হাতৰ তলুৱাত বাকলি গুছোৱা নাৰিকল এটা লৈ হাতখন তেওঁ মেলি দিছে আৰু মুদ্দালাপুৰমৰ পথাৰত কিবা এটা বিচাৰি ফুৰিছে। এয়া পূজাৰী আঞ্জালেয়ুলু। তেওঁ নাৰিকলটো হাততে ঘূৰাৰ বাবে অপেক্ষা কৰিছে। ঘূৰিব, তাৰপিছত হালিব আৰু পৰি যাব। সেয়াই হ’ব সঠিক স্থান, তেওঁ আমাক নিশ্চিতি দি কৈছে আৰু পূৰণ চিনেৰে দাগ এটা দি থৈছে। “ইয়াত খান্দিলে পানী ওলাব। ঠিক এইখিনিতে নলীনাদ বহুৱালে পানী ওলাবই, চাব,” অনন্তপুৰ জিলাৰ এইখন গাঁৱত তেওঁ আমাক কয়।
তাৰপৰা এখন গাওঁ দূৰত ৰায়ুলু দোমাতিম্মানাই আন এখন পথাৰত পানীৰ উৎস বিচাৰি ফুৰিছে। হাতত তেওঁৰ গছৰ ঠানি এটা। সেইডাল তেওঁ দুয়োখন হাতেৰে ধৰি পথাৰৰ মাটিত টোৱাই মাৰিছে। “ঠানিডাল য’ত জাঁপ মাৰি উঠিব, জানিব তাত পানী আছে,” তেওঁ বুজাই কয়। এই পদ্ধতিৰে পানীৰ উৎস বিচাৰি পোৱাৰ ক্ষেত্ৰত “সফলতা ৯০ শতাংশ”, তেওঁ বিনম্ৰতাৰে দাবী কৰি কয়।
অনন্তপুৰৰ আন এটা মণ্ডলত চন্দ্ৰশেখৰ ৰেড্ডীক এটা প্ৰশ্নই আমনি কৰিছে। প্ৰশ্নটো কোনো নতুন প্ৰশ্ন নহয়, যুগে যুগে দাৰ্শনিকক এই প্ৰশ্নই চিন্তাত পেলাই আহিছে। প্ৰশ্নটো – মৃত্যুৰ পিছত জীৱন আছে নেকি? ৰেড্ডীয়ে ভাবে যে তেওঁ উত্তৰটো জানে। “পানীয়েই জীৱন,” তেওঁ কয়। সেয়ে এখন মৰিশালীত চাৰিটা ব’ৰৱেল শুকাই গৈছে। তেওঁৰ পথাৰ ৩২ টা আছে। তেওঁ পানীখিনি তেওঁৰ গাওঁ জাম্বুলাধিনত আঠ কিলোমিটাৰ দীঘল পাইপ-লাইনেৰে লৈ গৈছে।
অন্ধবিশ্বাস, অতিপ্ৰাকৃতিক কাৰবাৰ, ইশ্বৰ, চৰকাৰ, প্ৰযুক্তি আৰু নাৰিকল – অনন্তপুৰত পানীৰ সন্ধানৰ এই জোৰদাৰ অভিযানত সকলো নামি পৰিছে। গোটেইসোপাই মিলি জোৰ দিছে যদিও বিশেষ এটা ফল দিব পৰা নাই। অৱশ্যে পূজাৰীয়ে নিজৰ ষ্ট্ৰাইক ৰেট বৰ ভাল বুলি দাবী কৰে।
নম্ৰ আচৰণেৰে মানুহজনে কয় যে তেওঁৰ পদ্ধতি কেতিয়াও বিফল নহয়। তেওঁৰ এই গুণ ইশ্বৰপ্ৰদত্ত। “মানুহে অনুচিত সময়ত মোক এই কামৰ বাবে জোৰ কৰিলেহে কেতিয়াবা বিচৰা ফল নাপাও,” তেওঁ কয়। (এইজন ইশ্বৰে অৱশ্যে নলীনাদ ক’ত বহুৱাব লাগিব, সেয়া বিচাৰি দিয়াৰ বাবে ৩০০ টকা লয়)। নাৰিকলটো হাতৰ তলুৱাত লৈ তেওঁ আমাক গোটেই পথাৰখন ঘুৰাই লৈ ফুৰিলে।
![](/media/images/02a-DSC00267-PS-Dreaming_of_water_drowning.max-1400x1120.jpg)
![](/media/images/02b-DSC00272-PS-Dreaming_of_water_drowning.max-1400x1120.jpg)
অনন্তপুৰৰ মুদ্দালাপুৰমত নাৰিকল এটা হাতত লৈ পূজাৰী অঞ্জনেয়ুলুৱে খেতিপথাৰত ব’ৰৱেল ক’ত খান্দিব লাগিব, সেই স্থান বিচাৰি দিয়ে – সেয়া ইশ্বৰপ্ৰদত্ত গুণ, তেওঁ কয়
![](/media/images/03a-DSC00262-PS-Dreaming_of_water_drowning.max-1400x1120.jpg)
![](/media/images/03b-Rayalappa-PS-Dreaming_of_water_drownin.max-1400x1120.jpg)
ৰায়ালাপ্পা দোমাতিম্মানা ৰায়ালাপ্পাডদ্দিৰ এগৰাকী পানীৰ উৎস বিচৰা দৈৱজ্ঞ। বিনম্ৰতাৰে তেওঁ নিজৰ সফলতাৰ হাৰ ‘৯০ শতাংশ’ বুলি দাবী কৰে
কিছুমান অৱশ্যে সন্দেহবাদী লোক থাকিবই। এই ধৰক উক্ত পদ্ধতিৰে পানী বিচাৰি হাবাথুৰি খোৱা ক্ষুণ্ণ খেতিয়কজন। “পানী পালো কেৱল সেই মাকৰ মূৰা নাৰিকলটোৰ ভিতৰতহে, আন ক’তো নাই” তেওঁ হতাশাত কথাষাৰ কয়।
এনে সময়তে ৰায়ুলুৰ ঠানিডাল জাঁপ মাৰিছে। তেওঁ নিশ্চয়কৈ পানীৰ সন্ধান পাইছে। এফালে এটা পুখুৰী, আনফালে এটা পানী ওলাই থকা ব’ৰৱেল। ৰায়ুলুৱে কয় যে তেওঁ ইশ্বৰত বিশ্বাস নকৰে। অৱশ্যে আইনৰ কথা আছে। “মই এই কৌশল জনাৰ বাবে আদালতত থগবাজিৰ গোচৰত ফঁচিবলগীয়া নহয়টো?” তেওঁ আমাৰ পৰা এই বিষয়ত নিশ্চয়তা বিচাৰিছে। আৰু আমি দিছো। তেওঁৰ সফলতাৰ হাৰ চৰকাৰৰ জল জৰীপ কৰোঁতাসকলতকৈ বেছি বেয়া নহয় হেতুকে তেনেকুৱা হোৱাৰ সম্ভাৱনা নাই।
ভূ-জল বিভাগৰ ভূতত্ত্ববিদসকলৰ পাৰদৰ্শিতা, যদি তেওঁলোকক সেই নাম দিব পাৰি, এইক্ষেত্ৰত বৰ পুতৌজনক। কিছুমান ক্ষেত্ৰত একেবাৰে পৰিকল্পিতভাবে নিষ্ঠুৰ। তাতকৈ অফিছৰ বাহিৰত পানী বিচাৰি উলিয়াব পৰা দৈৱজ্ঞ হিচাপে প্ৰাইভেটকৈ কাম কৰাটো বেছি সমিচীন। তাতে যদি আপোনাৰ এক্সপাৰ্ট হিচাপে সুনাম থাকে, তেতিয়া নিয়মিত গ্ৰাহক পোৱাটো খাটাং। ছখন জিলাত বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া স্থানত পানী ওলোৱা নাই। ব’ৰৱেল ৪০০ ফুট তললৈ গৈছে যদিও পানীৰ কোনো চিন-মোকাম নাই। সেয়ে পূজাৰী আৰু ৰায়ুলুৰ দৰে জল-দৈৱজ্ঞৰ সংখ্যা বাঢ়িছে।
এনে জল-দৈৱজ্ঞসকলৰ নিজা নিজা অগতানুগতিক পদ্ধতি আছে। গোটেই ৰাজ্যখনত এনে লোক বিয়পি আছে, তাৰে কিছুমানৰ পদ্ধতিৰ তালিকা এখন দা হিন্দুৰ নালগোণ্ডাৰ প্ৰতিবেদক এছ. ৰামুৱে লিখি উলিয়াইছে। এজন দৈৱজ্ঞই কয় যে তেনে লোকৰ ব্লাড গ্ৰুপ ও-পজিটিভ হ’ব লাগিব। আন এজনে মাটিৰ তলত সাপৰ খোৰোং চাই পানীৰ সন্ধান দিয়ে। অনন্তপুৰত পানীক লৈ আচহুৱা-অদ্ভুত কাৰবাৰ কৰা লোকৰ নিজা এক বাহিনী আছে।
চাৰিবাৰকৈ ইটোৰ পিছত সিটো বছৰ শস্য উৎপাদনত ব্যৰ্থ হোৱা এইখন জিলাত জীয়াই থকাৰ যিখন নৃশংস যিখন যুঁজ, সেয়া পথাৰৰ ওপৰত চলি থকা এই টুলুঙা কাৰবাৰৰ পৰা আপুনি অনুমান কৰিব নোৱাৰিব। মৰিশালিত থকা ৰেড্ডীৰ ব’ৰৱেলকেইটাও তেওঁ আশা কৰাতকৈ কম পানী দিছে। পানীৰ সন্ধানত এনেকৈ গ্ৰামীণ বিষয়া (ভি.অ’)জনে দহ লাখৰো অধিক টকা খৰছ কৰিছে। “যোৱা সপ্তাহত মই চৰকাৰী হেল্পলাইনত ফোন কৰিছো,” তেওঁ কয়, “কৈছো, এনেকৈ আৰু নোৱাৰিছো। আমাক অলপ হ’লেও পানী লাগে।”
![](/media/images/04a-DSC00287-PS-Dreaming_of_water_drowning.max-1400x1120.jpg)
![](/media/images/04b-DSC00294-PS-Dreaming_of_water_drowning.max-1400x1120.jpg)
চন্দ্ৰশেখৰ ৰেড্ডীৰ চাৰিটা ব’ৰৱেল ব্যৰ্থ হৈছে। তেওঁৰ আন ৩২ টা ব’ৰৱেল পথাৰত আছে। তেওঁ এই ব’ৰৱেলকেইটাৰ পানী নিজ গাওঁ জাম্বুলাদিনলৈ আঠ কিলোমিটাৰ দীঘল পাইপ-লাইনেৰে লৈ গৈছে
ৰাজ্যখনত সংকটত পৰা খেতিয়ক আৰু কৃষকৰ আত্মহত্যাৰ ঘটনা ঘটি অহাৰ লগতে বাঢ়ি অহা কৃষিসংকটৰ পৰিপ্ৰেক্ষিতত ৱাই.এছ. ৰাজাশেখৰ ৰেড্ডী চৰকাৰে হেল্পলাইন স্থাপন কৰিছিল। কৃষকৰ আত্মহত্যাৰ ঘটনাৰ ফালত পৰা শীৰ্ষত আছে এইখন জিলা। যোৱা পাঁচটা বছৰত চৰকাৰী হিচাপত প্ৰায় ৫০০ জন কৃষকে আত্মহত্যা কৰিছে। স্বতন্ত্ৰ সংস্থাবোৰে উলিওৱা পৰিসংখ্যা তাতকৈ বহুগুণে বেছি।
হেল্পলাইন নম্বৰত ৰেড্ডীৰ ফোন এক প্ৰকাৰৰ সতৰ্কবাণী। তেওঁ সেই অতিকৈ সংকটাপন্ন শ্ৰেণীত ধৰিব পাৰি। ইফালে পানীৰ সপোন, আনফালে ধাৰত পোত যোৱা অৱস্থা। উদ্যানশস্যৰ নামত তেওঁ যি মোটা ধন বিনিয়োগ কৰিছিল, পৰিশ্ৰম কৰিছিল, সোপাকে পণ্ড হ’ল। তেওঁৰ ভালেকেইটা ব’ৰৱেলৰো একেই অৱস্থা।
অতিকৈ ধনিক শ্ৰেণী এইক্ষেত্ৰত শোষণৰ বাবে খাপ পিটি ৰৈ থাকে। প্ৰাইভেটকৈ পানী যোগান ধৰা বজাৰখন এনে সময়তে ঠন ধৰি উঠিছে। এই বজাৰখন দখল কৰি থৈছে পানীৰ মাফিয়াবোৰে। তেওঁলোকে খেতিতকৈ ব’ৰৱেল আৰু পাম্পৰ দ্বাৰা উলিওৱা পানী বিক্ৰী কৰি অধিক উপাৰ্জন কৰে।
উপায়ন্তৰ হৈ পৰা খেতিয়কে ৭,০০০ টকা দি এক একৰ মাটিত “ভিজাইছে”। তাৰমানে মাটিৰ তলত যিমানখিনি পানী আছে, সেই আটাইখিনি আপোনাৰ চুবুৰীয়াই শুহি নিছে আৰু সেই সম্পদৰ ভাগ আপোনাক দিছে, কিন্তু বিনিময়ত পইচা লৈছে।
এইখিনিতে খেতিয়কৰ লাভালাভৰ কথা আহি পৰে। “এনেকৈ আমাৰ প্ৰতি একৰত খেতিৰ ব্যয় কিমান হৈ পৰে ভাবি চাইছে?” ৰেড্ডীয়ে প্ৰশ্ন কৰে। ৰাজপথত ব’ৰৱেল ড্ৰিলিং মেচিনৰ গাড়ীবোৰৰ সঘন আহ-যাহৰ মাজতে জল-দৈৱজ্ঞসকলেও নিজৰ কাম চলাই যাব পাৰিছে, এনে এক পৰিস্থিতি। ইটোৱে সিটোৰ বাট খুলি দিছে। খোৱাপানীৰো সংকট তীব্ৰ। হিন্দুপুৰ চহৰৰ ডেৰ লাখ বাসিন্দাই বছৰি খোৱাপানীৰ নামত প্ৰায় ৮ কোটি টকা খৰছ কৰে। পৌৰনিগমৰ অফিছৰ কাষতে এজন স্থানীয় মাফিয়াই ভালেখিনি সম্পত্তি অধিকাৰ কৰি থৈছে।
![](/media/images/05-borewell-drilling-rig-PS-Dreaming_of_wate.max-700x560.jpg)
পানীৰ সংকটে দেখা দিয়া অঞ্চলবোৰত এনেকৈ ব’ৰৱেল খন্দা গাড়ীবোৰ ঘুৰি ফুৰিছে
অন্ধবিশ্বাস, অতিপ্ৰাকৃতিক কাৰবাৰ, ইশ্বৰ, চৰকাৰ, প্ৰযুক্তি আৰু নাৰিকল – অনন্তপুৰত পানীৰ সন্ধানৰ এই জোৰদাৰ অভিযানত সকলো নামি পৰিছে। গোটেইসোপাই মিলি জোৰ দিছে যদিও বিশেষ এটা ফল দিব পৰা নাই
অৱশেষত বৰষুণ আহিব ধৰিছে। চাৰিদিনমান বৰষুণ হ’লেই কঠিয়া সিঁচিব পৰা যাব। সেয়াই আশাৰ বতৰ আনিছে, আত্মহত্যাৰ প্ৰৱণতা কমিব। অৱশ্যে সমস্যাৰ অৱসান ঘটিবলৈ বহুদূৰ বাকী। খেতি নদন-বদন হ’লেও খেতিয়কৰ দুশ্চিন্তা দূৰ হোৱাৰ সম্ভাৱনা নাই।
“খেতি ভাল হ’লে আত্মহত্যাৰ সংখ্যা বাঢ়েহে”, ইক’লজি চেণ্টাৰ অফ দি ৰুৰেল ডেভলপমেণ্ট ট্ৰাষ্ট, অনন্তপুৰৰ সঞ্চালক মাল্লা ৰেড্ডীয়ে কয়। “খেতিয়কে খুব বেছি ১ লাখ টকা উপাৰ্জন কৰিব পাৰে, কিন্তু বছৰ বছৰ ধৰি পুঞ্জীভূত হৈ থকা ধাৰৰ পইচা তেওঁ দিবলৈ থাকে ৫-৬ লাখ টকা। সংকটৰ ফলত বিয়া-বাৰু পিছুৱাই যায়। সেইবোৰ আকৌ খেতি ভাল হ’লে পাতিব লাগে।”
“তাতে আকৌ খাপচৰা দামত খেতিত সাৰ-কীটনাশক কিনি ছটিয়াব লাগে। খেতিয়কে ইমানবোৰ বোজা ল’ব কেনেকৈ? খেতি ভাল হ’লে কেইমাহমানতে সুদখোৰে হেঁচা দিয়া আৰম্ভ কৰিব। ধাৰ লোৱা টকা ঘূৰাই দিয়াৰ ক্ষেত্ৰত অনন্তকাল কোনেনো ৰৈ থাকিব?”
খেতিয়কৰ ক্ষেত্ৰত সমস্যা যেতিয়া আহে, কলহৰ কাণে ঢলাদি আহে। এনেকৈয়ে মূষলধাৰে বৃষ্টিৰ আশাত খেতিয়ক ডুবি মৰে।
অনুবাদ: পংকজ দাস