‘মই দুয়োখন হাতত ৰেঞ্চ লৈয়ে এদিন বিদায় ল’ম,’ চামচুদ্দিন মোল্লাই কয়। ‘মৃত্যুৱেই মোৰ অৱসৰ হ’ব!’
এয়া শুনাত নাটকীয় যেন লাগিব পাৰে, কিন্তু চামচুদ্দিনে জীৱনটোৰ সৰহভাগ সময় ৰেঞ্চ আৰু আন সঁজুলি হাতত লৈয়ে কটাইছে। সেই সঁজুলিৰে তেওঁ পানীৰ পাম্প, ব’ৰৱেলৰ পাম্প, মিনি এগজেভেটৰ, ডিজেল ইঞ্জিন আৰু আন ভালেমান মেচিন মেৰামতি কৰে।
বিকল হৈ থকা, মাত-বোল নাইকিয়া হোৱা মেচিনক জীৱন্ত কৰি তোলাৰ দক্ষতাৰ বাবে কৰ্ণাটকৰ বেলগাম জিলা আৰু মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ গাওঁবোৰত তেওঁৰ সাংঘাতিক চাহিদা আছে। ‘মানুহে মোক মাতি নিয়ে,’ তেওঁ গৌৰৱেৰে কয়।
তেওঁৰ পাকৈত হাতত মেচিনৰ সমস্যা সমাধান কৰিবলৈ বহু কৃষক আৰু আন গ্ৰাহক তেওঁৰ ওচৰলৈ আহে। ‘মই অপাৰেটৰজনক মাত্ৰ হেণ্ডেলডাল ঘুৰাবলৈ দিলেই ইঞ্জিনৰ কি সমস্যা হৈছে গাম পাও,’ তেওঁ বুজাই কয়।
তাৰ পিছতহে আচল কাম আৰম্ভ হয়। এটা বিকল ইঞ্জিন ভাল কৰিবলৈ তেওঁক আঠ ঘণ্টা পৰ্যন্ত সময় লাগে। ‘মেচিনটো খোলাৰ পৰা পুনৰাই অংশবোৰ লগাবলৈ প্ৰয়োজন হোৱা সময়খিনি ধৰা হয়,’ চামচুদ্দিনে কয়। ‘আজিকালি (ইঞ্জিন) কিটবোৰ ৰেডিমেড, সেয়ে সেয়া মেৰামতি কৰাটো সহজ হৈ পৰিছে।’
কিন্তু বহু বছৰ দিন-ৰাতি কৰা অনুশীলনৰ মুৰতহে তেনেদৰে আঠ ঘণ্টাত মেচিন এটা মেৰামতি কৰিব পৰা দক্ষতা তেওঁ অৰ্জন কৰিছে। ৮৩ বৰ্ষীয় চামচুদ্দিনে এতিয়ালৈ অনুমান কৰা মতে তেওঁৰ ৭৩ বছৰীয়া কৰ্মজীৱনত ৫০০০ তকৈও অধিক মেচিন ভাল কৰিছে। নৈৰ পৰা পানী তোলা, বাদাম আৰু সৰিয়হ আদিৰ পৰা তেল নিষ্কাশন কৰা, নিৰ্মাণ খণ্ডৰ পৰা আৰু কুঁৱাৰ পৰা শিল আঁতৰোৱা আৰু অনান্য বিভিন্ন কামত ব্যৱহৃত ইঞ্জিন তেওঁ মেৰামতি কৰিছে।







