তিনি বছৰত কোনেও নাঙলৰ মুঠিত ধৰা নাই। আনকি কোনেও এই সময়চোৱাত কোৰ-কুঠাৰ হাতত লোৱা নাই। ইয়াৰ ফলতে কৃষকৰ বাবে দৰকাৰ হোৱা হাতিয়াৰ আৰু সঁজুলি নিৰ্মাণ কৰা বাংগাৰু ৰামাচাৰীৰ জীৱনলৈ সংকট নামি আহে। ভালেমান বছৰৰ পৰা মুকুন্দপুৰৰ তেঁৱেই একমাত্ৰ বাঢ়ৈ আছিল। তেওঁৰ মাটিও নাছিল, গৰুও নাছিল আৰু তেওঁ কৃষক নহয়। অন্ধ্ৰপ্ৰদেশৰ লালগোণ্ডা জিলাৰ কৃষিকাৰ্যৰ উন্নতিৰ লগত তেওঁৰ পাৰিবাৰিক কুশল-মংগল নিৰ্ভৰশীল আছিল।
‘যেতিয়া খেতি-বাতি বেয়া হৈ পৰে, তেতিয়া কেৱল খেতিয়কৰে নহয়, সকলোৰে অৱস্থা বেয়া হয়।’ অঞ্চলটোৰ এজন ৰাজনৈতিক কৰ্মী এছ. শ্ৰীনিবাসে কয়। ৰামাচাৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। অনাহাৰত তেওঁৰ মৃত্যু হ’ল। নাৰ্গাজুন সাগৰ বান্ধ প্ৰকল্পৰ বাওঁহাতৰ নলাৰ অধীনৰ এখন গাওঁ। যিখন গাওঁ খেতিৰে কিছুবছৰ আগতে নদন-বদন আছিল।
কৃষি সংকটৰ অনাকাংক্ষিত সমস্যাই কৃষকৰ ক্ষতি কৰাৰ উপৰি ইযাৰ লগত সম্পৰ্ক থকা সকলোৰে বাবে বিভীষিকাৰ সৃষ্টি কৰিলে। কুমাৰ, চামৰাৰ কামত নিয়োজিত ব্যক্তি, বাঢ়ৈ আৰু অ-কৃষিকাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা অগণন আন সামাজিক গোষ্ঠী কৃষি সংকটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ল। যাৰ ফলত কৃষকসকলক আত্মহননৰ দিশে ঠেলি দিয়া হ’ল। কৃষিখণ্ডৰ সুন্দৰ আৰু যুগ-যুগান্তৰৰ সংযোগবোৰ ছিন্ন-ভিন্ন হ’বলৈ ধৰিলে।
‘মই দূৰত বিজয়ৱাড়াৰ চেন্দেল কোম্পানী এটাত কাম কৰি আছিলো,’ অৰুণাই ক’লে। তেওঁ ৰামাচাৰীৰ বিধবা পত্নি। ভদ্ৰাংগি (বাঢ়ৈ) সম্প্ৰদায়ৰ মহিলাই সাধাৰণতে কাম বিচাৰি আন ঠাইলৈ নাযায়। তেওঁ কয়, ‘যোৱাৰ ইচ্ছা নাছিল। আগতে মই কেতিয়াও প্ৰব্ৰজিত শ্ৰমিক নাছিলো। কিন্তু ইয়াত একেবাৰে কাম পোৱা নাযায়।’ সেয়ে তেওঁলোকৰ তিনিটা ল’ৰা-ছোৱালী স্বামীৰ ওচৰত এৰি থৈ তেওঁ এমাহ পৰ্যন্ত আন ঠাইলৈ কাম কৰিবলৈ যায়।
শ্ৰীনিবাসে ক’লে, ‘ৰামচাৰীয়ে কমেও ৪০ জন গ্ৰাহক পায়। কামৰ বাবদ কৃষকসকলে তেওঁক চাউল-আটা আদি দিয়ে। প্ৰতিজনে বছৰত ৭০ কিলোগ্ৰাম দিছিল।’ এইদৰে তেওঁ বছৰি ২৮০০ কিলোগ্ৰাম পাইছিল, পৰিয়ালৰ বাবে আৱশ্যক হোৱাখিনি ৰাখিছিল, বেছি হোৱাখিনি বজাৰত বিক্ৰী কৰিছিল। ‘৭০ কিলোগ্ৰামৰ বাবে তেওঁ কমেও ২৫০ টকা পাইছিল। অৱশ্যে এইখিনি চাউল নহয়, ধান। তথাপিও পৰিয়ালৰ বাবে দৰকাৰ হোৱাৰ উপৰিঞ্চি শস্যও বিক্ৰী কৰি তেওঁ বছৰত কমেও ৪০০০ টকা উপাৰ্জন কৰিছিল। সেই টকাৰেই তেওঁ পৰিয়ালৰ বাবে আন খৰছ-পাতি কৰিছিল।’
আগতে তেওঁৰ বহুতো গ্ৰাহক আছিল। কিন্তু ব্যৱসায় ভাল হ’বলৈ ধৰাৰ সময়তে সমস্যা আৰম্ভ হ’ল। গাওঁখনলৈ যেতিয়া ১২ খন ট্ৰেক্টৰ আহিল, তেতিয়া কাম কমিবলৈ ধৰিলে। ‘কায়িক শ্ৰম কৰাসকলক যন্ত্ৰৰ আমদানিয়ে ক্ষতি কৰিলে,’ কে. লিংগায়াই ক’লে। তেতিয়াৰে পৰা তেওঁৰ নিচিনা ভূমিহীন কৃষকৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। ৰামাচাৰীৰ বাবে এয়া আছিল এক বৃহৎ আঘাত। তেওঁ নিজৰ কামতে লাগি থাকিল, আগৰ কাম-কাজবোৰ ঠিক-ঠাক কৰিবলৈ চেষ্টা কৰি গ’ল। ‘তেওঁৰ আন কামৰ দক্ষতা নাই,’ অৰুণাই ক’লে। তেওঁ পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল। অৰুণাই ৪ৰ্থ মানলৈ পঢ়িছিল।




