''চৰকাৰক শুই নাথাকিবলৈ মই আহ্বান জনাইছো...’’

সেয়াই অসাধাৰণ ব্যক্তিত্বৰ দাউ দাউকৈ জ্বলি থকা একুৰা জুইৰ দৰে বিপ্লৱী, অনুপ্ৰেৰণাদায়ক, কৃষক-দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ হৈ উকালতি কৰা বিপ্লৱী সত্তা। ২০১৮ৰ নৱেম্বৰত সংসদলৈ কৃষকে উলিওৱা মিচিললৈ তেওঁ ভিডিঅ’ বাৰ্তা পঠিয়াইছিল, তাৰেই কিছু কথা ইয়াতে তুলি ধৰা হৈছে।

''কৃষকে তেওঁলোকৰ শস্যৰ উচিত মূল্য পাবই লাগিব,’’ ভিডিঅ’টোত তেওঁ হুংকাৰ দিয়ে। ''এই ন্যায্যপ্ৰাপ্তিৰ বাবে মই নিজে তেওঁলোকৰ সৈতে থিয় দিমগৈ’’ আৰু মিচিলৰ অংশ হ’ম, তেওঁ প্ৰতিবাদী কৃষকসকললৈ বুলি কয়। তেওঁৰ যে বয়স ৯৩ৰ কাষ চাপিছে, স্বাস্থ্যও ভাগি পৰিছে- সেয়া যেন একো ডাঙৰ কথা নহয়। তাৰে মাজতে তেওঁ চৰকাৰক ''শুই নাথাকি জাগি থাকি দৰিদ্ৰজনৰ হকে কাম কৰিবলৈ’’ হুমকি দিছে।

২০২১ৰ ২৩ ছেপ্টেম্বৰৰ সদা সষ্টম-সতৰ্ক হৌচাবাঈ ৯৫ বছৰ বয়সত চাংলিত চিৰনিদ্ৰাত মগ্ন হয়। তেওঁলৈ

হৌচাবাঈ আছিল বৃটিছৰ ৰেলগাড়ী আক্ৰমণ কৰি পুলিচৰ সামগ্ৰী-পাতি লুটি নিয়া, বৃটিছ প্ৰশাসনৰ কাম-কাজ চলা ডাক বাংলা আনকি বিচাৰকক্ষ পৰ্যন্ত জ্বলাই দিয়া ১৯৪৩ৰ পৰা ১৯৪৬ৰ বিপ্লৱী গোটৰ সদস্যা। বৃটিছ ৰাজৰ পৰা ১৯৪৩ত নিজকে স্বাধীন বুলি ঘোষণা কৰা আত্মগোপনকাৰী চাতাৰাৰ প্ৰতি চৰকাৰৰ সেনাবাহিনী তুফান সেনাৰ লগত তেওঁ কাম কৰিছিল।

১৯৯৪ত তেওঁ তেতিয়াৰ পৰ্টুগীজ শাসকৰ বিৰুদ্ধেও বিপ্লৱত ভাগ লৈছিল। মাজনিশা মাণ্ডোভি নদীখন এটা বাকচত উঠি তেওঁ কমৰেড বন্ধুসকলৰ লগত পাৰ হৈছিল। কিন্তু তেওঁ সদায়েই কয়, ''স্বাধীনতা যুঁজত মই কৰাখিনি তেনেই সামান্য কাম...একো ডাঙৰ বা মহান নহয়।’’ তেওঁক লৈ লিখা মোৰ অন্যতম জনপ্ৰিয় প্ৰতিবেদনখন অনুগ্ৰহ কৰি পঢ়কঃ হৌচাবাঈৰ বীৰত্বৰ বিস্মৃত কাহিনী

হৌচাবাঈ আছিল বৃটিছৰ ৰেলগাড়ী আক্ৰমণ কৰি পুলিচৰ সামগ্ৰী-পাতি লুটি নিয়া, বৃটিছ প্ৰশাসনৰ কাম-কাজ চলা ডাক বাংলা আনকি বিচাৰকক্ষ পৰ্যন্ত জ্বলাই দিয়া ১৯৪৩ৰ পৰা ১৯৪৬ৰ বিপ্লৱী গোটৰ সদস্যা

সম্পূৰ্ণ ভিডিঅ’টো চাওক: 'চৰকাৰক শুই নাথাকিবলৈ মই আহ্বান জনাইছো’

তেওঁ ঢুকোৱাৰ দিনা মই সাংবাদিকতাৰ ছাত্ৰবোৰক তেওঁৰ কথা কৈ আছিলো। সেয়া এটা প্ৰজন্ম যাক ভাৰতৰ প্ৰকৃত স্বাধীনতা সংগ্ৰামীসকলৰ পৰা আঁতৰাই ৰখা হৈছে। আজি ছদ্মবেশী দেশপ্ৰেমীয়ে দখল কৰি থকা স্বাধীনতাৰ যিকোনো মঞ্চত থিয় দি দেশপ্ৰেম আৰু ভাৰতীয় জাতীয়তাবাদৰ কথা ক’ব পৰা এইগৰাকী এজন যুঁজাৰু। পৰাধীনতাৰ শিকলি চিঙি বৃটিছ সাম্ৰাজ্যবাদৰ পৰা ভাৰতীয়সকলক মুক্ত কৰি জাতি-ধৰ্মৰ পৰিৱৰ্তে সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে বন্ধাৰ আদৰ্শৰে উদ্বুগ্ধ এজন দেশপ্ৰমী। স্বাধীনতাৰ এগৰাকী পদাতিক মুক্তিযুঁজাৰু, গোড়ামীৰ নহয়।

পাৰিৰ সৈতে তেওঁৰ সাক্ষাৎকাৰ কেতিয়াও নাপাহৰো, তেওঁ যে কৈছিলঃ ''এতিয়া তোমালোকে মোক লৈ যাবানে?’’

''কিন্তু ক’লৈ, হৌচাবাঈ?’’

''তোমালোকৰ সৈতে পাৰিৰ কাম কৰিবলৈ,’’ কৈ তেওঁ হাঁহে।

স্বাধীনতাৰ পদাতিক সেনানীঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্তিম মুক্তিযোদ্ধাসকল’ শীৰ্ষক কিতাপ এখন মই লিখি আছো। হৌচাবাঈৰ বিস্ময়কৰ কাহিনী সেই কিতাপখনৰ এটা মূল অধ্যায়, কিন্তু সেইখন পঢ়িবলৈ হৌচাবাঈ নাথাকিব। এই কথাই মোৰ অন্তৰত দুখ দিছে।

অনুবাদ: পংকজ দাস

பி. சாய்நாத், பாரியின் நிறுவனர் ஆவார். பல்லாண்டுகளாக கிராமப்புற செய்தியாளராக இருக்கும் அவர், ’Everybody Loves a Good Drought' மற்றும் 'The Last Heroes: Foot Soldiers of Indian Freedom' ஆகிய புத்தகங்களை எழுதியிருக்கிறார்.

Other stories by P. Sainath
Translator : Pankaj Das

பங்கஜ் தாஸ், அஸ்ஸாமி மொழியின் மொழிபெயர்ப்பு ஆசிரியராக PARI-ல் உள்ளார். கவுகாத்தியை தளமாகக் கொண்ட அவர், UNICEF உடன் பணிபுரியும் உள்ளூர்மயமாக்கல் நிபுணரும் ஆவார். அவர் idiomabridge.blogspot.com-ல் வார்த்தைகளுடன் விளையாட விரும்புபவரும் கூட.

Other stories by Pankaj Das