৮২ বছৰীয়া জীৱনত আৰিফাই সকলো দেখিছে। তেওঁৰ আধাৰ কাৰ্ডৰ মতে ১৯৩৮ৰ ১ জানুৱাৰীত আৰিফাৰ জন্ম হৈছিল। জন্মৰ তাৰিখটো শুদ্ধ হয় নে নহয়, আৰিফাই নাজানে। কিন্তু তেওঁৰ মনত আছে যে ১৬ বছৰমান বয়সত তেওঁ ২০ বছৰীয়া ৰিজৱান খানৰ দ্বিতীয় পত্নী হয় আৰু হাৰিয়ানাৰ নুহ জিলাৰ বিৱান গাঁৱলৈ আহে। ‘মোৰ ডাঙৰ বাইদেউ (ৰিজৱানৰ প্ৰথমা পত্নী) ছটা সন্তানৰ সৈতে দেশ বিভাজনৰ সময়ত পদপৃষ্ট হৈ মৃত্যু হোৱাৰ পিছত মোৰ মাতৃয়ে মোক ৰিজৱানৰ সৈতে বিবাহপাশত আৱদ্ধ কৰোৱায়,’ আৰিফাই (প্ৰকৃত নাম নহয়) মনত পেলালে।
পাকিস্তানলৈ নাযাবলৈ মেও মুছলমানসকলক আহ্বান জনাবলৈ মেৱাটৰ এখন গাঁৱলৈ মহাত্মা গান্ধী অহাৰ সময়ৰ অস্পষ্ট স্মৃতি তেওঁৰ এতিয়াও আছে। হাৰিয়ানাৰ মেও মুছলমান সম্প্ৰদায়ে নহুৰ ঘাছেৰা গাঁৱলৈ মহাত্মা গান্ধী অহাৰ ১৯ ডিচেম্বৰৰ দিনটোক ‘মেৱাট দিৱস’ৰূপে উদযাপন কৰে। (২০০৬ৰ আগলৈকে নুহক মেৱাট বুলি কোৱা হৈছিল)।
কাষত বহাই লৈ মাতৃয়ে ৰিজৱানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কাৰণ ব্যাখ্যা কৰাৰ স্মৃতি আৰিফাৰ হুবহু মনত আছে। ‘মাতৃয়ে মোক কৈছিল, সি সকলো হেৰুৱালে। তাৰ পিছত মায়ে মোক তেওঁলৈ বিয়া দিলে,’ আৰিফাই কয়। নিজৰ গাওঁ ৰেঠোৰাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ বিৱান তেওঁৰ ঘৰ হৈ পৰাৰ কথা তেওঁ মনত পেলায়। দুয়োখন গাওঁ একেখন জিলাত আছে আৰু দেশৰ উন্নয়নৰ দুখজনক অৱস্থাৰ সূচক স্বৰূপ।
হাৰিয়ানা আৰু ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলত থকা আৰাৱলী পৰ্বতৰ পাদদেশত দেশৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত ফিৰোজপুৰ ঝিৰ্কা উন্নয়ন খণ্ডত বিৱান অৱস্থিত। দেশৰ জনমূৰি উপাৰ্জনৰ স্থানত থকা বিত্তীয় আৰু ঔদ্যোগিক কেন্দ্ৰস্থল দক্ষিণ হাৰিয়ানাৰ গুৰুগ্ৰামৰ মাজেৰে দেশৰ আটাইতকৈ পিছপৰা ৪৫তম জিলাখনলৈ দিল্লীৰ পৰা নুহ সংলগ্ন পথেৰে আপুনি আহিব লাগিব। সেউজীয়া পথাৰ, অনুৰ্ব্বৰ পাহাৰ, পিছপৰা আন্তঃগাঁথনি আৰু পানীৰ নাটনি আৰিফাৰ দৰে বহুতৰ দৈনন্দিন জীৱন।
হাৰিয়ানাৰ এই অঞ্চল আৰু ৰাজস্থানৰ কিছুমান অঞ্চলত মেও মুছলমান সম্প্ৰদায়ে বসবাস কৰে। নুহ জিলাৰ মুঠ জনসংখ্যাৰ ৭৯.২ শতাংশ মুছলমান ( ২০১১ৰ লোকপিয়ল )।
বিৱানৰ পৰা খোজকাঢ়ি যাব পৰা দূৰত্বৰ শিল, বালি আৰু চিলিকা খনিত আৰিফাৰ স্বামী ৰিজৱানে যেতিয়া ১৯৭০ৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰে পৰা আৰিফাৰ পৃথিৱীখন পাহাৰৰ পৰিধিৰ মাজত সীমাবদ্ধ হৈ পৰিছিল আৰু পানী অনা তেওঁৰ প্ৰধান কাম আছিল। ২২ বছৰৰ আগতে ৰিজৱানৰ যেতিয়া মৃত্যু হয়, তাৰ পিছত নিজৰ আৰু তেওঁৰ আঠটা সন্তানৰ বাবে উপাৰ্জন কৰিবলৈ আৰিফাই খেতি পথাৰত কাম কৰিবলৈ আৰম্ভ কৰে। দৈনিক ১০ৰ পৰা ২০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। ‘আমাৰ মানুহে কয়, যিমান পাৰা সিমান সন্তান জন্ম দিয়া, আল্লাই সিহঁতৰ লালন-পালন কৰিব,’ তেওঁ কয়।
তেওঁৰ চাৰিগৰাকী জীয়ৰীৰ বিয়া হৈ গৈছে আৰু বেলেগ বেলেগ গাঁৱত থাকে। চাৰিজন পুত্ৰ নিজৰ পৰিয়াল লৈ ওচৰতে থাকে। তিনিজন খেতিয়ক, এজন ব্যক্তিগত কোম্পানী এটাত কাম কৰে। আৰিফাই এটা কোঠাৰ ঘৰটোত অকলে থাকি ভাল পায়। তেওঁৰ বৰ পুত্ৰৰ ১২ টা সন্তান। আৰিফাই কয় যে তেওঁৰ দৰে তেওঁৰ কোনো এগৰাকী বোৱাৰীয়ে জন্মনিৰোধক ব্যৱহাৰ নকৰে। ‘১২ টা সন্তান জন্ম দিয়াৰ পিছত নিজেই বন্ধ হৈ গ’ল।’ তেওঁ কয়। ‘আমাৰ ধৰ্মত জন্ম নিৰোধকৰ ব্যৱহাৰ পাপৰূপে গণ্য কৰা হয়।’
বৃদ্ধ বয়সৰ বাবে ৰিজৱানৰ মৃত্যু হোৱাৰ সমসাময়িকভাৱে বহুতো মহিলাই যক্ষ্মাৰোগৰ বাবে নিজৰ স্বামীক হেৰুৱাবলগা হৈছিল। বিৱানৰ ৯৫৭ জন বাসিন্দা যক্ষ্মাৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তেওঁলোকৰ ভিতৰতে বাহাৰৰ স্বামী ডানিছো এজন (প্ৰকৃত নাম নহয়)। বিৱানৰ যিটো ঘৰত তেওঁ ৪০ বছৰ ধৰি বাস কৰি আহিছে, তেওঁ দেখে যে ২০১৪ত যক্ষ্মাৰোগৰ বাবে তেওঁ স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছিল। ‘তেওঁৰ বুকুৰ বিষ হয় আৰু প্ৰায়ে কাহোতে তেজ ওলাইছিল,’ বাহাৰে কয়। বৰ্তমান প্ৰায় ৬০ বছৰ বয়সীয়া বাহাৰ ওচৰৰে এটা ঘৰত থাকে। সেই বছৰ সকলোৱে যক্ষ্মাৰোগৰ বাবে নিজৰ স্বামীসকলক হেৰুৱাইছিল। ‘সকলো মানুহে এয়া নিজৰ ভাগ্যৰ ফল বুলি কয়। কিন্তু আমি পাহাৰৰ বাবেই এনে হোৱা বুলি ভাবো। এই পাহাৰবিলাকে আমাক ধ্বংস কৰিলে।’
(ফৰিদাবাদ আৰু নিকটৱৰ্তী অঞ্চলত সংঘটিত ধ্বংসকাৰ্যৰ বাবে ২০০২ত উচ্চতম ন্যায়ালয়ে সকলো ধৰণৰ খননকাৰ্য হাৰিয়ানাত নিষিদ্ধ কৰিছিল। পাৰিপাৰ্শ্বিক ধ্বংসৰ বাবেই উচ্চতম ন্য়ায়ালয়ে এয়া নিষিদ্ধকৰণৰ নিৰ্দেশ দিছিল। ইয়াত যক্ষ্মাৰোগৰ কথা উল্লেখ কৰা নাই। মাত্ৰ দুই এটা নগণ্য ঘটনাৰ বৰ্ণনা আৰু প্ৰতিবেদনৰ কিছু অংশৰ মাজত সংযোগ দেখা যায়।)
নুহ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা ৭ কিলোমিটাৰ নিলগৰ বিৱানৰ চিকিৎসা কেন্দ্ৰৰ কৰ্মচাৰী পৱন কুমাৰে ২০১৯ৰ যক্ষ্মাৰোগত মৃত্যু হোৱা লোকৰ তথ্য আমাক দেখুৱায়। তাৰ ভিতৰত ৪৫ বছৰীয়া ৱাইজৰ তথ্যও আছে। চিকিৎসালয়ৰ ৰেকৰ্ড অনুসৰি বিৱানৰ আন ৭ জন লোক যক্ষ্মাৰোগত আক্ৰান্ত হৈছে। ‘হয়তো যক্ষ্মাত আক্ৰান্ত লোকৰ সংখ্যা অধিক হ’ব পাৰে, কাৰণ সকলো লোক পি.এইচ.চি.লৈ নাহে,’ কুমাৰে কয়।
৪০ বছৰীয়া ফাইজাৰ (প্ৰকৃত নাম নহয়) ৱাইজ বিবাহপাশত আৱদ্ধ হৈছিল। ‘নৌগানৱাত কাম পোৱা নাছিল।’ ৰাজস্থানৰ ভৰতপুৰ জিলাৰ নিজৰ গাঁৱৰ কথা তেওঁ আমাক কয়। ‘খনিত কাম পাই মোৰ স্বামী বিৱানলৈ গ’ল। এবছৰৰ পিছত ময়ো গ’লো, তাৰ পিছত ইয়াতে আমাৰ ঘৰ নিৰ্মাণ কৰিলো।’ ফাইজাই ১২ টা সন্তান জন্ম দিলে। চাৰিটা সন্তান অকাল প্ৰসৱৰ ফলত মৃত্যুমুখত পৰে। ’এটা কোনো মতে বহিব পৰা হ’লেই মই পিছৰ সন্তানটো জন্ম দিও।’ তেওঁ কয়।
মাহে পেঞ্চনৰ বাবদ পোৱা ১৮০০ টকাৰে বৰ্তমান আৰিফা আৰু তেওঁ চলি আছে। কাম কেতিয়াবা পোৱা হয়। ‘আমি কাম বিচাৰি গ’লে কয়, তহঁত বৰ নিশকতীয়া। সিহঁতে কয় ইয়াৰ ওজন ৪০ কিলোগ্ৰাম, কেনেকৈ দাঙি ল’ব পাৰিবি?’ সাধাৰণতে তেওঁলোকক মালিকবিলাকে কোৱাৰ সুৰতে ৬৬ বছৰ বয়সীয়া বিধবা হাদিয়াহে (প্ৰকৃত নাম নহয়) আমাক কয়। সেই বাবে পেঞ্চনৰ প্ৰতিটো টকা অতি হিচাপ কৰি খৰছ কৰা হয়। অতি প্ৰয়োজনীয় চিকিৎসাৰ বাবে নুহৰ স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ অটোৰিক্সাত ১০ টকা লাগে, কিন্তু ১০ টকা বচাবলৈ স্বাস্থ্যকেন্দ্ৰলৈ খোজকাঢ়ি অহা-যোৱা কৰা হয়। ‘চিকিৎসকৰ ওচৰলৈ যাব লগা আমি সকলো বৃদ্ধলোক গোট খাও। তাৰ পিছত খোজ কাঢ়ি যাও। গৈ থাকোতে বাটত আমি কেইবাবাৰো বহি জিৰণি লও আৰু তাৰ পিছত আকৌ খোজ কাঢ়ো। অহা-যোৱা কৰোতে গোটেই দিনটো লাগে,’ হাদিয়াই কয়।
শৈশৱত হাদিয়া কেতিয়াও স্কুললৈ যোৱা নাছিল। হাৰিয়ানাৰ সোণেপটৰ পথাৰত কাম কৰা মাতৃয়ে তেওঁলোকক সকলো শিক্ষা দিছিল, তেওঁ কয়। ১৫ বছৰ বয়সত ফাহিদৰ লগত তেওঁৰ বিয়া হৈছিল। আৰাৱলী পাহাৰৰ খনিত ফাহিদে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া সেই সময়ত শাহুৱেকৰ হাতত এখন খন্তি দি হাদিয়াক পথাৰত বন চাফা কৰা কামত লগালে।
২০০৫ত যক্ষ্মাৰোগত ফাহিদৰ মৃত্যুৰ পিছত হাদিয়াৰ কাম হ’ল কেৱল পথাৰত কাম কৰা, ঋণ লোৱা, ঋণ পৰিশোধ কৰা। ‘দিনটো পথাৰত কাম কৰিবলৈ মই অভ্যস্ত হৈ পৰিলো। নিশা সন্তানকেইটাক চোৱাচিতা কৰো। মোৰ জীৱটো সন্যাসিনীৰ দৰে হৈ পৰিল।’ তেওঁ কয়।
‘বিয়াৰ এবছৰৰ ভিতৰত মই এজনী ছোৱালী জন্ম দিছিলো। পিছৰ সন্তানকেইটা আমাৰ আগৰ ভাল দিনবোৰত দুই-তিনি বছৰৰ মূৰে মূৰে জন্ম দিছিলো।’ চাৰিটা ল’ৰা আৰু চাৰিজনী ছোৱালীৰ মাতৃ হাদিয়াই তেওঁলোকৰ দিনত সন্তান জন্মৰ ক্ষেত্ৰত আৰু প্ৰজনন সংক্ৰান্ত সজাগতাৰ অভাৱৰ প্ৰসংগ উত্থাপন কৰি কয়।
নুহৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা বিষয়া গোবিন্দ শৰণেও আগৰ সময়ত কথা কয়। ৩০ বছৰৰ আগতে যেতিয়া তেওঁ স্বাস্থ্যকেন্দ্ৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল, সেই দিনবোৰত মানুহে পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় আলোচনা কৰিবলৈ ভাল নাপাইছিল। এতিয়া সেইটো একমাত্ৰ বিষয় নহয়। ‘আগতে পৰিয়াল পৰিকল্পনাৰ কথা ক’লেই মানুহৰ খং উঠিছিল। এতিয়া মেও সম্প্ৰদায়ৰ মাজত কপাৰ-টিৰ ব্যৱহাৰৰ সিদ্ধান্ত বহুতো দম্পতীয়ে লৈছে। কিন্তু পৰিয়ালৰ জ্যেষ্ঠসকলক তেওঁলোকে এই বিষয়ে জনাব নিবিচাৰে। মহিলাসকলে প্ৰায়ে আমাক অনুৰোধ কৰে যে শাহুৱেকহঁতক ক’ব নালাগে,’ শৰণে কয়।
নুহ জিলা (গ্ৰাম্য)ত পৰিয়াল পৰিকল্পনাৰ যিকোনো পদ্ধতি ১৫-৪৯ বছৰৰ মাজৰ সাম্প্ৰতিক সময়ত বিবাহপাশত আৱদ্ধ মহিলাৰ মাত্ৰ ১৩.৫ শতাংশই অৱলম্বন কৰিছে বুলি ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬)ত কোৱা হৈছে। হাৰিয়ানা ৰাজ্যৰ প্ৰজনন সক্ষমতাৰ হাৰ ২.১ ৰ তুলনাত নুহ জিলাৰ মুঠ প্ৰজনন সক্ষমতাৰ হাৰ (টি.এফ.আৰ.) ৪.৯ (লোকপিয়ল ২০১১)। নুহ জিলাৰ গ্ৰামাঞ্চলৰ ১৫-৪৯ বছৰৰ মাজৰ মাত্ৰ ৩৩.৬ শতাংশ সাক্ষৰ, ২০-২৪ বছৰৰ বয়সৰ মাজৰ প্ৰায় ৪০ শতাংশ মহিলা ১৮ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হয়। মাত্ৰ ৩৬.৭ শতাংশ মহিলাই চিকিৎসালয় বা চিকিৎসাকৰ্মীৰ সহায় সন্তান জন্ম দিয়ে।
নুহ জিলাৰ গাওঁ অঞ্চলৰ ১.২ শতাংশ মহিলাই মাথোন কপাৰ-টিৰ নিচিনা জন্মনিৰোধক ব্যৱহাৰ কৰে। ইয়াৰ এটা কাৰণ হ’ল যে কপাৰ-টিৰ দৰে বস্তু শৰীৰত স্থাপন কৰা বাহিৰা বস্তু বুলি ভাবে। ‘এনেধৰণৰ বস্তু শৰীৰত সংস্থাপন কৰা কাৰ্য তেওঁলোকৰ ধৰ্মীয় ৰীতি-নীতিৰ পৰিপন্থী বুলি বহুতে প্ৰায়ে কয়।’ নুহ স্বাস্থ্যকেন্দ্ৰৰ এ.এন.এম. (সহায়ক নাৰ্ছ মিডৱাইফ) সুনীতা দেৱীয়ে কয়।
তথাপিও ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (এন.এফ.এইচ.এছ.-৪)য়ে সফলতা লাভ নকৰা পৰিয়াল পৰিকল্পনালৈ এনেদৰে আঙুলিয়াইছে- মহিলাসকলে জন্ম নিৰোধক ব্যৱহাৰ নকৰিলেও পৰৱৰ্তী সন্তান জন্ম স্থগিত কৰিব বিচাৰে (সীমিত কৰি)- গ্ৰামাঞ্চলত এনে ইচ্ছুক মহিলাৰ হাৰ যথেষ্ট আশাব্যঞ্জক অৰ্থাৎ ২৯.৪ শতাংশ।
‘মুছলমান সংখ্যাগৰিষ্ঠ নুহ জিলাৰ আৰ্থ-সামাজিক কাৰণতে পৰিয়াল পৰিকল্পনাৰ পদ্ধতি অৱলম্বন কৰাৰ প্ৰতি আগ্ৰহ দেখা নাযায়। সেয়ে সফলতা লাভ নকৰা এই পৰিকল্পনাৰ প্ৰয়োজন এই অঞ্চলত যথেষ্ট বেছি। সাংস্কৃতিক ৰীতি-নীতিৰ নিশ্চয় ভূমিকা আছে। তেওঁলোকে আমাক কয়, ‘সন্তান ভগৱানৰ দান,’ পৰিয়াল কল্যাণৰ চিকিৎসা বিষয়া ডা. ৰুচিয়ে আমাক কয়। তেওঁ নিজৰ নামৰ প্ৰথম শব্দটো ব্যৱহাৰ কৰে)। ‘স্বামীয়ে যদি সহযোগিতা কৰে আৰু সংগ্ৰহ কৰি দিয়ে, তেতিয়া পত্নীৰে নিয়মীয়াকৈ পিল খাব। কপাৰ-টিৰ ক্ষেত্ৰত ওলাই থকা সূতাই গুপুত কথা সদৰি কৰি দিয়ে। যিকি নহওক, বেজীৰে ল’ব পৰা জন্মনিৰোধক ‘অন্তৰা’ আৰম্ভ হোৱাত পৰিস্থিতি অলপ ভালকৈ আহিছে। এই নিৰ্দিষ্ট জন্মনিৰোধক ব্যৱহাৰ কৰোতে পুৰুষৰ হস্তক্ষেপ নাথাকে। এগৰাকী মহিলা চিকিসাৎকেন্দ্ৰলৈ গৈ নিজৰ ঔষধৰ পালি ল’ব পাৰে।
বেজীৰ দ্বাৰা ল’ব পৰা ‘অন্তৰা’ জন্ম নিৰোধক ঔষধৰ এপালিয়ে তিনিমাহলৈ সুৰক্ষিত কৰে, সম্প্ৰতি হাৰিয়ানাত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, উল্লেখ্য যে ২০১৭ত বেজীৰ দ্বাৰা ল’বপৰা জন্মনিৰোধক ব্যৱহাৰ কৰা হাৰিয়ানা দেশৰ প্ৰথম ৰাজ্য। তেতিয়াৰ পৰা ১৬,০০০ মহিলাই এয়া ব্যৱহাৰ কৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন মতে, স্বাস্থ্যবিভাগে ২০১৮-১৯ বৰ্ষৰ বাবে ১৮,০০০ লক্ষ্য স্থিৰ কৰিছিল আৰু ইয়াৰে ৯২.৩ শতাংশৰ ক্ষেত্ৰত কাৰ্যকৰী কৰে।
বেজীৰে লোৱা জন্ম নিৰোধকে ধৰ্মীয় নিষিদ্ধকৰণৰ উদ্বেগৰ সমস্যা বহুলাংশে সমাধান কৰিব পাৰিছে, আন কিছুমান কাৰকেও পৰিয়াল পৰিকল্পনা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, বিশেষকৈ সংখ্যালঘূ সম্প্ৰদায়ৰ মাজত এনে অসুবিধা আছে। সমীক্ষাৰ পৰা দেখা গৈছে যে স্বাস্থ্যকেন্দ্ৰত বহুসময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া সমস্যায়ো মহিলাসকলৰ জন্মনিৰোধ সম্পৰ্কীয় পৰামৰ্শ লোৱাৰ বাবে আগ্ৰহ স্তিমিত কৰে।
বিভিন্ন সম্প্ৰদায়ৰ মহিলা সম্পৰ্কে থকা পূৰ্বধাৰণাৰ ওপৰত ভিত্তি কৰি স্বাস্থ্যসেৱাৰ ধৰ্মভিত্তিক বৈষম্য উদঘাটন কৰিবলৈ চি.এইচ.এ.টি. (স্বাস্থ্য আৰু ইয়াৰ লগত সংযুক্ত বিষয় সম্পৰ্কে অনুসন্ধান কেন্দ্ৰ)ই ২০১৩ত চলোৱা এক সমীক্ষা ত দেখা গৈছিল; যে শ্ৰেণীভিত্তিত সকলো মহিলাৰ ওপৰত বৈষম্য বৰ্তি আছে, পৰিয়াল পৰিকল্পনা সম্পৰ্কে বিশেষকৈ তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ ক্ষেত্ৰত মুছলমান মহিলাৰ বহুতো অভিজ্ঞতা আছে, তেওঁলোকৰ সম্প্ৰদায় সম্পৰ্কে নেতিবাচক মন্তব্য তথা প্ৰসৱকক্ষত উচ্চাত্মিকতাৰে কৰা আচৰণ আদিৰ অভিজ্ঞতা মুছলমান মহিলাৰ আছে।চেহত (চি.ই.এইচ.এ.টি.)ৰ সমন্বয়ক সংগীতা ৰেগেয়ে কয়, ‘উদ্বেগৰ বিষয় এয়ে যে জন্ম নিৰোধক ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্ন পচন্দৰ পদ্ধতি চৰকাৰী আঁচনিত থকা বুলি গৰ্ববোধ কৰিলেও স্বাস্থ্যসেৱকসকলে সাধাৰণভাৱে সকলো মহিলাৰ ক্ষেত্ৰত এই সিদ্ধান্ত লয়। মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে মুখামুখি হোৱা বাধা উপলব্ধি কৰাৰ প্ৰয়োজন আছে আৰু তেওঁলোকৰ পচন্দৰ জন্মনিৰোধক সম্পৰ্কে আলোচনা কৰাৰ দৰকাৰ আছে।’
নুহ জিলাত পৰিয়াল পৰিকল্পনাৰ অতিকৈ প্ৰয়োজন থকা স্বত্ত্বেও এন.এফ.এইচ.এছ.-৪ (২০১৫-১৬)য়ে নিৰ্দেশিত কৰিছে যে ৭.৩ গ্ৰাম্য মহিলা, যি কেতিয়াও জন্মনিৰোধক ব্যৱহাৰ কৰা নাছিল যদিও স্বাস্থ্যকৰ্মীয়ে পৰিয়াল পৰিকল্পনা সম্পৰ্কে তেওঁলোকক অনুৰোধ জনাইছে।
বিগত ১০ বছৰ ধৰি বিৱানত কাম কৰি থকা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা) ২৮ বছৰীয়া সুমনে কয় যে পৰিয়াল পৰিকল্পনা সম্পৰ্কে নিজৰ মন ঠিৰাং কৰিবলৈ তেওঁ প্ৰায়ে মহিলাসকলৰ ওপৰত এৰি দিয়ে আৰু তাৰ পিছত তেওঁলোকৰ সিদ্ধান্ত সম্পৰ্কে তেওঁ অৱগত হয়। অঞ্চলটোৰ জৰাজীৰ্ণ আন্তঃগাঠনি স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ডাঙৰ বাধা বুলি সুমনে কয়। ইয়াৰ ফলত সকলো মহিলা ক্ষতিগ্ৰস্ত হৈছেঃ বয়স্কসকল অধিক ক্ষতিগ্ৰস্ত হৈছে।
‘নুহৰ স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ এখন অটোৰিক্সাৰ বাবে আমি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিব লাগে। যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ বাবে এগৰাকী মহিলাক মান্তি কৰোৱা কঠিন কাম। কেৱল পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰতে নহয়, খোজকাঢ়ি যোৱাটো তেওঁলোকে ক্লান্তিকৰ বুলি ভাৱে। আচলতে মই একেবাৰে অসহায় হৈ পৰিছো।’
দশক দশক ধৰি একে অৱস্থা চলি আছে। ৪০ বছৰ ধৰি তেওঁ বাস কৰা এই গাওঁখনৰ কোনো পৰিৱৰ্তন দেখা নাই বুলি বাহাৰে কয়। অকালত প্ৰসৱ হোৱাৰ বাবে তেওঁৰ সাতটা সন্তানৰ মৃত্যু হৈছে। ইয়াৰ মাজতে ছটা জীয়াই আছে। ‘সেই সময়ত ইয়াতে কোনো চিকিৎসালয় নাছিল। এতিয়াও আমাৰ গাঁৱত কোনো স্বাস্থ্যকেন্দ্ৰ নাই।’ তেওঁ কয়।
প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস