মে’ মাহৰ এটা অতিকৈ উষ্ম আৰু সেমেকা দিন। কিন্তু মোহাস্থিত হজৰত ছৈয়দ আলৱি [ৰেহমাতুল্লাহ অলৈহি] দৰগাহ (তীৰ্থস্থান)ত মানুহৰ ভিৰ লাগিছে। চল্লিশটা পৰিয়াল - মুছলমান কমেই, হিন্দুৱেই বেছি; সকলোৱে তেওঁলোকৰ বাৰ্ষিক ধৰ্মীয় উৎসৱ আৰু ৰাজহুৱা ভোজ কন্দুৰিৰ বাবে সমবেত হৈছে। ধোবলে পৰিয়ালটো তাৰে মাজৰে এটা। মোৰ পৰিয়ালৰ লগতে মই ওছমানাবাদ জিলাৰ কালাম্ব ব্লকৰ এই ২০০ বছৰ পুৰণি দৰগাহটোত তেওঁলোকৰ আলহী।
গ্ৰীষ্মকালত খেতিৰ কাম নথকা দিনকেইটাত লাটুৰৰ ওছমানাবাদকে ধৰি মাৰাঠৱাড়া অঞ্চলৰ ছখন জিলা - বীড়, জালনা, ঔৰংগাবাদ, পাৰভানি, নন্দেৰ আৰু হিংগৌলিৰ পীৰসকলৰ দৰগাহবোৰ মানুহৰ সমাগমত উদুলি-মুদুলি হৈ পৰে। বৃহস্পতিবাৰ আৰু দেওবাৰবোৰত পীৰবোৰ পৰিয়ালেৰে ঠাহ খাই থাকে। মানুহে মতা ছাগলী বলি দিয়ে, ৰন্ধা মাংসৰ নিৱদ আগবঢ়াই আশীৰ্বাদ লয় আৰু একেলগে খায়-খুওৱায়।
“আমি ভালেকেইটা প্ৰজন্ম ধৰি এই উৎসৱ (কন্দুৰি) পাতি আহিছো,” ওছমানাবাদৰ য়েড়চিৰ আমাৰ সম্পৰ্কীয় ভাগিৰথী কাদম (৬০)য়ে কয়। মাৰাঠৱাড়া অঞ্চলটো ৬০০ বছৰৰো অধিক কাল ইছলামিক শাসনৰ অধীনত আছিল (হায়দৰাবাদৰ নিজামৰ ২২৪ বছৰীয়া শাসনকে ধৰি)। এই ইছলামীয় তীৰ্থস্থানবোৰত মানুহৰ উপাসনাৰ আঁৰত আছে মানুহৰ সাতামপুৰুষীয়া বিশ্বাস আৰু পৰম্পৰাৰ দ শিপা, এনেকৈ ঐক্য-সংহতিৰে জীৱন যাপন অঞ্চলটোৰ বৈশিষ্টত পৰিণত হৈছে।
“আমি গড় দেওদৰিত উপাসনা কৰো। তাওৰাজ খেড়া নিবাসীসকল মোহালৈ আহে আৰু আপোনাৰ গাঁৱৰ মানুহখিনিয়ে (লাটুৰ জিলাৰ বৰগাওঁ বুদৰুক) শ্বেৰালৈ যায়,” মৰমতে ভাগা মাৱশি নাম পোৱা ভাগিৰথীয়ে শতিকা পুৰণি নিয়মবোৰ বুজাই দিয়ে যি নিয়মৰ অধীনত গাওঁবোৰ নিৰ্দিষ্ট দৰগাহত উপাসনাৰ বাবে নিৰ্ধাৰিত থোৱা হৈছে।
মোহাৰ এই ৰেহমাতুল্লাহ দৰগাহত প্ৰতিজোপা গছ আৰু টিন বা তিৰ্পালৰ চালিৰ তলত অস্থায়ী চৌকাত খাদ্য ৰান্ধি থকা হৈছে। সেই খাদ্য দৰগাহৰ বিভিন্ন ঔপচাৰিক অনুষ্ঠানত আগবঢ়োৱা হ’ব। পুৰুষ-মহিলাই আড্ডা দিছে আৰু ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি কটাইছে। আকাশ ফৰকাল, কিন্তু পশ্চিম আকাশত গোট খোৱা অলপ মেঘে সকাহ দিছে, আনফালে দৰগাহৰ বাটটোৰ কাষে কাষে থকা শাৰী শাৰী তেঁতেলী গছৰ ছাঁবোৰে গৰমৰ সামান্য উপশম ঘটাইছে। দৰগাহৰ কুঁৱাৰ পানী ৯০ ফুট তলত আছে। বাৰৱ বুলি কোৱা শিলেৰে নিৰ্মিত পুৰণি কুঁৱাটোত পানীৰ চিন নাই, কিন্তু এগৰাকী ভক্তই আমাক জনায় যে সেইটো “বাৰিষাৰ দিনত পানীৰে উপচি পৰিব।”




















