নসুমুদ্দিনে ফেকুৰি ফেকুৰি কান্দিছিল। প্ৰথমবাৰৰ বাবে মা-দেউতাকৰ পৰা আঁতৰাই তেওঁক ঘৰৰ পৰা ১০-১২ কিলোমিটাৰ দূৰলৈ পঠিওৱাৰ যো-জা চলিছিল। সাত বছৰ বয়সত সেয়া তেওঁৰ বাবে সঁচাকৈয়ে টান কাম আছিল। ''মোৰ বৰ বেয়া লাগিছিল আৰু কান্দিছিলো। ঘৰ আৰু মা-দেউতাহঁতক এৰিবলগীয়াত হোৱাত মই চকুপানী ৰখাব পৰা নাছিলো,’’ তেওঁ মনত পেলায়।
গৰখীয়া কাম কৰিবলৈ তেওঁক পঠিওৱা হৈছিল। ''আমাৰ ঘৰখন দুখীয়া আছিল, মা-দেউতাও নিৰুপায়,’’ এতিয়া ৪১ বছৰ বয়সীয়া নসুমুদ্দিন শ্বেইখে কয়। ''ঘৰত খাবলৈ নুজুৰিছিল। পথাৰৰ পৰা শাক-পাত যি পাইছিলো তাকে তুলি আনি প্ৰায়ে আমি দিনত এসাজ ভাত খাইছিলো। আমাৰ গাঁৱৰ দুই-এঘৰেহে তেতিয়া পেট পুৰাই খাবলৈ পাইছিল।’’ পঢ়াৰ কথা তেতিয়া তেওঁলোকৰ কল্পনাৰ বাহিৰত। ''সেই সময়ত মই স্কুললৈ যোৱাৰ কথা ভাবিব পৰা নাছিলো। মোৰ পৰিয়ালৰ অৱস্থা ইমানেই বেয়া আছিল, স্কুলৰ খৰছ ক’ৰ পৰা দিলেহেঁতেন?’’
সেয়ে তেওঁ অসমৰ ধুবুৰী জিলাৰ (তেতিয়াৰ) উৰাৰভূঁই গাঁৱৰ ঘৰ এৰি ৩ টকা ভাড়া দি বাছেৰে মানুহঘৰলৈ গ’ল। তেওঁক গৰখীয়া কৰি ৰখা মালিকঘৰৰ ৭ টা গৰু আৰু ১২ বিঘা খেতি মাটি আছিল। ''বন্ধা হিচাপে জীৱনটো বৰ কষ্টকৰ আছিল। কম বয়সতে মই গোটেই দিনটো কাম কৰিবলগীয়া হৈছিল। কেতিয়াবা খাবলৈ ভাল খাদ্যও দিয়া হোৱা নাছিল, পঁইতা ভাত দিছিল। ভোকত মই কান্দি থাকিছিলো,’’ নসুমুদ্দিনে কয়। ''প্ৰথম কেইদিনমান মোক একো দিয়া নাছিল, কেৱল দিনৰ দুসাজ আৰু শুবলৈ ঠাই দিছিল। মালিকে ১০০-১২০ মোন ধান পাইছিল। বছৰ বাগৰিল, তেওঁলোকে মোক পিছলৈ দুই মোন ধান দিয়া কৰিলে,’’ খেতিৰ বতৰ শেষ হোৱাৰ পিছত মাৰ্চৰ পৰা নৱেম্বৰত প্ৰায় ৮০ কিলো।
অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্ত্তী এলেকাবোৰত কেইটামান দশক আগলৈকে কম বয়সীয়া ল’ৰাক লোকৰ ঘৰত গৰু চৰোৱা আৰু কাম-বনৰ বাবে বন্ধা ৰখাৰ নিয়ম আছিল। দৰিদ্ৰ পৰিয়ালৰ ল’ৰাবোৰক এনেকৈ গৰু চৰোৱা কামৰ বাবে ধনী খেতিয়কৰ হাতত 'কৰ্মচাৰী’ হিচাপে গতাই দিয়া হৈছিল। স্থানীয়ভাৱে এই ব্যৱস্থাক পেটভাট্টি (পেটৰ ভাতমুঠি মোকলোৱা কাম) বুলি কোৱা হৈছিল।
নসুমুদ্দিনৰ দুই সুৰ ভাই আছিল, তেওঁলোকেও নিজৰ গাওঁ উৰাৰভূঁইত বন্ধা খাটিছিল। তেওঁৰ পিতৃ হুছেইন আলী (৮০ বছৰ বয়সত যোৱা মাহত তেওঁ ঢুকায়) এজন ভূমিহীন কৃষক আছিল, তেওঁ ৭-৮ বিঘা মাটিত আধি কৰি খেতি কৰিছিল। (তেওঁৰ মাতৃ নছিৰন খাতুন এগৰাকী গৃহিণী আছিল, ২০১৮ত ঢুকাইছে)।
নসুমুদ্দিনে কঠোৰ শ্ৰম কৰিব পাৰিছিল। বন্ধা খটা দিনবোৰত তেওঁ পুৱা ৪ বজাতে উঠিছিল। মই পুৱাৰ প্ৰাৰ্থনাৰ সময়ত উঠিছিলো,’’ তেওঁ কয়। পানী আৰু খোল (খলিহৈ)ৰ সৈতে খেৰ মিহলাই তেওঁ গৰুৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল। গোহালি চাফা কৰি গৰুকেইটা মালিকৰ ভায়েকৰ সৈতে পথাৰলৈ চৰাবলৈ উলিয়াই নিছিল। তাতে তেওঁ ঘাঁহ-বন নিৰাইছিল, গৰুকেইটাক পানী খুৱাইছিল আৰু আন আনুসাংগিক কামবোৰ কৰিছিল। দিনৰ আহাৰ পথাৰতে খাইছিল। ধান চপোৱাৰ সময়ত তেওঁ সাজ লগালৈকে পথাৰতে কাম কৰিছিল। ''গোটেই দিন কাম কৰি ভাগৰি পৰাৰ পাছত ৰাতি যেতিয়া খাবলৈ অকণমান ভাত দিয়ে বা পঁইতা ভাত যাঁচে, আপোনাৰ কেনে লাগিব? অসহায় হৈ পৰিছিলো।’’
পুৰণি কাপোৰেৰে সজা গাৰু আৰু বাঁহৰ বিচনাত খেৰৰ তুলিৰ ওপৰত গোহালিতে প্ৰায়ে নিশা কটোৱা নসুমুদ্দিনে ৰাতি ৰাতি উচুপিছিল।
২-৩ মাহৰ মুৰে মুৰে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। ''মই ২-৩ দিন ঘৰত থাকিব পাইছিলো,’’ তেওঁ কয়। ''ঘৰ এৰি আহিবৰ সময়ত মোৰ মনটো মৰি থাকিছিল।’’
নসিমুদ্দিনৰ বয়স তেতিয়া ১৫ বছৰ। দেউতাকে তেওঁৰ মালিক সলালে। এইবাৰ তেওঁক মানুল্লাপাৰা গাঁৱৰ ৩০-৩৫ বিঘা খেতিমাটি, কাপোৰৰ দোকানকে ধৰি আন ব্যৱসায় থকা মালিকলৈ গতোৱা হ’ল। ''আকৌ এবাৰ এখন ঘৰ এৰি নতুন ঠাইলৈ যাবলৈ মোৰ ভাল লগা নাছিল, মই কান্দিছিলো। সধা বেপাৰী (নতুন মালিক)য়ে মোক তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে চিনাকী কৰাই দিছিল আৰু মোক দুটকা উপহাৰ দিছিল। মই সেই পইছাৰে চকলেট কিনি খাইছিলো। ফুৰ্ত্তি পাইছিলো। কিছুদিন পিছত মোৰ মনটো অলপ ভাল লাগিছিল আৰু তেওঁলোকৰ সৈতে মিলিবলৈ চেষ্টা কৰিছিলো।’’
আকৌ খাদ্য, শুবলৈ গোহালিৰ এচুকত অকণমান ঠাই আৰু শস্য চপোৱাৰ সময়ত দুই বস্তা চাউল আৰু নগদ ৪০০ টকা, এইখিনিয়ে আছিল তেওঁৰ 'বছৰটোৰ পাৰিতোষিক’। দিনটোত তেওঁৰ কাম আছিল গৰু চৰোৱা আৰু গোহালি চাফা কৰা। কিন্তু নসুমুদ্দিনৰ জীৱনটো অকণমান ভাললৈ আহিছিল। তেওঁৰ বয়স ১৫ বছৰ হৈছিল আৰু ভালদৰে কাম চম্ভালিব পৰা হৈছিল। তাৰোপৰি তেওঁৰ মালিকজনো দয়ালু আছিল।
এতিয়া আগৰ মালিকে দিয়া পঁইতা ভাতৰ ঠাইত তেওঁ গৰম ভাত, শাক-পাচলি, মাছ বা মাংসৰ জোল খাবলৈ পাইছিল। ''মই তেওঁলোকৰ লগত বজাৰলৈ গ’লে ৰসগোল্লাও খাবলৈ পাইছিলো। ঈদত নতুন কাপোৰ পোৱা হ’লো। তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰেই মোৰ অনুভৱ হৈছিল।’’
কিন্তু দেউতাকে আকৌ নতুন পৰিকল্পনা কৰি থৈছিল। ১৭ বছৰ বয়সত নসুমুদ্দিনক দেউতাকে ঘৰলৈ উভতাই আনি উৰাৰভূঁইৰ গাওঁ পঞ্চায়তৰ সভাপতিৰ ঘৰত বছৰি ১৫০০ টকা আৰু শস্য চপোৱাৰ সময়ত আগৰ দৰে দুই বস্তা চাউলৰ বিনিময়ত চুক্তি কাম ৰখাৰ চুক্তি কৰে।
এনেদৰে আৰু এটা বছৰ পাৰ হৈ গ’ল।
''এনেকৈ বন্ধা খাটিয়েই গোটেই জীৱনটো কটাব লাগিব নেকি বুলি মনলৈ ভাৱ আহিছিল। কিন্তু মোৰ হাতত আন একো উপায়ো নাছিল,’’ নসুমুদ্দিনে কয়। তথাপি তেওঁ আশা এৰা নাছিল আৰু নিজাকৈ কিবা কৰাৰ সপোন দেখিছিল। তেওঁ দেখিছিল যে ১৯৯০ৰ দশকত তেওঁৰ গাঁৱৰ ডেকা ল’ৰাবোৰে কামৰ সন্ধানত ওলাই গৈছিল, অঞ্চলটোত চৰকাৰী আন্তঃগাঁথনি নিৰ্মাণৰ বিভিন্ন প্ৰকল্পৰ কাম ওলাইছিল। ডেকা ল’ৰাবোৰে বন্ধা খাটিবলৈ এৰি চহৰলৈ মন মেলিছিল। চহৰ-নগৰত চাহৰ দোকান আৰু গুমটি বহুৱাই মাহে ৩০০-৫০০ টকা উপাৰ্জন কৰি ঘৰলৈ 'বহু’ টকা অনা হৈছিল।
নসুমুদ্দিনে তেওঁলোকে নতুন ৰেডিঅ’ অনা আৰু ধুনীয়া ধুনীয়া ঘড়ী পিন্ধি অহা দেখি উৎসুক হৈ পৰিছিল। কিছুমানে আনকি চাইকেলো কিনিছিল। ''সিহঁতে অমিতাভ বচ্চন আৰু মিথুন চক্ৰৱৰ্ত্তীৰ দৰে লংপেণ্টো পিন্ধিছিল আৰু দেখনীয়াৰ হৈ পৰিছিল,’’ তেওঁ মনত পেলায়। ''সিহঁতে কি কৰে আৰু কেনেকৈ কৰে জানিবলৈ মই সিহঁতক বিভিন্ন কথা সুধিছিলো। তাৰপিছত সিহঁতৰ লগত যাবলৈ মই সিদ্ধান্ত লৈছিলো।’’
নসুমুদ্দিনে তেওঁৰ গাঁৱৰ পৰা ৮০ কিলোমিটাৰ দূৰৰ মেঘালয়ৰ বাঘমাৰাত কাম বিচাৰি পালে। তেওঁ নিজে তাতে ওলোৱাৰ গোপন বাট এটা উলিয়াই যোৱাৰ যো-জা আৰম্ভ কৰিলে। ''মোৰ চিন্তা লাগিছিল যদিও সাহ এৰা নাছিলো। ঘৰত কাকো জনোৱা নাছিলো, জনালে কিজানি ঘৰৰ মানুহে মোৰ পিছে পিছে গৈ মোক ঘূৰাই আনে।’’
এদিনাখন পুৱা নসুমুদ্দিনে গৰু-ম’হক চৰাব নিনিলে, দৌৰিবলৈ আৰম্ভ কৰিলে। ''বাহিৰত কাম কৰাৰ কথা আলোচনা কৰা আন এজন ল’ৰাৰ সৈতে মই ওলাই গ’লো। হাতশিঙিমাৰী চহৰৰ বাছ আস্থানটো নোপোৱালৈকে আমি দৌৰিলো।’’ তাৰপৰা বাঘমাৰালৈ নঘণ্টা লাগিল। ''পেটত একো পৰা নাছিল। বাছৰ ১৭ টকীয়া টিকটটোৰ বাবেও মোৰ হাতত পইছা নাছিল। বাঘমাৰা পোৱাৰ পিছত আমাৰ গাঁৱৰে আন এজন ল’ৰাৰ পৰা মই সেই টকা ধাৰে লৈছিলো।’’
'এনেদৰে দাস হৈয়ে গোটেই জীৱনটো কটাব লাগিব নেকি বুলি মনলৈ ভাব আহিছিল। কিন্তু মোৰ হাতত আন কোনো উপায়ো নাছিল,’ নসুমুদ্দিনে কয়। তথাপি তেওঁ আশা এৰা নাছিল আৰু নিজাকৈ কিবা এটা কৰাৰ আশা পুহি ৰাখিছিল
খালী পকেট আৰু খালী পেটে তেওঁ নিজৰ সপোনৰ গন্তব্যস্থলত উপস্থিত হ’ল, ৰমনীৰ চাহৰ দোকানখনত সন্মুখত নসুমুদ্দিন নামিল। অকলশৰীয়া চকুত ভোক লৈ ফুৰা ল’ৰাটো দেখি চাহদোকানীজনে তেওঁক দোকানখনৰ ভিতৰলৈ মাতিলে। নসুমুদ্দিনক খাবলৈ দিলে, থাকিবলৈ ঠাই দিলে আৰু বাচন ধোৱা কামত ৰাখিলে।
প্ৰথম নিশা নসুমুদ্দিনে চকুপানী টুকি কটাইছিল। তেওঁ গাঁৱৰ আগৰজন মালিকৰ তাত পাবলগীয়া ১,০০০ টকাৰ কথা ভাবি কান্দিছিল। সেইখিনি সময়ত সেইটো কথাই তেওঁ মনলৈ বাৰে বাৰে আহি আছিল। ''বৰ বেয়া লাগিছিল। দেহা মাৰি কাম কৰাৰ পিছত পাবলগীয়া ইমানখিনি টকা নাপালো।’’
মাহ বাগৰিল। তেওঁ চাহৰ কাপ আৰু প্লেট ধুবলৈ আৰু সেইবোৰ টেবুলত সজাই থ’বলৈ শিকিলে। চাহ কৰিবলৈও শিকিলে। মালিকে তেওঁক মাহে ৫০০ টকা দিছিল আৰু সেইখিনি তেওঁ জমা কৰি ৰাখিছিল। ''১,৫০০ টকা জমা হোৱাত মই মোৰ মা-দেউতাক দেখা কৰিবলৈ মনতে ভাবিলো। মই জানিছিলো যে সেইখিনি টকা ঘৰত বহুত সকাহ দিব। ঘৰ যাবলৈ মই অধীৰ হৈ পৰিছিলো।’’
ঘৰলৈ গৈ তেওঁ গোটেইখিনি সঞ্চিত ধন দেউতাৰ হাতত দিলে। পৰিয়ালৰ দীৰ্ঘদিনীয়া ধাৰ মৰিল আৰু পলাই যোৱাৰ কথাটোত তেওঁক মাফ কৰি দিলে।
এমাহ পিছত নসুমুদ্দিন বাঘমাৰালৈ উভতিল আৰু মাহে ১,০০০ টকাত আন এখন দোকানত বাচন ধোৱা কাম পালে। তেওঁক সোনকালেই ৱেটাৰ কৰি দিয়া হ’ল। এতিয়া তেওঁ দোকানত পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ গ্ৰাহকক চাহ-মিঠাই আৰু বিস্কুট, পুৰি-চবজি, পৰঠা, চিংৰা, ৰসমলাই, ৰসগোল্লা আদি দিয়া কাম কৰিবলৈ ল’লে। ৱেটাৰ-কৰ্মচাৰী আদি সকলোৱে দোকানখনতে ৰাতি শুইছিল।
তেওঁ চাৰিবছৰ তাত কাম কৰিলে, ঘৰলৈ পইছা পঠিয়াই থাকিল। ৪,০০০ মান টকা সঞ্চয় হোৱাত নসুমুদ্দিনে ঘৰলৈ উভতাৰ কথা ভাবিলে।
সেই পইছাৰে তেওঁ ম’হ এটা কিনিলে আৰু আধি মাটি নিজে চহাবলৈ ল’লে। গাঁৱত সেইটোৱে কৰিব পৰা একমাত্ৰ কাম আছিল- হাল বোৱা, বীজ সিচা, পথাৰত ঘাঁহ-বন নিৰোৱা।
এদিনাখন পুৱা পথাৰত কাম কৰি থাকোতে হালৈ (মিঠাইৱালা)ৰ দল এটা পাৰ হৈ যোৱা তেওঁ দেখিলে। ''এলুমিনিয়ামৰ বাকচবোৰত তেওঁলোকে কি নিছে বুলি মই সুধিলো। তেওঁলোকে ক’লে যে সেয়া ৰসগোল্লা। মই জানিব পাৰিলো যে সেয়া লাভৰ বেপাৰ। ৰসগোল্লা বিক্ৰী কৰা দোকান এখনত থাকিও নিজে ৰসগোল্লা বনাব নজনাত মোৰ নিজৰ ওপৰতে খং উঠি হতাশ হ’লো”।
নসুমুদ্দিনে এতিয়া নিজাকৈ কিবা এটা কৰি থিতাপি লোৱাৰ কথা চিন্তা কৰিলে। ''মোৰ বয়সৰ ল’ৰাবোৰে বিয়া পাতিবলৈ লৈছিল (২০ বছৰত সোমাওতে)। সিহঁতৰ কিছুমান প্ৰেমতো পৰিছিল। মই ভাবিলো যে মই প্ৰথমে জীৱনসংগী এজনী বিচাৰি উলিয়াব লাগিব, তাৰপিছত ঘৰ এটা সাজি ল’ৰা-ছোৱালী এহালেৰে সুখে-সন্তোষে কটাম।’’ কাষৰে পথাৰত পানী দিবলৈ অহা ছোৱালী এজনী তেওঁৰ চকুত লাগিল। তেওঁ সদায়ে সেউজীয়া ধাননি পথাৰৰ মাজেৰে ছোৱালীজনীলৈ চাই ৰয়। এদিন তেওঁ কথা পতাৰ সাহস গোটালে। কিন্তু হিতে বিপৰীত হ’ল। ছোৱালীজনী পলাই লৰ মাৰিলে আৰু তাৰপাছত দুনাইবাৰ কামলৈ নাহিল।
''মই তাইক চাবলৈ অপেক্ষা কৰি ৰ’লো। কিন্তু তাই নাহিল,’’ তেওঁ মনত পেলায়। ''তাৰপাছত মই মোৰ ভাইৰ খুলশালিজনক কোৱাত তেওঁ মোলৈ কইনা এজনী চোৱাত লাগিল।’’ তেওঁৰ বিয়া কাষৰে গাঁৱৰ হালৈ (মিঠাইৱালা) পৰিয়ালৰ বালি খাতুনৰ লগত হয়। (পিছলৈ তেওঁ জানিব পাৰিলে যে তেওঁৰ প্ৰথম চকুত পৰাগৰাকী তেওঁৰ ঘৈণীয়েকৰ খুড়ীয়েক আছিল)।
বিয়াই তেওঁৰ বাবে উপাৰ্জনৰ নতুন বাট মুকলি কৰিলে। ঘৈণীয়েকৰ পৰা তেওঁ মিঠাই তৈয়াৰ কৰা শিকিলে। তেওঁ প্ৰথমবাৰ তিনি লিটাৰ গাখীৰ লৈ নিজে চেষ্টা কৰিলে, ১০০ টা ৰসগোল্লা তৈয়াৰ কৰিলে। ঘৰে ঘৰে গৈ এটকাকৈ বিক্ৰী কৰি ৫০ টকা লাভ পালে।
এয়াই তেওঁৰ নিয়মীয়া উপাৰ্জনৰ বাট হৈ পৰিল। সঘন বানপানী আৰু খৰাঙৰ ফলত হোৱা খেতিৰ লোকচান আৰু পৰিয়ালৰ ধাৰ-ধুপাৰ তেওঁ এনেদৰে গোল্লা বিক্ৰী কৰি শুজিব পাৰিলে।
২০০৫ত ২৫ বছৰীয়া হোৱা নসুমুদ্দিনে ৩৫ কিলোমিটাৰ দূৰৰ মেঘালয়ৰে সীমামূৰীয়া দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ মহেন্দ্ৰগঞ্জ নামে এখন চহৰলৈ আহে। তেওঁ শুনিবলৈ পাইছিল যে তাত মিঠাইৰ ব্যৱসায় ভাল হ’ব। কিন্তু সেইখন চহৰত অচিনাকী মানুহ এজনে থিতাপি লোৱাটো ইমান সহজ কাম নাছিল। সেই সময়ত তাত মানুহৰ মাজত ডকাইতৰ সন্ত্ৰাস আছিল। মানুহবোৰ সদায় কাণ থিয় কৰি চলিছিল। ভাড়াঘৰ এটা বিচাৰি উলিয়াবলৈ নসুমুদ্দিনক তিনিমাহ সময় লাগিল। আকৌ মিঠাইৰ গ্ৰাহক ঘটিবলৈ প্ৰায় তিনিবছৰ লাগিল।
তেওঁৰ হাতত মূলধন নাছিল আৰু টকা ধাৰে লৈ ব্যৱসায় আৰম্ভ কৰিছিল, মূলতবি ৰাখি সামগ্ৰী কিনিছিল। তেওঁৰ পত্নী বালি খাতুন ২০১৫ত মহেন্দ্ৰগঞ্জলৈ আহে। সময় বাগৰিল, তেওঁলোকে তিনিটা সন্তান পালে। ডাঙৰজনী ছোৱালী ৰাজমীনা খাতুন এতিয়া ১৮ বছৰীয়া, পুত্ৰ ফৰিদুল ইছলাম আৰু ছৰিফুল ইছলামৰ বয়স ক্ৰমে ১৭ আৰু ১১ বছৰ, দুয়োজনেই স্কুলত পঢ়ি আছে।
যোৱা কেইটামান বছৰত নসুমুদ্দিনে মাহে ১৮,০০০ৰ পৰা ২০,০০০ টকালৈ উপাৰ্জন কৰি আছিল। পৰিয়ালৰ ব্যৱসায় বাঢ়িছিল। ৰসগোল্লাৰ লগতে তেওঁ বালি খাতুনৰ লগত একেলগে জিলাপীও বনায়।
নসুমুদ্দিনে বেপাৰৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি সপ্তাহত ৬ বা ৭ দিন ব্যৱসায় কৰে। আবেলি বা সন্ধিয়াৰ ভাগত তেওঁলোক দুজনে ৫ লিটাৰ গাখীৰ আৰু দুই কিলোগ্ৰাম চেনী ব্যৱহাৰ কৰি গোল্লা সাজি জমা কৰে। দোকমোকালিতে তেওঁলোকে জিলাপীও বনায়, সেয়া গৰমে গৰমে বিক্ৰী কৰে। নসুমুদ্দিনে তেতিয়া দুয়োবিধ মিঠাই লৈ ঘৰে ঘৰে নাইবা গাঁৱৰ চাহৰ দোকানবোৰত সেয়া বিক্ৰী কৰে আৰু দিনৰ ২ মান বজাত ঘৰ উভতে।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ৰ কাৰণে ঘোষণা কৰা দেশজোৰা লকডাউনৰ ফলত তেওঁৰ সৰু (আৰু মিঠা) পৃথিৱীখন হঠাতে স্থবিৰ হৈ পৰে। তাৰে পিছৰ কেইটামান সপ্তাহ পৰিয়ালটোৰ বাবে বৰ কষ্টকৰ আছিল। তেওঁলোকৰ যি যৎসামান্য চাউল-দাইল, শুকান মাছ আৰু শুকান জলকীয়াৰ গুড়ি আছিল সেইৰেই কাম চলাবলগীয়া হৈছিল। তেওঁলোকৰ মালিকে পিছলৈ তেওঁক চাউল আৰু পাচলি দি সহায় কৰে (নসুমুদ্দিন মহেন্দ্ৰগঞ্জৰ প্ৰব্ৰজনকাৰী শ্ৰমিক হোৱা কাৰণে তেওঁৰ ৰেচন কাৰ্ড ব্যৱহাৰ কৰি চৰকাৰী সাহায্য-পাতি নাপাইছিল)।
কেইদিনমান পিছত তেওঁ লকডাউনত ঘৰত থাকি আমনি পোৱা চুবুৰীৰে পৰিয়ালবোৰলৈ গোল্লা বিক্ৰী কৰি প্ৰায় ৮০০ টকা পাইছিল। তাৰ বাদে তেওঁৰ আন একো উপাৰ্জন নাছিল।
লকডাউনৰ এমাহ পাৰ হ’ল। এদিনাখন তেওঁৰ ঘৰৰ মালিকে জিলাপী খাব বিচাৰিলে। নসুমুদ্দিনে ঘৰত যি অলপ যোগাৰ-পাতি আছিল, সেইৰেই জিলাপী বনালে। চুবুৰীয়াও জিলাপী বিচাৰি আহিল। নসুমুদ্দিনে অলপ আটা-ময়দা, চেনী আৰু পাম অইল পাইকাৰী দোকানী এজনৰ পৰা ধাৰে আনিলে। তেওঁ প্ৰতিদিনে সন্ধিয়া জিলাপী বনাবলৈ আৰম্ভ কৰিলে আৰু দিনে ৪০০-৫০০ টকা হাতত আহিল।
এপ্ৰিলত লকডাউন আৰম্ভ হোৱাত তেওঁৰ জিলাপীৰ চাহিদা বাঢ়িল। পুলিচৰ পহৰা থকা স্বত্তেও তেওঁ সপ্তাহত এবাৰ বা দুবাৰ গাঁৱতে সাৱধানে সকলো সময়তে মাস্ক পিন্ধি আৰু চেনিটাইজ কৰি মিঠাই বিক্ৰী কৰাত লাগিল। এনেদৰে লকডাউনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ তেওঁৰ লোকচান আৰু ধাৰ মৰিল।
লকডাউন শিথিল হোৱাৰ পিছত তেওঁৰ ৰসগোল্লা আৰু জিলাপীৰ ব্যৱসায় আগৰ দৰে নিয়মীয়া হ’ল। কিন্তু তেওঁৰ ভালেখিনি টকা খুচুৰা কামত, বিশেষকৈ দেউতাক, ঘৈণীয়েক আৰু জীয়েকৰ সৰু-সুৰা বেমাৰৰ নামত খৰছ হ’ল।
২০২০ৰ শেষৰফালে নসুমুদ্দিনে অসমৰ উৰাৰভূঁই গাঁৱৰ তেওঁৰ পৰিয়ালৰ মাটিত নিজাকৈ ঘৰ সাজিবলৈ আৰম্ভ কৰে। তাতো তেওঁৰ সঞ্চয়ৰ ভালেখিনি টকা খৰছ হ’ল।
তাৰপিছত আহিল ২০২১ৰ লকডাউন। নসুমুদ্দিনৰ দেউতাক নৰিয়াত পৰিল (জুলাইত ঢুকাল)। তেওঁৰ ব্যৱসায় এতিয়া প্ৰায়ে বন্ধ হৈ থকা হ’ল। ''এই কালছোৱাত (মহামাৰীৰ) মোৰ আয় অনিয়মীয়া,’’ তেওঁ কয়। ''মই কাষৰ গাওঁবোৰত মিঠাই বিক্ৰী কৰিবলৈ যাও। কেতিয়াবা মই কান্ধত ২০-১৫ কিলো মিঠাই বোজাই কৰি ২০-২৫ কিলোমিটাৰ বাট খোজকাঢ়ো। এতিয়া সপ্তাহত ৬-৭ দিনৰ বিপৰীতে মই ২-৩ দিনহে ব্যৱসায় কৰো। মোৰ ভাগৰ লাগে। জীৱনটো এই সময়ত বহুত কষ্টকৰ হৈ পৰিছে। কিন্তু মোৰ শৈশৱৰ দৰে নহয়। শৈশৱৰ কথা মনত পৰিলে এতিয়াও চকুপানী ওলায়।’’
প্ৰতিবেদকৰ টোকা: নসুমুদ্দিন শ্বেইখৰ লগতে তেওঁৰ পৰিয়ালটো মহেন্দ্ৰগঞ্জৰ মোৰ পিতৃৰ পুৰণি ঘৰতে ২০১৫ৰ পৰা ভাড়াতীয়া হিচাপে থাকিছিল। হাঁহিমুখীয়া নসুমুদ্দিনে সদায় মা-দেউতাক সহায় কৰি দিছিল আৰু কেতিয়াবা পাচলি বাগিছাখনতো চোৱা-চিতা কৰিছিল।
অনুবাদ: পংকজ দাস