“কেইদিনমান আগতে এটা ৰাছেল ভাইপাৰৰ দংশনৰ পৰা মই কোনোমতেহে বাচিছিলো। সাপটো একেবাৰে মোৰ ভৰিৰ কাষতে আছিল, ভাগ্যে দেখা পালো” - মহাৰাষ্ট্ৰৰ ক'লহাপুৰ জিলাৰ চেন্দুৰ গাঁৱৰ খেতিয়ক দত্তাত্ৰেয় কাছ’টেই শংকা মিহলি চাৱনিৰে এইদৰে কয়। সেইদিনা নিশা সাপৰ খোঁটৰ পৰা কোনোমতে ৰক্ষা পৰা সময়ত তেওঁ পথাৰত পানী দিয়াত ব্যস্ত আছিল।
বিদ্যুৎ সৰবৰাহ অনিয়মীয়া আৰু কেতিয়া আহে তাৰ কোনো ঠিক নথকাৰ ফলত দত্তাত্ৰেয়ৰ লগতে কাৰবীৰ আৰু কাগাল মৌজাৰ বহু কৃষকে এনেকৈ নিশা পথাৰলৈ গৈ পানীৰ পাম্প দিবলগীয়া হয়।
কাৰেণ্ট কেতিয়া আহে তাৰ কোনো নিৰ্ধাৰিত সময়সূচী নাই, কেতিয়াবা ৰাতিও আহে আৰু কেতিয়াবা দিনটো দিয়ে আৰু কেতিয়াবা নিৰ্ধাৰিত ৮ ঘণ্টা সময়ৰ বাবে কাৰেণ্ট নাহিলেও সেয়া পূৰণৰ কোনো ব্যৱস্থা নাই।
ফলত যথেষ্ট পানীৰ প্ৰয়োজন হোৱা কুঁহিয়াৰ খেতিত পৰ্যাপ্ত পানী যোগান ধৰিব পৰা নগ’লে খেতি নষ্ট হৈ পৰে। এনে পৰিস্থিতিত একপ্ৰকাৰ অসহায় হৈ পৰা কৃষকসকলে এতিয়া তেওঁলোকৰ ল’ৰা-ছোৱালীক কোনো কাৰণতে খেতিয়ক হ’বলৈ নিদিয়াৰ একপ্ৰকাৰ সংকল্প গ্ৰহণ কৰিছে। অঞ্চলটোৰ যুৱকসকলে সেয়ে মহাৰাষ্ট্ৰ ইণ্ডাষ্ট্ৰিয়েল ডেভলপমেণ্ট কৰ্প’ৰেশ্যনৰ অধীনস্থ কোম্পানীসমূহত মাহিলি ৭-৮ হাজাৰ দৰমহাতে কাম কৰিবলৈ লৈছে।
“ইমান হাড়ভগা পৰিশ্ৰম কৰি খেতিত আমি ভালকৈ এটকাও লাভৰ মুখ নেদেখো। গতিকে খেতি কৰাতকৈ আমি কোম্পানীত কাম কৰাটোকেই বেছি ভাল যেন দেখিছো,” আক্ষেপেৰে এইদৰে কয় কাৰবীৰ অঞ্চলৰ ডেকা খেতিয়ক শ্ৰীকান্ত চৱনে।
অনিয়মীয়া বিজুলী যোগানে বিপৰ্যস্ত কৰি তোলা ক'লহাপুৰৰ কৃষকসকলৰ হা-হুমুনিয়াহক লৈ বিশেষ চুটিছবি।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি