সত্যজিত মৰাঙে তেওঁৰ ম’হৰ জাকটো লৈ ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া দ্বীপবোৰত চৰণীয়া পথাৰৰ সন্ধানত ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰে। “ম’হ এটাই হাতীৰ সমান খাব পাৰে,” তেওঁ কয়। সেয়ে একে ঠাইতে তেওঁৰ দৰে ম’হৰখীয়াই ৰৈ থাকিব নোৱাৰে।

কিন্তু এই নিৰন্তৰ যাত্ৰাত তেওঁক সংগ দিয়ে তেওঁৰ নিজৰ গীত আৰু মৰমৰ ম’হজাকে।

“কিয়নো ম’হ চৰাবলৈ যাও অ’ চেনেহী
তোমাৰ মুখনি যদি এবাৰো চাবলৈ নাপাও?”

তেওঁ কাৰেং চাপৰি গাঁৱত থকা নিজৰ ঘৰ আৰু পৰিয়াল পৰা দূৰত থকাৰ বেদনাক প্ৰেম আৰু হেঁপাহৰ ৰং সনা নিজে লিখা গীতৰ কথাৰে প্ৰকাশ কৰি সেয়া পাৰম্পৰিক ঐনিতম শৈলীৰে গাই আহিছে। “ক’ত ঘাঁহ আছে, ক’ত নাই, সেয়া আমি নাজানো, সেয়ে আমি সদায় ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰিব লাগে,” এই ভিডিঅ’টোত তেওঁ কৈছে। “ আমি ধৰক এশটা ম’হ যদি দহ দিনৰ বাবে ইয়াতে ৰাখো, তেতিয়া দহদিনত সিহঁতৰ বাবে ঘাঁহ নাবাচিব। নতুন এখন চৰণীয়া পথাৰৰ সন্ধানত আমি ওলাই যাবলগীয়া হয়।”

লোকসংগীতৰ ঐনিতম ধাৰা অসমৰ মিচিং জনগোষ্ঠীৰ। মিচিংসকলক চৰকাৰী নথিত মিৰি বুলি উল্লেখ কৰা আছে, অনুসূচীত জনজাতি। মিৰি নামটো জনগোষ্ঠীটোৰ বহুতে অৱমাননাসূচক বুলি কয়।

সত্যজিতৰ গাওঁখন অসমৰ যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাট খণ্ডত অৱস্থিত। তেওঁ শৈশৱৰ পৰাই ম’হ চৰাই আহিছে। ১,৯৪,৪১৩ বৰ্গকিলোমিটাৰ জুৰি বিয়পি থকা ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈবোৰে ভঙা-গঢ়া দ্বীপ আৰু বালিচৰবোৰত তেওঁ ম’হ চৰাই ফুৰে।

নিজৰ জীৱন কথা কোৱা আৰু গোৱা তেওঁৰ এই ভিডিঅ’টো চাও আহক।

অনুবাদ: পংকজ দাস

Himanshu Chutia Saikia

இமான்சு சுட்டியா சைக்கியா, மும்பை, டாட்டா சமூக அறிவியல் கல்விக்கழகத்தின் முதுநிலைப் பட்ட மாணவர். மாணவர் செயற்பாட்டாளரான இவர், இசை தயாரிப்பாளர், ஒளிப்படைக்கலைஞரும் ஆவார்.

Other stories by Himanshu Chutia Saikia
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das