প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গোণ্ড আদিবাসীসকলে দীঘলীয়া বাট অতিক্ৰম কৰি ছত্তীশগড়ৰ (উত্তৰ বাস্তাৰ) কাকেৰ জিলাৰ অন্তাগড় তহচিলৰ অন্তৰ্গত ২০০ জন আদিবাসী লোকৰ গাওঁ চেমাৰগাঁৱত উপস্থিত হয়। পূৰ্বপুৰুষৰ শ্ৰদ্ধা জ্ঞাপনৰ অৰ্থে পতা এই উৎসৱ আৰু তদুপলক্ষে আয়োজিত যাত্ৰাত কোণ্ডাগাওঁ, নাৰায়নপুৰ ইত্যাদি নিকটৱৰ্তী জিলাৰ মানুহে অংশগ্ৰহণ কৰে। গোণ্ডসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছতো তেওঁলোকৰ সমাজৰ বয়োজ্যেষ্ঠসকল জীয়াই থাকে, তেওঁলোকক দেও হিচাপে পূজা কৰা হয়। তেওঁলোক এই যাত্ৰাত সমবেত হয়। ২০১৮ত মই এই যাত্ৰাত ভাগ লৈছিলো।
পাহাণ্ডি পাৰি কুপাৰ লিংগো কৰচাদ যাত্ৰা নামে পৰিচিত তিনি দিন জোৰা এই ‘দেৱ-দেৱীৰ সভা’ত প্ৰায় ২০ হাজাৰ লোকৰ আগমন ঘটে। এই উৎসৱত গোণ্ড পুৰাণৰ আদিগুৰু পাৰি কুপাৰ লিংগোক স্মৰণ কৰা হয়। এই ঐশ্বৰিক লিংগোদেৱেই গোণ্ড সম্প্ৰদায়ৰ সংস্কৃতি আৰু সংগীতৰ নানা ঐতিহ্যৰ জন্ম দিছে, এই পৰম্পৰাই গোণ্ড সম্প্ৰদায়ক এক সুকীয়া পৰিচয় দিছে।
“আগতে এই যাত্ৰা ১২ বছৰৰ মূৰে মূৰে হৈছিল, তাৰ পাছত সাত বছৰ, এতিয়া চাৰি বছৰৰ মূৰে মূৰে হয়,” উৎসৱৰ আয়োজকবৰ্গৰ সদস্য কোণ্ডাগাওঁ জিলাৰ খালেমুৰবেণ্ড গাঁৱৰ গোণ্ড আদিবাসী বিষ্ণুদেৱ পদ্দাই কয়। তেওঁ লগতে কয়, “মানুহৰ সমাগম কম আছিল কাৰণে এই উৎসৱ আড়ম্বৰপূৰ্ণ নাছিল, এতিয়া মানুহ বঢ়াত অতি উলহ-মালহেৰে এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ কথা পঢ়িবলৈ বা শুনিবলৈ পাই বহুতে ভাগ লয়হি।” ম’বাইল ফোন, মটৰচাইকেল আৰু ভাৰা গাড়ীৰ সুবিধা থকাৰ কাৰণে সহজতে মানুহে উৎসৱস্থলীলৈ আহিব পাৰে কাৰণে এই উৎসৱৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
মানুহে ইয়ালৈ আহি কি কৰে বুলি বিষ্ণুদেৱক আমি প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে, “কয়াসকলৰ (কয়া হ’ল আদিবাসীসকলৰ স্থানীয় পৰিচয়, অৱশ্যে এই একেটা আদিবাসী সম্প্ৰদায়কে বাস্তাৰ, তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশত ক্ৰমে গোণ্ড, মুৰিয়া আৰু কয়া বুলি) প্ৰায় ৭৫০ টা গোত্ৰ বা গোষ্ঠী আছে, তাৰে প্ৰায় ৭২ টা আছে বাস্তাৰ অঞ্চলত। এই গোত্ৰৰ মানুহে তেওঁলোকৰ নিজৰ মাণ্ডকু পেন (দেৱ-দেৱী)ক লগত লৈ আহে, ইয়াতে সকলো দেৱ-দেৱীৰ সাক্ষাৎ হয়।” (প্ৰতিটো গোত্ৰৰ নিজৰ টোটেম লৈ আহে - টোটেম মানে ছাগলী, বাঘ, সাপ আৰু কাছ আদি। গোণ্ডসকলে টোটেমৰ আৰাধনা কৰে আৰু নিজ নিজ গোত্ৰৰ টোটেম প্ৰাণীবিধৰ প্ৰজাতিক সংৰক্ষণৰ চেষ্টা কৰে)।
পেনসকল কোন বাৰু? জীৱিকাৰ সমস্যাক লৈ বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰা কাংকেৰ চহৰৰ গোণ্ড সমাজকৰ্মী কেশৱ চ’ৰিয়ে কয়, “পেনসকল হৈছে আমাৰ পূৰ্বপুৰুষ। আমাৰ বয়োজ্যেষ্ঠ যিসকল লোক ঢুকাইছে, তেওঁলোক স্বৰ্গগামী নহয়, বৰঞ্চ পেন হৈ আমাৰ মাজতে থাকে বুলি আমি ধৰি লওঁ। তেওঁলোকক আমি পূজা কৰোঁ। আমি বন্ধুবৰ্গ আৰু সম্পৰ্কীয়ৰ পেনসকলকো সাক্ষাৎ কৰোঁ। গণ্ডসকলে তেওঁলোকৰ পেনসকলৰ লগত সমবতে হয় আৰু প্ৰত্যেকেই মনৰ ভাৱ আদান-প্ৰদান কৰে আৰু উৎসৱ উদযাপন কৰে।”
পূৰ্বপুৰুষৰ দেৱ-দেৱী পেনসকলে যাত্ৰাৰ সময়ত নাচে, কান্দে আৰু পৰস্পৰক আলিংগন কৰে বুলি জনবিশ্বাস প্ৰচলিত। মানুহে ইয়াত তেওঁলোকৰ সমস্যাবোৰ খুলি ক’বলৈ আহে আৰু তাৰ বিনিময়ত পায় সমিধান। কিছুমান আদিবাসীয়ে তেওঁলোকক নাৰ্জীফুলৰ মালা আগবঢ়ায়। মোক তেওঁলোকে কৈছিল যে নাৰ্জীফুল পেন দেৱ-দেৱীসকলৰ প্ৰিয়। সেয়ে যাত্ৰাত নাৰ্জীফুল বহুত বিক্ৰীও হৈছিল।
কাংকেৰ জিলাৰ ঘটিয়া গাঁৱৰ পুৰোহিত দেওসিং কুৰেটিয়ে কয়, “আমি আংগা (দেৱ-দেৱীসকল)সকলক কঢ়িয়াই নিও আৰু লিংগো ডক্ৰা (ডক্ৰা মানে জ্যেষ্ঠ, দেও বা ইশ্বৰৰ সমাৰ্থক হিচাপে ব্যৱহৃত)লৈ আমাৰ সেৱা আগবঢ়াও। আমি লিংগো ডক্ৰালৈ ফুল, চুপাৰি, লালি আৰু লিম্বো [তামোল, সেন্দুৰ আৰু নেমু] আগবঢ়াও। গাহৰি আৰু ছাগলীও আগবঢ়াও।” পাৰম্পৰিকভাৱে দূৰ-দূৰণিৰ পৰা মানুহে কাঠৰ পাল্কিত আংগাক কঢ়িয়াই আনে, লগত আংগালৈ অৰ্ঘ্য হিচাপে আগবঢ়াবলৈ ফুল, কুকুৰা আৰু ছাগলী নিয়ে। গোটেই ৰাতি খোজকাঢ়ি তেওঁলোকে ইয়ালৈ আহে। এইবছৰ কিছুমান মানুহক গাড়ীৰেও আংগাক অনা দেখিলো। এইবাৰ নতুনকৈ হৈছে বুলি কেশৱ চ’ৰিয়ে কয়। তেওঁৰ লগতে মই উৎসৱলৈ গৈছো।
বলেৰ’ এখনত আংগা অনা চৰকাৰী চাকৰিয়াল জে. আৰ. মাণ্ডৱি (৫০)ক মই এইবিষয়ে সোধাত তেওঁ কয়, “মই ঘোৰাগাঁৱৰ পৰা আহিছো যদিও আমাৰ দেওজনাক অনা হৈছে কাংকেৰ জিলাৰ তেলাৱত গাঁৱৰ পৰা। আমি আগতে আংগাক কান্ধত লৈ পদব্ৰজে ইয়ালৈ আহিছো, কিন্তু আমাৰ পৰিয়ালটো এতিয়া সৰু হৈ পৰাত, ইমান দূৰ বাট (প্ৰায় ৮০ কিলোমিটাৰ) খোজকাঢ়ি অহাটো টান হৈ পৰে। সেয়ে আমি আংগাৰ পৰা অনুমতি বিচাৰিলো আৰু যেতিয়া আংগা উদুম কুমাৰি (আটাইবোৰ আংগা লিংগো দেওৰ সৈতে জৰিত)য়ে আমাক অনুমতি দিলে, আমি এইখন বাহনতে আংগাক আনিলো।”
কাংকেৰ জিলাৰ দমহাৰা গাঁৱৰ মাইতুৰাম কুৰেটিয়ে কান্ধত তুলি যাত্ৰা কৰি আংগাক লৈ আহিছে, তেওঁ কয়, “এয়া আমাৰ পূৰ্বপুৰুষৰ ঠাই। আমি লগত বৃদ্ধা মাতৃক আনিছো। তেওঁ লিংগো দেওৰ সম্পৰ্কীয়। আমাৰ দেৱীয়ে য’তে নিমন্ত্ৰণ পায় (আন দেৱীক লগ পোৱাৰ) তালৈকে আহে আৰু আন দেৱীকো সাক্ষাতৰ বাবে মাতে।”
লিংগোই অৱস্থান কৰা পবিত্ৰ উৎসৱস্থলীত সোমোৱাৰ আগতে পৰিয়ালটোৱে গছৰ তলত জিৰায়। তেওঁলোকে খৰিত চাউল সিজায়, পাচলি আৰু মুৰ্গীৰ মাংস ৰান্ধে আৰু উতলোৱা ৰাগিৰ পানী খায়। কাংকেৰ জিলাৰ কলিয়াৰি গাঁৱৰ ঘাছু মাণ্ডৱি তাৰে মাজৰ এগৰাকী। তেওঁ কয়, “আমি লিংগো দেওৰ ডাঙৰজন ভাতৃ মুড় ডক্ৰাক আনিছো। তেওঁৰ সৰু ভায়েক আৰু তেওঁলোকৰ পুত্ৰ-কন্যা সকলো ইয়ালৈ আহিছে। এয়া এক পুৰণি পৰম্পৰা আৰু লিংগো ডক্ৰাৰ পৰিয়ালৰ সদস্যসকল ইয়াত সন্মিলিত হয়।”
উৎসৱস্থলীত ফটোগ্ৰাফি আৰু ভিডিঅ’গ্ৰাফি কৰা নিষেধ। অতীতত গোণ্ড সংস্কৃতি আৰু পৰম্পৰাক বিশেষকৈ দৃশ্য-শ্ৰাব্য মাধ্যমত ভুলকৈ দৰ্শোৱা হৈছে। সেয়ে তেওঁলোক সচেতন হৈ পৰিছে। সেয়ে ময়ো উৎসৱস্থলীৰ বাহিৰত ফটো তুলিছো।
অনুবাদ: পংকজ দাস