হীৰালালে ততাতয়াকৈ ঘৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰটো আনিবলৈ দৌৰিছিল। দিল্লীৰ ৰাজঘাটৰ কাষতে থকা বেলা ইষ্টেটৰ তেওঁৰ ঘৰটোৰ ভিতৰলৈ ক’লা ক’লা পানীৰ ঢৌ আহিছিল, ৪০ বছৰীয়া হীৰালালৰ মনলৈ সেই সময়ত সেইটো কথাই আহিছিল।
সেয়া আছিল ২০২৩ৰ ১২ জুলাই। ধাৰাসাৰ বৰষুণত যমুনা নদীখন ওফন্দি পৰিছিল। দিল্লীৰ নদীৰ পাৰত বাস কৰা হীৰালালৰ দৰে মানুহবোৰৰ আলাই-আথানি হৈছিল, তত নাইকিয়া হৈ পৰিছিল সকলোৰে।
যমুনা পুস্তা এলেকা নিবাসী ৬০ বছৰীয়া চামেলিয়ে ময়ূৰ বিহাৰ এলেকাত থাকে, হুৰামুৰাকৈ তেওঁ চুবুৰীৰ এমহীয়া পানীকেচুৱাটোক খুৱাবলৈ লৈছিল। তেওঁৰ আশে-পাশে মানুহবোৰে ছাগলী আৰু বিভ্ৰান্ত হৈ পৰা কুকুৰ কান্ধত লৈ লৰা-ঢপৰা কৰিছিল। দুই-এটা পানীত ভাঁহি গৈছিল, হেৰাই গৈছিল। মূৰত যেন সৰগ ভাগি পৰিছিল, তেওঁলোকে কাপোৰ-কানি যি পাৰে টোপোলা কৰি তাৰ পৰা ওলাবলৈ যত্ন কৰিছিল, কিন্তু তেওঁলোকৰ লাম-লাকটু সকলো পানীয়ে চকুৰ পচাৰতে উটুৱাই লৈ গৈছিল।
“পুৱালৈ সকলোতে আছিল কেৱল পানী আৰু পানী। আমাক উদ্ধাৰ কৰিবলৈ দূৰ-দূৰলৈ নাও দেখা নাছিলো। কিছুমানে উৰণীয়া সেতুৰ ওপৰত আশ্ৰয় লৈছিল,” বেলা ইষ্টেটৰ হীৰালালৰ চুবুৰীয়া শান্তি দেৱীয়ে (৫৫) কয়। “প্ৰথমে আমাৰ ল’ৰা-ছোৱালীকেইটাৰ চিন্তাই আহিছিল, সেই ক’লা পানীবোৰত সাপ থাকিব পাৰে, আন কীট-পতংগও আহিব, সিহঁতৰ নিৰাপত্তাৰ কথা মনলৈ আহিছিল।”
খাদ্য-পাতি আৰু ল’ৰা-ছোৱালীকেইটাৰ কিতাপ-বহীবোৰ পানীয়ে উটুৱাই নিয়া তেওঁ অসহায় হৈ চাই ৰ’ল। “২৫ কিলো গমধান পানীয়ে নিলে, কাপোৰবোৰো উটি গ’ল...”
কেইসপ্তাহমান পিছত, গীতা কলনি ফ্লাইঅভাৰৰ তলৰ তেওঁলোকৰ অস্থায়ী তম্বুত সৰ্বস্বান্ত পৰিয়ালবোৰৰ সৈতে পাৰিয়ে কথা পাতিছিল। “প্ৰশাসনে আগতীয়া কোনো সতৰ্কবাণী দিয়া নাছিল। কাপোৰবোৰ বান্ধি টোপোলা কৰি থৈছিলো। ছাগলী, কাপোৰৰ টোপোলা কোলাই-পিঠিয়ে লৈ ওলাইছিলো...আমাৰ গৰু-ছাগলীবোৰৰ বাবে নাও বিচাৰিছিলো, কিন্তু একো নাপালো,” আগষ্টৰ আৰম্ভণিৰ ভাগত হীৰালালৰ সৈতে কথা পাতোতে তেওঁ কৈছিল।