’লো যে মই কেৱল ছবিয়েই আঁকিম। নাজানো ক’ৰ পৰা সেই কথা কোৱাৰ সাহস পালো। প্ৰথমে মই ভাৰতীয় প্ৰশাসনিক সেৱা নাইবা ভাৰতীয় আৰক্ষী সেৱাক যোগদান কৰিব বিচাৰিছিলো, সেয়ে ভাৰতীয় জনসেৱা আয়োগৰ পৰীক্ষা দিছিলো। কিন্তু তাত মই লাগি নাথাকিলো।

সৰুকালিৰে পৰা মই মোৰ বাহ্যিক চেহেৰাক লৈ বৈষম্যৰ সন্মুখীন হৈছিলো। স্কুলত, কলেজত আৰু এনচিচি (নেচনেল কেডেট ক’ৰ্পচ)ৰ শিবিৰত আনে মোক লৈ হেয় মন্তব্য কৰিছিল, মোৰ লগত অন্যধৰণে আচৰণ কৰিছিল। স্কুলৰ প্ৰধান শিক্ষক আৰু আন শিক্ষকসকলে মোক লক্ষ্য কৰি কথা কৈছিল আৰু সকলো সময়তে গালি পাৰিছিল।

দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে স্কুলৰ নলাবোৰ ছোৱালীবোৰে ভালকে চেনিটেৰি নেপকিন নিষ্পত্তি নকৰাৰ বাবে বন্ধ হৈ গৈছিল। আমাৰ প্ৰধান শিক্ষকজনে ৫ম, ৬ষ্ঠ আৰু ৭ম মানৰ ছাত্ৰীসকলক মাতি আনি চেনিটেৰি পেড ভালকৈ নিষ্পত্তি কৰা শিকাব পাৰিলেহেঁতেন।

কিন্তু মোক অকলে লক্ষ্য কৰি লোৱা হ’ল। দ্বাদশ শ্ৰেণীত পুৱাৰ প্ৰাৰ্থনাৰ পিছত যোগাভ্যাসৰ সময়ত তেওঁ কেৱল মোলৈ আঙুলিয়াই ক’লে, ‘কেৱল এনেকুৱা ছোৱালীয়েই এনে কাম (নলা বন্ধ কৰি পেলোৱা) কৰিব পাৰে।’ মই হতবাক হৈছিলো। নলা বন্ধ হৈ যোৱাৰ লগত মোৰ কি সম্পৰ্ক আছে?

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: স্কুলীয়া ছোৱালী এজনীৰ প্ৰতিকৃতি। সোঁফালে: পাৰিত প্ৰকাশিত ৰীতা আক্কাৰ প্ৰতিবেদনৰ পৰা তেওঁৰ এখন ছবি

স্কুলত প্ৰায়ে মোক এনেকৈ ভালেকেইবাৰ টাৰ্গেট কৰা হৈছিল। আনকি ৯ম মানত ল’ৰা-ছোৱালীয়ে ভাল পোৱা হ’লে তাতো মানুহে মোৰ গাতে দোষ জাপিবলৈ চেষ্টা কৰিছিল। ল’ৰা-ছোৱালীৰ মাক-দেউতাকক মাতি আনি কৈছিল যে ময়েই তেওঁলোকক এনেকৈ ভাল পোৱাৰ বাবে উচটাইছিলো। মোৰ হৈ মা-দেউতাক ক্ষমাপত্ৰ লিখিবলৈ কৈছিল, ‘অবাঞ্চিত কথা’ বা ‘অপ্ৰত্যাশিত কৰ্ম’ৰ বাবে ক্ষমা বিচাৰিবলৈ কৈছিল। মই যে মিছা কোৱা নাই, তাৰ প্ৰমাণ দিবলৈ তেওঁলোকে মোক শ্ৰীমদ্ভাগৱত গীতা আনি তাত শপত খাবলৈ কৈছিল।

এনে এটা দিন নাই যে চকুপানী নোলোৱাকৈ মই স্কুলৰ পৰা ঘৰ উভতিছো। ঘৰত আকৌ ‘তয়েই কিবা কৰিছিলি চাগে’, ‘তোৰেই ভুল আছিল চাগে’ বুলি কৈছিল। সেয়ে ঘৰতো একোকে কোৱা নাছিলো।

মোৰ মাজত এক নিৰাপত্তাহীনতাই গজালি মেলিছিল।

কলেজত মোৰ দাতক লৈ সমনীয়াই ঠাট্টা-মস্কৰা কৰিছিল। আপুনি দেখিব যে চিনেমাতো একেই কাৰবাৰ। কিয় এনে কৰে মানুহে? মই আনবোৰৰ দৰেই, এগৰাকী মানুহ। সকলোৱে কৰে বাবে মানুহে ঠাট্টা-মস্কৰা কৰাটো সাধাৰণ কথা বুলিয়ে ভাবে। সেই ঠাট্টা-মস্কৰাই যে মানুহক মানসিক আঘাত দিয়ে, নিৰাপত্তাহীন কৰি তোলে, সেই কথাবোৰ মানুহে গমি-পিতি নাচায়।

মোৰ মনত এতিয়াও তেনেবোৰ ঘটনাৰ সাঁচ থাকি গৈছে। এতিয়াও কোনোবাই যদি মোৰ ফটো তোলে, মই অসহজবোধ অনুভৱ কৰোঁ। এনে অনুভৱ কৰাৰ প্ৰায় ২৫/২৬ বছৰ হ’ল। কিন্তু মানুহক গাৰ গঠনক লৈ ইতিকিং কৰাৰ দিন নগ’ল।

*****

মই কিয় নিজৰ ছবি অঁকা নাই? মই যদি নিজকে প্ৰতিনিধিত্ব নকৰোঁ, কোনে কৰিব?

মোৰ দৰে মুখ এখন অঁকাটো কেনে হ’ব, সেই কথা ভাবি মই বিস্মিত হওঁ।

PHOTO • M. Palani Kumar

সত্যপ্ৰিয়াৰ নিজৰ এখন প্ৰতিকৃতি

PHOTO • M. Palani Kumar

নিজৰ প্ৰতিকৃতিখনক লৈ সত্যপ্ৰিয়াই মনৰ ভাৱখিনি বৰ উৎসাহেৰে ব্যক্ত কৰিছে

মই প্ৰথমতে দেখনীয়াৰ মানুহৰ প্ৰতিকৃতিয়েই আঁকিছিলো। কিন্তু লাহে লাহে বুজিলো যে আমি মানুহক সৌন্দৰ্য্যৰ দ্বাৰাই বিচাৰ নকৰো, তাৰ লগতে মানুহৰ জাতি, ধৰ্ম, পেছা, প্ৰতিভা, লিংগ আৰু যৌনতা আদিক লৈও কৰোঁ। সেয়ে মই গতানুগতিক চিন্তাধাৰাৰ বাহিৰত থাকি চিত্ৰশিল্পৰ যোগেদি সৌন্দৰ্য্য অনুধাৱনৰ যত্ন কৰিলো। এই ধৰক আমি যদি ৰূপান্তৰিত মহিলা এগৰাকীৰ ছবি আঁকিব বিচাৰো, তেতিয়া আমাৰ মনলৈ নাৰী এগৰাকীৰ কথাই আহে। কিন্তু আচল ৰূপান্তৰিত মহিলা এগৰাকীৰ ছবি কোনে আঁকিব? সকলোৰে বাবে নিৰ্ধাৰিত মানক আছে আৰু মই এইবোৰত আগ্ৰহী নহয়। মানুহক মোৰ ছবিলৈ কিয় টানি আনো, সেই কথাই মোৰ মনত দোলা দিয়ে। মোৰ ছবিৰ মানুহবোৰ সুখী হওঁক, সেয়া মই বিচাৰো।

বিশেষভাৱে সক্ষম মানুহৰ কোনে ছবি আঁকিব। বিশেষভাৱে সক্ষমসকলে ভালেখিনি কাম কৰিছে, কিন্তু কোনেও তেওঁলোকৰ ওপৰত ছবি আঁকিব নিবিচাৰে। অনাময় কৰ্মীৰ মৃত্যুৰ ওপৰত কোনোৱে ছবি অঁকা নাই।

কাৰণ শিল্প সৌন্দৰ্য্যশাস্ত্ৰকেন্দ্ৰীক আৰু সকলোৱে সৌন্দৰ্য্যৰ দৃষ্টিৰে শিল্পক চায়। মই সাধাৰণজনৰ ৰাজনীতিৰ আহিলা হিচাপে আৰু তেওঁলোকৰ জীৱনৰ বাস্তৱ ছবিখন তুলি ধৰাৰ মাধ্যম হিচাপে গণ্য কৰোঁ। অতি-বাস্তৱবাদ এইক্ষেত্রত গুৰুত্বপূৰ্ণ ধাৰা। কিন্তু বহুতে মোক কয়, ‘অঁ তুমি আলোকচিত্ৰৰ পৰা ছবি আঁকা, নহয় জানো?’ হয় মই কেৱল আলোকচিত্ৰয়ে আঁকো। আলোকচিত্ৰশিল্পৰ পৰাই অতি-বাস্তৱবাদী চিত্ৰশিল্প আহিছে। কেমেৰা আৱিস্কাৰ হোৱাৰ পিছত, তাৰপৰা তোলাৰ ফটোৰপৰা এই ধাৰাৰ জন্ম হৈছে।

মই আনবোৰক ক’ব খোজো, ‘এই মানুহবোৰলৈ চাওক, তেওঁলোকক জানিব পাৰিব।’

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

শিল্পীগৰাকীয়ে ছবি এখনৰ সুক্ষ্মাতিসুক্ষ্ম দিশবোৰ চাই অঁকা শেষ কৰিবলৈ প্ৰায় ২০ৰ পৰা ৪৫ দিন সময় লয়

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

কুলছাই উৎসৱৰ এই ছবি

বিশেষভাৱে সক্ষম মানুহক আমি কেনেকৈ প্ৰতিনিধিত্ব কৰিম? আমি তেওঁলোকক কেৱল ‘বিশেষ ব্যক্তি’তে সীমাবদ্ধ ৰাখো। মানুহক তেনেকৈ কিয় আমি তেওঁলোকৰ প্ৰতিবন্ধকতাতেই সীমাবদ্ধ কৰি ৰাখিব লাগে? তেওঁলোকো আমাৰ দৰেই তেজ-মঙহৰ মানুহ। এই ধৰক আমি কিবা এটা কৰিব পাৰো, আন এজনে নোৱাৰে। গতিকে তেওঁ সেই কামটো কৰিব পৰাকৈ তেওঁক সুবিধা কৰি দিব লাগিব। সকলোকে সামৰিব পৰা ব্যৱস্থা এটা কৰাৰ পৰিৱৰ্তে তেওঁক কেৱল বিশেষভাৱে সক্ষম বুলি সীমাবদ্ধ কৰি ৰাখিলে নিশ্চয়কৈ নহ’ব।

তেওঁলোকৰো নিজৰ ইচ্ছা-আকাংক্ষা থাকে। সুস্থ-সবল মানুহ এজনে বাহিৰলৈ এক মিনিটৰ বাবে ওলাব নোৱাৰিলে মনলৈ হতাশাৰ ভাৱ আহে। বিশেষভাৱে সক্ষমজনৰ অনুভৱো একেই নহয়নে? সেইজন মানুহক মনোৰঞ্জনৰ প্ৰয়োজন নাই নেকি? তেনে ব্যক্তিৰ শিক্ষা, যৌন বাসনা আৰু প্ৰেমৰ প্ৰতি আগ্ৰহ নাথাকিবনে? আমি সেইবোৰলৈ মন নিদিও, তেওঁলোকক জনাৰ চেষ্টা নকৰো। বিশেষভাৱে সক্ষমজনক কোনেও শিল্পৰ যোগেদি তুলি ধৰিবলৈ যত্ন নকৰে। মূলধাৰাৰ মাধ্যমে তেওঁলোকৰ ওপৰত আলোকপাত নকৰে। তেওঁলোক যে আমাৰ এইখন সমাজৰে অংশ আৰু তেওঁলোকৰো আমাৰ দৰেই নিজস্ব প্ৰয়োজন কিছুমান আছে, সেই কথা আমি সমাজখনক কেনেকৈ মনত পেলাই দিম?

আপুনি (পালানি কুমাৰ) এতিয়া অনাময় কৰ্মীৰ সৈতে কাম কৰা ছবছৰ হ’ল। কিয় আপুনি ছবছৰ ধৰি এই কাম কৰিছে? তাৰ কাৰণ আছে। কিয়নো এটা বিষয়ৰ লগত একেৰাহে লাগি থাকিলেহে মানুহে সেইবিষয়ে জানে। যিকোনো বিষয় যেনে ক্ষতচিহ্ন, লোকশিল্প, বিশেষভাৱে সক্ষম ব্যক্তি আদিৰ উপস্থিতিত আমি শিল্পৰ যোগেদি নথিবদ্ধকৰণ কৰিব লাগিব। শিল্পকৰ্মই সমাজত অৰিহণা যোগাবই লাগিব। মই শিল্পক এক উদগনিৰ আহিলা হিচাপে বিবেচনা কৰো। মানুহৰ সৈতে ঘটা ঘটনাক মই সেই শিল্পৰ যোগেদি প্ৰকাশ কৰাটো বিচাৰো। বিশেষভাৱে সক্ষম শিশু এটাক কিয় মই আঁকিব নোৱাৰিম? এনে শিশু এটা সদায়েই দুখী আৰু সহানুভূতিৰ যোগ্য বুলি বিবেচনা কৰি থকাটো উচিত জানো?

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: যাযাবৰ জনগোষ্ঠী এটাৰ শিশুবোৰ। সোঁফালে: বিশেষভাৱে সক্ষম এজন ব্যক্তি

অনীতা আম্মাৰ সৈতে মই কাম কৰি থাকোতে তেওঁ সেই কামটোৰ বাবে আৰ্থিক আৰু মানসিক সমৰ্থন নোপোৱাৰ বাবে প্ৰকল্পটো আগবঢ়াই নিব নোৱাৰিলে। তেওঁ ভালেখিনি সমস্যাৰ সন্মুখীন হৈছিল। আমি বিষয়বস্তুক লৈ সজাগতা সৃষ্টি কৰিবলগীয়া হৈছিল, তেতিয়াহে আমি পুঁজি লাভ কৰিছিলো। আমি এনেকৈ কাম কৰি মানুহক কিছু আৰ্থিক সাহায্য দিব পাৰো। মানসিক সমৰ্থনো জৰুৰী। সেই তাৰবাবে মোৰ শিল্পকলা প্ৰয়োগ কৰিব খোজো।

মই ক’লা-বগা মাধ্যম ব্যৱহাৰ কৰোঁ যাতে মই মানুহখিনিক বিচৰা ধৰণে প্ৰকাশ কৰিব পাৰো আৰু দৰ্শকেও ছবিখন মনযোগেৰে চাব পাৰে, বিভ্ৰান্তিৰ তাত কোনো স্থান নাথাকে। ছবিত অঁকা বিষয়বস্তুৰ সুগন্ধসাৰ তাত ভালকৈ ফুটি উঠে আৰু ব্যক্তিৰ প্ৰকৃতি আৱেগিক সত্তাটোও।

মই অঁকা ছবিবোৰৰ ভিতৰত মই ভালপোৱা ছবি এখন হৈছ অনীতা আম্মাৰ ছবি। ছবিখনৰ সৈতে মই আত্মিকভাৱে জৰিত বুলি অনুভৱ কৰোঁ, সেয়ে বৰ যত্নৰে তেওঁৰ প্ৰতিকৃতিখন আঁকিছো। সেইখন মোৰ মনত ৰেখাপাত কৰা ছবি।

আজিৰ তাৰিখতো চেপটিক টেংকত মানুহৰ মৃত্যু হয়। কত যে পৰিয়াল বিধ্বস্ত হয়। এই বিষয়ক লৈ মানুহৰ মাজত সজাগতা নাই। নিৰ্দিষ্ট জাতিৰ লোকৰ ওপৰত তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে এই কাম (হাতেকৰা চাফাইকৰ্ম) জাপি দিয়া হয়। নিজৰ আত্মসন্মান কাষৰীয়া কৰি তেওঁলোকে সেই কাম কৰিবলৈ বাধ্য হয়। তথাপি সমাজে তেওঁলোকক হেয় দৃষ্টিৰে চায়। চৰকাৰেও তেওঁলোকৰ অৱস্থা উন্নত কৰিবলৈ বিশেষ একো নকৰে। তেওঁলোকৰ জীৱনৰ একো মূল্যই নাই।

সমসাময়িক শিল্পী হিচাপে মই মোৰ শিল্পকৰ্মৰ যোগেদি মোৰ আশে-পাশে থকা সমাজখনৰ লগতে সমস্যাবোৰ দাঙি ধৰাৰ যত্ন কৰোঁ।

PHOTO • M. Palani Kumar

‘মই ক’লা-বগা মাধ্যম ব্যৱহাৰ কৰোঁ যাতে মই মানুহখিনিক বিচৰা ধৰণে প্ৰকাশ কৰিব পাৰো আৰু দৰ্শকেও ছবিখন মনযোগেৰে চাব পাৰে, বিভ্ৰান্তিৰ তাত কোনো স্থান নাথাকে। ছবিত অঁকা বিষয়বস্তুৰ সুগন্ধসাৰ তাত ভালকৈ ফুটি উঠে আৰু ব্যক্তিৰ প্ৰকৃতি আৱেগিক সত্তাটোও,’ সত্যপ্ৰিয়াই কয়

PHOTO • M. Palani Kumar

‘সমসাময়িক শিল্পী হিচাপে মই মোৰ শিল্পকৰ্মৰ যোগেদি মোৰ আশে-পাশে থকা সমাজখনৰ লগতে সমস্যাবোৰ দাঙি ধৰাৰ যত্ন কৰোঁ,’ তেওঁ পাৰিক কয়

PHOTO • M. Palani Kumar

সত্যপ্ৰিয়াই অঁকা স্তনৰ কৰ্কট ৰোগাক্ৰান্ত মহিলা এগৰাকী আৰু বিশেষভাৱে সক্ষম লোকৰ প্ৰতিকৃতি

অনুবাদ: পংকজ দাস

M. Palani Kumar

எம். பழனி குமார், பாரியில் புகைப்படக் கலைஞராக பணிபுரிகிறார். உழைக்கும் பெண்கள் மற்றும் விளிம்புநிலை மக்களின் வாழ்க்கைகளை ஆவணப்படுத்துவதில் விருப்பம் கொண்டவர். பழனி 2021-ல் Amplify மானியமும் 2020-ல் Samyak Drishti and Photo South Asia மானியமும் பெற்றார். தயாநிதா சிங் - பாரியின் முதல் ஆவணப் புகைப்பட விருதை 2022-ல் பெற்றார். தமிழ்நாட்டில் மலக்குழி மரணங்கள் குறித்து எடுக்கப்பட்ட 'கக்கூஸ்' ஆவணப்படத்தின் ஒளிப்பதிவாளராக இருந்தவர்.

Other stories by M. Palani Kumar
Sathyapriya

சத்யபிரியா, மதுரையை சேர்ந்த ஓவியர். ஹைபர்ரியலிச வகை ஓவியங்கள் வரைபவர்.

Other stories by Sathyapriya
Editor : Priti David

ப்ரிதி டேவிட் பாரியின் நிர்வாக ஆசிரியர் ஆவார். பத்திரிகையாளரும் ஆசிரியருமான அவர் பாரியின் கல்விப் பகுதிக்கும் தலைமை வகிக்கிறார். கிராமப்புற பிரச்சினைகளை வகுப்பறைக்குள்ளும் பாடத்திட்டத்துக்குள்ளும் கொண்டு வர பள்ளிகள் மற்றும் கல்லூரிகளுடன் இயங்குகிறார். நம் காலத்தைய பிரச்சினைகளை ஆவணப்படுத்த இளையோருடனும் இயங்குகிறார்.

Other stories by Priti David
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das