পাৰিৰ এই প্ৰতিবেদন ২০১৯ৰ পৰিৱেশ বিষয়ক সাংবাদিকতা শিতানত ৰামনাথ গোৱেংকা পুৰস্কাৰপ্ৰাপ্ত পাৰিৰ জলবায়ু পৰিৱৰ্তন বিষয়ক শৃংখলৰ এটা অংশ।
ডজোমো আমাৰ খুবেই প্ৰিয়, পশ্চিম কামেং জিলাৰ লগাম গাঁৱৰ ৩৫ বৰ্ষীয় যাযাবৰ গৰখীয়া পেম্পা চুৰিঙে কয়।
ডজোমো? ই কি বস্তু? তাতে আকৌ অৰুণাচল প্ৰদেশৰ ৯ হাজাৰ ফুট আৰু তাতোকৈ উচ্চতাৰ পৰ্বতাঞ্চলত কিহে তাক জনপ্ৰিয় কৰে?
ডজোমো হৈছে মেথোন আৰু কোট নামে পৰ্বতাঞ্চলৰ মহৰ সংকৰ প্ৰজাতি। তাৰেই মতা সংকৰ জন্তু ডোজো-ক বন্ধ্যা কৰোৱা হয়, সেয়ে গৰখীয়াই মাইকী ডজোমো ভাল পায়। এয়া নতুন কোনো প্ৰজাতি নহয় যদিও অৰ্ধ-যাযাবৰ গাঁৱলীয়া জনগোষ্ঠী ব্ৰোকপাই এনে সংকৰ পশু নিজৰ চৰণীয়া জাকত বেছিকৈ ৰাখিবলৈ লৈছে, যাতে পূৱ হিমালয়ৰ পৰিৱৰ্তিত জলবায়ুৰ সৈতে অভিযোজন কৰিব পাৰে।
পেম্পাৰ ৪৫ টা পশু আছে, তাতে মেথোন আৰু ডজোমোও আছে। গৰখীয়াই কোৱা মতে মেথোন-মহৰ সংকৰ প্ৰজাতিয়ে কম উচ্চতা আৰু বৰ্দ্ধিত উষ্ণতাৰ সৈতে মোকাবিলা কৰিব পাৰে।
এনে ওখ ঠাইৰ চৰণীয়া পথাৰত উষ্ণতা বা ‘উত্তাপ’ দুয়োটাই বাস্তৱত উপলব্ধি কৰিব পাৰি। ইয়াত ৩২ ডিগ্ৰী ছেলচিয়াছৰ দিন নাই। কিন্তু কথাটো হৈছে মেথোনে -৩৫ ডিগ্ৰী ছেলচিয়াছো সহিব পাৰে, কিন্তু তাপমান যদি ১২ বা ১৩ ডিগ্ৰী পাৰ হৈ যায়, তেতিয়াই কষ্ট পাবলৈ ধৰে। আচলতে, মেথোন বুলিয়েই নহয়, জলবায়ুৰ পৰিৱৰ্তন ঘটিলে সমগ্ৰ পৰিস্থিতিতন্ত্ৰই অভিযোজনৰ আখৰা কৰিবলৈ বাধ্য হয়। এনে পৰিৱৰ্তন হিমালয় পৰ্বতমালাত শেহতীয়াকৈ উদ্ভৱ হৈছে।
মনপা জনগোষ্ঠীৰ (২০১১ৰ লোকপিয়ল মতে অৰুণাচলত জনসংখ্যা ৬০ হাজাৰ) অন্তৰ্গত উপ-জনগোষ্ঠী ব্ৰোকপা গৰখীয়াই শতিকা জুৰি মেথোন পালি আহিছে। পাহাৰৰ উচ্চ পাহাৰীয়া এলেকাত থকা চৰণীয়া পথাৰত তেওঁলোকে মেতোন চৰায়। হাড় কঁপোৱা জাৰৰ দিনত তেওঁলোক পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত থাকে আৰু গ্ৰীষ্মকালত ওখ পৰ্বতীয়া এলেকাত উঠে, ৯ হাজাৰৰ পৰা ১৫ হাজাৰ ফুট উচ্চতালৈ।
লাডাখৰ চাংথাং উপত্যকাৰ চাংপাসকলৰ দৰে ব্ৰোকপাসকলেও জলবায়ুৰ সঘন তাৰতম্যৰ চিকাৰ হৈছে। শতিকাজুৰি তেওঁলোকে মেথোন, গৰু-মহ, ছাগলী আৰু ভেড়া আদি পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু মেথোনৰ ক্ষেত্ৰত তেওঁলোক অৰ্থনৈতিক, সামাজিক আনকি আধ্যাত্মিক স্তৰতো জড়িত। এই সম্পৰ্কতে এতিয়া ঘূণে ধৰিছে।
‘মেথোনে গৰমৰ কাৰণে ফেব্ৰুৱাৰীৰ আৰম্ভণি ভাগৰে পৰা অৱসাদ অনুভৱ কৰিবলৈ লয়,’ চন্দৰ গাঁৱৰ এগৰাকী যাযাবৰী মহিলা লেকি চুজুকে কয়। মে’ মাহত পশ্চিম কামেঙৰ ডিৰাঙলৈ মোৰ যাত্ৰাকালত মই তেওঁলোকৰ ঘৰতে আছিলোঁ। ‘যোৱা কিছু বছৰত গ্ৰীষ্মৰ দিন বাঢ়িছে, উষ্ণতাও বাঢ়িছে। মেথোনবোৰ দূৰ্বল হৈ গৈছে,’ চল্লিশোৰ্ধৰ লেকীয়ে কয়।

