তিনিটা দশকৰ আগেয়ে কোমল বয়সৰ সঞ্জয় কাম্বলেক কেনেকৈনো বাঁহেৰে কামটো কৰে কোনেও শিকাব খোজা নাছিল। এতিয়া তেওঁৰ এই মৃতপ্ৰায় কলাটো সকলোকে শিকাব বিচাৰে, কিন্তু শিকাৰু কোনো নাই। ৫০ বছৰ বয়সীয়া মানুহজনে ক’লে, “সময় কি দৰে সলনি হয় সি এক বিড়ম্বনা।”
কাম্বলেৰ এক একৰ মাটিত গজা বাঁহেৰে তেওঁ প্ৰধানতঃ ইৰ্লা সাজে – ই হ’ল মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলত ধানখেতি কৰা কৃষকসকলে ব্যৱহাৰ কৰা একধৰণৰ ৰেইন ক’ট। “২০ বছৰ মানৰ আগেয়ে প্ৰতিজন কৃষকেই পথাৰত কাম কৰোঁতে ইৰ্লা ব্যৱহাৰ কৰিছিল কাৰণ সেই সময়ত আমাৰ শ্বাহুৱাড়ী তালুকত বৰকৈ বৰষুণ দিছিল,’’ কেৰ্লে গাৱঁৰ এই বাসিন্দা জনে ক’লে। নিজৰ পথাৰত কাম কৰোঁতে তেওঁ নিজেও এটা পিন্ধি লয়। বাহঁৰ ৰেইনক’ট এটা কমেও ৭ বছৰ যায়, আৰু “তাৰ পিচতো তাক সহজেই মেৰামত কৰিব পৰা যায়,” তেওঁ লগতে জনালে।
কিন্তু কথাবোৰ সলনি হ’ল।
চৰকাৰী তথ্যই দেখুৱাই যে যোৱা ২০ বছৰত ক’লহাপুৰ জিলাত জুলাই আৰু ছেপ্টেম্বৰৰ মাজত বৰষুণ - ১,৩০৮ মি.মি (২০০৩)ৰ পৰা ৯৭৩ লৈ হ্ৰাস হৈছে।
“কোনে জানিছিল কেতিয়াবা ইয়াত বৰষুণ ইমান কমিব যে সি মোৰ শিল্পকে নিঃশেষ কৰিব?” ইৰ্লা কলাকাৰ সঞ্জয় কাম্বলেয়ে প্ৰশ্ন কৰে।
“ইয়াত খেতি-বাতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আমি প্ৰতি বছৰে মাত্ৰ জুনৰ পৰা ছেপ্টেম্বৰলৈকেহে খেতি কৰোঁ,” কাম্বলেয়ে ক’লে। বছৰ বাগৰাৰ লগে লগে বতৰৰ লীলাই মুম্বাই আৰু পুণেৰ দৰে মহানগৰলৈ গাৱঁৰ মানুহবোৰক প্ৰব্ৰজিত হ’বলৈ বাধ্য কৰিছিল য’ত তেওঁলোকে ৰেষ্টোৰাঁ, ব্যক্তিগত বাছৰ কণ্ডাক্টৰ, ৰাজমিস্ত্ৰী, দৈনিক হাজিৰা, পদপথৰ খাদ্য বা অন্য বস্তু বিক্ৰী কৰা, বা মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইৰ পথাৰত শ্ৰম কৰা আদি কাম কৰে।


















