এয়া ২৬ ফেব্ৰুৱাৰী, কে শ্যালাৰ ১৮তম জন্মদিন। তাই আজি নতুন পোচাক পিন্ধিছে। চুলিত জেচমিন সানিছে। তাইৰ মাকে তাইৰ প্ৰিয় চিকেন বিৰিয়ানি ৰান্ধিছে, তাই কলেজৰ লগৰীয়াবোৰৰ বাবে সৰুকৈ আয়োজন কৰিছে।
শ্যালাই চেন্নাইস্থিত এখন প্ৰখ্যাত ব্যক্তিগত খণ্ডৰ নাৰ্ছিং কলেজ শ্ৰী স্বাস্থ্য কলেজ অব নাৰ্ছিঙত পঢ়ে। এই ইংৰাজী মাধ্যমৰ কলেজখনত তাই নামভৰ্তি কৰোৱাটো একপ্ৰকাৰৰ সংগ্ৰামেই আছিল। সকলোৱে গ্ৰহণ কৰি লোৱাটো তাই বাবে তাতোকৈ কঠিন আছিল।
যিদিনাই তাইৰ সহপাঠীবোৰে জানিবলৈ পাইছিল যে তাইৰ পিতৃ আই কান্নান এটা চেপটিক টেংক চাফা কৰি থাকোতে মৃত্যুমুখত পৰিছিল, তেতিয়াই তেওঁলোকৰ মনলৈ অহা দ্বিতীয়টো প্ৰশ্ন আছিল তাইৰ জাতক লৈ।
"হঠাতে আমাৰ মাজত এখন অদৃশ্য দেৱাল থকাৰ দৰে মই অনুভৱ কৰিছিলো", শ্যালাই কয়।
2007 চনৰ 27 ছেপ্তেম্বৰত তাইৰ পিতৃ ঢুকুৱাৰ পিছৰেপৰা সেই দেৱালখন ভাঙিবৰ কাৰণে তাই আৰু তাইৰ মাকৰ লগতে আন দুজন চাফাই কৰ্মীয়ে অহৰহ চেষ্টা কৰি আহিছে। তেওঁ আছিল আদি দ্ৰাৱিড় সম্প্ৰদায়ৰ এগৰাকী শিল আৰু কুলিৰ কাম কৰা লোক। মেনুৱেল স্কেভেঞ্জাৰৰ কামত সচৰাচৰ নিয়োগ কৰা এটা জাতি। কোনোবাই মাতিলেই তেওঁ গৈ চেপটিক টেংক আৰু নলা-নৰ্দমাৰ চাফাই কাম কৰে।
'এয়া এক দীঘলীয়া সংগ্ৰাম,' শ্যালাই কয়। "মই ইংৰাজী ভাষাত দখল অনাৰ বাবে বহুত অধ্যবসায় কৰি আছো। মোৰ দেউতাই মই ডাক্তৰ হোৱাটো বিচাৰিছিল, কিন্তু তেঁওৰ অবৰ্তমানত সেয়া আছিল এক দুঃসাধ্য সপোন। তাৰ পৰিৱৰ্তে মই নাৰ্ছিং কলেজত নামভৰ্তি কৰালো। আমাৰ অঞ্চলৰ কোনেও এই পাঠ্যক্ৰম লোৱা নাই। মই যদি নাৰ্ছ হিচাপে যোগ্যতা অৰ্জন কৰো, এয়া মোৰ দেউতাৰ স্মৃতিত উতসৰ্গিত হ'ব। মই নিজে জাত-পাতত বিশ্বাস নকৰো আৰু জাত-পাত আৰু ধৰ্মৰ ভিত্তিত বৈষম্য হোৱাটো অনুচিত বুলি ভাবো। মই এটা কথা গোটেই পৃথিৱীখনক ক'ব বিচাৰো যে মোৰ দেউতাৰ দৰে যাতে কোনেও এই পৃথিৱীৰপৰা বিদায় ল'বলগা নহয়।
"লাহে-ধীৰে মই মোৰ কলেজখনৰ বন্ধুবৰ্গৰ সৈতে খোজে খোজ মিলাব শিকিলো। এতিয়া সিহতৰ কিছুমানে মোক পঢ়া-শুনাতো সহায় কৰে। মই তামিল মাধ্যমৰ বিদ্যালয়ত পঢ়া-শুনা কৰি আহিছো, সেয়ে ইংৰাজীত মই কেঁচা। সকলোৱে মোক ইংৰাজীৰ কোচ্চিং ল'বলৈ পৰামৰ্শ দিয়ে, কিন্তু তাৰে খৰছ আমি বহন কৰিব নোৱাৰো। সেয়ে মই নিজৰ বলতে শিকিবলৈ লৈছো। হাৰ মানি যোৱাৰ ৰাস্তাত মই যাব নোৱাৰো।"
শ্যালাই গৌৰৱ অনুভৱ কৰে যে তাই উচ্চতৰ মাধ্যমিকত ভাল ফলাফল প্ৰদৰ্শন কৰিছিল, সমগ্ৰ অঞ্চলটোতেই তাই অভিলেখ গঢ়িছিল। সংবাদমাধ্যমে তাইৰ সফলতাৰ কাহিনীৰ প্ৰকাশ কৰাৰ উপৰিও তাইৰ নাৰ্ছিং শিক্ষাৰ বাবে আৰ্থিক অনুদান গোটোৱাত সহায় কৰিছিল।
কথাৰ মাজতে ঢেৰ কথা ওলাল। স্বভাবতে লাজকুৰীয়া শ্যালাৰ মুখেৰে এনেদৰে খোলা-খুলিকৈ ইমানবোৰ কথা শুনি 40 বৰ্ষীয় তাইৰ মাতৃ কে নাগাম্মা আচৰিতেই হ'ল ।
নাগাম্মাই যতপৰোনাস্তি চেষ্টা কৰিছে যাতে তাইৰ জীয়ৰী দুগৰাকীয়ে এটা সুখী জীৱনৰ সপোন পুৰণ কৰিব পাৰে। তাইৰ 16 বছৰীয়া সৰু জীয়ৰীজনী দশমমানত পঢ়ি আছে।
গিৰীয়েকৰ মৃত্যুৰ বাতৰি পোৱামাত্ৰে যেন নাগাম্মাৰ মুৰত সৰগ ভাঙি পৰিছিল। তাইৰ পিতৃ-মাতৃয়ে তাইৰ যতনত আগভাগ ল'লে। তেতিয়া শ্যালাৰ বয়স আছিল আঠ বছৰ, আনন্ধি আছিল মাত্ৰ ছয় বছৰীয়া, আনন্ধি তেতিয়া স্কুলেই গৰকা নাছিল।
"মোৰ স্বামীৰ নিথৰ দেহটো লৈ কেনেদৰে মই অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ পামুৰু গাঁৱলৈ গ'লো সেয়া মোৰ মনত নাই। শেষকৃত্যৰো একো কথা মোৰ মনত নাই। মোৰ শহৰুদেউতাই মোক হস্পিতাললৈ লৈ গৈছিল, তাতে মোক বৈদ্যুতিক শ্বক দিয়া হৈছিল (ইলেক্ট্ৰোকনভালছিভ থেৰাপী) আৰু চিকিত্সা কৰা হৈছিল। তেতিয়াহে মোৰ চেতনা ঘুৰি আহিছিল। মোৰ স্বামী যে সঁচাকৈয়ে ঢুকাইছে সেয়া মানি লবলৈ মোক দুবছৰ সময় লাগিল।."
10 টা বছৰ পাৰ হৈ গ'ল, কিন্তু গিৰীয়েকৰ মৃত্যুৰ সেই দিনটোৰ মৰ্মন্তুদ ঘটনাটো মনত পেলাই তাই শোকত আকৌ এবাৰ ভাঙি পৰিল। "তেতিয়া মোৰ আত্মীয়-কুটুমে কৈছিল যে মই মোৰ ছোৱালী দুজনীৰ বাবে জীয়াব লাগিব। আৰু তেতিয়াই মোৰ সংগ্ৰাম আৰম্ভ হ'ল। ওচৰৰে ফেক্টৰী এটাত মই হাউছকিপিঙৰ কামত সোমালো, কিন্তু সেই কামটো মোৰ মুঠেই পছন্দৰ নাছিল। মোৰ পিতা-মাতাও চাফাই কৰ্মীয়ে আছিল। মোৰ দেউতা আছিল চেপটিক টেংক/মেনহোল চাফা কৰা আৰু আৱৰ্জনা সংগ্ৰহ কৰা মানুহ, মোৰ মা আছিল চুইপাৰ।"
তামিলনাডুত থকা প্ৰায়ভাগ চাফাই কৰ্মীয়ে অন্ধ্ৰপ্ৰদেশৰ, তেওঁলোকে তেলেগু ভাষাত কথা কয়। ৰাজ্যখনৰ বিভিন্ন স্থানত চাফাই কৰ্মীৰ সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে তেলেগু মাধ্যমৰ বিদ্যালয়ো আছে।
নাগাম্মা আৰু তেওঁৰ গিৰীয়েক মূলতঃ পামুৰু গাঁৱৰে। "আমাৰ বিয়া হৈছিল 1995 চনত, তেতিয়া মোৰ বয়স 18 বছৰ," নাগাম্মাই কয়। "মোৰ জন্মৰ পূৰ্বেই মা-দেউতাই চেন্নাইলৈ উঠি আহিছিল। চেন্নাইলৈ অহাৰ আগেয়ে আমি আমাৰ গাঁৱত কেইবছৰমানৰ বাবে আছিলো আমাৰ বিয়াৰ বাবে। মোৰ স্বামীয়ে মেচন হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়াই চেপটিক টেংক চাফা কৰাৰ বাবে কোনোবাই মাতিছিল, তেওঁ গৈছিল। মই যেতিয়া জানিবলৈ পাইছিলো যে তেওঁ নলা-নৰ্দমাৰ চাফাইৰ কাম কৰে, মই পোনচাটে বাধা দিছিলো। তাৰপিছত তেওঁ যেতিয়া তেনে কামত ওলাই গৈছিল, মোক জনোৱা নাছিল। যেতিয়া তেওঁ আৰু তেওঁৰ দুজন সহকৰ্মী 2007 চনত এটা চেপটিক টেংকৰ ভিতৰত ঢুকাইছিল, কাকো আটক কৰা হোৱা নাছিল। তেওঁলোকৰ মৃত্যুৰ বাবে কাকো দায়ী কৰোৱা হোৱা নাছিল। চাওক এই দেশখনে আমাক কেনে আচৰণ কৰে, আমাৰ জীৱনৰ একো মূল্যই নাই। চৰকাৰ কি বিষয়া- কোনেও আমাক সহায়ৰ কৰাৰ বাবে আগবাঢ়ি অহা নাছিল। অৱশেষত মোৰ অধিকাৰৰ বাবে কেনেদৰে যুঁজ দিব লাগিব সেয়া মোক চাফাই কৰ্মচাৰী আন্দোলন চমুকৈ এছকেএ-য়ে শিকালে। মই 2013 চনতহে এই আন্দোলনত ভাগ ল'লো।"
নিজৰ অধিকাৰৰ বিষয়ে সচেতন হোৱাৰ পিছত নাগাম্মা সৰৱ আৰু দৃঢ়প্ৰতিজ্ঞ হৈ পৰিল। চেপটিক টেংক বা নৰ্দমাৰ কাম কৰি মৃত্যুবৰণ কৰা ভূক্তভোগীৰ পৰিয়ালৰ মহিলাসকলক তেওঁ দেখা কৰিলে। "যেতিয়াই মই জানিলো যে নিজৰ প্ৰিয়জনক নৰ্দমাত হেৰুওৱা মহিলা কেৱল ময়েই নহয়, আন শ শ এনে দুৰ্ভগীয়া মহিলা আছে যাৰ সৈতে মোৰ দুখ একেই, তেতিয়াৰপৰা মই মোৰ দুখক শক্তিলৈ ৰূপান্তৰ কৰি পেলালো।"
সেই কথাই নাগাম্মাক তাইৰ হাউছকিপিঙৰ কামটো এৰিবলৈ সাহস দিলে আৰু পিতৃ তথা সৰ্বভাৰতীয় স্তৰৰ এছকেএ নামৰ সংস্থাটোৰ সহায়ত তেওঁ ২০ হাজাৰ টকাৰ ঋণ ল'লে। সেই টকাৰে তেওঁ ইন্দিৰা নগৰৰ তেওঁৰ ঘৰৰ সমুখতে নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ দোকান এখন বহুৱালে।
গিৰীয়েকৰ মৃত্যুৰ পিছত ক্ষতিপুৰণৰ বাবে তেওঁৰ যুঁজখনে 21 শতিকাৰ এই ভাৰতত জাত-পাতৰ উতকট দুৰ্গন্ধ তেওঁৰ ঘৰৰ ভিতৰলৈকে আনিলে। 2014 চনত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি নৰ্দমা চাফাইৰ কামত প্ৰাণ হেৰুওৱাসকলৰ বাবে ক্ষতিপুৰণৰ নিৰ্দেশৰ আধাৰত 2016 চনৰ নবেম্বৰ মাহত পৌৰ নিগমে তেওঁৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপৰুণ আগবঢ়ায়। তেওঁ আগৰ ঋণ সুজি কিছু টকা তাইৰ দোকানত খটুৱাই বাকীখিনি ছোৱালীহালৰ নামত বেংকত ফিক্সড ডিপজিত কৰি থ'লে।
"মোৰ মা এগৰাকী নিৰ্ভীক মহিলা," আনন্ধিয়ে গৌৰৱেৰে কয়। "তেওঁ নিৰক্ষৰ হ'লেও যিকোনো বিষয়াৰ সৈতে আত্মবিশ্বাসেৰে কথা পাতিব পাৰে, তেওঁ লাগিলে যিমানেই ডাঙৰ নহওক কিয়। তেওঁ তেওঁৰ দৰ্খাস্ত প্ৰতিটো চুক-কোণলৈ ঠেলিছে। তেওঁ অফিছত সোমালেই বিষয়াবোৰ চিন্তাত পৰে, কিয়নো তেওঁলোকে জানে যে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিব আৰু নিজৰ অধিকাৰৰ হকে অন্তহীন যুঁজ দিব।"
"মোৰ স্বামী 2007 চনতে ঢুকাইছিল, আৰু ইমানখিনি সংগ্ৰাম কৰি আৰু সংগঠনটোৰ সহায়ত মই 2014 চনতহে মই ক্ষতিপুৰণ পালো," নাগাম্মাই কয়। "সৰ্বোচ্চ ন্যায়ালয়ে 2014 চনত দিয়া ৰায়দান মতে মই সেই বছৰটোতে ক্ষতিপুৰণ পাব লাগিছিল। কিন্তু ন্যায় দিয়াৰ বাবে ইয়াত কোনো ব্যৱস্থা নাই। কোনেও এইবোৰত মুৰ নঘমায়। এই ব্যৱস্থাই মোকো মেটৰ হ'বলৈয়ে বাধ্য কৰাব বিচাৰিছিল। কিন্তু মই মানিমনো কিয়? মই এয়া প্ৰত্যাখান কৰিলো। মই মোৰ আৰু মোৰ জীয়ৰী দুজনীৰ বাবে এক জাত-পাতহীন জীৱন গঢ়াৰ যুঁজ দিছো। আপুনি কাৰ পক্ষ ল'ব?"
অনুবাদঃ পংকজ দাস