আমি সেই ওখ ঘাঁহনি আৰু আকাশলংঘী হাবিয়নিখনৰ কাষৰ পথাৰখনত প্ৰায় এঘণ্টামান সময় কটাইছিলো। এটা বনৰীয়া দঁতাল হাতী আমাৰ আশে-পাশে আছিল। হাতীটো আমাৰ চকুৰ আঁৰ হৈ আছিল। কেৰেলাৰ আওহতীয়া দুৰ্গম পঞ্চায়ত এড়ামালাকুড়িত ভ্ৰমি ফুৰা আমি আঠজন পৰিভ্ৰমীৰ কোনো এজনৰো চকুত একো পৰা নাছিল। সকলোৱেই হাতীটোৰ উমান পাইছিল আৰু অনুসৰণ কৰিছিল। চকুৰে ঢুকি নোপোৱা দূৰণিৰ পৰা আনাই (হাতী)ৰ মাত আমাৰ কাণত পৰিছিল। সিহঁতৰ মাউতবোৰে আমাক নদীখনৰ কাষলৈ যাবলৈ হাক দিছিল। ছচাইটিকুড়িলৈ যোৱা বাটত আমাক লগ পোৱা আদিবাসীসকলে সকিয়াইছিলঃ সি নদীখনতে আছে। মন কৰিব।
সেই কথাই আমাৰ উদ্বিগ্নতা বঢ়ালেহে। কিয়নো সেইখিনি সময়তে আমি নদীখন পাৰ হ’বলৈ ধৰিছিলো। বাঁহ-বেত, গছৰ ঠাল-ঠেঙুলি, লতা জাতীয় উদ্ভিদ, ৰছী আদিৰ লগতে টুকুৰা কাঠেৰে গঢ় লৈ উঠা সেইখন জীৱন্ত দলং আছিল। কিন্তু সেই জৰাজীৰ্ণ দলংখনেৰে বাৰিষাৰ দিনতহে পাৰ হ’ব পাৰি। আমি কাষৰে পথাৰখনলৈ ওলাই আহিলো। মাতবোৰ তেতিয়াও আমাৰ কাণত পৰি আছে। আমাৰ ‘বন নিৰীক্ষক’ অচু্থান এম., নিজেও এগৰাকী মুথাভান আদিবাসী। হাতীটো ক’ত কি কৰিছে, সেই সকলো কথা তেওঁৰ নখদৰ্পণত থকা যেনেই লাগিছিল। আমি আগদিনা দেখি অহা দুৰৈৰ টঙীঘৰবোৰত থাকি নিৰীক্ষণ কৰাসকলেও হয়তো জানে। বোধকৰো টঙীঘৰৰ পৰাই তেওঁলোকে হাতীটোৰ চালচলন সম্পৰ্কে ভুূ ৰাখিছিল। অকলশৰীয়া দঁতাল হাতী মানেই বিপদ। বোধকৰো হাতীটোক নিজৰ জাকটোৰ পৰা খেদি পঠিওৱা হৈছে।
এইখিনি সময়তে হাতী বিষয়ক বেয়া কাহিনীবোৰেই মনলৈ আহিবলৈ ধৰে। মনলৈ আহিল যে অকলশৰীয়া দঁতাল হাতী এটাৰ টেষ্ট’ষ্টেৰণৰ মাত্ৰা স্বাভাৱিকতকৈ ৬০ গুণমান বেছি থাকে। তাৰমানে সি যুযুৎসু হৈ আছে। তেনে পৰিস্থিতিত কোনেনো বুকু পাতি দিব, কোনো সাজু নহয় (আমাৰ টেষ্ট’ষ্টেৰণৰ মাত্ৰা সিমানখিনি নহয়)। আমি গছৰ ছাঁতে লুকাই পৰিলো। গছবোৰৰ মাজত কিবা এটা কঁপিবলৈ ধৰা যেন পালেই আমি আশা কৰোঁ, সেয়া ‘বন নিৰীক্ষক’য়েই ছাগে, নে সেই দঁতাল হাতীটো? সেইখিনি সময়ত ইডুকিৰ অৰণ্যৰ সৌন্দৰ্যৰ প্ৰভাৱ নপৰিল।
কি শিকিলোঃ অজান মুলুকত কেতিয়াও চমু বাটত বিশ্বাস কৰিব নালাগে। বিপদ চপাই লোৱাৰ দৰেহে হয়।




