ফাট !
এটা টুপকিৰ পৰা ওলোৱা বনৰীয়া লতাৰ গুটিৰ সেয়া শব্দ। তেওঁলোকে চত্তীশগড়ৰ জগদলপুৰ চহৰৰ গোঞ্চা উৎসৱত এনেকৈয়ে প্ৰতীকি ৰূপত চালামি আগবঢ়ায়।
টুপকি হৈছে বাঁহৰ পাবেৰে বনোৱা এটা বন্দুক, তাত বনৰীয়া লতাৰ গুটি গুলি হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ সময়ত এই বন্দুক ফুটুওৱা হয়। জুলাই মাহত উদযাপন কৰা এই উৎসৱত ৰাজ্যখনৰ বস্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক সমবেত হয়।
“কাষৰ গাঁৱৰ মানুহবোৰ গোঞ্চা উৎসৱলৈ আহে আৰু টুপকি এটা কিনেই,” শোভাযাত্ৰাত টুপকি ব্যৱহাৰ কৰা হোৱা নাই, তেনে সেই কথা জগদলপুৰৰ এগৰাকী বাসিন্দা বনমালি পানিগ্ৰাহীৰ মনতে নপৰে।
গুলি হিচাপে ব্যৱহাৰ কৰা গুটিটো এবিধ ওখ লতাজাতীয় উদ্ভিদ মলকাংগিনীৰ সেউজীয়া-হালধীয়া ফল (গছবিধৰ নাম চেলাষ্ট্ৰাছ পেনিকুলেটাচ ৱাইল্ড), ওচৰৰে হাবিত সেয়া পোৱা যায়।
পুৰিতো গোঞ্চা উৎসৱ উদযাপন কৰা হয় যদিও কেৱল বস্তৰ অঞ্চলতহে টুপকি আৰু গুটিৰে চালামি দিয়া পৰম্পৰা চলি আছে। এটা সময়ত এই বন্দুকেৰে বনৰীয়া জন্তু খেদি পঠিওৱা হৈছিল।
জামাৱাড়া গাওঁ নিবাসী সোনসাই বাঘেল এগৰাকী খেতিয়ক আৰু বাঁহৰ কাম কৰা লোক। ধুৰৱা আদিবাসী সোনসাইয়ে জুলাই মাহত উৎসৱ আৰম্ভ হোৱাৰ আগেয়ে জুন মাহৰ পৰা টুপকিৰ কাম আৰম্ভ কৰে। “উৎসৱৰ আগেয়ে আমি টুপকি বনোৱা আৰম্ভ কৰো। আমি হাবিৰ পৰা বাঁহ সংগ্ৰহ কৰো আৰু সেয়া শুকুৱাও,” তেওঁ কয়।
বাঁহৰ দীঘল পাব এটা কুঠাৰ আৰু চুৰীকটাৰীৰে কাটি ফুটা কৰি টুপকি তৈয়াৰ কৰা হয়। ৰংচঙীয়া পাত আৰু কাগজ লগাই টুপকিটো দেখাত ধুনীয়া কৰি তোলা হয়।
“আমি হাবিৰ পৰা পকা পেংফল বিচাৰি আনো। মাৰ্চ মাহৰ পিছত ফল লাগিবৰ হয় আৰু সেয়া ১০০ টামান ফল থকা এটা থোপা ১০ টকাত বিক্ৰী কৰা হয়,” সোনসাইয়ে কয় আৰু যোগ দিয়ে, “এয়া ঔষধী ফল। ইয়াৰ তেল আৰ্থাৰাইটিছ আৰু গাঁঠিৰ বিষৰ কাৰণে ভাল।” টুপকিৰ গুলিও ভাল হয়।
অঞ্চলটোৰ বহুতৰে বাবে টুপকি বনোৱাটো উপাৰ্জনৰ এক বাৰ্ষিক উৎস। উৎসৱৰ সময়ত প্ৰতিখন গাঁৱতে টুপকি বনোৱা কাম আৰম্ভ হয়। এটা টুপকি ৩৫ৰ পৰা ৪০ টকাত বিক্ৰী হয় আৰু বাঘেলে তেওঁৰ ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ নিজ ঘৰৰ পৰা জগদলপুৰলৈ টুপকি বিক্ৰী কৰিবলৈ আহে। তেওঁ কয় যে তিনি দশক আগতে টুপকি এটা দুটকাত বিক্ৰী হৈছিল।
বাঘেলে বস্তৰ জিলাৰ জগদলপুৰ ব্লকত নিজৰ চাৰি একৰ মাটিত বৃষ্টিনিৰ্ভৰ খেতি কৰে। তেওঁৰ গাওঁ জগদলপুৰৰ ৭৮০ ঘৰ মানুহৰ ৮৭ শতাংশই ধুৰৱা আৰু মাৰিয়া আদিবাসী সম্প্ৰদায়ৰ (২০১১ৰ লোকপিয়ল)।
গোঞ্চা উৎসৱৰ ভগৱান জগন্নাথৰ সৈতে জৰিত এটা কাহিনী আছে। চালুক্য সাম্ৰাজ্যৰ বস্তৰ ৰজা পুৰুষোত্তম দেৱে প্ৰভু জগন্নাথৰ বাবে সোণ-ৰূপ আনিবলৈ পুৰিলৈ গৈছিল। সেই অৰ্ঘ্য পাই সন্তুষ্ট হৈ পুৰুষোত্তমক জগন্নাথ মন্দিৰৰ পুৰোহিতে পুৰিৰ ৰজাৰ নিৰ্দেশত ১৬ চকীয়া ৰথ এখন উপহাৰ দিছিল।
পিছলৈ শাল আৰু চেগুন কাঠেৰে বনোৱা ৰথখন ভাগ কৰি চাৰিটা চকাৰে এটা ভাগ বস্তৰৰ প্ৰভু জগন্নাথলৈ আগবঢ়োৱা হৈছিল। তেনেকৈয়ে সেই ৰথযাত্ৰা আৰম্ভ হৈছিল যাক আজি বস্তৰৰ গোঞ্চা উৎসৱ বুলি কোৱা হয়। (অৱশিষ্ট ১২ চকীয়া ৰথখন মাতা দান্তেশ্বৰীলৈ আগবঢ়োৱা হয়)।
পুৰুষোত্তম দেৱে টুপকি দেখা পাইছিল আৰু সেয়া গোঞ্চা উৎসৱত ব্যৱহাৰ কৰাৰ কথা কৈছিল। এই উৎসৱৰ সময়ত জগন্নাথ প্ৰভুলৈ পানাচ কুৱা (হালবি ভাষাত পানাচ কুৱা মানে পকা কঠাল) আগবঢো়ৱা হয়। জগদলপুৰৰ গোঞ্চা উৎসৱত পকা কঁঠাল আনন্দ-উৎসৱৰ এক অবিচ্ছেদ্য অংশ।
অনুবাদ: পংকজ দাস