পটলপুৰত এতিয়া মতা মানুহ এজনেই আছে। তেওঁৰ পৰিয়ালটোৱে তাত এতিয়া একমাত্ৰ খেতিয়ক পৰিয়াল।
যোৱাবাৰ অক্টোবৰত তেওঁলোকৰ ঘৰটো হাতীয়ে ভাঙিছিল, সেয়া আছিল যোৱা ১০ বছৰত হাতীৰ আক্ৰমণৰ আঠ নম্বৰটো ঘটনা। পটলপুৰত তেওঁলোকৰ কেঁচা ঘৰটো হাতীৰ গছকত ধূলিস্যাৎ হৈ গৈছিল।
সেয়া আছিল খেতি চপোৱাৰ সময় আৰু আহাৰ-শাওণ মাহৰ বৰষুণ পৰিছিল। হাতীৰ জাকটোৱে ২০০ কিলোমিটাৰ বাট অৰণ্য-পাহাৰ অতিক্ৰমী পাহাৰৰ পাদদেশত থকা গাওঁখনত সোমাইছিল। সিহঁত প্ৰথমে ৰৈছিল ময়ুৰাক্ষীৰ উপনৈ সিদ্ধেশ্বৰীৰ পাৰত। সেয়া পটলপুৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত। তাত কিছু জিৰণি লৈছিল। ২০০ কিলোমিটাৰমানৰ বাট বাই জাকটোৰ ভোক লাগিছিল, সন্মুখত আছিল ভৰপক শস্যপথাৰ।
“আমি প্ৰাণৰ ভয় নকৰি সিহঁতক খেদিবলৈ জোঁৰ জ্বলাই নিলো,” চন্দনা আৰু উজ্জ্বল দাসৰ সৰুটো ল’ৰা প্ৰসেনজীতে কয়। “হাতীয়ে ভালেকেইবাৰ পকিবলৈ ধৰা খেতিপথাৰ তহিলং কৰিছে। সিহঁতে ধানবোৰ খাই পেলালে আমালৈ থাকিল কি?”
ধানখেতি নষ্ট হোৱাটোৱে দাসৰ একমাত্ৰ সমস্যা নহয়। পৰিয়ালটোৱে তেওঁলোকৰ ১৪ বিঘা মাটিত আলু, লাও, বিলাহী আৰু ৰঙালাওৰ লগতে কল আৰু অমিতাৰো খেতি কৰে।
উজ্জ্বল দাস কোনো সাধাৰণ কৃষক নহয়। তেওঁৰ খেতিৰ ৰঙালাওৱে ৰাষ্ট্ৰীয় পুৰস্কাৰো পাই থৈছে। ৰাজ্যখনৰ প্ৰতিটো ব্লকৰ আটাইতকৈ দক্ষ খেতিয়কজনক এই কৃষক ৰত্ন পুৰস্কাৰ দিয়া হয়। তেওঁ ২০১৬ আৰু ২০২২ত ৰাজনগৰ ব্লকৰ পৰা এই সন্মান লাভ কৰিছে। পুৰস্কাৰ হিচাপে তেওঁ ১০,০০০ টকাৰ নগদ ধন আৰু এখন প্ৰমাণপত্ৰ পাইছে।








