বঙালী খোলতকৈ অসমীয়া খোলৰ স্বৰৰ মাত্ৰা তুলনামূলকভাৱে কম। নাগাৰাৰ তুলনাত আকৌ ঢোলৰ ধ্বনিতীক্ষ্নতা অধিক। গিৰিপদ বাদ্যকৰে এইবোৰ কথা ভালকৈয়ে জানে। এগৰাকী বাদ্যযন্ত্ৰ নিৰ্মাতা হিচাপে এইধৰণৰ অভিজ্ঞতা তেওঁ প্ৰতিদিনেই নিজৰ কামত খটুৱায়।

“ডেকা ল’ৰাবোৰে আহি মোক তেওঁলোকৰ স্মাৰ্টফোন দেখুৱায় আৰু মোক টিউনিংটো নিৰ্দিষ্ট এক স্কেলত মিলাবলৈ কয়। কিন্তু মোক এই এপবোৰৰ দৰকাৰ নাই,” এইদৰে কয় অসমৰ মাজুলীৰ এগৰাকী বৰ্ষীয়ান বাদ্যযন্ত্ৰ প্ৰস্তুতকৰ্তা কাৰিকৰে।

গিৰিপদে লগতে কয় যে টিউনিং এপৰ জৰিয়তে কোনো বাদ্যযন্ত্ৰ পৰীক্ষা কৰি চালেও তাত কিবা নহয় কিবা সমস্যা ৰৈয়েই যায়। খুঁটি-নাটি মাৰি টিউনিং কৰিবলৈ হ’লে বাদ্যযন্ত্ৰটোত ব্যৱহাৰ কৰা চামৰাখন হিচাপমতে লগাব লাগিব। “তাৰ পাছতহে টিউনাৰ এপে কাম কৰিব,” গিৰিপদে কয়।

গিৰিপদ আৰু তেওঁৰ পুত্ৰ পদুমে উত্তৰাধিকাৰীসূত্ৰে এই কামৰ সৈতে জড়িত। বাদ্যযন্ত্ৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ বাবে জনাজাত এই সম্প্ৰদায়টোক ঢুলি বা শব্দকাৰ নামেৰেও জনা যায়। সম্প্ৰদায়টোক ত্ৰিপুৰাত অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়া হৈছে।

পদুম আৰু গিৰিপদে সাধাৰণতে ঢোল, খোল আৰু তবলা সাজে। পদুমে কয়, “সত্ৰবোৰ আমাৰ ইয়াত আছে। সেয়ে আমি গোটেই বছৰটোতেই কাম পাও। এইখিনিয়েই আমাৰ বাবে যথেষ্ট।”

Left: Podum Badyokar sits in his family’s shop in Majuli, Assam.
PHOTO • Prakash Bhuyan
Right: Negeras and small dhols that have come in for repairs line the shelves
PHOTO • Prakash Bhuyan

মাজুলীত নিজ ঘৰৰ দোকানত বহিছে পদুম বাদ্যকৰ। সোঁফালে: মেৰামতিৰ বাবে অহা নাগাৰা আৰু সৰুঢোল চেলফত তুলি থোৱা হৈছে

ফাগুন মাহ (ফেব্ৰুৱাৰী-মাৰ্চ)ৰ আৰম্ভণিৰে পৰা বিশেষকৈ মিচিং সম্প্ৰদায়ৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ সময়ৰে পৰা উৎসৱৰ বতৰো আৰম্ভ হয়। এইখিনি সময়তে তেওঁলোকৰ উপাৰ্জন বাঢ়ে। এই উৎসৱত পৰিৱেশন কৰা গুমৰাগ নৃত্যত ঢোল থাকিবই লাগিব। সেয়ে নতুন ঢোলৰ লগতে পুৰণি ঢোলৰ মেৰামতিৰ কামো চ’ত মাহলৈকে বহুত বাঢ়ে। ৰাজ্যখনৰ জাতীয় উৎসৱ বহাগ বিহুৰ বাবেও এই সময়ত ঢোলৰ চাহিদা বৃদ্ধি পায়।

ভাদ মাহৰ সময়ছোৱাত নাগাৰা আৰু খোলৰ চাহিদা বাঢ়ে। অসমীয়া সংস্কৃতিত ৰাসৰ পৰা বিহুলৈকে প্ৰায় সকলোতে হাতেৰে বজোৱা বাদ্যযন্ত্ৰই গুৰুত্ব লাভ কৰি আহিছে। অসমত প্ৰায় ৬ প্ৰকাৰৰ ঢোল জনপ্ৰিয় আৰু ইয়াৰে সৰহসংখ্যকেই মাজুলীত প্ৰস্তুত কৰা হয় আৰু ব্যৱহাৰো হয়।  পঢ়কঃ মাজুলীৰ সত্ৰ আৰু ৰাস মহোৎসৱ

বহাগৰ দুপৰীয়া দোকানৰ বাহিৰত প্ৰখৰ ৰ’দত বহি পদুমে গৰু-ম’হৰ ছালৰ নোমবোৰ উভালিছে যাতে সেই চামৰাৰ পৰা তবলা, নাগাৰা অথবা খোলৰ তালি প্ৰস্তুত কৰিব পৰা যায়। ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ মাজুলীত থকা ৫ খনকৈ বাদ্যযন্ত্ৰৰ দোকানৰ আটাইকেইখনেই প্ৰব্ৰজিত বঙালী সম্প্ৰদায়ৰ বাদ্যকৰ পৰিয়ালে চলাই আহিছে।

“দেউতাই কৈয়েই থাকে যে তেওঁ এইবোৰ দেখি দেখি শিকিছে আৰু ময়ো সেয়া কৰি গ’লেই হ’ল,” ২৩ বছৰীয়া যুৱকজনে কয়। তেঁও আৰু কয়, “হাতত ধৰি শিকাই নিদিয়ে। ভুল হ’লেও শুধৰাই নিদিয়ে। চাই চাই ভুলবোৰ মই নিজেই ঠিক কৰি ল’ব লাগে।”

যিটুকুৰা চামৰা পদুমে ছাফা কৰাত ব্যস্ত হৈ আছে সেয়া এটা ষাড় গৰুৰ ছালৰ। সেয়া তেওঁলোকে প্ৰায় ২০০০ টকাত কিনি আনিছে। প্ৰথমটো ঢাপত শুকান বালি বা ফুট ছাই ছালখনত থকা নোমবোৰত ঘঁহি দিয়া হয় । ইয়াৰ পিছত বটালি ব্যৱহাৰ কৰি সেয়া আঁতৰোৱা হয়।

Podum scrapes off the matted hair from an animal hide using some ash and a flat-edged chisel
PHOTO • Prakash Bhuyan

অলপ ছাঁই আৰু চেপেটা বটালিৰে পদুমে জন্তুৰ ছালৰ নোমবোৰ এৰুৱায়

পৰিস্কাৰ কৰা ছালখনৰ পৰা একতেৰা বুলি কোৱা বক্ৰাকৃতিৰ ধাৰাল ব্লেডৰ সহায়ত ঘূৰণীয়াকৈ টুকুৰাবোৰ কটা হয়। এই টুকুৰাবোৰে তালি হৈ পৰে (চামৰাৰ আৱৰণ)। “বাদ্যযন্ত্ৰৰ সৈতে তালি বান্ধিবলৈ যি ৰচী ব্যৱহাৰ কৰা হয় সেয়াও চামৰাৰ পৰাই প্ৰস্তুত কৰা হয়। সেয়া পোৱালি জন্তুৰ ছালৰ পৰা তৈয়াৰ কৰা হয় আৰু মিহি তথা নিমজ হ’লে ভাল,” পদুমে কয়।

তালিৰ মাজভাগত লগোৱা চিয়াহী বা প্ৰলেপ লোৰ গুৰি বা ঘূণ সিজোৱা চাউলৰ সৈতে মিহলাই প্ৰস্তুত কৰা হয়। “এই ঘুণ (বিশেষ প্ৰলেপ এবিধ) মেচিনত প্ৰস্তুত কৰা হয়। কমাৰশালত পোৱা লোৰ গুৰিতকৈ এয়া পৃথক আৰু বহুত মিহি। কমাৰশালত পোৱা লোৰ গুড়ি খহটা আৰু হাতত লৈ মোহাৰিলে ছাল এৰাই যোৱাৰ সম্ভাৱনা থাকে,” তেওঁ কয়।

উদীয়মান কাৰিকৰগৰাকীয়ে ক’লা ধোঁৱা বৰণীয়া ঘুণৰ গুড়ি এই প্ৰতিবেদকৰ হাতত তুলি দিয়ে। আচৰিত ধৰণে এই গুড়িখিনি পৰিমাণত কম হ’লেও গধূৰ লাগিছিল।

ঘুণ তালিত লগোৱা প্ৰক্ৰিয়াটো অতি মনোযোগ আৰু যতনেৰে কৰিবলগীয়া কাম। কাৰিকৰে সিজোৱা চাউলৰ প্ৰলেপ লগোৱাৰ আগতে ৩-৪ বাৰ তালিখন পৰিস্কাৰ কৰি লয় আৰু লগোৱাৰ পিছত সেয়া ৰ’দত শুকোৱা হয়। ভাতত থকা মাৰে তালিখন আঠালতীয়া কৰি তোলে। তালিখন সম্পূৰ্ণ শুকোৱাৰ পূৰ্বে চিয়াহীৰ এটা তৰপ লগোৱা হয় আৰু সেয়া শিলেৰে মিহিকৈ পলিচ কৰি দিয়া হয়। ২০-৩০ মিনিটৰ মূৰে মূৰে প্ৰতিটো তৰপতে এয়া তিনিবাৰকৈ কৰা হয়। তাৰপিছত ছাঁত সেয়া এঘণ্টাৰ বাবে থৈ দিয়া হয়।

“সম্পূৰ্ণ শুকোৱালৈকে আমি সেয়া ঘঁহি থাকিব লাগে। পৰম্পৰাগতভাৱে এয়া ১১ বাৰ কৰা হয়। যদিহে বতৰ ডাৱৰীয়া হয়, তেতিয়া এই গোটেইখিনি কাম কৰি শেষ হওতে এটা সপ্তাহ লাগি যায়।”

Left: The curved dao blade, two different botalis (flat-edged chisels) and a screwdriver used like an awl are some of the tools used by the craftsmen.
PHOTO • Prakash Bhuyan
Right: The powdered iron or ghun used to paint the circular section of the taali is heavier than it looks
PHOTO • Prakash Bhuyan

বাওঁফালে: দুখন বক্ৰ আকৃতিৰ দাও, দুখন ভিন্ন বটালি (চেপেটা মূৰৰ বটালি) আৰু বিন্ধনাৰ কামত ব্যৱহাৰ কৰা এডাল স্ক্ৰূ-ড্ৰাইভাৰ - এইখিনিয়েই শিল্পীগৰাকীৰ সঁজুলি। সোঁফালে: গুড়ি কৰা লো, যাক ঘুণ বুলি কোৱা হয়। তালিখনৰ ঘূৰণীয়া অংশত ৰং কৰিবলৈ এই ঘুণ ব্যৱহাৰ কৰা হয়, দেখাত পাতল যেন লাগিলেও এই ঘুণৰ ওজন আছে

Giripod and Podum cut small sheets from the hide to fit the instruments being worked on. A toolbox holds the many items necessary for preparing the leather: different types of chisels, blades, a hammer, mallet, stones and sandpaper
PHOTO • Prakash Bhuyan
Giripod and Podum cut small sheets from the hide to fit the instruments being worked on. A toolbox holds the many items necessary for preparing the leather: different types of chisels, blades, a hammer, mallet, stones and sandpaper
PHOTO • Prakash Bhuyan

গিৰিপদ আৰু পদুমে কাম কৰি থকা বাদ্যযন্ত্ৰৰ বাবে সৰু সৰু চামৰাৰ টুকুৰা কৰিছে। চামৰাৰ কাম কৰাৰ বাবে সঁজুলিৰ সৰু বাকচ এটা তেওঁলোকৰ লগত থাকে। তাত বিভিন্ন ধৰণৰ বটালি, ব্লেড, এডাল হাতুৰী, কাঠৰ হাতুৰী, শিল আৰু চিৰিচ-কাগজ থাকে

*****

চাৰিজন ভাই-ককাইৰ মাজত গিৰিপদ আছিল আটাইতকৈ সৰু আৰু ১২ বছৰ বয়সৰ পৰাই তেওঁ এই পাৰিবাৰিক ব্যৱসায়ত জড়িত হৈ পৰিছিল। তেতিয়া তেওঁ কলকাতাত বাস কৰিছিল। তেওঁৰ পিতৃ-মাতৃৰ বিয়োগ ঘটাত তেওঁৰ ওপৰতে সকলো দায়িত্ব আহি পৰে।

“এই কামটো কৰিবলৈ মোৰ ইমান এটা মন নাছিল,” তেওঁ কয়। যেতিয়া কেইবছৰমান পিছত তেওঁৰ কামটো ভাল লাগিবলৈ ধৰে তেতিয়া তেওঁ অসমলৈ অহাৰ সিদ্ধান্ত লয়। প্ৰথমতে তেওঁ ঢোল তৈয়াৰ কৰা এখন দোকানত কাম কৰিবলৈ লৈছিল। পৰৱৰ্তী সময়ত তেওঁ এটা কাঠ ফলা মিলত কেইবছৰমান কাম কৰিবলৈ লয় আৰু পিছত কাঠৰ ব্যৱসায়ত লাগে। বাৰিষাৰ সময়ত কাঠ বোজাই দি অনা ট্ৰাক পাহাৰৰ বোকাময় ৰাস্তাৰে নামি অহা সময়খিনি অতি বিপদজনক হৈ পৰে। সেই কথা মনত পেলাই তেওঁ কয়, “মোৰ চকুৰ সমুখতে বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে।”

তাৰপিছত তেওঁ আকৌ হাতৰ বিদ্যাৰ কাম আৰম্ভ কৰে আৰু যোৰহাটত ১০-১২ বছৰ ধৰি এই কামকে কৰিলে। তিনি কন্যা আৰু এগৰাকী পুত্ৰসহ তেওঁৰ তিনিওগৰাকী সন্তানে ইয়াতেই জন্ম লাভ কৰিছে। মাজতে তেওঁৰ ঢোল ঘূৰাই দিয়া-নিদিয়াক লৈ স্থানীয় যুৱকৰ দল এটাৰ সৈতে কিছু সংঘাতো হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক ভালৰ বাবে আন ঠাইত দোকান দিবলৈ পৰামৰ্শ আগবঢ়ায়।

“যিহেতু মই বঙালী সম্প্ৰদায়ৰ, গতিকে ঘটনাটো অন্যফালে গতি কৰাৰ লগতে মোৰ আৰু পৰিয়ালৰ বাকীসকলৰ জীৱনলৈকো ভাবুকি আহিব পাৰে বুলি ভয় হৈছিল। সেয়ে মই যোৰহাট এৰি মাজুলীলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো,” তেওঁ কয়। মাজুলীত একাধিক সত্ৰ থকাৰ হেতুকে তেওঁ খোলকে ধৰি একাধিক বাদ্যযন্ত্ৰৰ মেৰামতিৰ কাম পাবলৈ ধৰিছিল।

তেওঁ আৰু কয়, “এই ঠাইখিন হাবি-জংঘলেৰে আগুৰি আছিল আৰু ইমান দোকান-পোহাৰো নাছিল।” তেওঁ প্ৰথমখন দোকান দিছিল বালিচাপৰি গাঁৱত আৰু চাৰি বছৰ পিছত গড়মূৰলৈ যায়। ২০২১ চনত তেওঁৰ পৰিয়ালটোৱে বালিচাপৰিৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ নয়াবজাৰত দ্বিতীয়খন দোকান কিছু ডাঙৰকৈ আৰম্ভ কৰে।

Left: Surrounded by other musical instruments, a doba (tied with green thread) sits on the floor awaiting repairs.
PHOTO • Prakash Bhuyan
Right: Bengali khols (in blue) are made from clay and have a higher pitch than the wooden Assamese khols (taller, in the back)
PHOTO • Prakash Bhuyan

বাওঁফালে: আন বিভিন্ন বাদ্যযন্ত্ৰই আগুৰি থকা মজিয়াতে থোৱা দবা (সেউজীয়া সূতাৰে বান্ধি থোৱা)টোৱে মেৰামতিলৈ অপেক্ষা কৰিছে। সোঁফালে: বঙালী খোল (নীলা ৰঙৰটো)বোৰ মাটিৰ পৰা বনোৱা হয় আৰু কাঠৰ অসমীয়া খোলতকৈ (পিছফালে থকা ওখটো) ধ্বনিতীক্ষ্নতা অধিক

দোকানখনৰ বেৰত খোলবোৰ শাৰী শাৰীকৈ সজাই থোৱা হৈছে। পশ্চিমবংগত জনপ্ৰিয় বোকামাটিৰে তৈয়াৰ কৰা বঙালী খোল এটাত ৪০০০ টকাকৈ বা আকাৰ অনুযায়ী তাতোকৈয়ো অধিক দামত বিক্ৰী হয়। বিপৰীতে অসমীয়া খোল কাঠেৰে তৈয়াৰ কৰা হয়। ঢোলবোৰৰ দাম সাধাৰণতে ৫০০০ টকা যদিও ব্যৱহৃত কাঠৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি দাম বেছিও হয়। চামৰাৰ তালি সলোৱা আৰু পুনৰ তালি লগোৱাত কামত তেওঁ প্ৰতিগৰাকী গ্ৰাহকৰ পৰা ২৫০০ টকাকৈ আদায় লয়।

মাজুলীৰ কোনো এটা নামঘৰত ব্যৱহৃত দবা এটা দোকানখনৰ মজিয়াত ৰখা হৈছে। এয়া কেৰাচিনৰ পুৰণি ড্ৰামৰ পৰা তৈয়াৰ কৰা হৈছে। কিছুমান দবা পিতল বা এলুমিনিয়ামৰ পৰাও তৈয়াৰ কৰা হয়। “যদি গ্ৰাহকে আমাক দবাৰ খোলাটো নিজাকৈ দিবলৈ কয় আৰু তাৰ পিছত দবা বনাবলৈ কয় আমি সেয়াই কৰো। নহ’লে গ্ৰাহকে নিজেও খোলাটো লৈ আহিব পাৰে আৰু তেতিয়া আমি তাত চামৰা লগাই দিও,” পদুমে কয়। দোকানখনত থৈ দিয়া দবাটো মেৰামতিৰ বাবে দি থৈ গৈছে।

“কেতিয়াবা কেতিয়াবা আমি নিজেও সত্ৰ বা নামঘৰলৈ গৈ দবা মেৰামতি কৰি থৈ আহো,” তেওঁ আৰু কয়। “প্ৰথমদিনাখন গৈ আমি জোখ-মাখ লৈ আহো। পিছদিনা আমি চামৰা আদি লৈ গৈ সত্ৰ বা নামঘৰতে সেয়া মেৰামতি কৰি দিও। মেৰামতি কৰোতে প্ৰায় এঘণ্টামান সময় লাগে।”

চামৰাৰ কাম কৰা লোকসকল বহু পূৰ্বৰে পৰা বৈষম্যৰ বলি হৈ আহিছে। “ঢোল বজোৱা লোকসকলে আঙুলিত থু লগাই লৈ ঢোল বজায়। দমকলত ব্যৱহৃত ৱাছাৰটোও চামৰাৰে প্ৰস্তুত কৰা হয়। গতিকে জাত-পাত বিচাৰ কৰাতো যুক্তিহীন। চামৰাৰ কাম কৰা বাবেই ঘৃণা কৰাতো ভিত্তিহীন,” গিৰিপদে কয়।

পাঁচ বছৰ পূৰ্বে পৰিয়ালটোৱে নয়াবজাৰত এটুকুৰা মাটি কিনি নিজাকৈ ঘৰ সাজিছে। এই ঠাইখিনিত মিছিং, অসমীয়া, দেউৰী আৰু বঙালীকে ধৰি একাধিক সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে। এইক্ষেত্ৰত তেওঁলোক বৈষম্যৰ সন্মুখীন হয় নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গিৰিপদে কয়, “আমি হৈছো মনিদাস। ৰবিদাস সম্প্ৰদায়ৰ লোকসকলে মৃত জন্তুৰ পৰা ছাল সংগ্ৰহ কৰে আৰু তেওঁলোক বৈষম্যৰ সন্মুখীন হয়। পশ্চিমবংগত এইধৰণৰ জাত-পাতৰ সমস্যা বহুত। ইয়াত তেনে সমস্যা নাই বুলিবই পাৰি।”

*****

বাদ্যকৰসকলে কাকজান, যোৰহাট আদি ঠাইৰ মুছলমান ব্যৱসায়ীসকলৰ পৰা এটা ষাড় গৰুৰ ছাল প্ৰায় ২০০০ টকাত কিনি আনে। এই ঠাইবোৰত পোৱা ছালৰ দাম বেছি যদিও ওচৰতে থকা লখিমপুৰ জিলাত পোৱা ছালৰ তুলনাত যথেষ্ট ভাল মানৰ। “তেওঁলোকে ছালত নিমখ বেছিকৈ ব্যৱহাৰ কৰে বাবে চামৰা বেছি দিন নাযায়,” পদুমে কয়।

Procuring skins for leather has become difficult these days, craftsmen say. Rolls of leather and a set of khols awaiting repairs are stored in one corner of the shop
PHOTO • Prakash Bhuyan
Procuring skins for leather has become difficult these days, craftsmen say. Rolls of leather and a set of khols awaiting repairs are stored in one corner of the shop
PHOTO • Prakash Bhuyan

চামৰা ক্ৰয় কৰি অনাটো আজিকালি টান কাম হৈ পৰিছে, শিল্পীয়ে কয়। দোকানৰ এচুকত মেৰিয়াই জাপি থোৱা চামৰা আৰু মেৰামতিৰ বাবে থোৱা খোলবোৰ

আইন সলনি কৰা বাবে এতিয়া ছাল পোৱাটো দুৰূহ হৈ পৰিছে। অসম পশুধন সুৰক্ষা আইন, ২০২১ অনুযায়ী গো-নিধনক এক অপৰাধ হিচাপে গণ্য কৰা হৈছে। এই আইন মতে গৰুৰ বাদে আন জন্তু পঞ্জীকৃত পশু চিকিৎসা বিষয়াই ১৪ বছৰতকৈ অধিক বয়সীয়া হোৱা বা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ পৰা বুলি প্ৰমাণপত্ৰ দিলেহে বধ কৰিব পৰা যায়। ফলত ছালৰ দাম বাঢ়িছে আৰু লগে লগে নতুন বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰৰ মেৰামতিৰ দামো বৃদ্ধি পাইছে। “মানুহে দাম বাঢ়িছে বুলি আপত্তি কৰে। কিন্তু আমাৰ হাতত আন একো উপায় নাই,” পদুমে কয়।

গিৰিপদে এবাৰ কাম শেষ কৰি হাতত চামৰাৰ কাম কৰা সামগ্ৰী আৰু ধাৰাল ব্লেড লৈ ঘৰলৈ গৈ আছিল। তেতিয়াই বাটত তেওঁক এটা চেকপোষ্টত আৰক্ষীয়ে আগভেটি ধৰি প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছিল। সেইদিনটোৰ কথা উল্লেখ কৰি তেওঁৰ পুত্ৰ পদুমে কয়, “দেউতাই কি কাম কৰে সেয়া কৈছিল আৰু এঠাইত গ্ৰাহকক বাদ্যযন্ত্ৰ দি ঘৰলৈ আহি থকা বুলি কৈছিল যদিও মানি ল’বলৈ অস্বীকাৰ কৰিছিল।”

“আৰক্ষীয়ে আমাকনো ক’ত বিশ্বাস কৰিব! তেওঁলোকে ভাবিছিল যে দেউতাই গৰু মাৰিবলৈ গৈছিল,” পদুমে কয়। তেওঁ জনোৱামতে সেইদিনা ৫০০০ টকা দিয়াতহে আৰক্ষীয়ে দেউতাকক ঘৰলৈ আহিবলৈ দিছিল।

একেদৰে ঘুণৰ সৰবৰাহো অতিশয় বিপদজনক হৈ পৰে। কিয়নো এই ঘুণ বোমা তৈয়াৰ কৰাতো ব্যৱহাৰ কৰা হয়। গিৰিপদে গোলাঘাটৰ চৰকাৰী পঞ্জীয়ন থকা ডাঙৰ দোকানৰ পৰা এবাৰত এক বা দুই কিলোগ্ৰামকৈ কিনি আনে। আটাইতকৈ চমু পথটোৰে গ’লেও সেই দোকানখন পাবলৈ ১০ ঘণ্টা সময় লাগে আৰু ব্ৰহ্মপুত্ৰত ফেৰীৰে যাবলগীয়া হয়।

গিৰিপদে আৰু কয়, “যদিহে পুলিচে সেয়া লৈ গৈ থাকোতে দেখা পায় তেন্তে জেললৈ যোৱাৰো ভয় থাকে। যদিহে আমি তবলা, খোল আদিত সেয়া ব্যৱহাৰ কৰাতো দেখুৱাই দিব পাৰো আৰু তেওঁলোকে সেয়া মানি লয় তেন্তে ঠিকেই আছে। নহ’লে জেল নিশ্চিত।”

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Prakash Bhuyan

பிரகாஷ் புயன் அசாமை சேர்ந்த கவிஞரும் புகைப்படக் கலைஞரும் ஆவார். அசாமிலுள்ள மஜுலியில் கைவினை மற்றும் பண்பாடுகளை ஆவணப்படுத்தும் 2022-23ன் MMF-PARI மானியப்பணியில் இருக்கிறார்.

Other stories by Prakash Bhuyan
Editor : Swadesha Sharma

ஸ்வதேஷ ஷர்மா ஒரு ஆய்வாளரும் பாரியின் உள்ளடக்க ஆசிரியரும் ஆவார். பாரி நூலகத்துக்கான தரவுகளை மேற்பார்வையிட தன்னார்வலர்களுடன் இணைந்து பணியாற்றுகிறார்.

Other stories by Swadesha Sharma
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari