“পাণৰ খেতিখিনি বাচি থাকিলে মোৰ কমেও দুই লাখ টকা লাভ হ’লহেঁতেন (২০২৩ত),” ধেউৰি গাঁৱৰ ২৯ বৰ্ষীয় খেতিয়কজনে দুখ কৰি কয়। বিহাৰৰ নৱাদা জিলাত সেইবাৰ তাপমান অত্যধিক হোৱাৰ বাবে কৰুণা দেৱীয়ে নিজৰ খেতিখিনি হেৰুৱালে। এসময়ত সেউজীয়া পাণৰ পাতেৰে ভৰি থকা বাৰেজা মানে বাগানখনত এতিয়া কেৱল লঠঙা পাণৰ ঠাৰিবোৰ আছেগৈ। তেওঁ আনৰ পানৰ বাগিচাত কাম কৰিবলৈ বাধ্য হৈ পৰিছিল।

প্ৰচণ্ড গৰমৰ সন্মুখীন হোৱা বাৰখনমান জিলাৰ বিতৰত নৱাদাও এখন আছিল। লগতা থা কি আচমান চে আগ বৰচ ৰহা হ্যে ঔৰ হমলৌগ জল জায়েংগে। দৌপহৰ কৌ তৌ গাঁৱ একদম চুনচান হৌ জাতা থা জেইছে কি কাৰ্ফু লগ গয়া হৌ (এনেকুৱা লাগিছিল যেন আকাশে জুইহে বৰষিছে। আমি যেন জ্বলি যাম। পিছবেলা গাঁৱত মানুহ এজনো দেখা নাপাব, যেন কাৰ্ফিউ লাগি আছিল,” সেই বছৰটোত কেনেকুৱা গৰম পৰিছিল, সেয়া বৰ্ণনা কৰি তেওঁ কয়। জিলাখনৰ ৱাৰিচালিগঞ্জৰ বতৰবিজ্ঞান কেন্দ্ৰত সৰ্বোচ্চ তাপমান আছিল ৪৫.৯ ডিগ্ৰী ছেলচিয়াছ। তাৰ পিছতে অহা গৰম বতাহে প্ৰায় ১০০ জনৰো অধিক লোকৰ মৃত্যু ঘটাইছিল, এয়া ২০২৩ৰ ১৮ জুনত দা হিন্দুত প্ৰকাশিত প্ৰতিবেদনৰ তথ্য।

উৎকট গৰম স্বত্ত্বেও “আমি বৰেজালৈ যাওঁ,” কৰুণা দেৱীয়ে কয়। পৰিয়ালটোৱে ১ লাখ টকাৰ ঋণ লৈ ছয় কঠা মাটিত মগহি পাণৰ খেতি কৰিছিল। সেয়ে ৰিস্ক ল’ব খোজা নাছিল।

Betel leaf farmers, Karuna Devi and Sunil Chaurasia in their bareja . Their son holding a few gourds grown alongside the betel vines, and the only crop (for their own use) that survived
PHOTO • Shreya Katyayini

নিজৰ ছয় কঠা মাটিৰ পাণৰ বাগিচাত কৰুণা দেৱী আৰু সুনীল চৌৰাছিয়া। দম্পতিহালৰ কণমানি ল’ৰাটোৱে পাণৰ বাগিচাৰ কাষতে কৰা খেতিৰ লাও কেইটামান হাতত টোপোলা কৰি লৈ আছে, কেৱল পানীলাওৰ খেতিয়ে তেওঁলোকৰ বাচিল, বাকী সকলো মৰহি গ’ল

Newada district experienced intense heat in the summer of 2023, and many betel leaf farmers like Sunil (left) were badly hit. Karuna Devi (right) also does daily wage work in other farmers' betel fields for which she earns Rs. 200 a day
PHOTO • Shreya Katyayini
Newada district experienced intense heat in the summer of 2023, and many betel leaf farmers like Sunil (left) were badly hit. Karuna Devi (right) also does daily wage work in other farmers' betel fields for which she earns Rs. 200 a day
PHOTO • Shreya Katyayini

নৱাদা জিলাত ২০২৩ৰ গ্ৰীষ্মৰ দিনকেইটাত প্ৰখৰ ৰ’দ দিছিল, উৎকট গৰম পৰিছিল আৰু পাণ খেতিয়ক সুনীল (বাওঁফালে) বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল। কৰুণা কুমাৰীয়ে (সোঁফালে) আনৰ পাণৰ বাগিচাত হাজিৰা কৰি দিনে ২০০ টকা উপাৰ্জন কৰে

পাণৰ বাগিচাক বিহাৰত বৰেজা বুলি কোৱা হয়। বাগিচাৰ চালিখনে পাণৰ গছবোৰক প্ৰখৰ ৰ’দ আৰু বাৰিষাৰ দিনৰ প্ৰৱল বতাহৰ পৰা সুৰক্ষা দিয়ে। বাহৰ খুঁটা পুতি তাৰ ওপৰত তাল আৰু নাৰিকলৰ পাত, ধানখেৰ আৰু ৰহৰ দাইলৰ খেৰ দি চালি সজা হয়। বৰেজাৰ মাটিখিনি চহাই সীৰলু কৰি দিয়া হয়। পাণৰ গছবোৰ এনেকৈ লগোৱা হয় যাতে পানীয়ে গছৰ শিপা ঢুকি নাপায়।

পাণৰ কুমলীয়া লতাবোৰে অতিপাত গৰম সহ্য কৰিব নোৱাৰে।

যোৱা বছৰ উৎকট গৰমৰ পৰা বাচিবলৈ কি কৰিছিল, সেইবিষয়ে কৰুণা দেৱীৰ গিৰীয়েকে কয়, “আমি দুই-তিনিবাৰ পাণবোৰত পানী দিছিলো, তাতোকৈ বেছি দিবলৈ গ’লে জলসিঞ্চনৰ পইচা বাঢ়িব। কিন্তু গৰম ইমানেই বাঢ়িছিল যে গছবোৰ নাবাচিল। গছবোৰ শুকাবলৈ ধৰিলে আৰু গোটেই বৰেজাখন নষ্ট হৈ গ’ল,” ৪০ বৰ্ষীয় সুনীল চৌৰাছিয়াই কয়। গোটেই পাণৰ বাগিচাখন শুকাই লেৰেলি মৰি গ’ল। “ঋণ কেনেকৈ শুজিম ভাবি পোৱা নাই,” চিন্তিত কৰুণাই কয়।

মগধ অঞ্চলত বতৰৰ ৰেহ-ৰূপ সলনি হৈছে, অঞ্চলটোৰ পৰিৱেশৰ অধ্যয়ন কৰি থকা বিজ্ঞানীসকলে কয়। “সুষম বতৰ বুলি যাক আমি কওঁ, সেয়া সলনি হৈছে, বতৰ একেবাৰে অনিয়মীয়া হৈ পৰিছে। উষ্ণতা হঠাতে সলনি হৈছে আৰু কেতিয়াবা এদিন-দুদিনকৈ অতিবৃষ্টি হৈছে,” পৰিৱেশ বিজ্ঞানী অধ্যাপক প্ৰধান পাৰ্থ সাৰথিয়ে কয়।

অঞ্চলটোৰ গঢ় উষ্ণতা ১৯৫৭-২০১৯ৰ সময়ছোৱাত ০.৫ ডিগ্ৰী ছেলচিয়াছ বাঢ়িছে, এয়া ২০২২ত চায়েন্স ডিৰেক্ট জাৰ্নেলত প্ৰকাশিত ‘ভাৰতৰ দক্ষিণ বিহাৰ পৰিৱেশ পৰিৱৰ্তন আৰু ভূজলৰ অনিয়ত অৱস্থা’ শীৰ্ষক গৱেষণাপত্ৰৰ তথ্য।

Magahi paan needs fertile clay loam soil found in the Magadh region in Bihar. Water logging can be fatal to the crop, so paan farmers usually select land with proper drainage to cultivate it
PHOTO • Shreya Katyayini
Magahi paan needs fertile clay loam soil found in the Magadh region in Bihar. Water logging can be fatal to the crop, so paan farmers usually select land with proper drainage to cultivate it
PHOTO • Shreya Katyayini

মগহি পাণক উৰ্বৰা আলতীয়া হিউমাছ মাটিৰ প্ৰয়োজন, যিটো বিহাৰৰ মগধ অঞ্চলত উপলব্ধ। আৱদ্ধ পানী পাণৰ বাবে বেয়া, সেয়া পাণৰ খেতিয়কে মাটিডৰাত পানী বাগৰি যাব পৰাকৈ সীৰলু দি ৰাখে

A betel-leaf garden is called bareja in Bihar. This hut-like structure protects the delicate vines from the scorching sun in summers and harsh winds in winters. It is typically fenced with sticks of bamboo, and palm and coconut fronds, coir, paddy straws, and arhar stalks. Inside the bareja , the soil is ploughed into long and deep furrows. Stems are planted in such a way that water does not collect near the root and rot the vine
PHOTO • Shreya Katyayini
A betel-leaf garden is called bareja in Bihar. This hut-like structure protects the delicate vines from the scorching sun in summers and harsh winds in winters. It is typically fenced with sticks of bamboo, and palm and coconut fronds, coir, paddy straws, and arhar stalks. Inside the bareja , the soil is ploughed into long and deep furrows. Stems are planted in such a way that water does not collect near the root and rot the vine
PHOTO • Shreya Katyayini

পাণৰ বাগিচাক বিহাৰত বৰেজা বুলি কোৱা হয়। বাগিচাৰ চালিৰ দৰে আকৃতিয়ে পাণৰ গছবোৰক প্ৰখৰ ৰ’দ আৰু বাৰিষাৰ প্ৰৱল বতাহৰ পৰা সুৰক্ষা দিয়ে। বাহৰ খুঁটা পুতি তাৰ ওপৰত তাল আৰু নাৰিকলৰ পাত, ধানখেৰ আৰু ৰহৰ দাইলৰ খেৰেৰে চালি দিয়া হয়। বৰেজাৰ মাটিখিনি চহাই সীৰলু কৰি দিয়া হয়। পাণৰ গছবোৰ এনেকৈ লগোৱা হয় যাতে পানীয়ে গছৰ শিপা ঢুকি নাপায়

“মগহি পাণ কা খেতি জুৱা জেইচা হ্যে (মগহি পাণৰ খেতি জুৱাখেলৰ দৰেই অনিশ্চিত),” ধেউৰি গাঁৱৰ আন এগৰাকী খেতিয়ক অজয় প্ৰসাদ চৌৰাছিয়াই কয়। তেওঁ বৰ্তমান কোনোমতে টানি-টুনি জীয়াই থকা ভালেকেইগৰাকী মগহি খেতিয়কৰ সন্দৰ্ভত কয়। “আমি বহুত কষ্ট কৰোঁ, কিন্তু পাণৰ খেতি যে বাচিব, তাৰ কোনো নিশ্চয়তাই নাইকিয়া হৈছে।”

অতিশয় পিছপৰা শ্ৰেণী হিচাপে বিহাৰত তালিকাভুক্ত চৌৰাছিয়াসকলে পাৰম্পৰিকভাৱে পাণৰ খেতি কৰি আহিছে। বিহাৰ চৰকাৰে শেহতীয়াকৈ কৰা এক জাতিৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত চৌৰাছিয়াসকলৰ জনসংখ্যা প্ৰায় ছয় লাখ।

ধেউৰি গাওঁখন নৱাদাৰ হিছুৱা খণ্ডৰ অন্তৰ্গত। জনসংখ্যা ১,৫৪৯ (২০১১ৰ লোকপিয়ল অনুসৰি)। তাৰে প্ৰায় অৰ্ধেক অংশ কৃষিকৰ্মৰ লগত জড়িত। বছৰে বছৰে বিষম বতৰে তেওঁলোকৰ পাণৰ খেতি নষ্ট কৰি আহিছে।

Betel leaf farmer Ajay Chaurasia says, ' Magahi betel leaf cultivation is as uncertain as gambling...we work very hard, but there is no guarantee that betel plants will survive'
PHOTO • Shreya Katyayini

পাণৰ খেতিয়ক অজয় চৌৰাছিয়াই কয়, ‘মগহি পাণৰ খেতি জুৱাখেলৰ দৰে অনিশ্চিত হৈ পৰিছে…ইমান কষ্ট কৰোঁ, কিন্তু পাণৰ খেতি যে বাচিব, তাৰ কোনো নিশ্চয়তা নাই’

২০২৩ৰ গৰম বতাহৰ আগেয়ে ২০২২ত প্ৰচুৰ বৃষ্টিপাত হৈছিল। “এনে লাগিছিল যেন প্ৰলয় আহিব। বৰষুণ এনেকুৱাকৈ দিছিল যে আন্ধাৰ হৈ গৈছিল। আমি খেতিত জুৰুলি-জুপুৰি হৈ থাকিছিলো। বৰষুণত তিতি আমাৰ জ্বৰ উঠিছিল,” ৰঞ্জিত চৌৰাছিয়াই কয়।

৫৫ বৰ্ষীয় খেতিয়কজনে কয় যে তেওঁৰ জ্বৰ উঠিছিল আৰু খেতিত বহুত লোকচান হৈছিল। “আমাৰ গাঁৱৰ বহু খেতিয়কৰ সেইবছৰ লোকচান হৈছিল,” তেওঁ কয়। “মই পাঁচ কঠা মাটিত পাণ খেতি কৰিছিলো। পানী জমা হৈ পৰাত গোটেই পাণগছবোৰ শুকাই গৈছিল।” ওড়িশাৰ আচানি ঘূৰ্ণিবতাহৰ ফলত সেইবছৰ তিনি-চাৰিদিনলৈ ধাৰাসাৰ বৃষ্টিপাত হৈছিল।

“গৰমৰ প্ৰকোপত মাটি শুকাই গৈছিল, পাণগছবোৰৰ বৃদ্ধি নোহোৱা হৈছিল আৰু হঠাতে হোৱা বৰষুণে পাণগছবোৰ নষ্ট কৰি পেলাইছিল,” মগহি পাণ উৎপাদক কল্যাণ সমিতিৰ সচিব ৰঞ্জিতে কয়।

“পাণগছবোৰ নতুনকৈ লগোৱা হৈছিল। নতুন পাণগছক পানীকেঁচুৱা এটাৰ দৰেই লালন-পালন কৰিব লাগে। যত্ন ল’ব নোৱাৰাত গছবোৰ মৰি গৈছিল,” তেওঁ কয়। ২০২৩ত ভালেকেইবাৰ পানী ছটিওৱা কাৰণে গৰমৰ প্ৰকোপৰ পৰা পাণগছবোৰ ৰক্ষা পৰিছিল। “ভালেকেইবাৰ পানী দিছিলো। দিনে ১০ বাৰকৈ পানী ছটিয়াইছিলো।”

Uncertainty of weather and subsequent crop losses, has forced many farmers of Dheuri village to give up betel cultivation. 'Till 10 years ago, more than 150 farmers used to cultivate betel leaf in 10 hectares, but now their number has reduced to less than 100 and currently it is being grown in 7-8 hectares,' says Ranjit Chaurasia
PHOTO • Shreya Katyayini

অনিয়মীয়া বতৰ আৰু বাৰে বাৰে লোকচান হোৱাৰ ফলত ধেউৰি গাঁৱৰ বহুতেই পাণৰ খেতি কৰিবলৈ এৰিছে। ‘১০ বছৰ আগতে প্ৰায় ১৫০ জন খেতিয়কে প্ৰায় ১০ হেক্টৰ মাটিত পাণৰ খেতি কৰিছিল। কিন্তু এতিয়া মাত্ৰ ১০০ জন মানেহে কৰে, খেতিমাটিৰ পৰিমাণো কমি ৭-৮ হেক্টৰ হৈছে,’ ৰঞ্জিত চৌৰাছিয়াই কয়

তেওঁৰ চুবুৰীয়া খেতিয়ক অজয়ে কয় যে তেওঁ যোৱা পাঁচটা বছৰত দুবাৰ বিষম বতৰৰ বাবে খেতিত লোকচান ভূগিছে। ২০১৯ত ৪৫ বৰ্ষীয় কৃষকজনে চাৰি কঠা মাটিত পাণৰ খেতি কৰিছিল। অতিপাত শীতে তেওঁ খেতি নষ্ট কৰিলে। আকৌ ২০২১ত গুলাব ঘূৰ্ণিবতাহে তেওঁৰ খেতিখন নষ্ট কৰিছিল। “দুটা বছৰত মোৰ প্ৰায় ২ লাখ টকাৰ লোকচান হৈছিল,” তেওঁ মনত পেলায়।

*****

পাণৰ লতাবোৰ হাউলি নপৰিবলৈ তেওঁ সেয়া বাঁহৰ খূটাবোৰত বান্ধি দিছে। হৃদয় আকাৰৰ উজ্বল সেউজীয়া ৰঙৰ পাণৰ পাতেৰে গছডাল ভৰি পৰিছে, সেয়া কেইদিনমানতে চিঙিবপৰা হ’ব।

সেউজীয়া পাণগছৰ বাগিচাখনৰ তাপমান বাহিৰৰ পৰিৱেশতকৈ কম। অজয়ে কয় যে অতিপাত শীত, গৰম বা অত্যধিক বৰষুণেই পাণগছৰ শত্ৰু। অতিপাত গৰম পৰিলে যদি উষ্ণতা ৪০ ডিগ্ৰী পাৰ হৈ যায়, তেতিয়া তেওঁ পাণগছবোৰত পানী ছটিয়াবই লাগিব। তেওঁ পাঁচ লিটাৰমান পানী ধৰা মাটিৰ পাত্ৰ এটা কান্ধত কঢ়িয়াই নি তেওঁ হাতেৰে পাণগছবোৰত পানী ছটিয়াই যায়। খোজকাঢ়ি গৈ থাকোতে সাৱধানে পাণৰ গছবোৰত পানী ছটিয়ায়। কিন্তু শীত আৰু বৰষুণৰ পৰা পাণগছবোৰক ৰক্ষা কৰাৰ উপায় তেওঁৰ হাতত নাই, তেওঁ কয়।

“জলবায়ু পৰিৱৰ্তনত অনিয়মীয়া বতৰৰ অৰিহণা কেনে, সেই লৈ কোনো বিশেষ অধ্যয়ন নাই যদিও বতৰৰ পৰিৱৰ্তিত ৰেহ-ৰূপলৈ চাই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ কথা অনুমান কৰিব পাৰি,” গয়াস্থিত দক্ষিণ বিহাৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল অৱ আৰ্থৰ জীৱবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যক্ষ সাৰথিয়ে কয়।

অজয়ৰ আঠ কঠা নিজা মাটি আছে, কিন্তু সেয়া একেঠাইতে নাই। সেয়ে তেওঁ তিনি কঠা মাটি ৫,০০০ টকা বছৰি দৰত লীজত লৈ প্ৰায় ৭৫ হাজাৰ টকা খৰছ কৰি পাণৰ খেতি লগাইছে। তেওঁ স্থানীয় আত্মসহায়ক গোট এটাৰ পৰা ৪০ হাজাৰ টকা ঋণ লৈছে, সেইখিনি তেওঁ আগন্তুক আঠ মাহত প্ৰতিমাহে ৬,০০০ টকাকৈ দি পৰিশোধ কৰিব লাগিব। “এতিয়ালৈ মই ১২,০০০ টকা দুটা কিস্তিত দিছো,” ২০২৩ৰ ছেপ্টেম্বৰত তেওঁৰ লগত কথা হওঁতে তেওঁ কৈছিল।

Ajay is sprinkling water on betel plants. He places an earthen pot on his shoulder and puts his palm on the mouth of the pot. As he walks in the furrows the water drips onto the vines
PHOTO • Shreya Katyayini

অজয়ে পাণৰ গছবোৰত পানী ছটিয়াইছে। তেওঁ পাঁচ লিটাৰমান পানী ধৰা মাটিৰ পাত্ৰ এটা কান্ধত লৈ মাটিৰ সীৰলুবোৰেৰে সাৱধানে খোজকাঢ়ি গৈ পাণগছবোৰত পানী ছটিয়াইছে

Although Ajay's wife, Ganga Devi has her own bareja , losses have forced her to also seek wage work outside
PHOTO • Shreya Katyayini

অজয়ৰ পত্নী গংগা দেৱীৰ নিজা বৰেজা আছে যদিও তেওঁ লোকচানৰ সন্মুখীন হোৱাত আনৰ খেতিত কাম কৰিবলগীয়া হৈছে

অজয়ৰ পত্নী ৪০ বৰ্ষীয় গংগা দেৱীয়ে কেতিয়াবা তেওঁক বাগিচাত সহায় কৰে। তাৰোপৰি তেওঁ আনৰ খেতিপথাৰত হাজিৰাও কৰে। “কামটো বৰ কষ্টৰ যদিও পইচা পাও দিনে মুঠে ২০০ টকা,” তেওঁ কয়। তেওঁলোকৰ চাৰিটা ল’ৰা-ছোৱালী। নবছৰীয়া কন্যা আৰু তিনিজন পুত্ৰ, বয়স ক্ৰমে ১৪, ১৩ আৰু ৬। আটাইকেইটা ধেউৰিৰ চৰকাৰী বিদ্য়ালয়ত পঢ়ে।

অনিয়মীয়া বতৰৰ বাবে পাণৰ খেতিত লোকচানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত খেতিয়কসকলে আনৰ বাগিচাত কাম কৰিবলৈ বাধ্য হৈ পৰে। সেই কামত তেওঁলোকৰ পাণখেতিৰ নিজা অভিজ্ঞতাই কামত দিয়ে।

*****

মগহি পানে নিজৰ নাম পাইছে মগধৰ পৰা, যি ঠাইত এই খেতি প্ৰচুৰ পৰিমাণে হয়। বিহাৰৰ মগধ অঞ্চলত দক্ষিণ বিহাৰৰ গয়া, ঔৰংগাবাদ, নৱাদা আৰু নালন্দা জিলা পৰে। “মগহি পাণৰ খেতি কেনেকৈ এইখিনি আহি পালে কোনেও নাজানে, কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহে এই খেতি ইয়াত কৰি আহিছে। আমি শুনিবলৈ পোৱা মতে মালেয়াছিয়াৰ পৰা পাণৰ সচ ইয়ালৈ অনা হৈছিল,” প্ৰাক্তন খেতিয়ক ৰঞ্জিত চৌৰাছিয়াই কয়। তেওঁৰ পাণৰ খেতিৰ ওপৰত বহুত আগ্ৰহ আছে আৰু তেঁৱেই মগহি পাণৰ বাবে জি.আই. টেগ বিচাৰি চৰকাৰলৈ আবেদন কৰিছিল।

মগহি পাণৰ আকাৰ শিশু এটিৰ হাতৰ তলুৱাখনৰ মান হ’ব - ৮ৰ পৰা ১৫ চেণ্টিমিটাৰ দীঘল আৰু ৬.৬ৰ পৰা ১২ চেণ্টিমিটাৰ বহল। সুগন্ধিত পাণবোৰ কোমল আৰু আঁহ কম থকা কাৰণে সহজে মুখত পমি যায়। এই গুণৰ বাবেই মগহি পাণৰ চাহিদা আন পাণৰ প্ৰজাতিতকৈ অধিক। ই বেছিদিনলৈ ভালে থাকে। চিঙি অনাৰ পিছত তাক ৩-৪ মাহলৈ ৰাখি থ’ব পাৰি।

Ajay Chaurasia is tying the plant with a stick so that it does not bend with the weight of leaves. Magahi betel leaves are fragrant and soft to the touch. There is almost no fibre in the leaf so it dissolves very easily in the mouth – a singularly outstanding quality that makes it superior to other species of betel leaf
PHOTO • Shreya Katyayini
Ajay Chaurasia is tying the plant with a stick so that it does not bend with the weight of leaves. Magahi betel leaves are fragrant and soft to the touch. There is almost no fibre in the leaf so it dissolves very easily in the mouth – a singularly outstanding quality that makes it superior to other species of betel leaf
PHOTO • Shreya Katyayini

পাণগছজোপা যাতে হাউলি নপৰে, তাৰবাবে অজয় চৌৰাছিয়াই সেয়া বাহৰ খূটিত বান্ধিছে। সুগন্ধিত পাণবোৰ কোমল আৰু আঁহ কম থকা কাৰণে সহজে মুখত পমি যায়। এই গুণৰ বাবেই মগহি পাণৰ চাহিদা আন পাণৰ প্ৰজাতিতকৈ অধিক, ইয়েই এই পাণবিধক আন পাণতকৈ উৎকৃষ্ট কৰি তোলে

“আপুনি কাপোৰ এখন তিয়াই লৈ সেই কাপোৰখনেৰে পাণখিনি মেৰিয়াই ৰাখিব লাগিব। মাজে মাজে চাব লাগিব কোনোবাখিলা পাণ পচিছে নেকি। পচা পাণখিলা উলিয়াই নেপেলালৈ বাকীবোৰো পচি যাব,” ৰঞ্জিতে কয়। পাণখিনি কেনেকৈ তেওঁ ঘৰৰ পকী মজিয়াত বহি লৈ কাপোৰেৰে মেৰিয়াইছে, সেয়া আমি চাই ৰ’লো।

তেওঁ প্ৰতিবাৰত ২০০ খিলা পাণ ইখনৰ ওপৰত সিখন ৰাখি হেক্সো এখনেৰে ঠাৰিবোৰ কাটিছে। তাৰপিছত সেইখিনি সূতাৰে গাঠি বাঁহৰ খৰাহি এটাত থৈছে।

পাণৰ ফুল নালাগে কাৰণে বীজো নাই, সেয়ে কলম দি পাণগছ গজাব লাগে। “খেতি বেয়া হ’লে আনৰ খেতিৰ পৰা কলম কাটি আনি পুনৰাই খেতি কৰা হয়। সেই কলমৰ বাবে আমি কেতিয়াও পইচা দিব নালাগে,” ৰঞ্জিত চৌৰাছিয়াই কয়।

এক কঠা মাটিত বৰেজা এখন পাতিবলৈ হ’লে আপোনাক ৩০,০০০ টকা লাগিব। দুই কঠাত লাগিব ৪৫,০০০ টকা। মাটিখিনি চহাই তাত সীৰলু কৰি লোৱা হয় আৰু সীৰলুৰ কাষে কাষে ওখ ঢিপাবোৰত কলমবোৰ লগোৱা হয় যাতে পানীয়ে গছৰ শিপাবোৰ ঢুকি নাপায়।

Ranjit Chaurasia’s mother (left) is segregating betel leaves. A single rotting leaf can damage the rest when kept together in storage for 3-4 months. 'You have to wrap them in wet cloths and keep them in a cool place, and check daily if any leaves are rotting and immediately remove them or it will spread to other leaves,' says Ranjit (right)
PHOTO • Shreya Katyayini
Ranjit Chaurasia’s mother (left) is segregating betel leaves. A single rotting leaf can damage the rest when kept together in storage for 3-4 months. 'You have to wrap them in wet cloths and keep them in a cool place, and check daily if any leaves are rotting and immediately remove them or it will spread to other leaves,' says Ranjit (right)
PHOTO • Shreya Katyayini

ৰঞ্জিত চৌৰাছিয়াইৰ মাক (বাওঁফালে) পাণৰ পাতবোৰ ভাগ ভাগ কৰিছে। ৩-৪ মাহ সাচি ৰাখিবলগীয়া পাণৰ থূপবোৰ এখিলা পচা পানে নষ্ট কৰি পেলাব পাৰে। ‘আপুনি সেয়া তিতা কাপোৰেৰে মেৰিয়াই শীতল ঠাইত থৈ দিব লাগিব আৰু পচা পাণ ওলায় নেকি সেয়া সদায় চাব লাগিব, দেখিলে সেয়া ততালিকে আঁতৰাই পেলাব লাগিব, নহ’লে গোটেই পাণখিনি পচি যাব,’ ৰঞ্জিতে (সোঁফালে) কয়

In its one year life, a Magahi betel plant produces at least 50 leaves. A leaf is sold for a rupee or two in local markets as well as in the wholesale mandi of Banaras in Uttar Pradesh. It is a cash crop, but the Bihar government considers it as horticulture, hence farmers do not get benefits of agricultural schemes
PHOTO • Shreya Katyayini
In its one year life, a Magahi betel plant produces at least 50 leaves. A leaf is sold for a rupee or two in local markets as well as in the wholesale mandi of Banaras in Uttar Pradesh. It is a cash crop, but the Bihar government considers it as horticulture, hence farmers do not get benefits of agricultural schemes
PHOTO • Shreya Katyayini

এবছৰত পাণগছ এজোপাই প্ৰায় ৫০ খিলা পাণ দিয়ে। এখিলা পাণ এটকা বা দুটকাত স্থানীয় বজাৰত আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পাইকাৰী বজাৰত বিক্ৰী হয়। এয়া এক নগদী শস্য। কিন্তু বিহাৰ চৰকাৰে ইয়াক উদ্যানশস্য হিচাপে বিবেচনা কৰে, সেয়ে খেতিয়কে কৃষি আঁচনিৰ সুবিধা নাপায়

এবছৰত পাণগছ এজোপাই প্ৰায় ৫০ খিলা পাণ দিয়ে। এখিলা পাণ এটকা বা দুটকাত স্থানীয় বজাৰত আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পাইকাৰী বজাৰত বিক্ৰী হয়। দেশৰ ভিতৰত এইখনেই আটাইতকৈ ডাঙৰ পাণ মাণ্ডি।

মগহি পাণক ২০১৭ত জি.আই. টেগ প্ৰদান কৰা হৈছিল। এই টেগ পাইছিল মগধ অঞ্চলত ৪৩৯ হেক্টৰ মাটিত হোৱা মগহি পানে। খেতিয়কসকলো এই বাতৰি পাই উৎফুল্লিত হৈছিল।

কিন্তু বছৰ বাগৰিল, খেতিয়কে একো সুবিধা নাপালে। “আমি ভাবিছিলো যে চৰকাৰে মগহি পাণৰ বিষয়ে প্ৰচাৰ কৰিব আৰু আমাৰ পাণৰ চাহিদা বাঢ়িব, ভাল দাম পাম। কিন্তু একো নহ’ল,” ৰঞ্জিত চৌৰাছিয়াই কয়। দুখ তৌ য়হ হ্যে কি জি.আই. টেগ মিলনে কে ৱাবজুদ চৰকাৰ কুছ নহি কৰ ৰহি হ্যে পাণ কিষাণো কে লিয়ে। ইছকো তৌ এগ্ৰিকালচাৰ ভি নহি মানতি হ্যে চৰকাৰ (দুখৰ কথা যে জি.আই. টেগ পোৱাৰ পিছতো চৰকাৰে পাণ খেতিয়কৰ বাবে একো ব্যৱস্থা নল’লে। তাতে আকৌ এই খেতিক চৰকাৰে কৃষিৰ শাৰীতো নধৰে),” তেওঁ কয়।

“বিহাৰ চৰকাৰে পাণৰ খেতিক উদ্যানশস্যৰ শাৰীত ধৰে, সেয়ে খেতিয়কে পাণৰ খেতিৰ ক্ষেত্ৰত কৃষিৰ আঁচনিবোৰ যেনে শস্যৰ বীমা আদিৰ সুবিধা নাপায়। আমি কেৱল এটাই ক্ষতিপূৰণ পাওঁ, সেয়া হৈছে বেয়া বতৰৰ বাবে হোৱা শস্যৰ ক্ষতিপূৰণ। তাৰো পৰিমাণ শুনি আপোনাৰ হাঁহি উঠিব,” ৰঞ্জিত চৌৰাছিয়াই কয় যে এক হেক্টৰ (প্ৰায় ৭৯ কঠা) খেতিৰ বাবদ মাত্ৰ ১০,০০০ টকা। “কঠা হিচাপত সেয়া চাবলৈ গ’লে এজন খেতিয়কে এক কঠা মাটিৰ পাণখেতিৰ লোকচান হ’লে পইচা পায় মাত্ৰ ১২৬ টকা।” তেওঁ লগতে কয় যে ক্ষতিপূৰণ পাবলৈ তেওঁলোকে কৃষিৰ জিলা অফিছলৈ বাৰে বাৰে গৈ থাকিবলগীয়া হয়, সেয়ে তেওঁলোকে ক্ষতিপূৰণ প্ৰায়ে নিবিচাৰে।

*****

Left: Karuna Devi and her husband Sunil Chaurasia at their home. Karuna Devi had taken a loan of Rs. 1 lakh to cultivate Magahi betel leaves, in the hope that she would repay it from the harvest. She mortgaged some of her jewellery as well.
PHOTO • Shreya Katyayini
Right: Ajay and his wife Ganga Devi at their house in Dheuri village. The family lost a crop in 2019 to severe cold, and in October 2021 to heavy rains caused by Cyclone Gulab. 'I incurred a loss of around Rs . 2 lakh in both the years combined,' he says
PHOTO • Shreya Katyayini

বাওঁফালে: কৰুণা দেৱী আৰু তেওঁৰ স্বামী সুনীল চৌৰাছিয়া, তেওঁলোকৰ ঘৰত। কৰুণা দেৱীয়ে পাণৰ খেতি কৰিবলৈ ১ লাখ টকাৰ ঋণ লৈছিল। তেওঁ আশা কৰিছিল যে খেতি চপাই সেই ধাৰ শুজিব। তেওঁ গহণাও মৰ্টগেজ কৰি থৈছিল। সোঁফালে: অতিপাত শীতৰ বাবে ২০১৯ত পৰিয়ালটোৰ পাণৰ খেতিৰ লোকচান হৈছিল, আকৌ গুলাব ঘূৰ্ণীবতাহৰ বাবে ২০২১ত হোৱা অতিবৃষ্টৰ ফলত তেওঁলোকৰ খেতি আকৌ ক্ষতিগ্ৰস্ত হৈছিল। ‘দুয়োটা বৰ্ষ মিলাই মোৰ প্ৰায় ২ লাখ টকাৰ লোকচান হৈছিল,’ তেওঁ কয়

২০২৩ত গৰমৰ প্ৰকোপত গোটেই খেতি নষ্ট হোৱাত সুনীল আৰু তেওঁৰ পত্নীয়ে বৰ্তমান আনৰ বৰেজাত হাজিৰা কাম কৰিবলৈ বাধ্য হৈছে। “ঘৰ চলাবলৈ দিনহাজিৰা কৰিবই লাগিব। পাণৰ খেতি বহুবছৰৰ পৰা কৰি আহিছো কাৰণে এই খেতিত হাজিৰা কৰাটো সহজ, সেয়ে এয়া কৰি আহিছো,” তেওঁ কয়।

সুনীলে দিনহাজিৰা কৰি দিনে ৩০০ টকা আৰু তেওঁৰ পত্নী কৰুণা দেৱীয়ে ২০০ টকা পায়। তেওঁলোকে এনেকৈ দিনে ৮-১০ ঘণ্টা কাম কৰি তেওঁৰ ৩ বছৰীয়া কন্যা আৰু এক, পাঁচ আৰু সাত বছৰীয়া তিনি পুত্ৰ সন্তানেৰে ছজনীয়া পৰিয়ালটো চলাই আছে।

২০২০ত ক’ভিডৰ বাবে হোৱা লকডাউনত বহুত লোকচান হৈছিল। “লকডাউনত দোকান-পোহাৰ, লগতে বজাৰলৈ যোৱা গাড়ী আদি সকলো বন্ধ আছিল। মোৰ হাতত ৫০০ টা ধোলি (২০০ পাণৰ এটা মুঠা) ঘৰত আছিল। বিক্ৰী কৰিব নোৱাৰাত সেয়া পচি গৈছিল,” তেওঁ মনত পেলায়।

কৰুণা দেৱীয়ে কয়, “মই তেওঁক প্ৰায়ে এই খেতি এৰিবলৈ কওঁ।” কিন্তু সুনীলে তেওঁৰ কথা নামানি প্ৰশ্ন কৰে, “এয়া আমাৰ বাপতিসাহোন। কেনেকৈ এৰিম আৰু এৰিলেও বেলেগ কি উপায় আমাৰ হাতত আছে?”

এই ষ্ট’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

உமேஷ் குமார் ரே பாரியின் மானியப்பணியாளர் (2022) ஆவார். சுயாதீன பத்திரிகையாளரான அவர் பிகாரில் இருக்கிறார். விளிம்புநிலை சமூகங்கள் பற்றிய செய்திகளை எழுதுகிறார்.

Other stories by Umesh Kumar Ray
Shreya Katyayini

ஷ்ரேயா காத்யாயினி பாரியின் காணொளி ஒருங்கிணைப்பாளராகவும் ஆவணப்பட இயக்குநராகவும் இருக்கிறார். பாரியின் ஓவியராகவும் இருக்கிறார்.

Other stories by Shreya Katyayini
Photographs : Shreya Katyayini

ஷ்ரேயா காத்யாயினி பாரியின் காணொளி ஒருங்கிணைப்பாளராகவும் ஆவணப்பட இயக்குநராகவும் இருக்கிறார். பாரியின் ஓவியராகவும் இருக்கிறார்.

Other stories by Shreya Katyayini
Editor : Priti David

ப்ரிதி டேவிட் பாரியின் நிர்வாக ஆசிரியர் ஆவார். பத்திரிகையாளரும் ஆசிரியருமான அவர் பாரியின் கல்விப் பகுதிக்கும் தலைமை வகிக்கிறார். கிராமப்புற பிரச்சினைகளை வகுப்பறைக்குள்ளும் பாடத்திட்டத்துக்குள்ளும் கொண்டு வர பள்ளிகள் மற்றும் கல்லூரிகளுடன் இயங்குகிறார். நம் காலத்தைய பிரச்சினைகளை ஆவணப்படுத்த இளையோருடனும் இயங்குகிறார்.

Other stories by Priti David
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das