“আমাৰ দৰে মানুহৰ বাবে জনকীয়া হোটেল ভৰসাৰ ডাঙৰ থল হৈ পৰিছে, বিশেষকৈ তলাবন্ধৰ বাবে কৰ্মহীন হৈ পৰা সকলৰ বাবে,” তিৰুৱনন্তপুৰমৰ এম জি ৰোডত থকা হোটেলৰ বিক্ৰী কেন্দ্ৰত পেকেট খাদ্য ক্ৰয় কৰিবলৈ অপেক্ষা কৰি থকা আৰ ৰাজুৱে কয়।
৫৫ বছৰীয়া কাঠমিস্ত্ৰী ৰাজুৱে এমাহৰ অধিক দিন সদায় চাইকেলেৰে তিনি কিলোমিটাৰ দূৰৰ পৰা আহি ২০ টকাত খাদ্যৰ পেকেট ক্ৰয় কৰে। খাদ্যৰ পেকেটটোত ভাত, আচাৰ, তিনি ধৰণৰ আঞ্জা আৰু শাক-পাচলিৰ এখন ভাজি থাকে। শাক-পাচলি মিহলি কৰি বনোৱা ভাজিখনৰ “বৰ সোৱাদ”, তেওঁ কয়।
তলাবন্ধৰ সময়ৰে পৰা কৰ্মহীন হৈ পৰা ৰাজুৱে কয়, “তলাবন্ধৰ ঘোষণা কৰাৰ পিছত চিন্তিত হৈ পৰিছিলো, মোৰ অতি কম জমা ধন আছিল আৰু দুমাহ ধৰি খোৱা বস্তু ক্ৰয় কৰিব পাৰিম বুলি ভবা নাছিলো। ইয়াত খাদ্য কিনাৰ বাবে মোক মাহে মাত্ৰ ৫০০ টকাৰ প্ৰয়োজন হয়।”
কল চেণ্টাৰত কাম কৰা টি কে ৰবীন্দ্ৰনে এই সময়খিনিত জনকীয়া হোটেলৰ সস্তা দামত ক্ৰয় কৰিব পৰা আহাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। এম জি ৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰৰ পেট্টাহ এলেকাৰ ভাড়াঘৰত ৰবীন্দ্ৰন অকলে থাকে। তেওঁ কাৰ্যালয়ৰ কেণ্টিনত বিয়লি আহাৰ খাইছিল। সমগ্ৰ দেশত ২৫ মাৰ্চৰ তলাবন্ধ ঘোষণা কৰাৰ কেইদিনমান আগতে কেৰালা চৰকাৰে তলাবন্ধ ২৩ মাৰ্চত ঘোষণা কৰাৰ বাবে কেণ্টিনখন বন্ধ হৈ গ’ল। “আন ৰেষ্টুৰেণ্টবিলাক মহঙা। আনকি ঘৰত দি যোৱাৰ বাবদ যথেষ্ট মূল্য ভৰিব লাগে,” ৰবীন্দ্ৰনে কয়। তেওঁ দুবছৰৰ আগতে ৭০ কিলোমিটাৰ দূৰৰ কোল্লামৰ পৰা তিৰুৱনন্তপূৰম চহৰলৈ আহিছিল।
জনকীয়া হোটেলৰ খুচুৰা বিক্ৰীকেন্দ্ৰত তেওঁ আৰু ৰাজু উপস্থিত হোৱাৰ সময়ত ১০ গৰাকী মহিলাৰ এটা দলে আহাৰৰ পেকেটবিলাক সাজু কৰাত ব্যস্ত হৈ আছিল। প্ৰতিদিনে তেওঁলোকে প্ৰায় ৫০০ টা দুপৰীয়াৰ আহাৰৰ পেকেট সাজু কৰে। প্লাষ্টিক আৱৰণ থকা কাগজত ভাত দি বাতৰি কাগজেৰে মেৰিয়াই দিয়ে আৰু নিগৰি ওলাই নহাৰ বাবে আঞ্জা চিলভাৰ ফইলত বান্ধি দিয়ে। জনকীয়া হোটেল (জনতাৰ হোটেল)য়ে খাদ্যৰ টোপোলা সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ যোগান ধৰে।
“পুৱা ৭ বজাত আমি ইয়াত উপস্থিত হওঁ আৰু তাৰ পিছত কাম কৰিবলৈ আৰম্ভ কৰো। ১০ বজাত ৰন্ধাৰ কাম শেষ কৰো। তাৰ পিছতে আহাৰৰ পেকেটবোৰ সাজু কৰিবলৈ আৰম্ভ কৰো। শাক-পাচলি আগদিনাই কাটি থৈ যাও- ৰন্ধাৰ কাম শেষ কৰাৰ পিছতে।” হোটেলৰ ৰন্ধা-বঢ়াকে ধৰি সকলো কাম তদাৰকী কৰা কে সৰোজমে কয়। ইয়াত থকা প্ৰতিগৰাকীক নিৰ্দিষ্ট কামৰ দায়িত্ব দিয়া হয়।
তেওঁলোকৰ গোটটোৰ আন মহিলাসকল আৰু সৰোজম কুৰুম্বাশ্ৰীৰে সদস্য, কেৰালা ৰাজ্যিক দৰিদ্ৰতা নিৰ্মূলীকৰণ অভিযানে এই নাম দিছে- সমগ্ৰ ৰাজ্যত মহিলাৰ গোটে কুৰুম্বাশ্ৰী পৰিচালনা কৰে। সমগ্ৰ কেৰালাত ইয়াৰ সদস্যসকলে ৪১৭ (২৬ মে’ৰ তথ্য অনুসৰি)খন এনে হোটেল পৰিচালনা কৰে, যাক কুৰুম্বাশ্ৰী হোটেল নামে জনা যায়।
১৯৯৮ চনত এই সমূহীয়া প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল আৰু এই প্ৰচেষ্টাত ক্ষুদ্ৰ বিত্তব্যৱস্থা, কৃষিকাৰ্য, মহিলা সৱলীকৰণ আৰু জনজাতীয় সম্প্ৰদায়ৰ উন্নয়নৰ কাৰ্যসূচীও সামৰি লোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সুৰক্ষা, কৰ্মসংস্থান আৰু জীৱিকাৰ আঁচনি প্ৰয়োগ কৰাৰ কাৰণে কুৰুম্বাশ্ৰীও এক সমন্বয় সংস্থা হিচাপে কাম কৰে।
কেৰালাত কুৰুম্বাশ্ৰী মিছন আৰু চৰকাৰৰ স্থানীয় প্ৰশাসনে যুটীয়াভাৱে ৰেহাই মূল্যত খাদ্য কাৰ্যসূচী আৰম্ভ কৰিছিল। এম জি ৰোডত থকা তিনিটা কোঠাৰ হোটেলখনত এটা ৰান্ধনিশাল, খাদ্যৰ টোপোলা প্ৰস্তুত কৰা এটা হলঘৰ আৰু গ্ৰাহকক বস্তু দিয়া এটা কাউণ্টাৰ আছে। পৌৰ নিগমৰ অট্টালিকাত ই অৱস্থিত। তিৰুৱনন্তপূৰমত থকা ২২ খন জনকীয়া হোটেলৰ ভিতৰত ই এখন।
হোটেলৰ বিক্ৰীকেন্দ্ৰত সদায় বিয়লি দুই বজাত গ্ৰাহকৰ যথেষ্ট ভিৰ হয়। ক’ভিড-১৯ তলাবন্ধৰ বাবে যিসকল ছাত্ৰ হোটেলত আছে, চিকিৎসালয়ত ৰোগীৰ লগত থকা মানুহ, এম্বুলেন্স চালক, অট্টালিকাৰ নিৰাপত্তাৰক্ষী, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন কৰা গাড়ীচালক আৰু আন বহুতো গ্ৰাহক ইয়ালৈ আহে। “তলাবন্ধৰ বাবে উপাৰ্জন নোহোৱা লোকসকল মূলতঃ আমাৰ গ্ৰাহক, যিসকলে খোৱাবস্তু কিনিবলৈ বেছি টকা নাই, বা যিসকলে নিজে ৰান্ধি খোৱাৰ অৱস্থাত নাই তেনে লোকসকল আমাৰ ইয়ালৈ আহে।” কুৰুম্বাশ্ৰী অভিযানৰ সমন্বয়ক ড. কে আৰ শাইজুৱে কয়।
প্ৰৱেশ পথত থকা কাউণ্টাৰত বিক্ৰীৰ বাবে সাজু কৰা খাদ্যৰ পেকেটবোৰ জমা কৰা হৈছে। মাস্ক আৰু হাতত গ্লোভচ পৰিধান কৰা কুৰুম্বাশ্ৰীৰ এজন কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা টকা লৈ টোপোলাবিলাক দিয়ে। “যেতিয়া গ্ৰাহকে শাৰী পাতি থিয় হয়, তেতিয়া আমি সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব দিওঁ।” বিক্ৰীকেন্দ্ৰ পৰিচালনাৰ দায়িত্বত থকা কুৰুম্বাশ্ৰী গোটৰ এগৰাকী সদস্য এছ লক্ষ্মীয়ে কয়।
প্ৰতিবেশী গোট (নেইবাৰহুড গ্ৰুপ)ৰ জৰিয়তে সংগঠিত কৰা কুৰুম্বাশ্ৰীৰ ৪.৫ নিযুত সদস্যৰ ভিতৰত লক্ষ্মী আৰু সৰোজমো সদস্য। কেৰালাৰ ৭৭ লাখ পৰিয়ালৰ প্ৰায় ৬০ শতাংশৰ কমেও পৰিয়ালৰ এজন সদস্য এই গোটসমূহৰ অন্তৰ্ভূক্ত।
জনকীয়া হোটেলৰ প্ৰতিখন নিকটৱৰ্তী প্ৰতিবেশী গোটে হোটেলখন পৰিচালনা কৰে। পাঁচ কিলোমিটাৰ দূৰত থকা কুৰিয়াতি প্ৰতিবেশী গোটটোৰদ্বাৰা এম জি ৰোডৰ হেটেলখন চলোৱা হয়। তেওঁলোকে প্ৰতিদিনে প্ৰায় ৫০০ খাদ্যৰ টোপোলা প্ৰস্তুত কৰে। বিক্ৰী কৰা কাউণ্টাৰ বন্ধ কৰাৰ আগতে খাদ্য প্ৰস্তুত আৰু পেকেট বনোৱা কাম শেষ কৰা হয়। প্ৰস্তুত কৰা খাদ্য শেষ হৈ যোৱাৰ দৰে ব্যতিক্ৰমী ঘটনা কেতিয়াবা ঘটে, সৰোজমে কয়। “আৰু কেতিয়াবা আমাৰ ৫ বা ৬ টা পেকেট থাকি যায়, সেইবিলাক আমি ঘৰলৈ লৈ যায়।”
পূৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ কাম কৰা এ. ৰাজীৱৰ বাবে যোৱা ৮ এপ্ৰিলত স্থাপন কৰা এম জি ৰোডৰ এইখন হোটেল আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। ২৩ মাৰ্চত তলাবন্ধ বলবৎ কৰাৰ পিছত নিজৰ পিক আপ ভেনখনেৰে চিকিৎসালয় আৰু মেডিকেল ষ্টোৰবিলাকত ২৮ বছৰীয়া ৰাজীৱে ঔষধৰ যোগান ধৰে। “কোনো ৰেষ্টুৰেণ্ট খোলা নথকাৰ বাবে তলাবন্ধৰ প্ৰথম সপ্তাহটো কষ্টকৰ হৈ পৰিছিল। মোৰ মায়ে পুৱা সোনকালে উঠিবলৈ ধৰিলে আৰু মোৰ কাৰণে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰি দিছিল,” তেওঁ কয়। “মই ঔষধৰ প্ৰায়বোৰ যোগান এই এলেকাৰ ওচৰে-পাজৰে কৰিব লাগে, সেয়ে হোটেলখন মোৰ বাবে সহজতে ঢুকি পোৱাতে হৈছে। মই ৫০০ টকাত ইয়াৰ পৰা এমাহৰ দুপৰীয়াৰ আহাৰ খাব পাৰো। তলাবন্ধৰ পিছতো তেওঁলোকে এই হোটেল চলাই থাকিব বুলি মই আশা কৰো। আমাৰ দৰে বহুতো মানুহৰ সুবিধা হ’ব।”
জনকীয়া খাদ্যই কৃষ্ণ কুমাৰেও সকাহ পাইছে। তেওঁৰ পিতৃ-মাতৃ তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। তিৰুৱনন্তপুৰ চহৰৰ দক্ষিণ ফালৰ শ্ৰীৱাৰাহম এলেকাত পৰিয়ালটো থাকে। “মই প্ৰতিদিনে আমাৰ তিনিজনীয়া পৰিয়ালটোৰ বাবে দুই পেকেট খাদ্য ক্ৰয় কৰো। দেওবাৰে ঘৰতে ডোছা বনাও বা ওটচ্ সিজাই খাওঁ,” তেওঁ কয়।
তলাবন্ধৰ আগলৈকে কুমাৰে এজন ঠিকাদাৰৰ অধীনত পাইপ মিস্ত্ৰীৰ কাম কৰিছিল। কাম কৰিবলৈ মতা প্ৰতিটো দিনত ৮০০ টকাকৈ তেওঁ দিনমজুৰী লাভ কৰিছিল- মাহে প্ৰায় ১৬,০০০ টকা উপাৰ্জন হৈছিল। “এই দুমাহৰ বাবে ঠিকাদাৰে মোক (এপ্ৰিল আৰু মে’) আধা দৰমহা দিছে। শুনিবলৈ পোৱা মতে তলাবন্ধ দীঘলীয়া হ’ব। তেওঁ কিমান দিনলৈ এনেকৈ দৰমহা দিব ক’ব নোৱাৰো,” তেওঁ কয়।
২০২০ৰ আৰম্ভণিতে ক্ষুধামুক্ত কেৰালা কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰে কুৰুম্বাশ্ৰী হোটেলসমূহ খুলিছিল। ৭ ফেব্ৰুৱাৰীত বিধানসভাত বাজেট দাখিলৰ সময়ত প্ৰদান কৰা ভাষণত বিত্তমন্ত্ৰী টমাছ আইজাকে এনে হোটেলৰ ধাৰণাৰ বিষয়ে ঘোষণা কৰিছিল।
২৯ ফেব্ৰুৱাৰীত আলাপ্পুঝা জিলাৰ মান্নানচেৰী নগৰত প্ৰথমখন হোটেল খোলা হৈছিল। ২৪ মাৰ্চৰ নিশা দেশজোৰা তলাবন্ধ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ বাওঁ গণতান্ত্ৰিক ফ্ৰণ্টৰ চৰকাৰে অধিক হোটেল খোলাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিলে।
২৬ মে’ৰ ভিতৰত জনকীয়া হোটেলে সমগ্ৰ ৰাজ্যত সৰ্বমূঠ ৯.৫ লাখ খাদ্যৰ পেকেট ২০ টকাকৈ বিক্ৰী কৰিছিল। ৰাজ্য চৰকাৰৰ বহুতো কাৰ্যালয়ত কুৰুম্বাশ্ৰীয়ে কিছুমান কেণ্টিনো পৰিচালনা কৰিছিল। জনকীয়া হোটেল আৰম্ভ কৰাৰ আগলৈকে ইয়াৰ সদস্যসকলে ইমান ব্যাপক পৰিসৰত কোনো কাম পৰিচালনা কৰি পোৱা নাছিল। সৰোজমে স্বীকাৰ কৰে যে প্ৰথমতে যেতিয়া এই বিষয়ে গম পাইছিল, তেতিয়া পাৰিবনে নাই তাক লৈ সন্দিহান হৈছিল। নিজে অকলে পৰিচালনা কৰি এটা ৰান্ধনিশাল চলোৱাৰ অভিজ্ঞতা তেওঁৰ নাছিল।
প্ৰতিবেশী গোটৰ সভানেত্ৰীৰূপে সৰোজমে আগতে সভা পৰিচালনা কৰিছিল, ঋণ প্ৰদানৰ তদাৰকী কৰিছিল আৰু কুৰিয়াতি প্ৰতিবেশী গোটৰ সদস্যসকলৰ বিভিন্ন ব্যৱসায় যেনে চাবোন তৈয়াৰ কৰা, আচাৰ তৈয়াৰ কৰা বা আন হস্তশিল্পৰ ব্যৱসায়ৰ তদাৰকী কৰিছিল। “ইমান বহল পৰিসৰৰ কোনো কাম আমি আগতে পৰিচালনা কৰা নাছিলো। আমি নিয়াৰিকৈ যে চলাব পাৰিম, সেই লৈ নিশ্চিত হ’ব পৰা নাছিলো,” তেওঁ কয়।
কুৰুম্বাশ্ৰী অভিযানে আগবঢ়োৱা প্ৰাৰম্ভিক পুঁজিৰে কুৰিয়াতি প্ৰতিবেশী গোটে জনকীয়া হোটেল আৰম্ভ কৰিছিল। কেৰালা ৰাজ্যিক অসামৰিক যোগান বিভাগে চাউল, শাক-পাচলি আৰু আন সামগ্ৰী ৰেহাই মূল্যত যোগান ধৰে আৰু ঘৰৰ ভাড়া তথা আচবাবৰ ব্যয় তিৰুৱনন্তপূৰম নিগমে বহন কৰিছিল। কুৰুম্বাশ্ৰী অভিযানে বিক্ৰী হোৱা প্ৰতিটো পেকেটৰ বাবদ ইয়াৰ সদস্যসকলক ১০ টকাকৈ দিয়ে। “সকলো ৰেহাই সামৰি লৈ একোটা পেকেট সম্পূৰ্ণ কৰিবলৈ ২০ টকাত কৈ অলপ বেছি ব্যয় হয় (১০ টকাকৈ কুৰুম্বাশ্ৰীক দিয়াৰ আগতে)” সৰোজমে কয়।
বিক্ৰী হোৱা খাদ্যৰ প্ৰতিটো পেকেটৰ পৰা প্ৰতিবেশী গোটে ১০ টকাকৈ উপাৰ্জন কৰে, শাইজুৱে কয়। হোটেল পৰিচালনা কৰা ১০ গৰাকী সদস্যৰ মাজত সেই টকা সমানে ভাগ কৰা হয়, সৰোজয়ে কয়।
তেওঁলোকৰ খাদ্য বিক্ৰী কৰা হোটেলখন সফল হ’ব বুলি ভবা নাছিল, তেওঁ কয়। “মানুহে যেতিয়া আমাৰ কথা ভালকৈ কয়, আমাৰ ভাল লাগে। আমাৰ শংকা দূৰ হোৱা নাছিল যদিও আমি এই কাম চলাই নিবলৈ সিদ্ধান্ত লওঁ, এতিয়া আমি সন্তুষ্ট যে আমি কৰিব পাৰিলো।”
এম জি ৰোড হোটেলৰ খাদ্য বিক্ৰীকেন্দ্ৰত তিনি বজাৰ পৰা গ্ৰাহকৰ ভিৰ কমি আহে। গোটৰ সদস্যসকল ৰান্ধনিশাল চাফা কৰিবলৈ আৰু পিছদিনাৰ বাবে শাক-পাচলি কাটিবলৈ আৰম্ভ কৰে।
ওচৰতে নিজৰ চাইকেলখন লৈ থিয় হৈ থকা ৰাজুই খাদ্যৰ পেকেটটোলৈ দেখুৱাই কয়, “এইসকল মহিলাই কাকো ভোকত থাকিবলৈ নিদিয়ে।”
অনুবাদঃ পংকজ দাস