“মই বিদ্যালয়লৈ যোৱাৰ আগতে এই কামবোৰ কৰি থৈ যাব লাগে, মই নকৰিলে কোনে কৰিব?” মাকৰ গাখীৰ খুৱাবলৈ দমৰা পোৱালীটোৰ এৰাল খুলি দিয়া ১৫ বছৰীয়া কিৰণে উত্তৰ দিয়ে। তেতিয়া পুৱা ৫ বাজিছিল। তাইৰ অসুখীয়া মাক আৰু ভায়েক ৰবি তেতিয়াও তেওঁলোকৰ একোঠালীয়া ঘৰটোত শুয়েই আছিল। তাই ঘৰ সৰা-পোচা কৰাৰ আগতে দমৰাটো আকৌ গোহালিত বান্ধিবও লাগিব। তাৰ পিচত তাইৰ ককাকে গাইজনী খীৰাব।

তাই সদায়ৰ দৰেই সোনকালেই উঠিল, কিন্তু আজি তাই কাম কৰিবলৈ বা বিদ্যালয়লৈ যোৱাৰ কথা চিন্তা কৰা নাই। আজি তাইৰ মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম দিন আৰু তাই বৰ ভাগৰুৱা অনুভৱ কৰিছে। তাতে তাইৰ এই দিনকেইটাত পেট খামুচি ধৰাটোও অতিমাৰীৰ পিছত বাঢ়িছে। তথাপিও তাই তাইৰ কামখিনি পুৱা ৬.৩০ বজাৰ আগতে শেষ কৰিব লাগিব। “পুৱাৰ শ্ৰেণী ৭ বজাত আৰম্ভ হয় আৰু মোৰ খোজ কাঢ়ি বিদ্যালয় পাবলৈ ২০-২৫ মিনিট লাগে,” তাই কয়।

কিৰণ দেৱী পঢ়া চৰকাৰী বিদ্যালয়খন উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ কাৰৱি টেহছিলৰ সিহঁতৰ ঘৰৰ পৰা ২ কি.মি. দূৰত। কিৰণ সেই বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। তাই তাইৰ ভায়েক ৰবি, ৪০ বছৰীয়া মাক পুণম দেৱী আৰু ৬৭ বছৰীয়া ককাক খুশিৰামৰ সৈতে বাস কৰে। তাইৰ ককাকে তহঁতৰ ঘৰৰ ঠিক পিছফালে থকা ৮০০ বৰ্গফুট খেতি মাটিডোখৰ চোৱা-চিতা কৰে, য’ত তেওঁলোকে ঘেঁহু, বুট আৰু কেতিয়াবা বতৰৰ শাক-পাচলিৰ খেতি কৰে। পুণমৰ হাত আৰু আঠুৰ অসহনীয় বিষ যাৰ বাবে তেওঁ কাম কৰিব নোৱাৰে যাৰ ফলত কিৰণৰ দায়িত্ব দুগুণে বাঢ়িছে।

কিৰণৰ ৰুটিনখনেই তাইৰ বাবে যন্ত্ৰনাদায়ী হৈ পৰিছে। “মোৰ ঘৰৰ সৰু-সুৰা কাম কৰাত আপত্তি নাই, কেৱল মোৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত পোট খামুচি ধৰাটোৰ বাবেহে সমস্যা হয়।”

Kiran Devi, 15, gets up long before dawn to tend to the calves in the shed
PHOTO • Jigyasa Mishra
Kiran Devi, 15, gets up long before dawn to tend to the calves in the shed
PHOTO • Jigyasa Mishra

১৫ বছৰীয়া কিৰণ দেৱীয়ে গৰু পোৱালী গোহালীৰ পৰা উলিয়াই আনিবৰ বাবে সূৰ্য্যোদয়ৰ আগতেই শুই উঠে

কিৰণ উত্তৰ প্ৰদেশৰ এক কোটি ছোৱালীৰ ভিতৰত পৰে যি কিশোৰী সুৰক্ষা যোজনাৰ অধীনত বিনামূল্যে ছেনীটেৰী পেড লাভ কৰিছিল। কিন্তু ক’ভিড-১৯ অতিমাৰীৰ পিছত এই যোজনা বন্ধ হোৱাত আন সকলৰ দৰে তাইও প্ৰভাৱিত হৈছে। কে.এছ.ৱাই. হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ এক কাৰ্যসূচী যি কেন্দ্ৰীয় চৰকাৰৰ ঋতুস্ৰাৱ পৰিচ্ছন্নতা আঁচনিৰ অধীনত ষষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীৰ কিশোৰীক সমগ্ৰ দেশতে বিনামূলীয়া পেড বিতৰণ কৰা এক কাৰ্যসূচী । ২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে মুকলি কৰা এই ৰাজ্যিক কাৰ্যসূচী অনুসৰি প্ৰতি গৰাকী ছোৱালীয়ে ১০ টা ছেনীটেৰী পেডৰ এটা পেকেট লাভ কৰা উচিত।

আচলতে উত্তৰ প্ৰদেশৰ কিমান ছোৱালীয়ে এই কাৰ্যসূচীৰ অধীনত পেড লাভ কৰিছিল সেই হিচাপ উলিওৱাটো অসম্ভৱ। কিন্তু যদি সেই সংখ্যা দহ ভাগৰ এভাগো হয়, তেতিয়াও দৰিদ্ৰ পৰিয়ালৰ এক লাখৰো অধিক ছোৱালীয়ে অতিমাৰীৰ সময়ৰ পৰা যোৱা ডেৰ বছৰে এই বিনামূলীয়া ছেনীটেৰী নেপকিন লাভৰ পৰা বঞ্চিত হৈছে।

তদুপৰি এই কাৰ্যসূচী সফলতাৰে পুনৰ আৰম্ভ কৰাৰ দাবীটোও সন্দেহৰ বাহিৰত নহয়। কোনো কোনো চহৰীয়া অঞ্চলত এই কাৰ্যসূচী পুনৰ আৰম্ভ হ’লেও কিৰণে এতিয়াও বিনামূলীয়া নেপকিন লাভ কৰা নাই। অন্য কোনো ব্যৱসায়িক ব্ৰেণ্ডৰ নেপকিন কিনাৰ সামৰ্থও কিৰণৰ নাই। কিৰণ তেনে হাজাৰজনী ছোৱালীৰ ভিতৰৰে এজনী যাৰ নিজে ক্ৰয় কৰাৰ সামৰ্থ নাই।

কিৰণে ঘৰ, গোহালী আৰু মূল ৰাস্তালৈকে সিহঁতৰ ঘৰৰ চোতাল চোতাল সাৰি ভিতৰত ৰেকডালৰ ওপৰত থকা সিহঁতৰ পুৰণা ৱালঘড়ীটোত সময় কিমান হ’ল চাবলৈ দৌৰিলে। “অহ্, ইতিমধ্যে ৬ বাজি দহ মিনিট গ’লেই!” তাই কয়। “মা তুমি সোনকালে মোৰ বেণী গুঁঠি দিব লাগিব। মই আহি আছো।” চিঞৰ মাৰি তাই ৰাষ্টাৰ প্ৰায় কাষতে থকা মুকলি ঠাইত থকা প্লাষ্টিক টেংকিটোৰ ওচৰলৈ গা ধুবলৈ দৌৰ মাৰিলে।

স্নানাগাৰ প্ৰসংগত মই সোধা প্ৰশ্নৰ উত্তৰত তাই হাঁহি দিয়ে। “গা-ধোৱা ঘৰ কি? আমাৰ পায়খানা ঘৰত পৰ্যাপ্ত পানীয়েই নাহে, গা-ধোৱা ঘৰৰতো প্ৰশ্নই নুঠে। মই পায়খানাতো কেৱল মোৰ লেতেৰা কাপোৰখন সলাবলৈহে ব্যৱহাৰ কৰো।” কিৰণে ক’ভিড-১৯ অতিমাৰীৰ প্ৰথম লকডাউনৰ দিনধৰি বিদ্যালয়ৰ পৰা ছেনীটেৰী নেপকিন লাভ কৰাটো বন্ধ হোৱাত কপাহী কাপোৰ ব্যৱহাৰ কৰি আছে বুলি ক’বলৈ সংকোচ কৰিছে। অতিমাৰীৰ দুবছৰৰ পিছতো উত্তৰ প্ৰদেশৰ বহুতো জিলাই চৰকাৰী বিদ্যালয়ত ছেনীটেৰী নেপকিন বিতৰণ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই।

No matter what, Kiran has to clean the house and cow shed by 6:30 every morning and get to school by 7 a.m.
PHOTO • Jigyasa Mishra
No matter what, Kiran has to clean the house and cow shed by 6:30 every morning and get to school by 7 a.m.
PHOTO • Jigyasa Mishra

যিয়েই নহওঁক কিয় কিৰণে পুৱা ৬ : ৩০ বজাৰ আগতে ঘৰ আৰু গোহালি পৰিস্কাৰ কৰিবই লাগে আৰু পুৱা ৭ বজাত বিদ্যালয় পাবগৈ লাগে

“মোৰ এজনী সহপাঠীয়ে শেহতীয়াকৈ শ্ৰেণীকোঠাতে ঋতুস্ৰাৱ আৰম্ভ হওঁতে শিক্ষকক সুধিছিল, কিন্তু তাইক কোৱা হ’ল যে ষ্টক শেষ হ’ল। সেয়ে আমাৰে আন এজনী বান্ধৱীয়ে তাইক তাইৰ ৰুমাল এখন দিলে,” কিৰণে কয়। “আগতে আমাক যেতিয়াই পেডৰ দৰকাৰ হৈছিল আমি আমাৰ শিক্ষকৰ পৰা বিচাৰিছিলো। তাৰ পিছত লকডাউন আৰম্ভ হ’ল আৰু বিদ্যালয় বন্ধ হ’ল। তাৰ পিছত, বিদ্যালয় পুনৰ আৰম্ভ হোৱাৰ পিছত পেড নাছিল। আমাক কোৱা হ’ল যে এতিয়া আৰু বিদ্যালয়লৈ পেডৰ যোগান নাই,” তাই লগতে কয়।

কিৰণৰ মাহেকীয়া ঋতুস্ৰাৱ খুব যন্ত্ৰনাদায়ক হৈ পৰিছে। যোৱা দুবছৰে অতিমাৰী অহাৰ পিছত তাইৰ প্ৰথম দিনটোত খুব পেট খামুচি ধৰে। তাইৰ পৰিয়ালৰ কোনো ক’ভিড-১৯ পজিটিভ ধৰা পৰা নাছিল যদিও চিত্ৰকূট জিলাখন বেয়াকৈ প্ৰভাৱিত হৈছিল। তাইৰ বহুতো প্ৰতিবেশী আক্ৰান্ত হৈছিল। কেইগৰাকীমান আনকি ঘৰৰ পৰা ৩ কি.মি. দূৰত জিলা চিকিৎসালয়তো ভৰ্তি হৈছিল।

অতিমাত্ৰা আৰু যন্ত্ৰনাদায়ক ঋতুস্ৰাৱ ক’ভিড-১৯ৰ প্ৰত্যক্ষ প্ৰভাৱ হ’ব পাৰে, “পৰোক্ষ প্ৰভাৱ হিচাপে মানসিক চাপ, উদ্বিগ্নতা, পুষ্টিহীনতা আৰু টোপনিৰ অভ্যাস সলনি হোৱা আৰু শাৰিৰীক পৰিশ্ৰমে প্ৰজনন স্বাস্থ্য আৰু ঋতুচক্ৰকো প্ৰভাৱিত কৰিব পাৰে” বুলি ইউনিচেফে প্ৰকাশ কৰিছে। ‘ঋতুস্ৰাৱ সংক্ৰান্ত স্বাস্থ্য আৰু স্বাস্থ্যবিধিত ক’ভিড-১৯ৰ প্ৰভাৱ লাঘৱ কৰা’ শীৰ্ষক এই গৱেষণাপত্ৰখন ২০২০ৰ অক্টোবৰ মাহত প্ৰকাশ পাইছিল যিখনত কোৱা হৈছে যে “অতিমাৰীৰ পিছত ঋতুস্ৰাৱৰ ক্ষেত্ৰত অস্বাভাৱিকতাসমূহ স্বাভাৱিকতে সকলোতে দেখা গৈছে।”

কিৰণৰ ঘৰৰ পৰা ৪ কি.মি. দূৰত বাস কৰা ফুলৱতিয়াই বিদ্যালয়ৰ পৰা ছেনীটেৰী নেপকিন লাভ নকৰা হ’ল। “মোৰ বিদ্যালয় বন্ধ হোৱাৰ পিছৰে পৰা (অতিমাৰীৰ বাবে) মই আকৌ কাপোৰ ব্যৱহাৰ কৰিবলৈ ল’লো আৰু সেইখন ধুই ঘৰৰ ভিতৰত শুকুৱাব থও।” তাই ২০২০ত পাৰিৰ আগত প্ৰকাশ কৰিছিল। তাইৰ লগতে চিত্ৰকূটৰ ভিতৰুৱা অঞ্চলৰ হাজাৰজনী ছোৱালীয়ে তেতিয়া ছেনীটেৰী নেপকিন দানত লাভ কৰিছিল যিবোৰ তিনি চাৰিমাহলৈকে চলিছিল। তাৰ পিছত যোৱা দুবছৰে তেওঁলোকে পুনৰ কাপোৰেই ব্যৱহাৰ কৰি আহিছে। তাই পুনৰ কয়, “স্কুলৰ পৰা পেড নোপোৱা হোৱা কাৰণে মই কেৱল কাপোৰেই ব্যৱহাৰ কৰা হ’লো। আমাৰ বাবে চাগে সেই সুবিধা বন্ধ হ’ল।”

Kiran preparing the cow feed.
PHOTO • Jigyasa Mishra
Her grandfather, Khushiram, milks the cow in the morning. Her mother, Poonam Devi (in the blue saree), suffers from pain in her wrist and knees, which limits her ability to work around the house
PHOTO • Jigyasa Mishra

বাওঁফালে : কিৰণে গৰুৰ দানা প্ৰস্তুত কৰিছে। সোঁফালে : তাইৰ ককাক সুখীৰামে পুৱা গাই খীৰাইছে। তাইৰ মাক পুণম দেৱী (নীলা শাৰীত)ৰ হাত আৰু কঁকালৰ বিষৰ বাবে ঘৰুৱা কাম বৰকৈ কৰিব নোৱাৰে

অৱশ্যে ৰাজধানী অঞ্চলত এই অৱস্থা কিছু উন্নত বুলি দাবী কৰিছে লক্ষ্ণৌ জিলাৰ কাকৰি ব্লকৰ ছাৰোছা ভৰষাৰ এখন সংযুক্ত বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্বেতা শুক্লাই। “আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰতি মাহে নিয়মীয়াকৈ পেড লাভ কৰে। আমি এক ৰেজিষ্টাৰ ৰাখিব লাগে আৰু আমালৈ যোগান ধৰা পেডসমূহ সঠিক ব্যৱহাৰ কৰিব লাগে,” তেওঁ কয়। অৱশ্যে গ্ৰামীণ উত্তৰ প্ৰদেশৰ এই অৱস্থাৰ কথা শুনি তেওঁ আচৰিত হোৱা নাছিল। “চৰকাৰী বিদ্যালয়ত এয়া এক সাধাৰণ পৰিস্থিতি আৰু আমি এই বিষয়ত একো কৰিব নোৱাৰো, বিশেষকৈ যিহেতু আমাৰ শিশুহঁতৰ বাবে প্ৰাইভেট স্কুল আৰু এক উন্নত পৰিৱেশ দিয়াব পৰা সামৰ্থ আমাৰ নাই,” তেওঁ লগতে কয়।

পুণম দেৱী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ দুই সন্তান কিৰণ আৰু ৰবিক প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সপোন আছিল। “মোৰ সন্তানহাল পঢ়া-শুনাত ভাল। সিহঁতক কেন্দ্ৰীয় বিদ্যালয়ৰ দৰে বিদ্যালয়লৈ পঠোৱাৰ কোনো উপায় নাইনে?” পুণম দেৱীয়ে সূধিছিল। “আমাৰ বেছি টকা-পইছা নাই যদিও ইহঁতৰ দেউতাকে দুয়োকে ভাল বিদ্যালয়ত পঢ়াব খুজিছিল যাতে সিহঁত চহৰলৈ গৈ কাম কৰি এক ভাল জীৱন অতিবাহিত কৰিব পাৰে,” তেওঁ কয়। কিন্তু দহ বছৰৰ আগতে কিৰণৰ পাঁচ বছৰো হোৱাৰ আগতেই তাইৰ ইলেক্ট্ৰিচিয়ান দেউতাক কৰ্মৰত অৱস্থাতেই মৃত্যুমুখত পৰে। পুণমৰ অসুখৰ বাবে কথাবোৰ আৰু প্ৰত্যাহ্বানমূলক হৈ পৰে। পৰিয়ালটোৰ বাবে খেতিৰ পৰা অহা উপাৰ্জন যথেষ্ট নহয়। তেনে সময়ত বিদ্যালয়ৰ ঋতুস্ৰাৱ পৰিচ্ছন্নতাৰ বাবে লাভ কৰা সুবিধাকণ তেওঁলোকৰ বাবে আশীৰ্বাদ আছিল।

আনহাতে কিৰণৰ দৰে হাজাৰ হাজাৰ ছোৱালীয়ে ঋতুস্ৰাৱৰ সময়ত আওপুৰণি অস্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰালৈ পুনৰ ঘূৰি যাবলগীয়া হৈছে। শৈক্ষিক পৰিকল্পনা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ২০১৬-১৭ৰ ভাৰতীয় স্কুলীয়া শিক্ষা প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়া ছাত্ৰীৰ সংখ্যা ১ কোটি ৮৬ লাখ। ছেনীটেৰী নেপকিন বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ঋতুস্ৰাৱৰ দিনকেইটাত বিদ্যালয় খতি কৰা ছোৱালীসকলৰ সুবিধাৰ বাবে। ২০১৫ত ৰাজ্যখনত এই সংখ্যা আছিল ২৮ লাখ। এই আঁচনি বন্ধ হোৱাৰ পিছত ৰাজ্যখনত মহিলাৰ স্বাস্থ্য আৰু স্বাস্থ্যবিধিৰ অৱস্থা কি হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি।

চিত্ৰকূট জিলাৰ দণ্ডাধীশ শুভ্ৰকান্ত কুমাৰ শুক্লাই এই পৰিস্থিতি সন্দৰ্ভত খুব সাধাৰণ দৃষ্টিভংগীৰে কয়, “মোৰ মতে অতিমাৰীৰ পিছত যোগানৰ ক্ষেত্ৰত কিছু সমস্যা আহিছে।” তেওঁ লগতে কয়, “নহ’লে এনেই ছোৱালীবোৰে পেড লাভ কৰিব লাগে। কিন্তু ক্ষিপ্ৰ সমাধানৰ বাবে ছোৱালীবোৰে তেওঁলোকৰ প্ৰয়োজন অনুসৰি নিকটতম অংগনবাদী কেন্দ্ৰত যোগাযোগ কৰি তাৰ পৰা ছেনীটেৰী পেড লাভ কৰিব পাৰে। তেওঁলোকে তাৰ পৰা আনকি ফলিক এচিডৰ পৰিপূৰকো লাভ কৰিব।” কিৰণ আৰু তেওঁৰ চুবুৰীয়া বান্ধবীৰ অৱশ্যে এই বিষয়ত কোনো ধাৰণা নাছিল। আৰু অংগনবাদীৰ ছেনীটেৰী পেড সম্পৰ্কত সীতাপুৰ ব্লকৰ এক অংগনবাদী কৰ্মীয়ে কৈছিল যে সেয়া কেৱল নতুনকৈ হোৱা মাতৃসকলৰ বাবেহে।

After finishing all her chores, Kiran gets ready for school.
PHOTO • Jigyasa Mishra
She says bye to the calf before heading to school
PHOTO • Jigyasa Mishra

বাওঁফালে : ঘৰৰ কাম কৰি কিৰণে বিদ্যালয়লৈ যাবলৈ সাজু হৈছে। সোঁফালে : বিদ্যালয়লৈ যোৱাৰ আগতে তাই গৰু পোৱালীটোক যাও বুলি কৈছে

মহিলাৰ স্বাস্থ্য সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ স্বাধীনতা দিৱসত লালকিলাৰ পৰা প্ৰদান কৰা ভাষণত কৈছিল ,“ জনৌষধী কেন্দ্ৰসমূহৰ এক প্ৰধান কৰ্তব্য হৈছে এক টকাত ছেনীটেৰী পেড যোগান ধৰা।” তেওঁ লগতে কৈছিল খুব কম সময়ৰ ভিতৰতে “৫ কোটি ছেনীটেৰী পেড তেনে দৰিদ্ৰ মহিলাসকলক ৬,০০০ জনৌষধী কেন্দ্ৰত প্ৰদান কৰা হৈছে।”

এই জনৌষধী কেন্দ্ৰসমূহে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনাৰ অন্তৰ্গত জেনেৰিক ঔষধ বহনক্ষম দৰত বিক্ৰী কৰে। কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক আৰু উৰ্বৰকৰ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ মতে, দেশত ২০২১ৰ আগষ্টলৈকে ৮,০১২ জনৌষধী কেন্দ্ৰ চলি আছে যি ১,৬১৬ বিধ ঔষধ আৰু ২৫০ বিধ ছাৰ্জিকেল সামগ্ৰী বিক্ৰী কৰে।

কিন্তু কিৰণৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰলৈকে কোনো জনৌষধী কেন্দ্ৰ নাই। তাই ছেনীটেৰী পেড কিনিব পৰা একমাত্ৰ ঠাইখন হৈছে ঔষধৰ দোকান যিখন তাইৰ ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত অৱস্থিত আৰু ইয়াৰ বাবে নুন্যতম ৪৫ টকা লয়। সেই দামত পেড কিনাৰ সামৰ্থ তাইৰ নাই।

ছেনীটেৰী নেপকিনৰ অভাৱৰ উপৰিও বিদ্যালয়ত ঋতুস্ৰাৱ হোৱা ছাত্ৰীৰ বাবে সুবিধা একেবাৰে পুতৌজনক। কিৰণে কয়, “মই যেতিয়া বিদ্যালয়ত থাকো মই পেড সলাবৰ বাবে ঘৰলৈ যোৱালৈকে অপেক্ষা কৰিব লাগে। কেতিয়াবা এটা পেড ভৰ্তি হৈ মোৰ ইউনিফৰ্মত দাগ লাগি যায় কিন্তু মই বিদ্যালয় ছুটি নোহোৱালৈকে একো কৰিব নোৱাৰো।” আনকি শৌচালয়বোৰো পৰিস্কাৰ নহয়। “এইবোৰ কেৱল দেওবাৰে পৰিস্কাৰ কৰা হয়। সেয়ে আমি কেৱল সোমবাৰে পৰিস্কাৰ প্ৰসাৱগাৰ পাও আৰু তাৰ পিছত ই লেতেৰা হৈ গৈ থাকে,” তাই লগতে কয়।

Poonam Devi braids Kiran’s hair before she goes to school in the morning.
PHOTO • Jigyasa Mishra
Kiran and her friend Reena walk to school together
PHOTO • Jigyasa Mishra

বাওঁফালে : পুণম দেৱীয়ে তাই বিদ্যালয়লৈ যোৱাৰ আগতে কিৰণৰ চুলি বেনি গাঠিছে। সোঁফালে : কিৰণ দেৱী আৰু তাইৰ বান্ধৱী ৰীণা একেলগে বিদ্যালয়লৈ গৈ আছে

লক্ষ্ণৌ চহৰৰ বস্তি অঞ্চলত বাস কৰা যুৱতীৰ ঋতুস্ৰাৱ পৰিচ্ছন্নতা সম্পৰ্কীয় প্ৰত্যাহ্বান বিষয়ত এক জাৰ্ণেলত প্ৰকাশিত প্ৰৱন্ধত উল্লেখ যে এই প্ৰত্যাহ্বানসমূহ বিভিন্ন পৰ্যায়ৰ - ব্যক্তিগত, সামাজিক আৰু আনুষ্ঠানিক। “ব্যক্তিগত পৰ্যায়ত যুৱতীসকলৰ জ্ঞানৰ অভাৱ। সামাজিক পৰ্যায়ত যুৱতীসকলে ঋতুস্ৰাৱৰ সময়ত নানা কালিমাৰ সন্মুখীন হয়, এই বিষয়ত আলোচনা কৰাৰ সুযোগ নাপায়, ঋতুস্ৰাৱৰ সময়ত চলাচল কৰাৰ ক্ষেত্ৰতো বাধা আহে। আনুষ্ঠানিক পৰ্যায়ত উদাহৰণস্বৰূপে বিদ্যালয়ত যুৱতীসকলৰ বাবে ঋতুস্ৰাৱ পৰিচ্ছন্নতাৰ সুবিধাৰ অভাৱ যেনে প্ৰসাৱগাৰ লেতেৰা বা দৰ্জা ভঙা,” প্ৰৱন্ধটোত প্ৰকাশ পাইছে।

লখিমপুৰ খেৰী জিলাৰ ৰাজপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিতু অৱস্তিয়ে কয় যে উত্তৰ প্ৰদেশৰ বিদ্যালয়ৰ মূল সমস্যা পৰিচ্ছন্নতাৰহে, পুতৌজনক নিষ্পত্তি ব্যৱস্থা নহয়। “ইয়াত ছোৱালীবোৰক ছেনীটেৰী নেপকিন প্ৰদান কৰা হয় আৰু প্ৰসাৱগাৰসমূহো সুবিধাজনক, কেৱল পৰিস্কাৰ কৰা লোকেহে ইয়াক ভালদৰে পৰিস্কাৰ নকৰে। গ্ৰাম প্ৰধানৰ অন্তৰ্গত চৰকাৰে নিয়োগ কৰা চাফাইকৰ্মীয়ে কেৱল তেওঁলোকৰ কথাহে শুনে। বিদ্যালয় দৈনিক পৰিস্কাৰ কৰা উচিত, কিন্তু চাফাই সপ্তাহত কেৱল দুবাৰহে হয়,” তেওঁ কয়।

কিৰণৰ ঘৰত সূৰ্যৰ প্ৰথম পোহৰ পৰাৰ লগে লগে কাঠৰ খাটকেইখন ভিতৰত থৈ তাই ঘৰৰ কাম শেষ কৰি বিদ্যালয়লৈ যাবলৈ সাজু হ’ল। পুণমে জীয়েকক দুডাল মৰমলগা বেণী গুঁঠি দিলে আৰু দুডাল উজ্জল ৰঙৰ ৰিবনেৰে সজাই দিলে। “কিৰণ সোনকালে আহ, মই ইয়াত আছো,” বাহিৰৰ পৰা ৰীণাই চিঞৰিলে। তাই কিৰণৰ সহপাঠী। কিৰণে বাহিৰলৈ দৌৰিলে আৰু দুয়ো বিদ্যালয়লৈ খোজ দিলে।

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।

অনুবাদক: কুইলিন কাকতি

Jigyasa Mishra

ஜிக்யாசா மிஸ்ரா பொதுச் சுகாதாரம் மற்றும் சமூக விடுதலை பற்றி தாகூர் குடும்ப அறக்கட்டளையின் மானியம் கொண்டு சேகரிக்கும் பணியைச் செய்கிறார். இந்த கட்டுரையை பொறுத்தவரை எந்தவித கட்டுப்பாட்டையும் தாகூர் குடும்ப அறக்கட்டளை கொண்டிருக்கவில்லை.

Other stories by Jigyasa Mishra
Editor : Pratishtha Pandya

பிரதிஷ்தா பாண்டியா பாரியின் மூத்த ஆசிரியர் ஆவார். இலக்கிய எழுத்துப் பிரிவுக்கு அவர் தலைமை தாங்குகிறார். பாரிபாஷா குழுவில் இருக்கும் அவர், குஜராத்தி மொழிபெயர்ப்பாளராக இருக்கிறார். கவிதை புத்தகம் பிரசுரித்திருக்கும் பிரதிஷ்தா குஜராத்தி மற்றும் ஆங்கில மொழிகளில் பணியாற்றுகிறார்.

Other stories by Pratishtha Pandya
Translator : Quiline Kakoty

Quiline Kakoty is a freelance journalist, writer, blogger and translator. She has been into the field of journalism and translation for the last 15 years and has been contributing for several newspapers, magazines and web portal.

Other stories by Quiline Kakoty