ভৌগোলিক স্থিতিৰ বাবে ৰানত বছৰটোৰ প্ৰায়ভাগ সময়তে তাপমান সদায় বেছি, সেই দেখি তাত বৰষুণ একপ্ৰকাৰ আশীৰ্বাদ বুলি ক’ব পাৰি। তীব্ৰ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সকলোৱে বৰষুণৰ বাবে ৰৈ থাকে। যেনেদৰে নাৰী এগৰাকীৰ প্ৰাত্যাহিক জীৱনলৈ প্ৰেমৰ আগমনে অনা প্ৰশান্তিৰ বাবে অপেক্ষা কৰা যায়।
অৱশ্যে বাৰিষাৰ এই বৰষুণৰ ৰমন্যাসিকতা আৰু তাৰ দীপ্তি কেৱল কচ্ছী লোকগীততেই সীমাবদ্ধ হৈ থকা নাই। নৃত্যৰতা ময়ুৰ, ঘোৰ ক’লা মেঘ, বৰষুণ আৰু এজনী কুমলীয়া বয়সৰ যুৱতীয়ে প্ৰেমাস্পদৰ বাবে হেঁপাহেৰে ৰৈ থকাৰ চিত্ৰণ সকলোতে বিদ্যমান – কেৱল ভাৰতীয় ধ্ৰুপদী, জনপ্ৰিয় আৰু লোকসংগীতৰ ধাৰাতেই নহয়, চিত্ৰশিল্প আৰু সাহিত্যতো তাৰ প্ৰতিফলন ঘটিছে।
তথাপি আমি যেতিয়া এই সকলোবোৰ গুজৰাটী ভাষাত অঞ্জৰৰ ঘেলজী ভাইয়ে গোৱা শুনো, তেতিয়া গ্ৰীষ্মৰ প্ৰথমজাক বৰষুণৰ সেই ছবিবোৰ জীৱন্ত ৰূপত চকুৰ আগত ধৰা দিয়ে।



