মোৰ উচ্চতৰ মাধ্যমিকৰ (ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট চমুকৈ এছ.এছ.চি.]ৰ ফলাফল ঘোষণা কৰাৰ দিনা মোৰ অৱস্থাটো বেটছমেন এজনে মাৰি পঠিওৱা ক্ৰিকেট বল এটাৰ দৰে হৈছিল। জানেই নহয়, কেনেকৈ সকলোৰে দৃষ্টি কেৱল সেই বলটোত থাকে? এইবাৰ চাৰি [ৰাণ] হ’ব নে ছয়? সকলোৱে চাই থাকে। যদি মই ব্যৰ্থ হওঁ তেন্তে কি হ’ব? দেউতাই চাগে মোক লগে লগে বিয়া দি দিলেহেঁতেন।

ফলাফল ঘোষণা কৰোঁতেহে মই স্বস্তিৰ নিশ্বাস এৰিছিলো, মই ৭৯.০৬ শতাংশ নম্বৰ লাভ কৰিছো আৰু এটা মাত্ৰ পইণ্টৰ কাৰণে মোৰ স্কুলৰ তৃতীয় সৰ্বোচ্চ ৰেংকটো নাপালোঁ। মোৰ এই কৃতিত্বত মই অভিভূত: হৈ পৰিছিলো, আমাৰ নাথজোগী যাযাবৰী সম্প্ৰদায়ত কোনো ছোৱালীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈ পোৱা নাই।

মই নৱ খ [জলগাঁও জামোদ তহচিল, বুলদানা জিলা]ত বাস কৰোঁ। সেই সৰু গাওঁখনত কেৱল মোৰ সম্প্ৰদায়ৰ মানুহহে আছে। ইয়াত বেছিভাগ মানুহেই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলৈ পুণে, মুম্বাই আৰু নাগপুৰলৈ যায়। বাকীসকলে মোৰ মা-দেউতাৰ দৰে আমাৰ গাঁৱৰ আশে-পাশে দিন হাজিৰাৰ কাম কৰে।

মোৰ মা-দেউতা – ভৌলাল চাহেবৰাও সোলাংকে (৪৫) আৰু দ্ৰৌপদা সোলাংকে (৩৬) – আনৰ ঘেঁহু, জোঁৱাৰ, কুঁহিয়াৰ, সৰিয়হ আৰু কপাহৰ খেতিপথাৰত কাম কৰে। দিনটোত প্ৰায় আঠ ঘণ্টা কাম কৰি তেওঁলোকে ২০০ টকাকৈ উপাৰ্জন কৰে। তেওঁলোকে খুব কমেইহে দীঘলীয়া সময়ৰ কাৰণে কাম কৰে। কাম এমাহত ১০-১২ দিনতকৈ বেছি নহয়, কাৰণ কাম বিচৰা মানুহ বহুত, কিন্তু কাম কম।

মোৰ দেউতাই পঞ্চম মানলৈ পঢ়িছিল। তাৰ পিছত কামত ধৰাই পঢ়া বাদ দিছিল। মোৰ দুগৰাকীকৈ ডাঙৰ বাইদেউ আছে। ২৪ বছৰীয়া ৰুকমাই কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু ২২ বছৰীয়া নীনাই ৫ম শ্ৰেণীলৈকে পঢ়িছিল। মোৰ দুয়োগৰাকী বাইদেউ এতিয়া বিবাহিত। তেওঁলোকে স্কুল এৰি যোৱাৰ পিছৰে পৰা দিন হাজিৰা কৰি আহিছে। মোৰ ডাঙৰ ভাইটি ২০ বছৰীয়া দেৱলালো এজন শ্ৰমিক। তেওঁ নৱম শ্ৰেণীত স্কুল এৰিছিল। মোৰ দহ বছৰ বয়সত দেউতাই মোক কৈছিল, "তই এতিয়া কাম আৰম্ভ কৰিব পাৰ, আৰু পঢ়ি থকাৰ প্ৰয়োজন নাই।" তেঁৱেই একমাত্ৰ নহয়। মই সদায় বিদ্যালয়লৈ যাওঁতে এগৰাকী বয়সস্থ মহিলাক লগ পাওঁ। তেওঁ মোক এইদৰেও গালি পাৰিছিল: "তোৰ বায়েৰহঁত স্কুললৈ যোৱা নাছিল, তোৰ কি দৰকাৰ? তই কি ভাবিছ, তই পঢ়া-শুনা কৰিলেই চাকৰি পাবি?

Jamuna with her family at their home in Nav Kh, a Nathjogi village: 'I was thrilled with my achievement: in our community, no girl has ever passed Class 10'
PHOTO • Anjali Shinde
Jamuna with her family at their home in Nav Kh, a Nathjogi village: 'I was thrilled with my achievement: in our community, no girl has ever passed Class 10'
PHOTO • Anjali Shinde

নাথজোগী গাঁৱত থকা নৱ খত থকা তেওঁলোকৰ ঘৰত যমুনা তেওঁৰ পৰিয়ালৰ সৈতে: 'মই মোৰ কৃতিত্বত আনন্দিত হৈছিলোঁ: আমাৰ সম্প্ৰদায়টোৰ কোনো ছোৱালীয়ে কেতিয়াও দশম শ্ৰেণী উত্তীৰ্ণ হোৱা নাই'

আনকি মোৰ খুৰায়েও প্ৰায়ে মোৰ মা-দেউতাক কৈছিল যে তেওঁলোকে মোক বিয়া দি দিব লাগে। এইক্ষেত্ৰত মোৰ দেউতাই সহযোগিতা কৰিব। মই মোৰ মাক কওঁ, "বাবাক (দেউতাক) কবি যে মোৰ বা আন কাৰো সৈতে বিয়াৰ বিষয়ে যাতে একো আলোচনা নকৰে। মই পঢ়িব বিচাৰো।" যেতিয়া মায়ে দেউতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে, সদায় তেওঁলোক কাজিয়াত লিপ্ত হয়।

দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া সাংবাদিক এজনে মোৰ সাক্ষাৎকাৰ ল’বলৈ আহিছিল, মোৰ দেউতাই কান্দি আছিল। তেওঁ মানুহজনক কৈছিল, “মোৰ ছোৱালীয়ে মোৰ কথা নুশুনাত ভাল পালোঁ আৰু সেইকাৰণে পঢ়া-শুনাত আগবাঢ়ি গৈছিল।”

মই সাত বছৰ বয়সত স্কুল যোৱা আৰম্ভ কৰিছিলোঁ। চুবুৰীয়া পালশী ছুপোৰ স্কুলৰ পৰা দুজন শিক্ষক মোৰ গাঁৱলৈ স্কুললৈ যোৱা সকলো ছোৱালীবোৰৰ নাম ল’বলৈ আহিছিল। কোনোবাই তেওঁলোকক মোৰ নামটো দিছিল। সেয়ে মই তাত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ১ম শ্ৰেণীত নামভৰ্তি কৰিলোঁ।

এবছৰৰ পাছত মোৰ গাঁৱত প্ৰাথমিক বিদ্যালয় আৰম্ভ হ’ল আৰু মই সেইখনলৈ গুচি আহিলোঁ৷ পঞ্চম শ্ৰেণীত, মই ১৪ কিলোমিটাৰ দূৰৈত থকা তহচিলৰ মুখ্য কাৰ্যালয় জলগাঁও জামোদৰ মহাত্মা ফুলে নগৰ পৰিষদ বিদ্যালয়লৈ আহিলোঁ। মই দুইকিলোমিটাৰ খোজকাঢ়ি আহি তাৰ পিছত শ্বেয়াৰড অটো এখন লৈ চহৰৰ বাছ আস্থানটোলৈ আহি, তাৰ পিছত আৰু কেইবা কিলোমিটাৰ খোজ কাঢ়িছিলোঁ৷ অটোত প্ৰায় আধা ঘণ্টা সময় লাগে আৰু এফালে ৩০ টকা খৰচ। মোৰ গাঁৱৰ ছজনী ছোৱালী একেখন স্কুলতে পঢ়িছিল। আমি সদায় একেলগে গৈছিলোঁ।

এদিন বাৰিষাৰ দিনত আমাৰ গাঁৱৰ ওচৰৰ জুৰিটোৰ পানী বাঢ়ি আহি ৰাস্তা পাইছিলহি। মূল পথটো পাবলৈ আমি এই জুৰিটো পাৰ হ’ব লাগে। সাধাৰণতে আমাৰ ভৰিৰ তলৰ অংশহে তিঁতে। পায়জামাটো ওপৰলৈ তুলি লৈ আৰু হাতত চেন্দেলযোৰ লৈ কোনোমতে পাৰ হৈ যাব পাৰোঁ।

কিন্তু সেইদিনা পানী বাঢ়ি আমাৰ কঁকাল পাইছিল। পাৰত থিয় হৈ থকা আমাৰ গাঁৱৰ মানুহ এজনক সুধিলোঁ, “দাদা, নদীখন পাৰ হ’বলৈ সহায় কৰকচোন।” সি চিঞৰি উঠিল, “তহঁত আটাইবোৰ এতিয়াই ঘৰলৈ উভতি যা! কিয় স্কুললৈ যাব লাগে? এফালে বানপানী হৈছে আৰু ইফালে তহঁতৰ পঢ়াৰ ঢৌ উঠিছে? ছোৱালী ঘৰতে থাকিব লাগে, পঢ়া-শুনাৰ কি দৰকাৰ?” সেইদিনা আমি স্কুললৈ যাব নোৱাৰিলোঁ। পিছদিনা ক্লাছত আমি সকলোৱে মিছা কথা কোৱা বুলি ভাবি আমাৰ শিক্ষকে শাস্তি হিচাপে শ্ৰেণীকোঠাৰ বাহিৰত থিয় কৰাই থ’লে।

Left: Jamuna has to travel long distances to go to school, the situation worsens during the monsoon season. Right: Archana Solanke, Jamuna Solanke, Anjali Shinde and Mamta Solanke are the first batch from the Nathjogi community to pass Class 10
PHOTO • Anjali Shinde
Left: Jamuna has to travel long distances to go to school, the situation worsens during the monsoon season. Right: Archana Solanke, Jamuna Solanke, Anjali Shinde and Mamta Solanke are the first batch from the Nathjogi community to pass Class 10
PHOTO • Rajesh Salunke

বাওঁফালে: যমুনাই স্কুললৈ যাবলৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হয়, বাৰিষাকালত পৰিস্থিতি অধিক বেয়া হয়৷ সোঁফালে: অৰ্চনা সোলাংকে, যমুনা সোলাংকে, অঞ্জলি শিণ্ডে আৰু মমতা সোলাংকে নাথজোগী সম্প্ৰদায়ৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা প্ৰথমটো বেটচ

আকৌ যেতিয়া একেটা ঘটনাই ঘটিল, মোৰ মাক ফোন কৰি কথা পাতিব ল’বলৈ ক’লোঁ৷ তেতিয়াহে তেওঁ আমাক বিশ্বাস কৰিলে। পিছত ছাৰে আমাৰ গাঁৱলৈ আহি আমি বৰ্ণনা কৰা কথাবোৰ নিজ চকুৰে চাইছিল।

ৰাতিপুৱা ৯ বজাৰ ভিতৰত বাছখন পঠিয়াবলৈ অনুৰোধ কৰি জলগাঁও জামোদ বাছ ষ্টেণ্ডত থকা ৰাজ্যিক পৰিবহণ কাৰ্যালয়ত এখন আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছিলো, বাছখন ব্যৱহাৰ কৰা ১৬ গৰাকী ছোৱালীৰ সকলোৱে তাত চহী কৰিছিল, য’ত আছিল চাৰি কিলোমিটাৰ দূৰৈত থকা ইছলামপুৰ গাঁৱত বাস কৰা দুগৰাকী ছোৱালী। মানৱ বিকাশ বাছখন কেৱল ছোৱালীৰ কাৰণে আৰু সেইখন বিনামূলীয়া।

বিষয়াজন মান্তি হৈ আমাক প্ৰতিশ্ৰুতি দিছিল যে পিছদিনা পুৱা ৯ বজাত বাছখন তাত উপস্থিত হ’ব। তেওঁৰ কথামতে বাছখন সঁচাকৈয়ে আহিছিল। কথাটোত মই বিৰাটেই সুখ অনুভৱ কৰিছিলোঁ! কিন্তু বাছখন মাত্ৰ এদিনহে চলিল। পিছদিনা বাছখন নাহিল। মই পুনৰ বিষয়াজনৰ ওচৰলৈ গৈছিলোঁ আৰু তেওঁ মোক কৈছিল, “বাছখন আন এখন গাঁৱৰ পৰা আহে আৰু তাৰ লোকসকলে সময় সলনি হোৱাটো নিবিচাৰে। কেৱল তোমাৰ সময়ত চলাকৈ এখন বাছ পঠাব নোৱাৰো।” তেওঁ আমাক ক্লাছৰ সময় সলনি কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু সেয়া কেনেকৈ সম্ভৱ?

বাছেৰে যাত্ৰা কৰাৰ সময়ত আন আন সমস্যা কিছুমানৰো সন্মুখীন হৈছিলোঁ। এবাৰ মই আৰু লগৰবোৰ ৰাজ্যিক পৰিবহণ বাছ এখনত উঠোঁতে ল’ৰা এজনে মোৰ বান্ধৱী এগৰাকীৰ দুপাট্টাখন টানি চিঞৰি চিঞৰি কৈছিল, “তহঁত মহিদীপুৰৰ ছোৱালী, ওলাই যা ইয়াৰ পৰা।” আন ল’ৰাবোৰেও তাৰ লগত যোগ দিছিল। সেইখন এখন ডাঙৰ কাজিয়া হৈছিল। মহিদীপুৰ হৈছে আমাৰ নাথজোগী সম্প্ৰদায়ৰ বাসস্থান। সেই ল’ৰাবোৰে সেই বাছখনত নাথজোগী সম্প্ৰদায়ৰ ছোৱালীবোৰ উঠাটো বিচৰা নাছিল। সেইবোৰ কথাত মোৰ খং উঠিছিল আৰু বাছখন জলগাঁও জামোদ পাওঁতেই মই ল’ৰাজনক ৰাজ্যিক পৰিবহন কাৰ্যালয়টোলৈ লৈ গ’লোঁ৷ কণ্ডাক্টৰজনে মাজতে মাত মাতি সেই ল’ৰাকেইজনক কৈছিল যে বাছখন সকলোৰে কাৰণে। কিন্তু এনেকুৱা ঘটনাবোৰ ঘটিয়েই থাকিছিল, যাৰ কাৰণে আমি অটো পচন্দ কৰোঁ।

মোৰ বয়স তেতিয়া ১৫ বছৰ আছিল। সেই সময়ত মোৰ দেউতাই আমাৰ ঘৰখনৰ ভেটিৰ মাটিখিনি তেওঁৰ নামলৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰিছিল। এই মাটিখিনি আছিল মোৰ দেউতাৰ ফালৰ ককাৰ নামত। তেওঁ সেই মাটিখিনি মোৰ দেউতাক উপহাৰ দিছিল। কিন্তু আমাৰ গাঁৱৰ যিজনে এই কামটো কৰিব পাৰে সেই মানুহজনে কামটো কৰিবলৈ ৫,০০০ টকা বিচাৰিলে। মোৰ দেউতাৰ হাতত সিমানখিনি পইচা নায়েই। আমি মানুহজনক কামটো কমদামত কৰিবলৈ বহুবাৰ অনুৰোধ কৰিছিলোঁ, কিন্তু তেওঁ সন্মত নহ’ল৷ ফলত আমি ঘৰটো পকা কৰিবলৈ ৰাজ্যৰ পুঁজিৰ সুবিধা ল’ব পৰা নাছিলোঁ।

Left: Jamuna would cook and join her parents to work in the fields. Right: They cannot avail state funds to build a pucca house
PHOTO • Anjali Shinde
Left: Jamuna would cook and join her parents to work in the fields. Right: They cannot avail state funds to build a pucca house
PHOTO • Anjali Shinde

বাওঁফালে: যমুনাই ৰান্ধি আছে আৰু মাক-দেউতাকৰ লগত পথাৰত কাম কৰিবলৈ সহায় কৰিব। সোঁফালে: তেওঁলোকে পুকা ঘৰ নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ পুঁজি নাপালে

আমাৰ নিজৰে ঘৰখনক নিজৰ নামত পাবলৈ আমি কিয় ধন দিম? কোনেও এনে সমস্যাসমূহৰ সন্মুখীন হোৱা উচিত নহয়। পঢ়া-শুনা কৰি এদিন ডাঙৰ অফিচাৰ হ’বলৈ মন যায়। তেতিয়া আমাৰ দৰে দুখীয়া মানুহে কামবোৰ সম্পন্ন কৰিবলৈ উৎকোচ দিব যাতে নালাগে। মই তেওঁলোকৰ অধিকাৰ কি, লগতে তেওঁলোকে যাতে শক্তিশালী মানুহলৈ ভয় কৰি থকাৰ প্ৰয়োজন নাই সেই বিষয়েও বুজাই দিম।

চৰকাৰী বিদ্যালয়সমূহত অষ্টম শ্ৰেণীৰ কিতাপবোৰ বিদ্যালয়ে বিনামূলীয়াকৈ প্ৰদান কৰে। তেতিয়ালৈকে বিদ্যালয়ত কোনোধৰণৰ ইউনিফৰ্ম নাথাকে। কিন্তু নৱম শ্ৰেণীৰ পৰা কিতাপ-বহী কিনিব লাগিব, যাৰ দাম প্ৰায় ১০০০ টকা, আৰু স্কুলৰ ইউনিফৰ্মৰ দাম ৫৫০ টকা। এটা টাৰ্মৰ বাবে ব্যক্তিগত টিউচনৰ খৰচ ৩ হাজাৰ টকা। দ্বিতীয় টাৰ্মৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে মাত্ৰ এটা টাৰ্মৰ বাবে টিউচন লৈছিলোঁ। মই মোৰ স্কুলৰ শিক্ষকক ব্যক্তিগত টিউচনৰ পৰিৱৰ্তে মোক সহায় কৰিবলৈ অনুৰোধ কৰিছিলোঁ। গতিকে এই খৰচবোৰৰ ধন উলিয়াবলৈ মই নৱম শ্ৰেণীলৈ যোৱাৰ আগতে গৰমকালচোৱা মই মাক-দেউতাৰ সৈতে পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। পুৱা ৪ বজাত উঠি এঘণ্টা পঢ়া-শুনা কৰিছিলোঁ। সেই সময়ৰ আশে-পাশে মোৰ মা-দেউতা আৰু ভাইটিয়ে কামলৈ গুচি যায়। এঘণ্টা পঢ়াৰ পিছত, ভাখৰি আৰু ভাজি ৰান্ধি সেইবোৰ পথাৰত কাম কৰি থকা মা-দেউতালৈ লৈ গৈছিলোঁ।

মই পুৱা ৭ বজাৰ পৰা ৯ বজালৈ তেওঁলোকক কামত সহায় কৰোঁ। আমি কামে প্ৰতি ঘণ্টাত ২৫ টকা পাইছিলোঁ। পুৱা ৯:৩০ বজাত ঘৰলৈ উভতি আহি স্কুললৈ যাবলৈ সাজু হওঁ। স্কুলৰ পৰা উভতি অহাৰ পিছত মই আকৌ হাজিৰা কামত ওলাই যাওঁ। বন্ধৰ দিনতো মই কাম কৰিছিলো। সেইখিনি টকাই মোক ইউনিফৰ্ম এযোৰ যোগাৰ কৰাত সহায় কৰিছিল।

Jamuna with Bhaulal Babar, her supportive primary school teacher
PHOTO • Anjali Shinde

যমুনা তাইৰ সমৰ্থক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৌলাল বাবৰৰ সৈতে

যোৱা বছৰ [২০১৯] জল শক্তি অভিযান [জল সম্পদ মন্ত্ৰালয়]ৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্লক পৰ্যায়ৰ ৰচনা লিখা প্ৰতিযোগিতাত মই এটা ট্ৰফী লাভ কৰিছিলোঁ। বুলদানাত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীত জৈৱিক গোবৰৰ ওপৰত তৈয়াৰ কৰা প্ৰকল্পটোৰ বাবেও মই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলোঁ। মোৰ স্কুলত অনুষ্ঠিত কৰা দৌৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিলোঁ। বিজয়ী হোৱাটো মোৰ ধৰ্ম। আমাৰ নাথজোগী সম্প্ৰদায়ৰ ছোৱালীবোৰে কেতিয়াও ক’তো জয়ী হোৱাৰ আনন্দৰ ভাগ পাই পোৱা নাই।

আগষ্ট মাহত জলগাঁও জামোদ চহৰৰ দ্য নিউ এৰা হাইস্কুলত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে নামভৰ্তি কৰিছিলোঁ। এইখন হৈছে ব্যক্তিগত বিদ্যালয়। তাত বাৰ্ষিক মাচুলৰ বাবে প্ৰয়োজন হয় ৫০০০ টকা। মই নামভৰ্তি কৰিছিলো বিজ্ঞান শাখাত। গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞানৰ লগতে বুৰঞ্জী বিষয়টো লৈছিলোঁ। কাৰণ বহুতে মোক কৈছিল যে বুৰঞ্জীয়ে মোক অসামৰিক সেৱাৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব। ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাটো মোৰ সপোন।

স্নাতক ডিগ্ৰীৰ কাৰণে বিশ্ববিদ্যালয় থকা চহৰ, পুণে বা বুলদানা চহৰলৈ যাব লাগিব। মানুহবোৰৰ মতে মই বাছ কণ্ডাক্টৰ বা অংগনবাড়ী কৰ্মী হোৱা উচিত। কাৰণ এইবোৰত বোলে মই সোনকালে চাকৰি পাম। কিন্তু মোৰ সপোনবোৰ বেলেগ আৰু সেই সপোনবোৰ বাস্তৱত পৰিণত কৰিমেই।

মোৰ সম্প্ৰদায়ৰ মানুহে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা আৰু ছোৱালীবোৰক বাল্যবিবাহ কৰিবলৈ বাধ্য কৰোৱা প্ৰথাবোৰ মোৰ সম্প্ৰদাৰ পৰা মই আঁতৰ কৰিব বিচাৰোঁ। ভিক্ষা কৰাটোৱেই একমাত্ৰ বৃত্তি নহয়, শিক্ষাইহে আপোনাক খুৱাব পাৰিব।

লকডাউনৰ কাৰণে গাঁওখনলৈ ঘূৰি অহা সকলো মানুহে এতিয়া হাজিৰা কাম বিচাৰিছে। মোৰ পৰিয়ালৰ মানুহে এতিয়া কোনো কাম নোপোৱাত ঘৰতে থাকিবলগীয়া হৈছে। মোৰ স্কুলত নামভৰ্তিৰ বাবে দেউতাই গাঁৱৰ এজন বয়োজ্যেষ্ঠৰ পৰা টকা ধাৰলৈ লৈছে। এনেকৈ হ’লে ধন ঘূৰাই দিয়াটো বৰ কঠিন হ’ব৷ আমি যদিও যিকোনো কাম কৰিবলৈ ইচ্ছুক, তথাপিও ভিক্ষা কৰি সহানুভূতি বুটলিব নিবিচাৰোঁ।।

পুণেৰ মাৰাঠী ভাষাৰ স্বতন্ত্ৰ সাংবাদিক প্ৰশান্ত খুণ্টেয়ে এই প্ৰতিবেদন প্ৰস্তুতিত সহায় কৰি দিছে।

প্ৰচ্ছদ আলোকচিত্ৰ : অঞ্জলি শিণ্ডে

অনুবাদ: ৰিমঝিম বৰঠাকুৰ

Jamuna Solanke

மகராஷ்டிராவின் ஜல்கோன் ஜமொத் தாசிலில் உள்ள தி நியூ இரா உயர்நிலை பள்ளியில் 11வது வகுப்பில் படிக்கிறார் ஜமுனா சொலன்கே. மாநிலத்தின் புல்தானா மாவட்டத்தில் உள்ள நவ் கஹ் கிராமத்தில் வசிக்கிறார்

Other stories by Jamuna Solanke
Translator : Rimjhim Borthakur

Rimjhim Borthakur is a freelance writer, blogger and translator. She can be reached at [email protected]

Other stories by Rimjhim Borthakur