কাষৰ খেতিয়কবোৰে ইডালৰ পিছত বটগছ বিক্ৰী কৰাৰ সময়ত কিন্তু এতিয়া ৬০ বছৰীয়া সুব্বাইয়াই তেওঁৰ খেতিপথাৰৰ বটগছজোপা শাখা-প্ৰশাখা মেলি বৃহৎ এজোপা হোৱালৈকে দেখিছিল। দুটা দশক আগতে সুব্বাইয়াই তেওঁৰ দুই একৰ মাটিৰ খেতিপথাৰত এইজোপা গছ লগাই সাৰ-পানী দি ডাঙৰ-দীঘল কৰিছিল। সৰু এটা পুলিৰ পৰা মহীৰূহ হৈ পৰা গছজোপাই গ্ৰীষ্মৰ দেই পোৰা ৰ’দত আশ্ৰয় দিছিল।
এতিয়া সেইজোপা গছ সুব্বাইয়াই মাত্ৰ ৮ হাজাৰ টকাত বিক্ৰী কৰিবলগীয়া হৈছে। পত্নীৰ চিকিৎসাৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হ’ল খেতিয়কজনে। দুটা বছৰ আগৰ কথা, গৌৰী-গণেশা হাব্বা (কৰ্ণাটকৰ স্থানীয় উৎসৱ)লৈ পোন্ধৰ দিনমান থাকোতে সুব্বাইয়াৰ পত্নী ৫৬ বছৰ বৰ্ষীয় মহাদেৱাম্মাই ছাগলী চৰাবলৈ নিওতে শিলত পিচল খাই পৰে। পৰি তেওঁৰ নিতম্বৰ হাড় ভাগি যায়।
“জাকটোৰ পৰা আঁতৰি যোৱা ছাগলী পোৱালী এটাৰ পিছে পিছে খেদি গৈছিলো, শিলটো নেদেখিলো। পৰাৰ পিছত মই উঠিব পৰা নাছিলো,” সেই ভয়াৱহ দিনটোৰ কথা সুঁৱৰি মহাদেৱাম্মাই কয়। “প্ৰচণ্ড বিষ উঠিছিল। ধন্যবাদ যে ৰাস্তাৰ মানুহে মোক দেখা পালে আৰু ঘৰলৈ অহাত সহায় কৰিলে।”
কোনোমতে জোৰা-টাপলি মাৰি চলা পৰিয়ালটোক এই ঘটনাই জোকাৰি পেলালে।










