এই স্থান য’ত চম্বত নাৰায়ন জংগলখন নীৰৱ হৈ পৰি আছে, নিশকতীয়া শ্ৰীবৃদ্ধিহীন কপাহৰ খেতিৰে পথাৰবোৰ ভৰি আছে।

মহাৰাষ্ট্ৰৰ এই অঞ্চলখিনিক হলকি জমীন বা ওখ পথাৰ বুলি কোৱা হয়। সেউজীয়া পাহাৰৰ তিলাই কপাহ খেতিৰ এই পৃষ্ঠভুমিক এক সুন্দৰ ৰূপ দিছে, এই সকলো মাটি অন্ধ ফৈদৰ লোকৰ মাটি, গাঁৱৰ পৰা দূৰত থকা একাষৰীয়া খেতিমাটি।

গছৰ পাতেৰে বনোৱা চালিখনে চম্পতক ৰ’দ-বৰষুণৰ পৰা ৰেহাই দিছিল, যিকেইটা দিন তেওঁ বনৰীয়া গাহৰিৰ পৰা নিজৰ খেতিখন বচাবলৈ কঢ়া নজৰ ৰাখিছিল। তেওঁৰ চুবৰীয়াসকলে কোৱা মতে তেওঁ সদায়েই এইখিনি ঠাইত ৰৈ থাকিছিল।

এই চালিখনৰ পৰা ৪০ বছৰ বয়সীয়া অন্ধ জনজাতীয় খেতিয়ক চম্পতে নিশ্চয়কৈ তেওঁৰ খেতিখনৰ সম্পূৰ্ণ ছবি দেখিছিল। তেওঁ তাৰপৰাই ফলবিহীন গছবোৰ, আঠুলৈকে হোৱা নিশকতীয়া বুটমাহৰ খেতি আৰু সীমাহীন ক্ষতিৰ ছবিখন ভালকৈয়ে দেখিছিল।

দুমাহ পিছত যেতিয়া খেতি চপাবৰ হ’ব, এইখন খেতিৰ পৰা চপাবলৈ একো নাথাকিব। তেওঁৰ ঋণৰ বোজা আছিল, পৰিয়ালৰ খৰছৰ কথা আছিল। হাতত এটকাও নাছিল।

Badly damaged and stunted cotton plants on the forlorn farm of Champat Narayan Jangle in Ninganur village of Yavatmal district. Champat, a small farmer, died by suicide on August 29, 2022.
PHOTO • Jaideep Hardikar
The small thatched canopy that Champat had built for himself on his farm looks deserted
PHOTO • Jaideep Hardikar

য়াভাটমাল জিলাৰ নিংগনুৰ গাঁৱৰ চম্পত নাৰায়ন জংগলৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আৰু মুজুৰা পৰি যোৱা খেতি। ক্ষুদ্ৰ খেতিয়ক চম্পতে ২০২২ৰ ২৯ আগষ্টত আত্মহত্যা কৰিছিল। সোঁফালে: খেতিখন চাবলৈ চম্পতে নিজে সাজি লোৱা পামঘৰ

২০২২ৰ ২৯ আগষ্টৰ দিনা আবেলি, যেতিয়া তেওঁৰ পত্নী ধ্ৰুপদা আৰু ল’ৰা-ছোৱালীকেইটাই ৫০ কিলোমিটাৰ দূৰৰ তেওঁৰ ৰুগ্ন দেউতাকৰ খবৰ ল’বলৈ গৈছিল, আগদিনা বাকী কৰি অনা মাৰাত্মক কীটনাশক মনচিলৰ কেন এটা চম্পতে খাই পেলাইছিল।

তাৰপিছত তেওঁ দূৰত কাম কৰি থকা তেওঁৰ ভায়েকলৈ বুলি কেনটো দেখুৱাই চিঞৰিছিল, যেন তেওঁ মাটিত ঢলি পৰাৰ আগেয়ে সম্পৰ্কীয় ভায়েকলৈ বিদায়হে জনাইছিল। তেওঁৰ থিতাতেই মৃত্যু হৈছিল।

“মই সকলো এৰি তেওঁ কাষলৈ দৌৰি আহিছিলো,” চম্পতৰ খুৰাক ৰামদাস জাংগলে (৭০) কয়। তেওঁ কাষৰ একেই অনুৰ্বৰ শিলাময় পথাৰ এখনত ঘটনাটোৰ সময়ত কাম কৰি আছিল। গাওঁখনৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ গ্ৰাম্য হস্পিতাল এখনলৈ বুলি লৈ যাবলৈ গাড়ী এখন ঠিক কৰা হৈছিল, কিন্তু হস্পিতালত তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

*****

নিংগনুৰ হৈছে মহাৰাষ্ট্ৰৰ পশ্চিম বিদৰ্ভ অঞ্চলৰ য়াভাটমাল জিলাৰ উমৰখেৰ টেহচিলৰ এখন দূৰণিবটীয়া গাওঁ। গাওঁখনত ঘাইকৈ অন্ধ জনজাতীয় ক্ষুদ্ৰ খেতিয়কসকল থাকে আৰু ওখ মাটিত খেতি কৰে। তাতেই চম্পত আছিল আৰু ঢুকাইছিল।

যোৱা দুটা মাহত বিদৰ্ভৰ বহু ঠাইত দীৰ্ঘদিনীয়া ঘৰাঙৰ অন্তত জুলাই আৰু আগষ্টৰ মাজভাগলৈ হোৱা ধাৰাসাৰ, দবাপিটা বৰষুণৰ পৰিপ্ৰেক্ষিতত খেতি নষ্ট হোৱাত বহু খেতিয়কে আত্মহত্যা কৰিছিল।

“তিনি সপ্তাহ ধৰি আমি সূৰ্য্য দেখা নাছিলো,” ৰামদাসে কয়। প্ৰথমে ধাৰাসাৰ বৰষুণে আমাৰ পথাৰৰ বীজবোৰ উটুৱাই নিলে। তাৰপিছত যি খৰাং পৰিল, বৰষুণত বাচি যোৱা লেৰেলি যোৱা পুলিবোৰ সেই খৰাং সহিব নোৱাৰিলে। “যেতিয়া আমি সাৰ প্ৰয়োগ কৰিব বিচাৰিছিলো, তেতিয়া বৰষুণ বন্ধ হোৱা নাছিল। এতিয়া আমাক বৰষুণ লগাৰ সময়ত মেঘ এচপৰাও নাইকিয়া হ’ল।”

The Andh community's colony in Ninganur.
PHOTO • Jaideep Hardikar
Ramdas Jangle has been tending to his farm and that of his nephew Champat’s after the latter’s death
PHOTO • Jaideep Hardikar

বাওঁফালে: অন্ধ জনজাতিৰ নিংগনুৰত থকা চুবুৰী। সোঁফালে: ৰামদাস জাংগলে তেওঁৰ ভতিজা চম্পতৰ মৃত্যুৰ পিছত তেওঁৰ খেতিৰ পথাৰখন চোৱাচিতা কৰি আহিছে

পশ্চিম মহাৰাষ্ট্ৰৰ কপাহৰ খেতি হোৱা অঞ্চলত যোৱা দুটা দশকত খেতিত অৰ্থনৈতিক আৰু পৰিস্থিতিতান্ত্ৰিক সমস্যাৰ বাবে খেতিয়কৰ আত্মহত্যাৰ সংখ্যা বঢ়াৰ বাবে সদায়েই বাতৰিত প্ৰকাশ পায়।

বিদৰ্ভ আৰু মাৰাঠৱাড়া মিলি মুঠ ১৯ খন জিলা আছে, তাত চলিত বৰ্ষা ঋতুত সচৰাচৰ হোৱাতকৈ ৩০ শতাংশ বেছিকৈ বৃষ্টিপাত হৈছে। এয়া ভাৰতীয় বতৰবিজ্ঞানবিভাগৰ বৃষ্টিপাতৰ জিলাভিত্তিক ডেটাৰ তথ্য । বেছিভাগ বৃষ্টিপাত জুলাই মাহত হৈছিল। বৰ্ষাকাল পাৰ হোৱাৰ এমাহ আগত অঞ্চলটোত জুনৰ পৰা ১০ ছেপ্টেম্বৰ, ২০২২লৈকে ইতিমধ্যে অঞ্চলটোত ১১০০ মি.মি. বৃষ্টিপাত হৈছিল (যোৱা বছৰকেইটাত একেটা সময়তে অঞ্চলটোত হোৱা ৮০০ মি.মি. বৃষ্টিপাতৰ বিপৰীতে)। এইবছৰটো ব্যতিক্ৰমী ধৰণে বৰ্ষাসিক্ত হৈ পৰিছিল।

কিন্তু সেই পৰিসংখ্যাত তাৰতম্যৰ তথ্য নাই। জুন মাহটো একেবাৰে বৃষ্টিবিহীন আছিল। জুলাই আৰম্ভণিৰ ভাগত বৰষুণ পৰিছিল আৰু কেইদিনমানৰ ভিতৰতে সেই ঘাটি পুৰ কৰিছিল। মহাৰাষ্ট্ৰৰ কেবাঠাইৰ পৰা জুলাই মাহৰ মাজভাগত বৰষুণৰ পৰা হোৱা বানপানীৰ খবৰ আহিছিল। ভাৰতীয় বতৰবিজ্ঞান বিভাগে মাৰাঠৱাড়া আৰু বিদৰ্ভৰ কেবাঠাইতো জুলাই প্ৰথমটো পষেকত ধাৰাসাৰ বৰষুণ (২৪ ঘণ্টাত ৬৫ মি.মি.ৰ অধিক)ৰ ৰিপ’ৰ্ট পাইছিল।

আগষ্টৰ আৰম্ভণিত বৰষুণ অৱশেষত কমিল আৰু য়াভাটমালকে ধৰি বহুকেইখন জিলাত এইবাৰ ছেপ্টেম্বৰৰ মাজভাগলৈকে দীৰ্ঘদিনীয়া খৰাংঙে দেখা দিলে। আকৌ সমগ্ৰ মহাৰাষ্ট্ৰতে আকৌ বৰষুণৰ আগমন ঘটিল আহিল।

ধাৰাসাৰ বৰষুণ আৰু তাৰ পিছত দীৰ্ঘদিনীয়া খৰাং পৰাটো এই অঞ্চলটোৰ বৈশিষ্ট হৈ পৰিছে, নিংগনুৰৰ এগৰাকী খেতিয়কে কয়। কি কেতি কৰিব, কি নকৰিব, কি নতুন খেতি আদৰি ল’ব, কেনেকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব আৰু মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখিব তাকে লৈ এই কাৰণতে তেওঁলোক বিপদত পৰে। তেনেকৈয়ে তেওঁলোক তীব্ৰ সংকটত পৰে আৰু চম্পতৰ দৰে তাৰে মাজৰ কোনোবাই আত্মহত্যা কৰে।

Fields damaged after extreme rains in July and mid-August in Shelgaon village in Nanded.
PHOTO • Jaideep Hardikar
Large tracts of farms in Chandki village in Wardha remained under water for almost two months after the torrential rains of July
PHOTO • Jaideep Hardikar

বাওঁফালে: জুলাই আৰু আগষ্টৰ মাজভাগত হোৱা অতিবৃষ্টিৰ ফলত নন্দেৰৰ শেলগাঁৱত বিধ্বস্ত হৈ পৰা খেতিপথাৰ। সোঁফালে: ৱাৰ্ধাৰ চন্দকী গাঁৱৰ খেতিৰ মাটি জুলাইৰ পৰা প্ৰায় দুমাহ ধৰি অতিবৃষ্টিৰ পাছত জলমগ্ন হৈ পৰিছিল

কৃষিসংকটৰ প্ৰশমন ঘটাবলৈ কাম কৰি অহা চৰকাৰচালিত টাস্ক ফ’ৰ্চ বসন্তৰাও নাইক শ্বেতকাৰী স্বাৱলম্বন মিছনৰ মুৰব্বী কিশোৰ তিৱাৰিৱে কয় যে শেহতীয়াকৈ কৃষকৰ আত্মহত্যাৰ সংখ্যা বাঢ়িছে। ২৫ আগষ্টৰ পৰা ১০ ছেপ্টেম্বৰৰ সময়খিনিতে বিদৰ্ভত ৩০ জনৰ উচৰা-ওচৰি সংখ্যক খেতিয়কে আত্মহত্যা কৰিছে, অতিবৃষ্টি-অল্পবৃষ্টি আৰু অৰ্থৰ নাটনিয়ে ২০২২ৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে হাজাৰজন খেতিয়কে আত্মহত্যাৰ কাৰণ বুলি তেওঁ অভিহিত কৰে।

এনেকৈ আত্মহত্যা কৰা খেতিয়কৰ ভিতৰত য়াভাটমালৰ দুজন ভাতৃদ্বয়ো আছে, দুয়ো এটা মাহৰ ব্যৱধানত আত্মহত্যা কৰিছিল।

কোনোধৰণৰ সহায়েই কামত নাহিলহেঁতেন, এইবাৰ ইমানেই পৰিস্থিতি শোচনীয় হৈ পৰিছিল, তিৱাৰীয়ে কয়।

*****

তেওঁলোকৰ শস্যপথাৰ জলমগ্ন আৰু শস্য বিধ্বস্ত, মহাৰাষ্ট্ৰৰ ক্ষুদ্ৰ খেতিয়কৰ অধিকাংশৰ বাবে এই দুৰ্য্যোগ দীঘলীয়া হৈ পৰিব।

মহাৰাষ্ট্ৰৰ কৃষি আয়োগৰ কাৰ্য্যালয়ৰ তথ্য মতে বিদৰ্ভ, মাৰাঠৱাড়া আৰু উত্তৰ মহাৰাষ্ট্ৰৰ প্ৰায় ২০ লাখ হেক্টৰ খেতিমাটি এইবাৰ দুৰ্যোগে বিধ্বস্ত কৰিছে। খাৰিফ শস্য বুলিবলৈ একো বাকী নাই, অঞ্চলটোৰ সকলো খেতিয়কে কয়। ছয়াবিন, কপাহ, বুটমাহ আদি ঘাই শস্যবোৰ ক্ষতিগ্ৰস্ত হৈছে। খাৰিফ শস্যৰ ওপৰত নিৰ্ভৰ কৰা শুষ্ক ভূমিবোৰ এইবাৰৰ দুৰ্যোগে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।

তাতে আকৌ নন্দেৰৰ অৰ্ধপুৰ টেহচিলৰ চেলগাঁৱৰ দৰে নদী আৰু উপনদীৰ সমীপৱৰ্তী অঞ্চলবোৰ অনিয়মীয়া বানত বুৰিছে। “এসপ্তাহ আমি বিচ্ছিন্ন হৈ পৰিছিলো,” চেলগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি পাঞ্জাৱ ৰাজগোৰে কয়। “গাঁৱৰ মাজেৰে বৈ যোৱা উমা নদীখনৰ পানীয়ে আমাৰ পথাৰ আৰু ঘৰ-বাৰী জলমগ্ন কৰিছিল”। গাওঁখনৰ পৰা কেইমাইলমান গৈ আগত উমা নদীখনে আসনা নদীখনৰ সৈতে লগ লাগিছে। দুয়োখন গৈ নন্দেৰত গোদাবৰীত লগ লাগিছে। অতিবৃষ্টিৰ সময়ত এই আটাইকেইখন নদীয়ে পানীৰে উপচি পৰে আৰু পাৰ ভাঙে।

Punjab Rajegore, sarpanch of Shelgaon in Nanded, standing on the Uma river bridge that was submerged in the flash floods of July.
PHOTO • Jaideep Hardikar
Deepak Warfade (wearing a blue kurta) lost his house and crops to the July floods. He's moved into a rented house in the village since then
PHOTO • Jaideep Hardikar

বাওঁফালে: নন্দেৰৰ চেলগাঁৱৰ গাওঁ পঞ্চায়তৰ সভাপতি পাঞ্জাৱ ৰাজগোৰে উমা নদীৰ ওপৰৰ দলংখনত, এইখন দলং জুলাইৰ কৃত্ৰিম বানত বুৰিছিল। সোঁফালে: জুলাইৰ বানপানীত নিজৰ ঘৰ আৰু শস্য হেৰুওৱা দীপক ৱাৰফাৰে (নীলা কূৰ্তা পৰিহিত)। তেওঁ তেতিয়াৰে পৰা গাঁৱতে ভাৰাঘৰ লৈ থাকে

“জুলাই মাহটো এনেকৈ বৰষুণ দি আছিল যে আমি পথাৰত কাম কৰিব পৰা নাছিলো,” তেওঁ কয়। খেতপথাৰৰ অৱশিষ্ট শস্য আৰু মাটিয়ে তাৰেই চিন। কিছুমান খেতিয়কে যিকণ শস্য ৰৈ গৈছে সেয়া চাফা কৰি আছে যাতে অক্টোবৰত আগতীয়া ৰবিশস্যৰ বাবে পথাৰখন সাজু কৰিব পাৰে।

“নেৰানেপেৰা সাতদিনীয়া বৰষুণৰ পিছত জুলাই মাহত যশোদা নদীয়ে গোটেই গাওঁখন ডুবাই পেলোৱাৰ পিছত এতিয়াও ৱাৰ্দ্ধা জিলাৰ চন্দকীক প্ৰায় ১২০০ হেক্টৰ মাটি এতিয়াও পানীৰ তলত আছে,” ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বল (এন.ডি.আৰ.এফ.)ক বানত আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰিবলৈ মাতিবলগীয়া হৈছিল।

“আমাৰ ঘৰটোকে ধৰি তেৰটা ঘৰ পানীত বুৰিছিল,” ৫০ বছৰ বয়সীয়া দীপক ৱাৰফাৰে কয়। বানে ঘৰটো উটুৱাই নিয়াৰ পিছৰে পৰা খেতিয়ক দীপকে গাঁৱতে ভাৰাঘৰ কৰি আছে। “আমাৰ সমস্যাটো হৈছে এতিয়া গাঁৱত কোনো কৃষিকৰ্ম নাই, আমি কৰ্মহীন হৈ বহি থাকিবলগীয়া হৈছে।”

“এমাহত আমি সাতবাৰ বানৰ সন্মুখীন হৈছো,” দীপকে কয়। “সাত নম্বৰবাৰৰ বানে আমাক নিথৰুৱা কৰিলে, ভাগ্য ভাল যে এন.ডি.আৰ.এফ.ৰ মানুহ আহি আমাক সঠিক সময়ত উদ্ধাৰ কৰিলে, নহ’লে মই নাবাচিলোহেঁতেন।”

খাৰিফ শস্য নষ্ট হোৱাৰ পিছত চন্দকী গাঁৱৰ মানুহক এটা প্ৰশ্নই আমনি কৰিছে, এইবাৰ কি কৰা যাব?

নিশকতীয়া হৈ পৰা কপাহৰ গছবোৰৰ সৈতে নিজৰ খেতিপথাৰখনত বাবাৰাও পাটিল (৬৪)। নষ্ট হোৱা খেতিৰ যিকণ বাচিছে তাতেই তেওঁ আশা বান্ধিছে।

“এইবছৰ চাগে মই একোকেই নাপাম,” তেওঁ কয়। “এনেয়ে ঘৰত বহি থকাতকৈ মই এই মৰি যাব ধৰা গছবোৰৰ কিছুমান বচাবৰ চেষ্টা কৰিছো।” টকাৰ যে নাটনি হৈছে, সেয়া ভয়ংকৰ কথা, তাকো এয়া আৰম্ভণিহে, তেওঁ কয়।

মহাৰাষ্ট্ৰৰ মাইলৰ পিছত মাইল খেতিপথাৰে বাবাৰাওৰ খেতিপথাৰৰে প্ৰতিফলন ঘটায়। স্বাস্থ্যৱান, ভাল শস্য ক’তো দেখিবলৈ নাই।

Babarao Patil working on his rain-damaged farm in Chandki.
PHOTO • Jaideep Hardikar
The stunted plants have made him nervous. 'I may or may not get anything out this year'
PHOTO • Jaideep Hardikar

বাওঁফালে: বাবাৰাও পাটিলে চন্দকীৰ তেওঁৰ বৃষ্টিবিধ্বস্ত খেতিপথাৰত কাম কৰিছে। সোঁফালে: নিশকতীয়া হৈ পৰা পুলিবোৰে তেওঁক অস্থিৰ কৰি তোলে। 'এইবছৰ চাগে একোকেই নাপাম'

“অহা ১৬ টা মাহত এই সংকট আৰু গম্ভীৰ হৈ পৰিব,” শ্ৰীকান্ত বাৰহাটে কয়, তেওঁ বিশ্ব বেংকৰ এগৰাকী প্ৰাক্তন পৰামৰ্শদাতা আৰু ৱাৰ্দ্ধাৰ আঞ্চলিক উন্নয়নৰ বিশেষজ্ঞ। “তেতিয়ালৈ নতুন শস্য চপাবৰ হ’ব।” কিন্তু প্ৰশ্নটো হৈছে তেতিয়ালৈকে এই ১৬ টা মাহ খেতিয়কে কেনেকৈ বাচি থাকিব?

চন্দকীৰ কাষৰ বাৰহাটেৰ নিজৰ গাওঁ ৰোহনখেৰতো লোকচান অপৰিমেয়। “দুটা কথা দেখিছো, মানুহে সোণ-গহণা বা আন সম্পদ বন্ধকীত থ’ব ধৰিছে নাইবা ঘৰুৱা প্ৰয়োজনৰ হেতু টকা ধাৰলৈ লৈছে, যুৱচামে কামৰ সন্ধানত বাহিৰলৈ ওলাই যোৱাৰ কথা চিন্তা কৰিছে।”

তাৰোপৰি এই বছৰটোৰ শেষৰফালে বেংকেও শস্য ঋণৰ ডিফল্টাৰ দেখিব, তেওঁ কয়।

এখনমাত্ৰ গাওঁ চন্দকীতে কপাহৰ খেতিৰ লোকচান প্ৰায় ২০ কোটি – পৰিৱেশ যদি ভালে থাকিলহেঁতেন, তেন্তে ইমানখিনি টকা এই এখনমাত্ৰ গাঁৱলৈ আহিলহেঁতেন। প্ৰতি একৰৰ উৎপাদনৰ গঢ় লৈ এই হিচাপ উলিওৱা হৈছে।

“আমি কেৱল শস্যখিনিয়েই হেৰুওৱা নাই,” নামদেৱ ভৈয়াৰে (৪৭) কয়। “বীজ সিচা আৰু আন কামত খৰছ হোৱা টকাখিনিও আমি ঘুৰাই নাপাম।”

“আৰু এয়া এবাৰেই যে লোকচান হৈছে, এনে নহয়,” তেওঁ কয়। “মাটিৰ অৱক্ষয় এক দীৰ্ঘদিনীয়া (পৰিস্থিতিতান্ত্ৰিক) সমস্যা”।

Govind Narayan Rajegore's soybean crop in Shelgaon suffered serious damage.
PHOTO • Jaideep Hardikar
Villages like Shelgaon, located along rivers and streams, bore the brunt of the flooding for over a fortnight in July 2022
PHOTO • Jaideep Hardikar

বাওঁফালে: চেলগাঁৱত গোবিন্দ নাৰায়ান ৰাজেগোৰেৰ ছয়াবিনৰ খেতিও নষ্ট হৈছে। সোঁফালে: নদী আু উপনদীৰ দাঁতত থকা চেলগাঁৱৰ দৰে অঞ্চলবোৰত ২০২২ৰ জুলাইত ততালিকে অহা বানে এৰি যোৱা ধ্বংসৰ চিন

মহাৰাষ্ট্ৰৰ হাজাৰ হাজাৰ খেতিয়কে যেতিয়া জুলাই আৰম্ভ হৈ আগষ্টলৈকে শেষ নোহোৱা অতিবৃষ্টিৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল, তেতিয়া ৰাজ্যখনত কোনো চৰকাৰ নাছিল, মহা বিকাশ আঘাৰী চৰকাৰখন ওফৰাই পেলোৱাৰ বাবে শিৱসেনাৰ ভিতৰচ’ৰাত তেতিয়া বিসম্বাদ চলি আছিল।

ছেপ্টেম্বৰৰ আৰম্ভণিৰ ভাগত একনাথ চিণ্ডেৰ নতুন চৰকাৰেখনে ৰাজ্যখনৰ বাবে ৩৫০০ কোটি টকাৰ সাহায্য ঘোষণা কৰে। শস্য আৰু জীৱনৰ যি লোকচান হ’ল তাৰ এটা অংশহে এইখিনি সাহায্যই সামৰি ল’ব পাৰিব। তাৰোপৰি খেতিয়কে এই টকা বেংকৰ যোগেদি হিতাধিকাৰী চিনাক্তকৰণৰ যোগেদি পোৱালৈ এটা বছৰ লাগিব। কিন্তু মানুহক সহায় এতিয়াই লাগে।

*****

“আপুনি মোৰ খেতিখন দেখিছেনে?” চম্পতৰ বিধবা পত্নী ধ্ৰুপদাই শেতা পৰা মুখখন দাঙি মোলৈ প্ৰশ্ন কৰে। তেওঁৰ কাষত তিনিটা সন্তান, পুণম (৮), পুজা (৬) আৰু কৃষ্ণা (৩)। “এনে মাটিত কিহৰ খেতি কৰিব?” চম্পত আৰু ধ্ৰুপদাই খেতিত একেলগে কাম কৰি পৰিয়াল চলাইছিল।

যোৱা বছৰ তেওঁলোকৰ ডাঙৰজনী ছোৱালী তাজুলিৰ বিয়া হৈছিল। তাইৰ বয়স ১৬ বুলি কয় যদিও চাগে ১৫তকৈ বেছি হোৱা নাছিল। তাইৰ এটা তিনিমহীয়া সন্তান আছে। জীয়েকৰ বিয়াৰ বাবে লোৱা ধাৰবোৰ মাৰিবলৈ চম্পত আৰু ধ্ৰুপদাই তেওঁলোকৰ খেতিৰ মাটিখিনি হাঁহ-কুকুৰাৰ ফাৰ্ম এখনৰ বাবে লীজত দি যোৱাবছৰ কুঁহিয়াৰ কটা কামৰ বাবে ক’লহাপুৰলৈ গৈছিল।

পৰিয়ালটো জুপুৰী ঘৰ এটাত থাকে আৰু তাত বিদ্যুতৰ সুবিধা নাই। এতিয়া পৰিয়ালটোৰ খাবলৈ একো নাই। চুবুৰীয়াসকলৰো অৱস্থা তেনেই শোচনীয়, বৃষ্টিবিধ্বস্ত। তথাপিও অলপ-অচৰপ যি পাৰে সহায় কৰিছে।

“আমাৰ দৰিদ্ৰ জনতাক কেনেকৈ মুৰ্খ সাজিব লাগে এই দেশখনে জানে,” এজন স্থানীয় সাংবাদিক আৰু খেতিয়ক মইনুদ্দিন সৌদাগৰে কয়, তেওঁ চম্পতৰ আত্মহত্যাৰ বাতৰি প্ৰথমে প্ৰকাশ কৰিছিল। বিজেপিৰ স্থানীয় বিধায়কজনে ধ্ৰুপদাক দিয়া ২,০০০ টকাৰ সাহায্যক তেওঁ ৰজাঘৰীয়া অপমান বুলি কৈ এক প্ৰতিবেদন লিখিছিল।

Journalist and farmer Moinuddin Saudagar from Ninganur says most Andh farmers are too poor to withstand climatic aberrations.
PHOTO • Jaideep Hardikar
Journalist and farmer Moinuddin Saudagar from Ninganur says most Andh farmers are too poor to withstand climatic aberrations.
PHOTO • Jaideep Hardikar

বাওঁফালে: নিংগনুৰৰ সাংবাদিক আৰু খেতিয়ক মইনুদ্দিন সৌদাগৰে কয় যে অন্ধ জনজাতিৰ খেতিয়কসকল বতৰৰ প্ৰতিকুলতা নেওচিব পৰাকৈ সবল নহয়, অতিকৈ দৰিদ্ৰ। সোঁফালে: আৱেগিক হৈ পৰা ধ্ৰুপদা, প্ৰয়াত চম্পতৰ পত্নী আৰু তেওঁৰ ল’ৰা-ছোৱালীকেইটা, নিংগনুৰৰ সৰু জুপুৰীটোত

প্ৰথমে আমি সিহঁতক শিলাময়, অনুৰ্বৰ পানী নথকা মাটি খেতি কৰিবৈ দিও আৰু পিছলৈ তেওঁলোকক আমি সহায়-সুবিধা নিদিও, মইনুদ্দিনে কয়। দেউতাকৰ পৰা চম্পতে পোৱা খেতিৰ মাটিখিনি ২য় শ্ৰেণীৰ মাটি, সেইখিনি ভূমি চিলিং আইনৰ অধীনত কৰা ভূমি বিতৰণ কাৰ্য্যসূচীৰ অধীনত দেউতাকে লাভ কৰিছিল।

“দশকটোত এইসকল পুৰুষ-মহিলাই তেজক পানী কৰি সেই মাটি উৰ্বৰা কৰি তুলিছিল, কিবা এবিধ শস্য নিজৰ বাবে কৰিবলৈ,” মইনুদ্দিনে কয়। নিংগনুৰ গাওঁ এই অঞ্চলটোৰ অন্যতম দৰিদ্ৰ গাওঁ। গাঁৱৰ প্ৰায়ভাগ লোক অন্ধ জনজাতীয় আৰু গোণ্ড আদিবাসী সম্প্ৰদায়ৰ, তেওঁ যোগ দিয়ে।

প্ৰায়বাগ অন্ধ খেতিয়ক ইমানেই দৰিদ্ৰ যে তেওঁলোকে এনে প্ৰতিকূল বতৰ, যিটো এইবাৰ দেখা গ’ল, সেয়া তিষ্ঠিব নোৱাৰে, মইনুদ্দিনে কয়। অন্ধসকল হৈছে কঠোৰ পৰিশ্ৰম কৰা আৰু বুভুক্ষ-অনাহাৰে থকা লোকৰ এক উদাহৰণ।

চম্পতৰ মৃত্যুৰ সময়ত তেওঁৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা ফালৰ পৰা ধাৰ আছিল। বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছত ধ্ৰুপদীয়ে কৈছিল, সেয়া চাৰি লাখ। “যোৱাবছৰ বিয়াৰ বাবে আমি ধাৰ লৈছিলো, এইবছৰ আমি সম্পৰ্কীয়ৰ পৰা খেতিৰ বাবে আৰু ঘৰুৱা খৰচ-পাতিৰ বাবে ধাৰ লৈছিলো,” তেওঁ কয়। “এতিয়া এই ধাৰবোৰ পৰিশোধ কৰিব পৰা অৱস্থা আমাৰ নাই।’

পৰিয়ালটো এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰাৰ এনে এক সময়, তাতে আকৌ তেওঁলোকৰ বলধ গৰুকেইটাও বেমাৰত পৰিছে। “গৰাকীয়ে এই পৃথিৱী এৰাৰ পিছত আনকি আমাৰ গৰুকেইটাইও খাবলৈ এৰিছে।’

অনুবাদ: পংকজ দাস

Jaideep Hardikar

ஜெய்தீப் ஹார்டிகர் நாக்பூரிலிருந்து இயங்கும் பத்திரிகையாளரும் எழுத்தாளரும் ஆவார். PARI அமைப்பின் மைய உறுப்பினர்களுள் ஒருவர். அவரைத் தொடர்பு கொள்ள @journohardy.

Other stories by Jaideep Hardikar
Editor : Sangeeta Menon

சங்கீதா மேனன், மும்பையில் வாழும் எழுத்தாளர், எடிட்டர், தகவல் தொடர்பு ஆலோசகர்.

Other stories by Sangeeta Menon
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das