ফাঁটবোৰৰ কথা সকলো মাধ্যমতে দেখা গ’ল। প্ৰতি দিনেই তাই পঢ়ে চামলি জিলাৰ পাহাৰৰ চূড়াত অৱস্থিত তাইৰ ডুবন্ত চহৰখনৰ সাম্প্ৰতিকতম তথ্য সংযোজিত এটা নতুন কাহিনী। গণ মাধ্যমৰ মানুহবোৰে সেই ফাঁটবোৰ চাবলৈ গাৱঁলৈ আৰু চহৰবোৰত হোৱা প্ৰতিবাদবোৰ চাবলৈ গৈয়েই থাকে। যোৱা সপ্তাহত মানুহে তাইক ঘৰ এৰি যাবলৈ কওঁতেও ঘৰটো এৰি তাই নগ’ল। সিহঁতে তাইক গুৰিয়াই-লথিয়াই উলিয়াওক! ভয় নকৰে তাই।

তাই ভাবিলে, সেই ফাঁটবোৰ গাওঁবোৰৰ মাজেদি সুৰংগৰে বাট উলিয়াই অহা এটা অদ্ভূত লালসাৰ আগলি বতৰাতকৈয়ো ডাঙৰ কিবা এটা। পৰ্বতখন অধিকাৰ কৰা নতুন প্ৰকল্প আৰু বাট-পথবোৰেই যে কেৱল আগ্ৰাসন, তেনে নহয়। তাতোকৈ বহু গভীৰ কিবা এটা, সেইটোৱেই পৃথিৱীৰ সমস্যা। বিভাজন ইতিমধ্যে হৈছেই। পাহাৰৰ লতাত ওলমি থকা নতুন সপোন এটা খেদি খেদি সিহঁতে প্ৰকৃতিৰ পৰা নিজকে আঁতৰাই আনিছে, আঁতৰাই আনিছে সৃষ্টিকৰ্তা দেৱতাৰ পৰাও। লতাডাল যদিওবা যাদুকৰী আছিল, সেই বিভ্ৰমৰ সন্ধানৰ বাবে দায়ী কোন?

প্ৰতিষ্ঠা পাণ্ড্যাই কবিতাটো ইংৰাজীত কৰা আবৃত্তি শুনক

PHOTO • Labani Jangi

ফাঁটবোৰ

এইবোৰ এদিনতে হোৱা নাছিল।
মিহি, চুলিৰ দৰে ফাঁটবোৰ
লুকাই আছিল,
তাইৰ প্ৰথমে পক ধৰা চুলি কেইডাল
অথবা তাইৰ চকুৰ তলৰ আঁচ কেইডালৰ দৰে।

গাওঁ, পাহাৰ, অৰণ্য আৰু নদীৰ মাজত
দূৰৈৰ পৰা ধৰিব নোৱাৰাকৈ
কিছুমান সৰু সৰু ফাঁট আছিলেই।
লাহে লাহে আৰু অহৰহ
যেতিয়া তাতকৈ ডাঙৰ ফাঁটবোৰ ওলাল, তাই ভাবিলে,
সেইবোৰ তথাপিও তাই বাতি ল’ব পাৰিব –
এইফালে এখন বেৰ
সৌ তাত অলপমন কোমল প্লাষ্টাৰ দি,
বস্তুবোৰ সুলকি নপৰাকৈ ধৰি ৰাখিবৰ বাবে
ল’ৰা-ছোৱালী কেইটামান জন্ম দিয়াৰ দৰে।

কিন্তু তাৰ পিচত প্ৰকাণ্ড ফাঁটবোৰে
আইনাৰ দৰে বেৰৰ মাজেদি
তাইলৈকে মুখমেলি থৰ লাগি চালে,
প্ৰগলভ, স্থিৰ, ক্ষমাহীন
নৰসিংহৰ চকুৰে।

তাই জানিছিল সেইবোৰৰ আকৃতি, দিশ-
অনুভূমিক, উলম্ব, খটখটিযুক্ত,

সেইবোৰ আবিৰ্ভাৱ হোৱা বিশেষ ঠাইবোৰ –
ইটাৰ মাজত মৰ্টাৰ ৰখা ঠাইবোৰত,
প্লাষ্টাৰ ব’ৰ্ডত, ইটাৰ গাঁথনিত,
আধাৰ বেৰত আৰু পলকতেই দেখিলে
সেইবোৰ কেৱল যোশীমঠতেই ৰৈ নাথাকিল।
তাই সেইবোৰ বিয়পি পৰা দেখিছিল, অতিমাৰীটোৰ দৰে
পাহাৰে পাহাৰে, দেশে দেশে, বাটে-পথে,
তাইৰ গোৰোহাৰ তলৰ মাটিখিনিলৈকে আহি পাই,
তাইৰ ভাগৰুৱা দেহা আৰু অন্তৰাত্মাক আৱৰি ধৰিলেহি।

জীয়াই থাকিবৰ বাবে এতিয়া যে বহুতেই পলম হৈ গ’ল
যাবলৈ নাই কোনো ঠাই
দেৱতাবোৰ গুচি গ’লগৈ।
প্ৰাৰ্থনাৰ বাবেও এতিয়া যে বহুতেই পলম হৈ গ’ল
পুৰণি বিশ্বাসটোকে ধৰি থাকিবৰ বাবেও বহু বেছি পলম হৈ গ’ল
কিবা এটা মানো বচাই ৰাখিবৰ বাবেও বহুতেই পলম হৈ গ’ল।

ৰ’দৰ উত্তাপেৰে এই ফাঁটবোৰ পূৰোৱাৰ কথা অৰ্থহীন
গলিত শালিগ্ৰামৰ দৰে
এই বিস্ফোৰিত আন্ধাৰ,
অজান ক্ৰোধ, পুঞ্জীভূত ঘৃণাই
যেন গ্ৰাস কৰিলে সকলো।
কোনে দলিয়াই গৈছিল সেই অভিশপ্ত মাহৰ বীজ
তাইৰ ঘৰৰ পিচফালৰ উপত্যকাত?
তাই মনত পেলাবলৈ চেষ্টা কৰিলে।
নহ’লে বা পোকে ধৰিলে নেকি
এই আকাশত শিপা থকা লতাডালত?
যাৰ প্ৰাসাদ কিজানি এই বিষাক্ত লতাডালৰ ওপৰতে আছে?
কেতিয়াবা লগ পাই গ’লে সেই যক্ষটো চিনি পাব নে বাৰু তাই?
তাইৰ বাহুত তেতিয়ালৈ থাকিবনে শক্তি
কুঠাৰখন দাঙি ল’বলৈ?
মোক্ষ মানুহে ক’ত বিচাৰে?
ভাগৰুৱা হৈ, তাই শুবলৈ চেষ্টা কৰিলে, আকৌ এবাৰ,
সপোনৰ দৰে এক সন্মোহনীত
মেলা চকুকেইটা ওপৰ-তল কৰিবলৈ
এৰি দিলে,
পুৰণি দেৱালত গজি উঠা
যাদুকৰী মাহৰ গা-গছ।

অনুবাদ: ৰুবী বৰুৱা দাস

Pratishtha Pandya

பிரதிஷ்தா பாண்டியா பாரியின் மூத்த ஆசிரியர் ஆவார். இலக்கிய எழுத்துப் பிரிவுக்கு அவர் தலைமை தாங்குகிறார். பாரிபாஷா குழுவில் இருக்கும் அவர், குஜராத்தி மொழிபெயர்ப்பாளராக இருக்கிறார். கவிதை புத்தகம் பிரசுரித்திருக்கும் பிரதிஷ்தா குஜராத்தி மற்றும் ஆங்கில மொழிகளில் பணியாற்றுகிறார்.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

லபானி ஜங்கி 2020ம் ஆண்டில் PARI மானியப் பணியில் இணைந்தவர். மேற்கு வங்கத்தின் நாடியா மாவட்டத்தைச் சேர்ந்தவர். சுயாதீன ஓவியர். தொழிலாளர் இடப்பெயர்வுகள் பற்றிய ஆய்வுப்படிப்பை கொல்கத்தாவின் சமூக அறிவியல்களுக்கான கல்வி மையத்தில் படித்துக் கொண்டிருப்பவர்.

Other stories by Labani Jangi
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das