ডাঁৱৰৰ দৰে অকণমান ধূলি আৰু ইঞ্জিনৰ ফট্ ফট্ শব্দ। নীলা শাড়ী, ডাঙৰ এটা নাকফুলি আৰু তাতোকৈ ডাঙৰ হাঁহি এটা গালে-মুখে বিয়পাই বাইক এখন চলাই আৰাইকালাচেলভি আহিছে। কেইমিনিটমান আগতে তেওঁ আমাক তেওঁৰ জলকীয়াৰ খেতিপথাৰৰ পৰা ইয়াতে তেওঁৰ তলা লগাই থোৱা ঘৰটোৰ সন্মুখত অপেক্ষা কৰিবলৈ কৈছিল। মাৰ্চ মাহহে পৰিছে যদিও ভৰ দুপৰীয়াটোৱে ৰামনাথপুৰমখন যেন খাইহে পেলাব, তেনে এক মূৰ্তি ধৰিছে। আমাৰ ছাঁবোৰ সৰু হৈ পৰিছে, পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে। মধুৰিয়াম গছ এডালৰ শীতল ছাঁত আৰাইকালাচেলভিয়ে বাইকখন থিয় কৰি থৈ আৰাইকালাচেলভিয়ে চেকেণ্ডতে সন্মুখৰ দুৱাৰখন খুলি আমাক ভিতৰলৈ মাতিছে। দূৰৈত গীৰ্জাৰ ঘণ্টা বাজিছে, তেনেতে তেওঁ আমালৈ পানী আনিছে। আমি বহি লৈছো। লাহে লাহে কথোপকথন আৰম্ভ হৈছে।
আমি তেওঁৰ বাইকখনৰ কথাৰেই আৰম্ভ কৰিলো। সৰু গাওঁ এখনৰ তেওঁৰ বয়সৰ মহিলা এগৰাকীয়ে বাইক চলোৱা সচৰাচৰ দেখা নাযায়। “কিন্তু এইখন বৰ কামত আহে,” পঞ্চাশৰ দেওনা পাৰ কৰা তেওঁ হাঁহি কয়। বৰ কম বয়সতে তেওঁ চলোৱা শিকিছিল। “অষ্টম মানত পঢ়ি থাকোতে মোৰ ভাইটিয়ে মোক চলোৱা শিকাইছিল। চাইকেল চলাব জানিছিলোৱেই, সেয়ে ইমান টান লগা নাছিল।”
দুচকীয়াখন থকাই জীৱনটোৰ কষ্ট লাঘৱ হৈছে, তেওঁ কয়। “মোৰ স্বামী বহুদিন ধৰি বিদেশতে আছিল। প্লাম্বাৰ হিচাপে কাম কৰা মানুহটো প্ৰথমে ছিংগাপুৰ, তাৰপিছত ডুবাই আৰু কাটাৰত আছিল। মই ছোৱালীকেইজনীক ডাঙৰ-দীঘল কৰিছো, খেতিও চম্ভালিছো।” অকলে।
জে. আৰাইকালাচেলভি সৰুৰে পৰাই খেতিত ৰাপ থকা মানুহ। মজিয়াত তেওঁ লেপেটা কাঢ়ি বহি ভৰি কোঁচাই লৈছে, কঁকাল পোন কৰি হাতদুখন আঠুৰ ওপৰত ৰাখিছে। তেওঁৰ জন্ম শিৱাগাঞ্জাই জিলাৰ কালায়াৰকইলৰ এটা কৃষক পৰিয়ালত। মুদুকুলাথুৰ খণ্ডৰ পি. মুথুবিজয়াপুৰম নামে যিখন ক্ষুদ্ৰ গাঁৱত তেওঁ থাকে, তাৰ পৰা তেওঁৰ পুৰণি ঘৰলৈ ডেৰঘণ্টাৰ বাট। “মোৰ ভাইকেইটা শিৱাগাঞ্জাইত থাকে। তাত তেওঁলোকৰ কেবাটাও ব’ৰৱেল আছে। আৰু ইয়াত মই এঘণ্টাৰ জলসিঞ্চনৰ বাবে ৫০ টকা দিব লাগে।” ৰামানাথপুৰমত পানীৰ ব্যৱসায় বৰ ডাঙৰ ব্যৱসায়।
জীয়েককেইজনী সৰু থাকোতে তেওঁলোকক আৰাইকালাচেলভিয়ে হোষ্টেলত ৰাখিছিল। পথাৰৰ কাম শেষ কৰি তেওঁ সিহঁতকেইজনীক চাবলৈ যায়। ঘুৰি আহি ঘৰৰ কামত লাগে। এতিয়া তেওঁৰ খেতিমাটি ছয় একৰ। তাৰে এক একৰত নিজে খেতি কৰে, বাকী পাঁচ একৰ আধিয়াত দিয়ে। “ধানখেতি, জলকীয়া, কপাহ - এই তিনিবিধ বজাৰত বিক্ৰীৰ কাৰণে খেতি কৰো। ধনীয়া, ভেণ্ডি, লাও-বেঙেনা, পিয়াজ আদি ঘৰৰ কাৰণে কৰোঁ…”
ঘৰটোৰ একেবাৰে ওখ ঠাইটুকুৰালৈ দেখুৱাই তেওঁ কয়, “এন্দুৰে ঢুকি নোপোৱাকৈ তাতে ধানবোৰ ৰাখো। পাকঘৰৰ ওখ চেলফত জলকীয়া ৰাখো।” তেনেকৈয়ে ঘৰত মুকলি ঠাই ওলোৱাকৈ বস্তুবোৰ তেওঁ ৰাখে। প্ৰায় দুটা দশক আগতে ঘৰটো বনাওতেই তেওঁ এই সুবিধাখিনি তেওঁ নিজে ডিজাইন কৰি লৈছে, লাজুকীয়া হাঁহিৰে তেওঁ কয়। সন্মুখৰ দুৱাৰত মাদাৰ মেৰী খোদিত কৰাৰ আইডিয়াটোও তেওঁৰেই আছিল। কাঠত সুন্দৰকৈ মাদাৰ মেৰীৰ অৱয়ৱ খোদিত কৰা আছে, এটা ফুলৰ ওপৰত মাদাৰ মেৰী আছে। শোৱনি কোঠাটোৰ সেউজীয়া ৰং দিয়া ঘৰটোৰ ভিতৰত আৰু বহুত ফুল আছে, লগতে তেওঁৰ পৰিয়ালৰ ফটো আৰু যীশুখ্ৰীষ্ট আৰু মেৰীৰ ফটো আছে।
দেখাত ধুনীয়া হোৱাৰ উপৰিও ঘৰটোত খাদ্যশস্য মজুত কৰি ৰখাৰ ইমান ধুনীয়া সুবিধা আছে যে তেওঁ খেতিৰ শস্য চপাই ভাল দাম নোপোৱালৈ মজুত কৰি ৰাখিব পাৰে। এই কামত তেওঁ সফলো হৈছে। চৰকাৰে ১৯.৪০ টকা দৰত ধান ক্ৰয় কৰে।
য’তনেকি তেওঁক স্থানীয়ে কমিছন এজেণ্টে মাত্ৰ ১৩ টকাহে দিয়ে। “মই চৰকাৰলৈ দুই কুণ্টল (২০০ কিলোগ্ৰাম) ধান বিক্ৰী কৰিছো। তেওঁলোকে জলকীয়া কিয় কিনিব নোৱাৰে?” তেওঁ প্ৰশ্ন কৰে।
প্ৰতিজন জলকীয়া খেতিয়কে ভাল, স্থিৰ দাম পালে ভাল পায় - তেওঁ যুক্তি দিয়ে। “ধানখেতিৰ দৰে জলকীয়াৰ খেতি বেছি বৰষুণ নাইবা বেছি পানীত বেছিদিন নিটিকে। এইবছৰ অসময়ত বৰষুণ হ’ল, এবাৰ গুটিবোৰ গঁজালি মেলোতে আৰু আনবাৰ সৰু সৰু পুলি হৈ থাকোতে। কিন্তু ফুল ফুলাৰ সময়ত যেতিয়া বৰষুণৰ প্ৰয়োজন আছিল, তেতিয়া নহ’ল।” তেওঁ জলবায়ু পৰিৱৰ্তন অভিধাটো ব্যৱহাৰ কৰা নাই যদিও তেওঁ কোৱা ‘অবতৰত হোৱা বৰষুণ’ৰ কথাৰ পৰা বৰষুণৰ ধৰণ সলনি হোৱাটোৰেই ইংগিত বহন কৰিছে। সেই কাৰণতে তেওঁ আগতে যিমান জলকীয়া পায়, তাতোকৈ পাঁচভাগৰ এক অংশহে এইবাৰ চপাব পাৰিছিল। যদিওবা তেওঁ ‘বেছি মূল্যৰ’ মানে ৩০০ টকীয়া ‘ৰামনাদ মুণ্ডু’ প্ৰজাতিৰ দামী জলকীয়া খেতি কৰিছে, তথাপিও “পানীয়ে এইবাৰ তেওঁৰ বেপাৰ পণ্ড কৰিব।”
এটা সময় আছিল, যেতিয়া জলকীয়া এক কি দুই টকাত এটা ভাগ বিক্ৰী হৈছিল। বেঙেনা ২৫ পইচাত এক কিলো হৈছিল। “ত্ৰিশ বছৰ আগতে কপাহৰ দাম কিলোত তিনি কি চাৰি টকা আছিল। তাৰ পিছতো আপুনি পাঁচ টকা হাজিৰাত শ্ৰমিক লগাব পাৰিছিল। এতিয়া? মজুৰি বাঢ়ি গৈ ২৫০ টকা হৈছে। কিন্তু কপাহত দৰ ৮০ টকাতকৈ নুঠে।” আন কথাত ক’বলৈ গ’লে শ্ৰমৰ মূল্য ৫০ গুণ বাঢ়িছে. কপাহৰ বিক্ৰীমূল্য মাত্ৰ ২০ গুণ বাঢ়িছে। কৃষক নিৰুপায়। নীৰৱে কষ্ট স্বীকাৰ কৰিবলগীয়া হয়।
তথাপি আৰাইকালাচেলভিয়ে খেতি কৰে। তেওঁ কথা কওঁতে মনৰ দৃঢ়তা স্পষ্ট হৈ পৰে। “জলকীয়াৰ খেতি এইফালে আছে,” তেওঁ সোঁফালে আঙুলিয়াই দেখুৱায়। “এইফালে অলপ খেতি কৰো, সেইফালে বেছি।” তেওঁ শূন্যতে আঁকি দেখুৱায়। “বাইকখন থকা কাৰণে মই দুপৰীয়াৰ আহাৰ খাবলৈও আহো। বস্তাবোৰ কঢ়িয়াবলৈ পুৰুষৰ ওপৰতো আশা পালি থাকিবলগীয়া নহয়। বাইকৰ কেৰিয়াৰত উঠাই ঘৰলৈ লৈ আহো।” আৰাইকালাচেলভিয়ে মিচিকিয়াই হাঁহি কথাখিনি কৈ গৈছে, তেওঁৰ কথাত তামিল ভাষাটোৰ থলুৱা ঠাচ এটা স্পষ্ট হৈ পৰিছে।
“২০০৫তহে বাইকখন আনিলো, তাৰ আগলৈকে মই গাঁৱৰ কাৰোবাৰ পৰা খুজি আনো।” টিভিএছ মপেডখনৰ নামত পইচা খৰছ কৰি তেওঁ এক সাংঘাতিক ভাল বিনিয়োগ কৰিছে বুলি তেওঁ ভাবে। এতিয়া গাঁৱৰ যুৱতীবোৰক তেওঁ বাইক চলাবলৈ উৎসাহ যোগায়। “ইতিমধ্যে বহুতেই চলায়,” পথাৰলৈ যাবলৈ সাজু হোৱা আৰাইকালাচেলভিয়ে বাইকখনত উঠি মিচিকিয়াই হাঁহি কয়। তেওঁক আমি প্ৰখৰ ৰ’দত শুকাবলৈ মেলি দিয়া জলকীয়াৰ মাজেৰে আমাৰ বাহনখনেৰে অনুসৰণ কৰিলো। ৰামনাথপুৰমত পাৰি থোৱা এখন যেন ৰঙা দলিচাহে, ঘৰে ঘৰে জলকীয়াৰ জুতি দিবলৈ সাজু হৈ থকা এবাৰত এটা গুণ্ডু মিলাহাই জলকীয়া।
*****
“তোমাক সেউজীয়াৰ পৰা ৰঙাকৈ পকি উঠা মই দেখিছো,
দেখাত যে ধুনীয়া হৈছা, জুতি লগাই খাবপৰা হৈছা
”
সন্ত ও গীতিকাৰ পুৰুন্দৰ দাসৰ গীত এটিৰ
উদ্ধৃতি
এয়া আছিল ভাৰতীয় সাহিত্যত জলকীয়া প্ৰথম উল্লেখ, যাৰ বিভিন্ন অৰ্থ উলিয়াব পাৰি। ‘ইণ্ডিয়ান ফুড, এ হিষ্ট’ৰিকেল কম্পেনিয়ন’ শীৰ্ষক গ্ৰন্থখনত কে. টি. আচায়াই এই কথা কৈছে। ভাৰতীয় ব্যঞ্জনত জলকীয়াৰ তুলনা কাৰো সৈতে নহয়, এই অদ্বিতীয় জলকীয়া যে “অতীজৰে পৰা আমাৰ লগত নাছিল, সেইকথা বিশ্বাস কৰিবলৈ টান,” আচায়াই কথাখিনি যোগ দিয়ে। গীতটোত সঠিক সময়ৰ কথাও উল্লেখ আছে। সেয়া আছিল “প্ৰসিদ্ধ দক্ষিণ ভাৰতীয় গীতিকাৰ পুৰুন্দৰ দাসে লিখা, তেওঁৰ জীৱনকাল আছিল ১৪৮০ৰ পৰা ১৫৬৪ৰ ভিতৰত।”
গীতটো এনেকৈ আগবাঢ়িছে:
“দৰিদ্ৰৰ ভাতৰ আঞ্জা, ভাল খাদ্যৰ সোৱাদ বঢ়োৱা, কামুৰিলে জুই যেন লগা, পাণ্ডুৰাংগা ভিট্টালা দেৱীক মনত পেলালেও শাত নপৰা”
কেপছিকাম এনাম ‘ভাৰতলৈ আহিছিল পৰ্টুগীজৰ হাতত, ভাৰতৰ উপকূললৈ তেওঁলোকে সেয়া আনিছিল দক্ষিণ আমেৰিকা জয় কৰাৰ পিছত,’ ‘ৰোমাঞ্চিং ইন চিলি’ শীৰ্ষক গ্ৰন্থখনত সুনীতা গোগাটে আৰু সুনীল জালিহালে উল্লেখ কৰিছে।
ভাৰতত ইয়াৰ সোৱাদ মানুহে পোৱাৰ লগে লগে ই জালুকক পিছ পেলাবলৈ বেছি সময় নালাগিল। তেতিয়ালৈকে ব্যঞ্জনত জিভাত ধৰা মচলা বুলিবলৈ ভাৰতত কেৱল জালুকেই আছিল - কিন্তু “গোটেই দেশতে খেতি কৰিব পৰা… জালুকতকৈ বহু বেছি কামৰ এই জলকীয়াই তাৰ ঠাই ল’লে,” আচায়াই কয়। সেয়ে হয়তো দেশৰ বহু ভাৰতীয় ভাষাত জলকীয়াৰ নাম জালুকৰ নামেৰেই কোৱা হয়। তামিল ভাষাত জালুকক মিলিগু বুলি কোৱা হয়, জলকীয়াও তেনেই এটা নাম পালে, সি হ’লগৈ মিলাহাই, দুটা নতুনকৈ যোগ হোৱা স্বৰধ্বনিয়ে ক’ত দেশ-মহাদেশ আৰু শতিকা সামৰি পেলালে।
নতুন মচলাবিধ আমাৰ হৈ পৰিল। আজি ভাৰততে আটাইতকৈ বেছি শুকান জলকীয়া উৎপাদন কৰা হয়। ২০২০ত সেয়া আছিল ১৭ লাখ টন। এয়া থাইলেণ্ড আৰু চীনদেশে মিলি কৰা উৎপাদনৰ পাঁচগুণতকৈ সমান, এই দুখন দেশ দ্বিতীয় আৰু তৃতীয় স্থানত আছে। ভাৰতত অন্ধ্ৰপ্ৰদেশেই আটাইতকৈ বেছি জলকীয়া উৎপাদন কৰে, ২০২১ত অকলেই ৮,৩৬,০০০ টন উৎপাদন কৰিছিল। তামিলনাডুৱে একেটা বছৰত মাত্ৰ ২৫,৬৪৮ টন উৎপাদন কৰিছিল। একেখন ৰাজ্যতে ৰামনাথপুৰম শীৰ্ষত আছে, প্ৰতিবছৰে তামিলনাডুৰ এইখন জিলাত প্ৰতি চাৰি হেক্টৰৰ এক হেক্টৰত (৫৪,২৩১ হেক্টৰৰ ১৫,৯৩৯) জলকীয়া খেতি কৰা হয়।
মই প্ৰথমে পি. সাইনাথৰ ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ গ্ৰন্থখনৰ “দা টাইৰেনী অৱ দি তাৰাগড়” অধ্যায়ত ৰামনাথপুৰমৰ জলকীয়া আৰু খেতিয়কসকলৰ বিষয়ে পঢ়িছিলো। কাহিনীটো এনেদৰে আৰম্ভ হৈছে: “তাৰাগড় (কমিচন এজেণ্ট)জনে তেওঁৰ আগত ক্ষুদ্ৰ খেতিয়কজনে থৈ দিয়া দুবস্তা জলকীয়াত হাত দি এক কিলো উলিয়ায়। এইখিনি তেওঁ এহাতে চামি ৱট্টল (মানে ভগৱানৰ নামত দিয়া) বুলি ৰাখে।”
সাইনাথে তাৰপিছত আমাক ৰামাস্বামীৰ সৈতে পৰিচয় কৰাই দিছে, “জলকীয়াৰ খেতিয়কজনে এক একৰৰ তিনিভাগৰ এভাগত জলকীয়া খেতি কৰি পেট পুহিছে,” তেওঁ সেই জলকীয়া আন কাৰোলৈ বিক্ৰী কৰিব নোৱাৰে, কিয়নো এজেণ্টগৰাকীয়ে “বীজ সিচাৰ আগতেই গোটেই শস্যখিনি কিনি থৈছে।” ১৯৯০ত যেতিয়া সাইনাথে তেওঁৰ কিতাপখনৰ বাবে অতিকৈ দৰিদ্ৰ দহখন জিলা সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ খেতিয়কৰ ওপৰত তাৰাগড়সকলৰ দপদপনিৰ বিষয়ে লিখিছিল।
২০২২ত মই ‘লেট দেম ইট ৰাইচ’ শীৰ্ষক মোৰ ধাৰাবাহিকৰ বাবে ৰামনাথপুৰমলৈ যাওঁতে জলকীয়াৰ খেতিয়কসকলে কেনেকৈনো চলিছে সেয়া জানিবলৈ চেষ্টা কৰিছিলো।
*****
“কম উৎপাদনৰ কাৰণ হৈছে: মায়িল, মুয়াল, মাৰু, মান (ময়ুৰ, শহাপহু, গৰু আৰু পহু)। তাৰ লগতে আকৌ অতিবৃষ্টি আৰু অল্পবৃষ্টি আছে।”
ভি. গোবিন্দৰাজন, ৰামনাথপুৰমৰ মুম্মুদিসাথানৰ জলকীয়া খেতিয়ক
ৰামনাথপুৰম চহৰৰ জলকীয়া বেপাৰীৰ দোকানত পুৰুষ-মহিলাই নিলামৰ কাৰণে অপেক্ষা কৰিছে। তেওঁলোকে গৰুৰ দানা (ডাবল হৰ্ছ ব্ৰেণ্ড) বোজাই কৰা টেম্পো, বাছ আদিৰ ওপৰত উঠি শাৰী নাইবা ৰুমালেৰে গা বিচি বিচি এই বজাৰখনলৈ আহিছে। বৰ গৰম পৰিছে যদিও ছাঁ আছে বুলি তেওঁলোকে কয়। তেওঁলোকৰ পথাৰত আমি ছাঁ দেখা নাপালো। জলকীয়াৰ গছ ছাঁ পৰা ঠাইত নহয়।
৬৯ বছৰ বয়সীয়া ভি. গোবিন্দৰাজনে তিনি বস্তা শুকান জলকীয়া আনিছে, প্ৰতিটো বস্তাত ২০ কিলোগ্ৰামকৈ আছে। “এইবছৰ খেতি ইমান ভাল নহ’ল।” উৎপাদন কেনে হৈছে সোধোতে তেওঁ মুৰ জোকাৰে। “আন খৰছবোৰো কমা নাই।” শস্যবিধ তেনেই তজবজীয়া, তেওঁ কয়। আন শস্য যেনে জেছমিন আদিৰ দৰে মিলাহাই (জলকীয়া)ত বেছি কীটনাশক ছটিয়াবলগীয়া নহয়।
তাৰপিছত গোবিন্দৰাজনে প্ৰক্ৰিয়াটোৰ কথা কয়। কিমানবাৰ মাটি চহ কৰিব লাগে, তেওঁ কয়। সাতবাৰ। (দুবাৰ দকৈ চহাব লাগে আৰু পাঁচবাৰ গ্ৰীষ্মকালত চহাব লাগে)। তাৰপিছত আহে সাৰৰ কথা। তাৰবাবে ১০০ টা ছাগলী তেওঁৰ পথাৰত প্ৰতিটো ৰাতি এসপ্তাহৰ বাবে থাকিব লাগে যাতে সিহঁতৰ মল-মূত্ৰই মাটি সাৰুৱা কৰে। তাৰবাবে প্ৰতি নিশা ২০০ টকাকৈ দিব লাগে। তাৰপিছত আহিল বীজ ক্ৰয় কৰা আৰু বন নিৰোৱাৰ ৪-৫ টা চক্ৰ। “মোৰ ল’ৰাটোৰ ট্ৰেক্টৰ আছে, তেওঁ মাটিখিনি বিনা পইচাই সাজু কৰি দিয়ে,” তেওঁ মিচিকিয়াই হাঁহে। “আনবোৰে ভাৰা কৰি অনা ট্ৰেক্টৰৰ বাবদ প্ৰতিঘণ্টাত ৯০০ৰ পৰা ১,৫০০ টকা দিয়ে।”
আমি কথা পাতি থাকোতে আৰু কেইগৰাকীমান খেতিয়ক আহি লগ লাগিল। কান্ধত টাৱেল লৈ নাইবা সেইখনকেই মুৰত পাগুৰি মাৰি লৈ লুংগি আৰু ধূতি কোঁচাই তেওঁলোক আমাৰ কাষত থিয় দিলে। মহিলাসকলে ভমকাফুলীয়া নাইলনৰ শাড়ী পিন্ধি আমাৰ কাষ চাপিল। তেওঁলোকৰ মুৰত আছিল কমলাবৰণীয়া প্ৰিয়দৰ্শিনী ফুল আৰু সুগন্ধী জেছমিন। গোবিন্দৰাজনে মোৰ বাবে চাহ লৈ আহিল। টাইল খুওৱা চালিখনৰ ফাকেৰে সুৰ্য্যৰ পোহৰ সোমাই আহিছে। সেই পোহৰে জলকীয়াৰ দ'মবোৰৰ কিছু অংশ পোহৰাই তুলিছে। ডাঙৰ বাখৰৰ দৰে সেয়া জিলিকিছে।
ৰামনাথপুৰমৰ কনেৰি ক্ষুদ্ৰগাঁৱৰ ৩৫ বছৰ বয়সীয়া কৃষক এ. বাসুকীয়ে তেওঁৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰিলে। তাত থকা আন মহিলাসকলৰ দৰেই তেৱো পুৰুষতকৈ দিনটো সোনকালে আৰম্ভ কৰে। তেওঁ ৭ বজাৰ বহু আগতেই উঠে, বজাৰলৈ যায়, স্কুললৈ যোৱা ল’ৰা-ছোৱালীকেইটাৰ কাৰণে ভাত ৰান্ধি টিফিন কৰি দিয়ে। উভতি আহে মানে ১২ ঘণ্টাৰ কাম হয়। তাৰপিছত আৰম্ভ হয় ঘৰৰ কাম-বন।
এইবছৰ খেতিত লোকচান হ’ল, তেওঁ কয়। “জলকীয়া গছবোৰৰে কিবা দোষ আছিল, জলকীয়াবোৰ ডাঙৰেই নহ’ল। আম্বুট্টুম কট্টিৰুচু (জলকীয়াবোৰ সৰি পৰিল)।” তেওঁ বজাৰলৈ খেতিৰ আধা শস্য, ৪০ কিলো জলকীয়া আনিছে, বাকী ৪০ কিলোগ্ৰামমান চিজনৰ শেষৰফালে আনিব। অতিৰিক্ত উপাৰ্জনৰ বাবে তেওঁ এনৰেগা কাম পাব বুলি আশা পালি আছে।
৫৯ বছৰ বয়সীয়া পি. পুমায়িলে তেওঁৰ চুবুৰীটো মুমুৰিচাটানৰ পৰা ২০ কিলোমিটাৰ বাট অহাটো দিনটোৰ ডাঙৰ কাহিনী। সেইদিনা পুৱা তেওঁ বিনামূল্যে আহিবলৈ পালে। ২০২১ত শাসনলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনৰ নেত্ৰীত্বত চলা ডিএমকে চৰকাৰখনে ঘোষণা কৰিছিল যে চহৰত মহিলাই বাছত বিনামূল্যে যাতায়ত কৰিব পাৰিব। সেই বাছতে তেওঁ আহিল।
পুমায়িলে আমাক তেওঁৰ টিকটটো দেখুৱালে, তাত মাগালিৰ (মহিলা) আৰু বিনামুলীয়া টিকট বুলি লিখা আছে। তেওঁৰ দিনটোত এনেকৈ ৪০ টকা ৰাহি হৈছে আৰু কেইগৰাকীমান পুৰুষে ভোৰভোৰাইছে, কৈছে আমাকো তেনে টিকট দিয়া হ’লে। সকলোৱে হাঁহিছে, বিশেষকৈ মহিলাসকলে বেছিকৈ।
গোবিন্দৰাজনে যেতিয়া কম উৎপাদনৰ কাৰণবোৰ এটা এটাকৈ ক’বলৈ ধৰিলে, তেতিয়া সকলোৰে মুখৰ হাঁহি হেৰাল। মায়িল, মুয়াল, মাৰু, মান - তেওঁ তামিল ভাষাতে ক’লে। ময়ুৰ, শহাপহু, গৰু আৰু হৰিণা। “লগতে অতিবৃষ্টি আৰু অল্পবৃষ্টি।” ভাল বৰষুণ যেতিয়া লগা আছিল, যাতে ফুলবোৰ ফুলে আৰু ফল লাগে, তেতিয়া নাপালো। “আগতে প্ৰচুৰ পৰিমাণে জলকীয়া লাগিছিল,” তেওঁ চালিখনলৈ দেখুৱাই কয়, আগতে এজন মানুহে ওপৰত উঠি জলকীয়াৰ পাহাৰ এখন হৈ নুঠালৈকে ঢালি গৈছিল।
এতিয়া দ'মবোৰ সৰু হৈ পৰিছে, আঠুৰ ওপৰত উঠা নাই। ৰংবোৰো ভিন্ন, কোনোবাটো উজ্বল ৰঙা, কোনোবাটো গাঢ় ৰঙা। কিন্তু তীব্ৰ জাৰ থকা। কোনোবা নহয় কোনোবাই ইয়াতে হাচিয়াইছে, কিছুমানে কাহিছে। ক’ৰনাভাইৰাছ এতিয়াও বিশ্বৰ বাবে ভাবুকি, কিন্তু ইয়াত, বেপাৰীৰ দোকানত হাঁচি-কাহৰ বাবে জলকীয়াহে দায়ী।
নিলামকৰ্তা এছ. জোচেফ চেংগলে তাত সোমাইছে, সকলো অস্থিৰ হৈ পৰিছে। ততালিকে তাত পৰিৱেশ সলনি হৈছে। মানুহবোৰ জলকীয়াৰ দ'মবোৰৰ কাষত থিয় দিছে। জোছেফৰ সৈতে অহা দলটোৱে জলকীয়াৰ ওপৰত থিয় দিছে, তন্নতন্নকৈ চাইছে। তাৰপিছত সোঁহাতত এখন টাৱেল লৈছে। আন এজন মানুহে (ক্ৰেতাসকলৰ আটাইবোৰ পুৰুষ) টাৱেল এখনেৰে হাত মিলাইছে, সেই ছেগতে তেওঁ কিমান দাম দিব গোপনে জনাইছে।
এই গোপন ভাষা বাহিৰৰ পৰা অহাজনৰ কাৰণে বৰ আচহুৱা লাগিব পাৰে। হাতৰ তলুৱাখন চুই, আঙুলিত ধৰি, নাইবা আঙুলিৰে তলুৱাত টোকৰ মাৰি তেওঁলোকে দাম-দৰ কৰে। তেনেকৈয়ে মূল্য নিৰ্ধাৰণ হয়। তেওঁলোকে যদি নিলাম কৰিব নোখোজে, তেন্তে তলুৱাত শূন্য এটা আঁকি দিয়ে। নিলামকৰ্তাই তেওঁ কামৰ বাবে কমিচন পায়, এক বেগত তিনি টকা। বেপাৰীজনে খেতিয়কজনৰ পৰা নিলামৰ বাবদ মুঠ বিক্ৰীৰ পৰা ৮ শতাংশ লয়।
এজন ক্ৰেতাই দাম জনোৱাৰ পিছত আন এজন নিলামকৰ্তাই টাৱেলৰ তলেৰে গোপনে দাম মাতে। তাৰপিছত আন এজন। আটাইকেইজনে দাম কোৱাৰ পিছত আটাইতকৈ বেছি কোৱাজনৰ দাম ধৰা হয়। আকাৰ আৰু ৰঙ যিয়ে গুণাগুণৰ কথা কয়, তাৰ ওপৰত ভিত্তি কৰি সেইদিনা শুকান জলকীয়াৰ দাম ৩১০ টকাৰ পৰা ৩৮৯ টকালৈ উঠিছিল।
খেতিয়কসকল অৱশ্যে সুখী নহয়। লক্ষণীয় হাৰত উৎপাদন কমাৰ পিছত পোৱা ভাল দামে তেওঁলোকৰ লোকচান হোৱাটোকে নিশ্চিত কৰে। “আমি ভাল উপাৰ্জন কৰিবলৈ হ’লে তাত মূল্য সংযোজন কৰিব লাগিব,” গোবিন্দৰাজনে কয়। “কিন্তু মোক কওঁকচোন, সময় ক’ত? জলকীয়া গুড়ি কৰি বিক্ৰী কৰিম নে খেতিয়েই চম্ভালিম?” তেওঁ প্ৰশ্ন কৰে।
তেওঁৰ ভাগটো নিলামলৈ অহাৰ সময়ত তেওঁৰ খংটো মানসিক চাপলৈ ৰূপান্তৰ হ’ল। “ইয়ালৈ আহক, আপুনি ভালকৈ দেখিব,‘ তেওঁ মোক মাতিলে। “পৰীক্ষাৰ ফলাফল চোৱাৰ দৰে লাগে,” তেওঁ কয়, হাতৰ টাৱেলখন মুখত লৈ মোক কয়, শৰীৰটো জঠৰ যেন হৈছে, গোপনে হাত মিলোৱা কাৰবাৰটো তেওঁ বৰ মনযোগেৰে চাইছে। “মোৰ কেজিত ৩৩৫কৈ পাইছো,” দাম ঘোষণা কৰাৰ সময়ত তেওঁ হাঁহি কয়। তেওঁৰ পুতেকে কৰা খেতিৰ জলকীয়াবোৰ সামান্য ডাঙৰ, সেইবোৰত কেজিত ৩০ টকা বেছিকৈ পাইছে। শেষত তেওঁলোকে জলকীয়াখিনি ওজন কৰিব, পইচা সংগ্ৰহ কৰিব, ভাল কিবা এটা খাব, অলপ বজাৰ কৰিব আৰু শেষত বাছত উঠি ঘৰলৈ উভতিব…
*****
“আমি আগতে চিনেমা চাবলৈ গৈছিলো। কিন্তু শেষবাৰ চিনেমা চাইছিলো ১৮ বছৰ আগতে: টুল্লাদা মনমম
টুল্লুম।” (কঠিন হৃদয়ো জাগি উঠিব)
এছ অম্বিকা, ৰামনাথপুৰমৰ মেলায়াকুৰিৰ এগৰাকী জলকীয়া
খেতিয়ক
“আমাৰ পথাৰখনলৈ আধাঘণ্টাৰ বাট, চমু বাট এটা আছে,” এছ অম্বিকাই আমাক কয়। “কিন্তু ৰাস্তাটো দীঘলীয়া আছিল।” চাৰে তিনি কিলোমিটাৰ বাট আৰু বহুত মেৰ-পাক আছে। তেনেকৈ গৈ আমি শেষত পৰমাকুৰি ব্লকৰ মেলায়াকুৰি গাঁৱৰ তেওঁৰ খেতিপথাৰখন পালো। দূৰৰ পৰা পথাৰখন উভৈনদী যেন লাগিল, মৰকতৰ নিচিনা সেউজীয়া, প্ৰতিটো ডালতে টিকটিকিয়া ৰঙা, হালধীয়া আৰু মেৰুন ৰঙৰ ফল ধৰিছে। অ’ত-ত’ত হালধীয়া পখিলা উি ফুৰিছে, যেন হালধীয়া জলকীয়াবোৰৰ পাখিহে গজিছে।
দহ মিনিটত সৌন্দৰ্য্যৰ কথা তল পৰিল। পুৱা ১০ বজা নাই, কিন্তু সূৰ্য্যটোৱে প্ৰচণ্ড মূৰ্তি ধৰিছে, মাটিবোৰ পানী নাপাই ফাটিছে, কপালৰ ঘাম আহি আমাৰ চকুত সোমাইছে। ৰামনাথপুৰমৰ সকলোতে এনেকৈ মাটিত ফাঁট মেলা আমি দেখিছিলো, ধৰাখন যেন বৰষুণৰ বাবে আতুৰ হৈ পৰিছে। অম্বিকাৰ জলকীয়া খেতিৰ মাটিখিনিৰো একেই অৱস্থা। গোটেই পথাৰখনত চিৰাল ফাঁট দিছে। কিন্তু ইমানো খৰাং পৰা নাই বুলি তেওঁ ভাবে। তেওঁ ভৰিৰ আঙুলিৰে মাটি খান্দি কয়, “এয়া চাওক, মাটি সেমেকি থকা নাইনে বাৰু?”
বহুকেইটা প্ৰজন্ম ধৰি অম্বিকাৰ পৰিয়ালে খেতিৰেই জীৱিকা নিৰ্বাহ কৰি আহিছে। তেওঁৰ বয়স ৩৮, তেওঁৰ ভাই-বোৱাৰী এছ ৰাণীৰ বয়স ৩৩, তেওঁ অম্বিকাক খেতিত সহায় কৰে। তেওঁলোকৰ প্ৰতিটো পৰিয়ালৰে এক একৰকৈ মাটি আছে। জলকীয়াৰ লগতে তেওঁলোকে আগাটি নামে এবিধ পালেংশাকৰ খেতি কৰে, সেয়া গৰু-ছাগলীৰ বাবে উত্তম আহাৰ। কেতিয়াবা তেওঁলোকে ভেণ্ডি আৰু বেঙেনাৰো খেতি কৰে। এনে কৰিলে তেওঁলোকৰ কাম বাঢ়ে। কিন্তু তেনে নকৰি উপাৰ্জনৰ আন উপায়নো কি আছে?
মহিলাসকলে প্ৰতিদিনে পুৱা ৮ বজাতে পথাৰলৈ আহে আৰু সন্ধিয়া ৫ বজালৈকে খেতি ৰখে। “নহ’লে ছাগলীয়ে খাই শেষ কৰিব!” প্ৰতিদিনে পুৱা তেওঁলোকে ৪ বজাতে উঠে, চোতাল-ঘৰ চাফা কৰে, পানী সংগ্ৰহ কৰে, ভাত ৰান্ধে, ল’ৰা-ছোৱালীক জগায়, বাচন ধোৱে, টিফিন পেক কৰে, গৰু-ম’হক দানা দিয়ে আৰু পথাৰলৈ খোজকাঢ়ি গৈ কাম কৰে, কেতিয়াবা আবেলি ঘৰলৈ আহি গৰু-ছাগলীক পানী খুৱাই যায়। তাৰপিছত জলকীয়াৰ খেতিলৈ আহে, জলকীয়া গছবোৰৰ যতন লয় আৰু সেই ‘চৰ্টকাট’টোৰে আধাঘণ্টাৰ বাট ঘৰলৈ আহে। সেই বাটত পোৱালী কুকুৰকেইটামানে তেওঁলৈ ৰৈ থাকে, অন্ততঃ এইজনী মাকে নিজৰ পোৱালীকেইটালৈ সময় উলিয়াব পাৰিছে...
অম্বিকাৰ পুত্ৰই তেওঁক ফোন কৰিছে। “এন্নাৰা,” তেওঁ তৃতীয়বাৰৰ বাবে ফোনটো ধৰিছে আৰু সুধিছে, “কি লাগে?” ভ্ৰুকুটি কোঁচাই তেওঁৰ ল’ৰাৰ কথা শুনিছে আৰু অলপ গালি পাৰি ফোনটো থৈছে। ল’ৰা-ছোৱালীবোৰক ঘৰত বৰকৈ আলপৈচান ধৰিবলগীয়া হয়, তেওঁ কয়। “যিয়েই নাৰান্ধো লাগিলে, সিহঁতক কণী আৰু আলু লাগিবই। সেয়ে আমি ইটো-সিটো ভাজি দিও। দেওবাৰে সিহঁতে যি মাংস খাব খোজে, সেয়া আনি খুৱাও।”
আমি কথা পাতি থকাৰ মাজতে কাষৰ পথাৰত মহিলাবোৰে জলকীয়া তুলি আছে। তেওঁলোকে বৰ খৰকৈ কাম কৰিছে। ডালবোৰ লাহেকৈ তুলি ধৰি জলকীয়া চিঙি আনিছে। এমুঠি হোৱাৰ পিছত তেওঁলোকে ৰঙৰ বাল্টি এটাত সেয়া থৈছে। আগতে তেওঁলোকে পাম গছৰ পাতৰ খৰাহীত জলকীয়া তুলিছিল, অম্বিকাই কয়। কিন্তু প্লাষ্টিকৰ বাল্টিবোৰ মজবুত, বহুদিন যায়।
অম্বিকাৰ ঘৰ উভতিলো, ঘৰৰ ছাদলৈ গ’লো। তেওঁ চপোৱা জলকীয়াবোৰ প্ৰখৰ ৰ’দত শুকাইছে। তেওঁ সাৱধানে জলকীয়াবোৰ লুটিয়াই দিছে, যাতে সকলোফালে ভালকৈ শুকায়। তেওঁ কেইটামান হাতত তুলি লৈ জোকাৰি চাইছে। “ভালকৈ শুকালে তাৰ পৰা খৰ্ খৰ্ শব্দ ওলাব।” তাৰমানে জলকীয়াটোৰ ভিতৰৰ বীজবোৰ ভিতৰত জোকাৰ খোৱাৰ শব্দ। তেনেকৈ শুকোৱাৰ পিছত তেওঁলোকে জলকীয়াবোৰ বস্তাত ভৰাব আৰু গাঁৱৰ কমিচন এজেণ্টৰ ওচৰলৈ নিব। নাইবা পৰমাকুৰি বা ৰামনাথপুৰমৰ বজাৰলৈ নিব, তাত অলপ ভাল দাম পায়।
“পানীয় কিবা খাব নেকি,” অম্বিকাই তললৈ নামি আহি পাকঘৰলৈ বুলি যাওতে সোধে।
কাষৰে পথাৰখনত চৰিবলৈ দিয়া ছাগলীকেইটা চাবলৈ তেওঁ মোকো লৈ গ’ল। খেতিয়কৰ প্ৰহৰী কুকুৰকেইটা কাটাতাঁৰৰ সিপাৰে শুই আছে, সিহঁত সাৰ পাই উঠিল আৰু আমাক কাষত নাযাবলৈ সকিয়ালে। “মোৰ স্বামী কাজ-কৰ্মত খাদ্য বিলাবলৈ গ’লে মই ঘৰত থাকো, তেতিয়া মোৰ কুকুৰকেইটাও মোক সুৰক্ষা দিয়ে। আন সময়ত তেৱো এজন খেতিয়ক আৰু কাম পালে হাজিৰাও কৰে।”
বিয়াৰ আৰম্ভণিৰ দিনকেইটা মনত পেলাই তেওঁ লাজ লাজকৈ হাঁহে। “আমি তেতিয়া চিনেমা চাবলৈ গৈছিলো। কিন্তু শেষৰখন চিনেমা মই চাইছিলো ১৮ বছৰ আগতে: টুল্লাদা মনমম টুল্লুম।” শীৰোনামটোৰ অৰ্থ এনেকুৱা হ’ব - কঠিন হৃদয়ো জাগি উঠিব। শুনি আমি দুয়ো হাঁহিলো।
*****
“ক্ষুদ্ৰ খেতিয়কে তেওঁলোকৰ খেতিৰ জলকীয়া বিক্ৰী কৰি ১৮ শতাংশ আয় হেৰুৱাইছে”
কে. গান্ধিৰাসু, সঞ্চালক, মুণ্ডু জলকীয়া উৎপাদনকাৰীৰ সংস্থা, ৰামনাথপুৰম
“দহজন খেতিয়কক ধৰক, যাৰ পাঁচৰ পৰা দহ বস্তা জলকীয়া আছে। প্ৰথমতে তেওঁলোকে টেম্পো আৰু আন যি যাতায়তৰ মাধ্যমেৰে তেওঁলোকে গাঁৱৰ পৰা মাণ্ডিলৈ আহিছে, সেয়া ধৰক,” গান্ধিৰাসুৱে কয়। “তাৰপিছত আহিব বেপাৰী, তেওঁলোকে দাম ঠিক কৰি কমিচন হিচাপে আঠ শতাংশ ল’ব। তৃতীয়তে আকৌ ওজনতো খেলিমেলি হ’ব পাৰে, যিটোত সাধাৰণতে বেপাৰীৰে লাভ থাকে। তেওঁলোকে এটা বস্তাত যদি আধা কিলোগ্ৰামো কমকৈ ধৰে, তাতেও কৃষকৰ লোকচান। এই কথা লৈ বহু কৃষকে অভিযোগ কৰে।
তাৰোপৰি খেতিয়কে নিজৰ খেতপথাৰখন দিনটোৰ বাবে এৰি বজাৰত থাকিবলগীয়া হয়। বেপাৰীৰ হাতত টকা থাকিলে লগে লগে পৰিশোধ কৰে। কিন্তু নাথাকিলে তেওঁলোকে আন এদিন মাতে। আকৌ বজাৰলৈ যোৱা খেতিয়কে সচৰাচৰ লগত দুপৰীয়াৰ আহাৰ নিনিয়ে। হোটেলতে খায়। আমি সকলোবোৰ খৰছৰ কথা হিচাপত ধৰি পাইছো যে তেওঁলোকে এনেদৰে নিজৰ আয়ৰ ১৮ শতাংশ হেৰুৱায়।”
গান্ধিৰাসুৱে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন (এফ.পি.অ’.) নামে এটা সংস্থা চলায়। ২০১৫ৰ পৰা ৰামনাদ মুণ্ডু চিলি প্ৰডাক্সন কোম্পানী লিমিটেডে কৃষকৰ আয় বঢ়োৱাৰ বাবে লাগি আহিছে। তেওঁ সংস্থাটোৰ অধ্যক্ষ আৰু সঞ্চালক, মুদুকুলাথুৰ চহৰৰ তেওঁ কাৰ্য্যালয়ত তেওঁক আমি লগ পালো। “কেনেকৈ আপুনি আয় বৃদ্ধি কৰিব জানে? প্ৰথমতে খেতিৰ খৰছ কমাব লাগিব। দ্বিতীয়তে উৎপাদন বঢ়াব লাগিব। তৃতীয়তে বিপণনৰ উপায় বিচাৰি দিব লাগিব। এতিয়া আমি বিপণনৰ দিশত গুৰুত্ব আৰোপ কৰিছো।” ৰামনাথপুৰম জিলাৰ কৃষিক্ষেত্ৰত কৃষকৰ হকে হস্তক্ষেপৰ অতিকৈ প্ৰয়োজন আছে বুলি তেওঁ কয়। “ইয়াত প্ৰব্ৰজনৰ হাৰ অতি বেছি,” তেওঁ কয়।
চৰকাৰী তথ্যই তেওঁৰ কথাকেই প্ৰতিপন্ন কৰে। তামিলনাডু গ্ৰামীণ ৰূপান্তৰ প্ৰকল্পৰ প্ৰতিবেদনত ৰামনাথপুৰমৰ তথ্য মতে জিলাখনৰ ৩০০০ৰ পৰা ৫০০০ কৃষকে প্ৰতিবছৰে কামৰ সন্ধানত প্ৰব্ৰজন কৰে। মধ্যভোগীৰ প্ৰভাৱ, জলসম্পদৰ দূৰ্বল ব্যৱস্থা, খৰাং আৰু শীতাগাৰৰ অভাৱেও উৎপাদনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে বুলি প্ৰতিবেদনখনত কোৱা হৈছে।
পানীয়েই পটপৰিৱৰ্তন ঘটাইছে, গান্ধিৰাসুৱে কয়। “কাবেৰী বদ্বীপ অঞ্চল বা পশ্চিম তামিলনাডুৰ খেতিপথাৰবোৰ চাওক। কি দেখিছে?” তেওঁ নাটকীয়ভাৱে অকণমান ৰৈ দিলে। “বিদ্যুতৰ খুঁটা। কাৰণ তাত সকলোতে ব’ৰৱেল আছে।” ৰামনাথপুৰমত ব’ৰৱেলৰ সংখ্যা কম, তেওঁ কয়। বৰ্ষানিৰ্ভৰ জলসিঞ্চনৰ কিছুমান সীমাবদ্ধতা আছে, বতৰৰ ওপৰত ই নিৰ্ভৰ কৰিবলগীয়া হয়।
জিলা পৰ্য্যায়ৰ পাৰিসাংখ্যিক হাতপুথিৰ পৰা পোৱা চৰকাৰী তথ্যই তেওঁৰ কথাকেই প্ৰতিপন্ন কৰিছে। জিলাখনত ২০১৮-১৯ত কেৱল ৯,২৪৮ পাম্পছেট আছে, ৰামনাথপুৰমৰ বিদ্যুত বিতৰণ চক্ৰৰ তথ্যত এই উল্লেখ। ৰাজ্যখনৰ ১৮ লাখ পাম্পছেটৰ এয়া এক নগণ্য সংখ্যা।
ৰামনাথপুৰমৰ এই সমস্যা কোনো নতুন সমস্যা নহয়। এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট (১৯৯৬ত প্ৰকাশিত) গ্ৰন্থখনত পি. সাইনাথে প্ৰখ্যাত লেখক (প্ৰয়াত) মেলানমাই পন্নুস্বামীৰ সাক্ষাৎকাৰৰ উদ্ধৃতি এইখিনিতে দিব পাৰি। “সাধাৰণ জনবিশ্বাসৰ বিপৰীতে এই জিলাখনত কৃষিৰ ভাল সম্ভাৱনা আছে। কিন্তু কোনে সেই কথা বুজি কাম কৰিছে?” তেওঁ আৰু অলপ কথা যোগ দিছে যে “ৰামনাদত খেতিমাটি থকা ৮০ শতাংশ লোকৰে গঢ়ে ২ একৰতকৈ বেছি মাটি নাই আৰু এই খেতিমাটি বিভিন্ন কাৰণত বাণিজ্যিকৰণ কৰা হোৱা নাই। এই কাৰণবোৰৰ অন্যতম হৈছে জলসিঞ্চনৰ সুবিধা নথকা।”
পন্নুস্বামীয়ে সঠিক কথাই কৈছে। ২০১৮-১৯ত ৰামনাথপুৰম জিলাখনে ৪,৪২৬.৬৪ মেট্ৰিক টন জলকীয়া বিক্ৰী কৰিছিল, বিক্ৰীমূল্য আছিল ৩৩.৬ কোটি টকা। (জলসিঞ্চনৰ সুবিধা থকা সিংহভাগ মাটিত ধানখেতি কৰা হয় যদিও ১৫.৮ কোটি টকাৰহে খেতি হৈছিল)।
খেতিয়কৰ ল’ৰা গান্ধিৰাসুৱে স্নাতকোত্তৰ ডিগ্ৰী পঢ়ি থকাৰ মাজতে খেতিপথাৰো চম্ভালিছিল। তেওঁ জলকীয়াৰ সম্ভাৱনা স্পষ্ট দেখিছে। জলকীয়াৰ খেতিৰ অৰ্থনীতিৰ কথা তেওঁ ক’বলৈ লয়। সাধাৰণতে এজন ক্ষুদ্ৰ খেতিয়কে এক একৰ মাটিত জলকীয়া খেতি কৰে। শস্য চপোৱাৰ সময়ত তেওঁলোকে শ্ৰমিক নিয়োগ কৰে, পৰিয়ালটোৱে বাকীখিনি নিজে চম্ভালে। “এক একৰ মাটিত মুণ্ডু জলকীয়াৰ খেতিত ২৫ৰ পৰা ২৮ হাজাৰ টকা ব্যয় হয়। শস্য চপোৱাৰ সময়ত আৰু ২০ হাজাৰ টকা খৰছ হয়। চপাবলৈ ১০ৰ পৰা ১৫ জন মানুহ লাগে, চাৰিবাৰত শস্য চপোৱা শেষ হয়।” এদিনত এজন শ্ৰমিকে এবস্তা জলকীয়া চপাব পাৰে। জলকীয়া গছবোৰ ঘন হ’লে এই কাম আৰু কঠিন হৈ পৰে, তেওঁ কয়।
জলকীয়া ছমহীয়া শস্য। অক্টোবৰ মাহত পুলি লগোৱা হয় আৰু দুবাৰ চপোৱা হয়। প্ৰথমবাৰ থাই মাহত (জানুৱাৰীৰ মধ্যভাগৰ পৰা আৰম্ভ হয়) আৰু দ্বিতীয়টো চিথিৰাইত (এপ্ৰিলৰ মাজভাগৰ পৰা)। ২০২২ত আবতৰীয়া বৰষুণে গোটেই চক্ৰটো খেলিমেলি কৰি পেলালে। প্ৰথমবাৰ ৰোৱা পুলিবোৰ মৰি থাকিল, ফুল ফুলাত পলম হ’ল আৰু জলকীয়াবোৰো ইমান ভাল নহ’ল।
যোগানৰ দুৰ্বল ব্যৱস্থা আৰু ভাল চাহিদাৰ কাৰণে দাম ভাল পোৱা যায়। ৰামনাথপুৰম আৰু পৰমাকুৰি বজাৰত খেতিয়কসকলে মাৰ্চৰ আৰম্ভণিত জলকীয়াৰ বৰ ভাল দাম পোৱাৰ কথা কৈ আছিল। তেতিয়া বজাৰত জলকীয়া আহিছিল মাত্ৰ, এক কিলো ৪৫০ টকাত বিক্ৰী হৈছিল। দাম ৫০০ টকালৈকে উঠিছিল বুলি শুনা যায়।
গান্ধিৰাসুৱে এই দামবোৰক চুনামী আখ্যা দিয়ে। তেওঁ এক কেজি মুণ্ডু জলকীয়াৰ দাম ১২০ টকা বুলি ভাঙি-পাতি দেখুৱায়। এক একৰ মাটিত ১,০০০ কিলোগ্ৰাম জলকীয়া উৎপাদন হোৱাক চাই খেতিয়ক এজনে ৫০,০০০ টকা লাভ পাব লাগে। “দুবছৰ আগতে জলকীয়াৰ দাম এক কেজিত ৯০ৰ পৰা ১০০ টকা আছিল। আজিৰ দাম বহুত ভাল। কিন্তু আমি ৩৫০ টকা প্ৰতি কেজি দৰত ভৰসা কৰিব নোৱাৰো। ই ব্যতিক্ৰমহে।”
জিলাখনত মুণ্ডু জলকীয়াৰ খেতি জনপ্ৰিয়, তেওঁ কয়। ই এটা ‘বিশেষ’ প্ৰজাতি, বিলাহীৰ দৰে আকাৰৰ কথা বৰ্ণনা কৰি তেওঁ কয়। “ৰামনাদ মুণ্ডুক চেন্নাইত চাম্ভাৰ জলকীয়া বুলি কোৱা হয়। ইয়াৰ আৱৰণটো টান, পুলি কজাম্বু (তেতেলী টেঙাৰ জোল)ৰ ব্যঞ্জনৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ সোৱাদো উত্তম।”
ভাৰতৰ লগতে বিদেশতো মুণ্ডু জলকীয়াৰ এখন ডাঙৰ বজাৰ আছে। অনলাইনতো ইয়াৰ দাম চাই বুজিব পাৰি। মে’ মাহৰ মাজভাগত এমাজনত মুণ্ডু জলকীয়াৰ দাম আছিল ৭৯৯ টকা প্ৰতিকেজি। তাকো ২০ শতাংশ ৰেহাই দিয়াৰ পিছত।
“এই কাম কেনেকৈ সংঘবদ্ধ কৰিব লাগে আমি নাজানো,” গান্ধিৰাসুৱে কয়। “বিপণন কৰাটোতে সমস্যা।” তাৰোপৰি এফ.পি.অ’.ৰ সদস্যসংখ্যা ১,০০০ৰো ওপৰত যদিও সকলোৱে তেওঁলোকৰ সংস্থাটোৰ হাতত জলকীয়া বিক্ৰী নকৰে। “তেওঁলোকৰ উৎপাদিত সকলো শস্য কিনি ল’বলৈ আমি সিমানখিনি পুঁজি সৃষ্টি কৰিব পৰা নাই, মজুত কৰাৰো সুবিধা সৃষ্টি কৰিব পৰা নাই।”
শস্যখিনি ৰাখি এফ.পি.অ’য়ে ভাল দামৰ কাৰণে অপেক্ষা কৰিব বিচাৰে, কিন্তু জলকীয়া বেছিদিনৰ বাবে ৰাখিলে সেয়া ক’লা হৈ পৰে আৰু জলকীয়া গুড়িত পোকে ধৰিব পাৰে। চৰকাৰচালিত শীতাগাৰৰ সুবিধা ১৫ কিলোমিটাৰৰ ৰামনাথপুৰম চহৰত আছে, আমি তাৰে প্ৰশীতিত এলেকালৈ গ’লো, তাত যোৱা বছৰৰ জলকীয়াৰ বস্তাবোৰ দ’ম কৰি থোৱা আছিল। উৎপাদক আৰু ক্ৰেতাক প্ৰশাসনে একে ঠাইলৈ অনাৰ চেষ্টা কৰি আছিল যদিও কৃষকসকলে সংকোচবোধ কৰিছিল। সেই ঠাইলৈ তেওঁলোকৰ শস্য অনা-নিয়া কৰাৰ খৰছক লৈ তেওঁলোকে চিন্তা কৰিছিল।
ইয়াৰ কাৰণে এফ.পি.অ’.য়ে কৃষকসকলক কীট-পতংগ নিয়ন্ত্ৰণৰ পৰম্পৰাগত পদ্ধতি অৱলম্বনৰ পৰামৰ্শ দি আহিছে। “এই অঞ্চলত জলকীয়া খেতিৰ কাষে কাষে আমানাক্কু (এৰাগুটি)ৰ খেতি কৰা হৈছিল, কিয়নো ই মিলাহাইৰ খেতিত আক্ৰমণ কৰা কীট-পতংগবোৰক আকৰ্ষণ কৰে। তাৰোপৰি এৰাগছবোৰে সৰু সৰু চৰাইবোৰকো আকৰ্ষিত কৰে। সৰু চৰায়ে কীট-পতংগবোৰ খায়। ই উইৰভেল্লি, এখন জীৱন্ত বেৰৰ কাম কৰে।”
তেওঁৰ মাকে নিজে জলকীয়া খেতিৰ পথাৰৰ দাঁতিত আমানাক্কু আৰু আগাটি (বিশেষ প্ৰজাতিৰ জনপ্ৰিয় পালেং শাক) গছ লগাইছিল। “জলকীয়া খেতিৰ যতন ল’বলৈ যাওঁতে আমাৰ ঘৰৰ ছাগলীবোৰ তেওঁৰ পিছে পিছে গৈছিল। ছাগলীবোৰ এফালে বান্ধি থৈ তেওঁ আগাটি আৰু আমানুক্কুৰ পাত খাবলৈ দিছিল। কেৱল সেয়াই নহয়। মিলাহাই ঘাই শস্য আছিল, আমানাক্কু আছিল গৌণ শস্য। মোৰ দেউতাই জলকীয়াৰ খেতিৰ পৰা পইচা পাইছিল। মায়ে এৰাগছৰ পৰা পোৱা পইচা ৰাখিছিল।”
অতীতৰ অভিজ্ঞতাৰ পৰা গান্ধিৰাসুৱে ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, সহায় কৰিবলৈ বিজ্ঞান আছেই। “ৰামনাথপুৰমত আমাক জলকীয়া গৱেষণা কেন্দ্ৰ এটা লাগে, বিশেষকৈ মুদুকুলাথুৰত,” তেওঁ কয়। ধান, বেঙেনা, ইলাচি, হালধি আধি সকলোৰে গৱেষণা কেন্দ্ৰ আছে। স্কুল-কলেজ থাকিলেহে আপুনি ল’ৰা-ছোৱালীক পঢ়িবলৈ পঠিয়াব। গৱেষণা কেন্দ্ৰ থাকিলেহে সমস্যাবোৰৰ সমাধানসূত্ৰ ওলাব। তেতিয়া জলকীয়াৰ খেতিও সমৃদ্ধ হ’ব।
এতিয়া এফ.পি.য়ে মুণ্ডু প্ৰজাতিৰ জলকীয়াৰ কাৰণে ভৌগোলিক সূচাংকৰ বাবে কাম কৰি আছে। “এই বিশেষ প্ৰজাতিৰ সুকীয়া বৈশিষ্টৰ কথা সকলোৱে জনা উচিত। আমাক ইয়াৰ ওপৰত এখন গ্ৰন্থৰো প্ৰয়োজন।”
কৃষি সমস্যাৰ আটাইতকৈ আলোচনা বেছি হোৱা সমাধানটো হৈছে মূল্য সংযোজন। এই পদক্ষেপে কিন্তু জলীকায়ৰ ক্ষেত্ৰত কাম নকৰিবও পাৰে। “মন কৰিব যে প্ৰতিগৰাকী লোকৰ হাতত ৫০ৰ পৰা ৬০ কিলোগ্ৰাম জলকীয় থাকে। সেইখিনিৰে তেওঁলোকে কি কৰিব? এফ.পি.অ’.য়ে নিজে মচলা কোম্পানীৰ সৈতে ফেৰ মাৰিব নোৱাৰে আৰু তেওঁলোকতকৈ কম দামত জলকীয়া বিক্ৰী কৰিব নোৱাৰে। তাৰোপৰি মাৰ্কেটিঙৰ ব্যয় কোটি কোটি টকা হয়।”
কিন্তু অদূৰ ভৱিষ্যতত ঘাই সমস্যা হৈ পৰিব জলবায়ু পৰিৱৰ্তন, গান্ধিৰাসুৱে কয়।
সেইটোৰ সৈতে কেনেদৰে মোকাবিলা কৰা যাব? তেওঁ প্ৰশ্ন কৰে। “তিনি দিন আগতে ধুমুহাৰ সতৰ্কবাণী পাইছিলো। মাৰ্চ মাহত আগতে কেতিয়াও এনে ধুমুহাৰ কথা শুনা নাছিলো! এইবাৰ পানী বেছি হ’লে জলকীয়াৰ গছবোৰ মৰি থাকিব। কৃষকে বতৰৰ সৈতে মিলাই চলিব বাট উলিয়াব লাগিব।”
*****
"মহিলাই কেতিয়াবা
কম, কেতিয়াবা বেছি পইচা, প্ৰয়োজন অনুসাৰে
ধাৰে লয়। তিনিটা বিশেষ কাৰণত তেওঁলোকে পইচা লয়, চেলভিয়ে বুজাই কয়। “শিক্ষা,
বিবাহ আৰু সন্তান প্ৰসৱ - এইকেইটাত
আমি না ক’ব নোৱাৰো। তাৰ পিছত আহে খেতিৰ
কথা।"
জে. আৰাইকালাচেলভি, ৰামনাথপুৰমৰ পি. মুথুবিজয়পুৰমৰ জলকীয়া খেতিয়ক আৰু আত্মসহায়ক
গোটৰ নেত্ৰী
“গছডালেই উভালি পৰিব বুলি ভয় খাইছে নেকি?” আৰাইকালাচেলভিয়ে হাঁহিলে। তেওঁ মোক চুবুৰীয়াৰ পথাৰখনত কামত লগাইছে। তেওঁৰ কামত দুজনমান মানুহ লগা আছিল আৰু কাৰোবাক পায় নেকি বিচাৰি আছিল। তেওঁ মোক ধন্যবাদ দি ভুলেই কৰিলে। দেখিলে যে মই একো কামৰ নহয়। আৰাইকালাচেলভিয়ে ইতিমধ্যে বাল্টি এটা লৈ তৃতীয়ডাল গছৰ পৰা জলকীয়া চিঙাত লাগিছে। মই মোৰ প্ৰথমডাল গছতে আছো আৰু শকত জলকীয়া এটা চিঙিবলৈ লৈছো। কিন্তু মোৰ ঘৰত থকা সেই আঞ্জালাপেট্টি (মচলাৰ বাকচ)ৰ শুকান জলকীয়াৰ ঠাৰিৰ দৰে এই জলকীয়াবোৰৰ ঠাৰিবোৰ ঠুনুকা নহয়। জলকীয়াটো চিঙিবলৈ জোৰ দিওতে গছডালেই উভালি পৰিব নেকি মোৰ চিন্তা লাগিছে।
কেইগৰাকীমান মহিলাই চাবলৈ আহিছে। চুবুৰীয়াই মুৰ জোকাৰিছে। আৰাইকালাচেলভিয়ে উৎসাহ যোগাই চিঞৰিছে। তেওঁৰ বাল্টিটো ভৰ্তি হ’বৰ হৈছে। মোৰ হাতত মাত্ৰ আঠটাহে টিকটিকিয়া ৰঙা জলকীয়া আছে। “আপুনি চেলভিক চেন্নাইলৈ লৈ যাব পাৰে,” চুবুৰীয়াগৰাকীয়ে কয়। “তেওঁ পথাৰ চম্ভালিব পাৰে, অফিছো চম্ভালিব পাৰে।” মই যে তেওঁৰ পৰা কাম নাপাম, সেয়া ধুৰূপ।
আৰাইকালাচেলভিয়ে তেওঁৰ ঘৰত অফিছ এটাও চম্ভালে। এই অফিছটো এফ.পি.অ’য়ে পাতিছে, তাত এটা কম্পিউটাৰ আৰু জেৰক্স মেচিন আছে। তেওঁৰ কাম হৈছে নথি-পত্ৰবোৰ ফটোকপি কৰা আৰু পট্টাৰ বিষয়ে তথ্য বিচৰাত মানুহক সহায় কৰা। “ইয়াতকৈ বেছি কাম মই কৰিব নোৱাৰো। ছাগলী-গৰুও চম্ভালিব থাকে।”
মাগালিৰ মণ্ড্ৰম - মানে মহিলাৰ আত্মসহায়ক গোট এটা চলোৱাটোও তেওঁৰ দায়িত্ব। গাঁৱত ষাঠি গৰাকী সদস্য আছে আৰু প্ৰতিটোকো পাঁচজনীয়া গোটত ভগোৱা আছে। প্ৰতিটোৰে দুজনকৈ থালাইভিচ (নেত্ৰী) আছে। আৰাইকালাচেলভি সেই দহগৰাকীৰ মাজৰ এজন। নেত্ৰীসকলৰ কাম হৈছে পইচা সংগ্ৰহ কৰা আৰু বিতৰণ কৰা। “মানুহে ইমান বেছি সুতত টকা লয় - ৰেণ্ডু ভাট্টি, আঞ্জু ভাট্টি (২৪ৰ পৰা ৬০ শতাংশ প্ৰতিবছৰ)। আমাৰ মাগালিৰ মণ্ড্ৰমৰ ঋণ সুলভ, এক লাখত ১,০০০ টকা।” বছৰী ১২ শতাংশ সুত। “কিন্তু আমি এই টকা এজনকে নিদিও। এই গাঁৱত সকলোৱে ক্ষুদ্ৰ খেতিয়ক, তেঁওলোকক ইটো-সিটো সময়ত পইচা লগা থাকে। নহয়নে?”
মহিলাই কেতিয়াবা কম, কেতিয়াবা বেছি পইচা, প্ৰয়োজন অনুসাৰে ধাৰে লয়। তিনিটা বিশেষ কাৰণত তেওঁলোকে পইচা লয়, চেলভিয়ে বুজাই কয়। “শিক্ষা, বিবাহ আৰু সন্তান প্ৰসৱ - এইকেইটাত আমি না ক’ব নোৱাৰো। তাৰ পিছত আহে খেতিৰ কথা।”
আৰাইকালাচেলভিয়ে আৰু এটা দিশত পৰিৱৰ্তন আনিছে, সেয়া হৈছে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত। “আগতে আপুনি নিৰ্দিষ্ট এক পৰিমাণ প্ৰতিমাহে দিব লাগিছিল। মই সিহঁতক ক’লো: আমি সকলোৱে খেতিয়ক। কেইটামান মাহত আমাৰ হাতত পইচা নাথাকে, তাৰপিছত আমি যেতিয়া শস্য চপাও, তেতিয়াহে আমাৰ হাতলৈ পইচা আহে। গতিকে যেয়ে যেতিয়া পাৰে তেতিয়া ঋণ পৰিশোধ কৰিব। ইয়াৰ পৰা সকলো লাভান্বিত হৈছে, নহয়নে?” সকলোকে সামৰি ল’বপৰা বেংকিঙৰ ক্ষেত্ৰত এয়া এক পাঠ হ’ব পাৰে। এনে বেংকিং যিয়ে স্থানীয় বাস্তৱ দিশটো বিবেচনা কৰি চলে।
তেওঁৰ বিয়াৰ ৩০ বছৰ আগতো গাওঁখনত মাগালিৰ মণ্ড্ৰম আছিল, তেতিয়াও গাওঁখনত মেল-মিটিং বহিছিল। মাৰ্চত সাক্ষাৎ কৰাৰ পিছত তেওঁলোকে মহিলা দিৱস পতাৰ কথা চিন্তা কৰিলে। “দেওবাৰে গীৰ্জালৈ যোৱাৰ পিছত আমি কেক বিলাম,” তেওঁ হাঁহি মাৰি কয়। তেওঁলোকে বৰষুণৰ বাবেও পুজা কৰে, পোংগল পাতে আৰু সকলোকে খুৱায়।
সাহসী আৰু মুকলিকৈ কথা ক’ব পাৰে কাৰণে মদ খাই ঘৰত ঘৈণীয়েকক অপদস্থ কৰা পুৰুষকো পৰামৰ্শ দিয়ে। বাইক চলোৱা, নিজে পথাৰখন চম্ভালাৰ কাৰণে তেওঁ আন মহিলাসকলৰ বাবে অনুপ্ৰেৰণা। “নতুনচামৰ মহিলাবোৰ স্মাৰ্ট, নিজে বাইক চলায়, শিক্ষাও ভাল। কিন্তু,” তেওঁ টানকৈ প্ৰশ্ন কৰে, “চাকৰি আছে ক’ত?”
এতিয়া গিৰীয়েক আহিছে আৰু তেওঁৰ খেতিৰ কামত সহায় কৰিব। তেওঁ আজৰি সময় উলিয়াই আন কামো কৰে। কপাহৰ খেতিৰ কাম। “যোৱা দহটা বছৰ ধৰি মই কপাহৰ বীজ উলিয়াই সেয়া পৃথককৈ বিক্ৰী কৰিছো। এক কিলোগ্ৰামত তাৰ দাম ১০০ টকা পৰ্য্যন্ত উঠে। বহুতেই মোৰ পৰা বীজ কিনে, কিয়নো মোৰ খেতিৰ বীজবোৰ ভালকৈ গজালি মেলে। যোৱাবছৰ মই ১৫০ কিলো বীজ বিক্ৰী কৰিছো।” তেওঁ প্লাষ্টিকৰ বেগ এটা উলিয়াই তাৰে ভিতৰত থকা তিনিটা বীজৰ পলিথিন উলিয়াই তাৰ পৰা তিনিবিধ বীজ দেখুৱালে। ইমান ব্যস্ততাৰ মাজতো তেওঁ যে বীজ সংৰক্ষণৰ কাম কৰিছে, তাকে দেখি মোৰ বিস্মিত হোৱাৰ পাল।
মে’ৰ শেষৰফালে তেওঁৰ জলকীয়াৰ খেতি চপোৱা হ’ল। আমি ফোনতে বতৰৰ কথা পাতিলো। “দাম ৩০০ টকাৰ পৰা ১২০ টকালৈ নামিল। একেধাৰে দাম কমি গ’ল,” তেওঁ মোক কয়। এক একৰ মাটিৰ পৰা তেওঁ ২০০ কিলোগ্ৰামহে পালে। কমিচন হিচাপে ৮ শতাংশ দিয়াৰ পিছত আৰু প্ৰতি ২০ কিলোগ্ৰামত ১ কিলোগ্ৰাম জলকীয়া বস্তাৰ ওজন হিচাপে ধৰাত সেয়াও বিনা কাৰণতে লোকচান হ’ল। য’ত নেকি এটা বস্তাৰ ওজন মাত্ৰ ২০০ গ্ৰাম। এনেদৰে প্ৰতিটো বস্তাত তেওঁলোকে ৮০০ গ্ৰামত মিছাতে লোকচান ভৰিবলগীয়া হ’ল। ভাল কথা এইটোৱেই আছিল যে এইবাৰ দাম ইমান বেছি তললৈ নমা নাছিল। কিন্তু বৰষুণৰ কাৰণে গছবোৰ বেয়া হ’ল আৰু জলকীয়া কমকৈ লাগিল।
কিন্তু খেতিয়কৰ কাম শেষ নহয়। খেতি বেয়া হ’লেও জলকীয়া চিঙিবই লাগিব, শুকাব লাগিব আৰু বস্তাত ভৰাই বিক্ৰী কৰিব লাগিব। এনেকৈয়ে আৰাইকালাচেলভি আৰু তেওঁৰ বন্ধুহঁতৰ শ্ৰমে আমাৰ কাঁহিখনলৈ জুতি আনে…
এই ষ্ট ’ ৰিটোত সহায় কৰি দিয়া কাৰণে প্ৰতিবেদকে ৰামনাদ মুণ্ডু চিলি প্ৰডাক্সন কোম্পানীৰ কে . শিৱকুমাৰ আৰু বি . সুগান্যাক ধন্যবাদ জনাইছে ।
এই গৱেষণামূলক অধ্যয়ন আজীম প্ৰেমজী ফাউণ্ডেচনৰ গৱেষণা পুঁজি কাৰ্য্যসূচী , ২০২০ৰ অধীনত কৰা হৈছে ।
প্ৰচ্ছদ আলোকচিত্ৰ : এম . পালানি কুমাৰ
অনুবাদ: পংকজ দাস