এটা সময়ত আমগছবোৰ এনেকৈ মলিছিল, ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছিল সন্তোষ হড়দংকৰৰ কোচ্চৰা গাঁৱৰ ৫০০ ডাল হাপুচ আমৰ (এলফনচ’ প্ৰজাতিৰ) বাগানখন। এতিয়া সেই মাটি অনুৰ্বৰ হৈ পৰিছে।

অনিয়মীয়া বৰষুণ আৰু উষ্ণতাৰ পৰিৱৰ্তনে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ খেতিয়কৰ বাগানবোৰত এলফনচ’ ( Mangifera indica L) প্ৰজাতিৰ আম আগৰ দৰে ডাল ভৰি ভৰি নলগা ল। লহাপুৰ আৰু চাংলিৰ বজাৰলৈ ৰপ্তানি কৰা আমৰ পৰিমাণো কমি আহিল।

“যোৱা তিনিটা বছৰ বৰ কষ্টত গ’ল। আগতে আমাৰ গাঁৱৰ পৰা ১০-১২ গাড়ীমান আম পঠাব পাৰিছিলো। এতিয়া কোনোমতে এখন গাড়ীহে ভৰ্তি হয়,” এটা দশকৰো অধিক কাল এলফনচ’ৰ খেতি কৰি অহা সন্তোষে কয়।

সিন্ধুদুৰ্গৰ ভেংগুৰ্লা ব্লকত মেনুফেক্সাৰ কৰা তিনিবিধ আটাইতকৈ গুৰুত্বপূৰ্ণ পণ্যৰ ভিতৰত এইবিধ আমো এবিধ (২০১১ৰ লোকপিয়ল অনুযায়ী)। বতৰৰ ব্যাখ্যাতীত পৰিৱৰ্তনে ব্লকটোৰ এলফনচ’ৰ খেতি এনেকৈ ক্ষতিগ্ৰস্ত কৰিছে যে আমৰ গঢ় উৎপাদনৰ এইবাৰ ১০ শতাংশও উৎপাদন হোৱা নাই, খেতিয়কজনে কয়।

“যোৱা ২-৩ টা বছৰত জলবায়ুৰ এনে পৰিৱৰ্তন ঘটিছে, ইমান লোকচানৰ সেয়াই কাৰণ,” স্বৰা হড়দংকৰে কয়। জলবায়ু পৰিৱৰ্তনৰ ফলত নতুন নতুন কীট-পতংগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে। থ্ৰিপচ আৰু জাচ্চিদচ (আমত ধৰা এবিধ পোক)য়ে উৎপাদনত অতিশয় বিৰূপ প্ৰভাৱ পেলাইছে।

কৃষি বিজ্ঞানৰ স্নাতক আৰু এজন খেতিয়ক নীলেশ পাৰৱে আমৰ ওপৰত এই পোকবিধৰ (থ্ৰিপচৰ) প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি জানিব পাৰিছে যে “বৰ্তমানৰ কোনো কীটনাশকেই এই পোকৰ ক্ষেত্রত ফলপ্ৰসু নহয়।”

উৎপাদনৰ এনেদৰে অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত, কোনো ধৰণৰ লাভৰ মুখ নেদেখা সন্তোষ আৰু স্বৰাৰ দৰে খেতিয়কে এতিয়া এই জীৱিকা নিজৰ উত্তৰ প্ৰজন্মৰ হাতত তুলি দিব খোজা নাই। “বজাৰত আমৰ দাম কম, বেপাৰীয়েও আমাক ঠগায়। ইমানখিনি কষ্ট কৰাৰ পিছতো আমাৰ হাতত অহা সামান্য পইচাখিনি কীটনাশক নামত আৰু শ্ৰমিকক দিওতে শেষ হয়,” স্বৰাই হুমুনিয়াহৰ সুৰত কয়।

তথ্যচিত্ৰখন চাওক: আমবোৰ নোহোৱা হৈ যাব নেকি?

অনুবাদ: পংকজ দাস

Jaysing Chavan

ஜெய்சிங் சவான் கொல்ஹாப்பூரைச் சேர்ந்த புகைப்படக்காரர், திரைப்பட இயக்குநர்.

Other stories by Jaysing Chavan
Text Editor : Siddhita Sonavane

சித்திதா சொனாவனே ஒரு பத்திரிகையாளரும் பாரியின் உள்ளடக்க ஆசிரியரும் ஆவார். மும்பையின் SNDT பெண்களின் பல்கலைக்கழகத்தில் 2022ம் ஆண்டு முதுகலைப் பட்டம் பெற்றவர். அங்கு ஆங்கிலத்துறையின் வருகை ஆசிரியராக பணியாற்றுகிறார்.

Other stories by Siddhita Sonavane
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das