ঢাকৰ শব্দৰে গোটেই আগৰতলা ৰজনজনাই গৈছে। ১১ অক্টোবৰত দুৰ্গাপূজা, উলহ-মালহেৰে প্ৰতি বছৰে দেৱীক আদৰাৰ প্ৰস্তুতি চলে। পেণ্ডেল সজা হয়, মূৰ্তিবোৰ সাজু কৰি তোলা হয় আৰু সকলোৱে নতুন কাপোৰ কিনি পূজা চোৱাৰ বাবে সাজু হয়।
ঢোলৰ দৰে, কিন্তু আকাৰত ডাঙৰ ঢাকবোৰ গলত ওলমাই বা টান মজিয়াত ৰাখি মাৰিৰে বজোৱা হয়। ঢাক বাজিলেহে দুৰ্গাপূজা যেন লাগে।
ঢাক বজোৱাটো নিৰ্দিষ্ট এটা ঋতুৰহে কাম। প্ৰতিবছৰে পূজাত লক্ষ্মীপূজালৈকে, এইবাৰ সেয়া ২০ অক্টোবৰত, ঢাক বাজে। কিছুমানক আকৌ দেৱালীৰ সময়তো ঢাক বজোৱাৰ কাৰণে মাতে। কিন্তু দুৰ্গাপূজাৰ সময়তে ত্ৰিপুৰাৰ আগৰতলাকে ধৰি আন আন ঠাইত ঢাকবাদকসকলৰ চাহিদা বাঢ়ে।
ঢাকবাদকসকলক পূজা কমিটিৰ লগতে পৰিয়ালবোৰেও আমন্ত্ৰণ জনায়। কেতিয়াবা তেওঁলোকক ভাড়া কৰি নিয়ে আৰু বজাব পাৰিব নে নাই চাই লয়। প্ৰায়ভাগেই পাৰে, তেওঁলোকে সেয়া পৰিয়ালৰ জেষ্ঠ্যজনৰ পৰা শিকে। “মই প্ৰথমতে কাশী (ধাতুৰ প্লেটৰ দৰে বাদ্যযন্ত্ৰ, সৰু মাৰিৰে বজোৱা হয়) বজাইছিলো, তাৰপিছত ঢোল আৰু তাৰপিছত ঢাক বজাবলৈ ল’লো।” (তেওঁৰ লগতে ঋষিদাস, ৰহিদাস আৰু ৰবিদাস ত্ৰিপুৰাত অনুসূচিত জাতি মুচি হিচাপে অন্তৰ্ভূক্ত)।
আগৰতলাৰ আন বহু ঢাকবাদকৰ দৰে ইন্দ্ৰজীতেও বছৰটোৰ আন সময়ত ৰিক্সা চলাই পেট পোহে। কেতিয়াবা আকৌ বিয়া-সবাহ আৰু আন উৎসৱত গান-বাজনাৰ দলতো, স্থানীয় ভাষাত বেণ্ড পাৰ্টি বুলি যাক কয়, বাদ্যযন্ত্ৰী হিচাপে কাম কৰে।
ৰিক্সা চলাই ইন্দ্ৰজীতে দিনে ৫০০ টকা উপাৰ্জন কৰে। “কিবা উপায়ে টকা উপাৰ্জন কৰিব লাগে, ৰিক্সা চলোৱা কামটো সহজেই পায়,” তেওঁ কয়। “তাতকৈ কিবা ভাল কামৰ বাবে ৰৈ থাকিব নোৱাৰি।” দুৰ্গাপূজাৰ সময়ত ঢাক বজাই তেওঁ ৰিক্সা চলাই মাহটোত যিমানখিনি হয়, তাতোকৈ বেছি উপাৰ্জন কৰিব পাৰে। এইবছৰ ২০২১ত তেওঁক পূজা কমিটি এখনে ১৫,০০০ টকাত ঠিক কৰিছে, কিছুমানে অৱশ্যে তাতোকৈ কমতো মান্তি হয়।
ঢাকবাদকসকলক য’ৰ পৰা পূজা কমিটিয়ে ভাড়া কৰি নিয়ে, তাতে ইন্দ্ৰজীতে আমাক কয়, ''আমাক পুৰোহিতে যেতিয়াই মাতে যাব লাগে। আমি পুৱাৰ ভাগত তিনি ঘণ্টামান আৰু আবেলিৰ ভাগত ৩-৪ ঘণ্টা ঢাক বজাও।’’
বেণ্ড পাৰ্টিৰ কামবোৰ মাজে-সময়ে পায়। ''বিয়াৰ চিজনত প্ৰায়ে আমি ছজনীয়া টিম হিচাপে কাম কৰো, কিমানদিন প্ৰদৰ্শন কৰো তাৰে ওপৰতে ভিত্তি কৰি পইছা লওঁ। কিছুমানে আমাক ১-২ দিনৰ বাবে ভাড়া কৰে, কিছুমানে ৬-৭ দিনৰ বাবে,’’ ইন্দ্ৰজীতে কয়। এনেদৰে দলটোৱে ৫,০০০ৰ পৰা ৬,০০০ টকা পায়।
যোৱাবছৰ ক’ভিড-১৯ অতিমাৰীৰ কাৰণে বহুতেই পূজা বাতিল কৰিছিল। ঢাকবাদকসকলে আগৰ দৰেই ৰিক্সা চলাই আৰু আন কাম কৰি পোৱা আয় আৰু সাচতীয়া ধনেৰে চলিবলগীয়া হৈছিল। দুই-এজনেহে শেষ মুহূৰ্তত ঢাক বজোৱা কাম পাইছিল। (এই প্ৰতিবেদনৰ আটাইবোৰ ফটো ২০২০ৰ অক্টোবৰ মাহত তোলা।)
দুৰ্গাপূজাৰ প্ৰথমটো দিনৰ পৰা প্ৰায় এসপ্তাহ পিছত লক্ষ্মীপূজা আৰম্ভ হয়, সেয়াই ঢাকবাদকসকলে কাম পোৱাৰ শেষৰটো দিন। সেইদিনা সন্ধিয়া তেওঁলোক অকলে নাইবা দল বান্ধি ঢাক লৈ ৰাস্তালৈ ওলাই যায়। সেই পৱিত্ৰ পূজা উপলক্ষে ৫-১০ মিনিটৰ বাবে ঢাক বজাবলৈ মানুহে তেওঁলোকক ঘৰলৈ মাতি নিয়ে। এনেদৰে ঢাকবাদকজনৰ হাতলৈ ঘৰে প্ৰতি ২০-২৫ টকাকৈ আহে। বহুতেই কয় যে তেওঁলোকে এনেদৰে পৰম্পৰা জীয়াই ৰাখে।
অনুবাদ: পংকজ দাস