হাৰিয়ানাৰ সোনিপত জিলাৰ সিংঘু-দিল্লী সীমান্তৰ প্ৰতিবাদকাৰী কৃষকৰ আগবাঢ়ি অহা সাগৰৰ ঢৌৰ লেখীয়া সমদললৈ চাই থকা হৰজিৎ সিঙৰ মুখত শীতৰ ধূসৰ পোহৰে খেলা কৰিছিল।
তেওঁৰ ওচৰত থকা ডেকা-বুঢ়া, পুৰুষ-মহিলা আৰু শিশু- সকলো বিভিন্ন কামত ব্যস্ত আছিল। দুজন মানুহে লাঠীৰে কোবাই তুলীবোৰ পৰিষ্কাৰ কৰি নিশাৰ বাবে সাজু কৰিছিল। কিছুমানে পথেৰে গৈ থকা মানুহক চাহ আৰু বিস্কুট বিতৰণ কৰি আছিল। বহুতে ভিৰ ঠেলি নেতাৰ বক্তব্য শুনাৰ বাবে সন্মুখৰফালে আগুৱাই গৈছিল। একাংশই আকৌ নিশাৰ খাদ্য প্ৰস্তত কৰাত ব্যস্ত আছিল। অন্য একাংশক অকল ইফাল-সিফালে ঘূৰি ফুৰা দেখা গৈছিল।
এই বছৰৰ ছেপ্টেম্বৰত সংসদত গৃহীত হোৱা তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী দৰবাৰতবিৰোধ প্ৰদৰ্শন কৰি থকা হাজাৰ হাজাৰ কৃষকসকলৰ মাজত হৰজিতো এজন আছিল।
তেওঁ কয় যে পাঞ্জাৱৰ ফটেহগড় ছাহিব জিলাৰ মজৰি সোধিয়ান গাঁৱত থকা তেওঁৰ চাৰি একৰ মাটিত ধান আৰু ঘেঁহুৰ খেতি কৰিছিল। ৫০ বছৰীয়া হৰজিৎ অবিবাহিত আৰু তেওঁ মাকৰ লগত থাকে।
২০১৭ চনৰ এটা দুৰ্ঘটনাই হৰজিতক চলা-ফুৰাত অসমৰ্থ কৰি পেলাইছিল যদিও এইটোৱে তেওঁক তেওঁৰ সতীৰ্থ কৃষকসকলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ পৰা বিৰত কৰিব পৰা নাছিল। “ মোৰ ঘৰৰ ছাদত কাম কৰি থকাৰ সময়ত মই তাৰ পৰা বাগৰি পৰিছিলো,” তেওঁ দুৰ্ঘটনাটোৰ সম্পৰ্কত এনেদৰে কয়। “মোৰ কঁকালৰ হাড় ভাগিছিল।”
তেওঁ তাত বিশেষ বেছি একো কৰিব পৰা নাছিল। “আৰম্ভণিতে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ বাহিৰে মই মোৰ চিকিৎসা ভালদৰে কৰিব পৰা নাছিলো কাৰণ হস্পিতালে ২ পৰা ৩ লাখ টকা বিচাৰিছিল। মই ইমান টকা ক’ত পাম?”
তেন্তে তেওঁ ইয়ালৈ কেনেকৈ আহিল? সমদলত অংশগ্ৰহণ আৰু ভাষণ কেনেকৈ শুনিছিল?
“আপুনি এই ট্ৰেক্টৰখনৰ চকা দেখিছেনে? চকাটো মই এখন হাতেৰে ধৰো, আৰু এডাল লাঠিৰ সহায়ত থিয় হওঁ। কেতিয়াবা কাৰোবাৰ সহায় লওঁ বা বেৰত ভেঁজা দি তাৰ পিছত লাঠিত ভৰ দি মই থিয় হৈ থকাৰ চেষ্টা কৰো,” তেওঁ কয়।
“আমাৰ সকলোৰে বাবে মোৰ সতীৰ্থসকলৰ যি কষ্ট হৈছে সেয়া মই চাই সহ্য কৰিব নোৱাৰি এই আন্দোলনত অংশ লৈছো,” তেওঁ কয়। "মই এখন ট্ৰলী-ট্ৰাকত প্ৰায় ২৫০ কিলোমিটাৰ যাত্ৰা কৰি আহিছো।” অন্য কৃষকসকলে তেওঁক প্ৰতিবাদস্থলীলৈ অহাত সহায় কৰিছে। তেওঁ নিজৰ কষ্টৰ কথা উল্লেখ কৰি কয়, কৃষকসকলৰ বিশাল সমষ্টিৰ মাজত এইসকল কৃষকে যিমান কষ্ট পাইছে তাৰ তুলনাত মোৰ কষ্ট নগণ্য।
অৱৰোধ কৰা পথ আৰু কাঁটা তাঁৰৰ বাধা অতিক্ৰম কৰা, কন্দুৱা গেছ আৰু পানীৰ কামানৰ মুখামুখি হোৱাৰ লগতে আৰক্ষীৰ মাৰ খোৱা, পথৰ খন্দা গাঁতবোৰ পাৰ হোৱাৰ বাবে কৃষকসকলে চেষ্টা কৰা এই সকলোবোৰ তেওঁ দেখিছিল।
“ভৱিষ্যতে আমি ইয়াতকৈ বেছি কষ্ট স্বীকাৰ কৰিব লাগিব’’, হৰজিতে কয়। তেওঁৰ বন্ধু, কেশৰ সিং মৌনতাৰে সন্মতি জনাই মূৰটো লৰাইছিল।
তেওঁলোকৰ নেতাসকলে কি কৈছিল তেওঁ মোক জনায়, “আদানী আৰু আম্বানীৰ নিচিনা কৰ্পোৰেটগোষ্ঠীয়ে আমাৰ নিজৰ মাটিৰ পৰা আমাৰ অধিকাৰ কাঢ়ি নিব। মই বিশ্বাস কৰো তেওঁলোকে ঠিকেই কৈছে।”
হৰজিতে দুৰ্ঘটনাৰ পিছত তেওঁৰ চাৰি একৰ মাটি অন্য কৃষকক আধিত দিছিল, কাৰণ তেওঁ নিজে খেতি কৰিবলৈ অসমৰ্থ আছিল। যেতিয়া অন্য কোনোবাই তেওঁৰ মাটিত খেতি কৰে, তেতিয়া কি হয় তেওঁ দেখিছে, তেওঁ কয়ঃ “মোৰ চিধাই লোকচান হয়।‘’
২০১৯ চনত তেওঁ সেই মাটি ৫২,০০০ টকাত প্ৰতি একৰ হিচাপত অন্য কৃষকক আধিত খেতি কৰিবলৈ দিছিল। তাৰ পৰা (গোম আৰু ধান খেতিৰ পৰা) তেওঁ ২০৮,০০০ টকা বছৰি লাভ কৰিছিল। তেওঁ শস্য সিঁচাৰ পূৰ্বে সেই আধিয়াৰৰ পৰা তেওঁৰ ভাগৰ অংশ ১০৪,০০০ টকা আদায় কৰে। বাকী ভাগৰ অংশ তেওঁ শস্য কটাৰ পিছত পায়। এইবছৰো এই মাটিৰ পৰা তেওঁৰ এইখিনি আয় হ’ব।
‘’২০১৮ চনত, যেতিয়া মই নিজে খেতি কৰিছিলো, তেতিয়া মই একেখিনি মাটিৰ পৰা ২.৫ লাখ টকা পাইছিলো,’’ তেওঁ কয়। এক বছৰত চিধাই ৪৬,০০০ টকা লোকচান। তদুপৰি মূল্যবৃদ্ধি ভূতৰ ওপৰত দানহ পৰাদি পৰিছিল। সেইবাবে মই একো সঞ্চয় কৰিব নোৱাৰিলো। আৰু মই একো পেঞ্চনো নাপাও।
“মোৰ ৰাজহাড়ো ভগা’’, হৰজিতে কয়। ‘’ভগা কাঁচৰ গিলাচৰ দৰেই সেই ভাঙোন’’, তেওঁৰ বন্ধু কেশৰে বুজাই কয়।
তথাপি তেওঁ ইমান দীঘলীয়া যাত্ৰা কৰি দিল্লীৰ সীমা পাইছিল। মেৰুদণ্ডৰ হাড় ভগা হ’ব পাৰে, কিন্তু তেওঁ মেৰুদণ্ডহীন নহয়। হৰজিৎ সিঙে খোজকাঢ়িব নোৱাৰিলেও, কিন্তু কৃষি আইনবোৰৰ বিৰুদ্ধে তেওঁ শক্তিশালীভাবে থিয় দিছে।
অনুবাদঃ ভৱেশ মেধি