চালকজনে ছোৱালীজনীক ঘৰৰ পদূলিত নমাই দিয়াৰ আশ্বাস দিছিল যদিও গাড়ীখনে সম্পূৰ্ণ বিপৰীত দিশেহে গতি কৰিছিল। যেতিয়া চালকজনে প্ৰথমটো ইউ টাৰ্ণত গাড়ীখন নুঘূৰালে, তেতিয়া নেহাই ভাবিছিল যে চাগে ভুলতে আগুৱাই গ’ল। দ্বিতীয় ইউ টাৰ্ণটো পোৱা সত্বেও গাড়ীখনে বিপৰীত দিশতে গৈ থকাত ১৫ বছৰীয়া নেহাৰ সন্দেহতো বাঢ়ি আহিল। তৃতীয়টো ইউ টাৰ্ণতো গাড়ীখন একেৰাহে গৈ থকাত ছোৱালীজনীৰ ভয়তো বেছি হ’বলৈ ল’লে। তাইৰ দুচকু চলচলীয়া হৈ পৰিছিল আৰু মূৰটো আচন্দ্ৰাই কৰিছিল।
ভয় আৰু দুশ্চিন্তাত নেহাই মাক-দেউতাকক চাবলৈ উচপিচাইছিল। গাড়ীখনত কাষত বহি থকা মহিলাগৰাকী আৰু চালকজনে চিন্তা নকৰিবলৈ কৈ তাইক শান্ত কৰিবলৈ চেষ্টা কৰিছিল।
নেহাই জানিব পাৰিছিল যে তাই ডাঙৰ বিপদত পৰিছে। ঘৰ এৰি আহিবলৈ কিহে পাইছিল বুলি ভাবি তাই অনুশোচনাত দগ্ধ হৈ পৰিছিল।
চলিত বৰ্ষ অৰ্থাৎ ২০২৩ চনৰ মে’ মাহত কিশোৰীগৰাকীয়ে মোবাইল চাই থকাক লৈ ঘৰত মাক-দেউতাকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। পঢ়া-শুনাতকৈ তাই মোবাইল ফোনটো চাইহে অধিক সময় কটাইছিল বুলি মাক-দেউতাকে আপত্তি কৰিছিল। পৰিস্থিতি এনে হৈ পৰিছিল যে মাক-দেউতাকে নেহাৰ পৰা ফোনটো লৈ গৈছিল।
তলমূৰ কৰি তাই অস্ফুট স্বৰেৰে কৈছিল, “মা-দেউতাই মোবাইলটো কাঢ়ি লোৱাত মোৰ বহুত খং উঠিছিল। সেয়ে মই যেনেকৈ নহওক তেওঁলোকৰ সন্মুখৰ পৰা আৰু ঘৰৰ পৰা ক’ৰবালৈ গুচি যাব বিচাৰিছিলো।”
এই ভাব লৈয়ে সেইদিনা তাই পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ ওচৰৰ সৰু ৰাস্তাৰে আহি আহি ঘাইপথ পাইছিল। মাক-দেউতাকৰ ওপৰত উঠি থকা খঙৰ বাবে তাই খোজকাঢ়ি কেনেকৈ ঘাইপথটোৰে প্ৰায় ৭-৮ কিলোমিটাৰ গুচি আহিছিল সেয়া নিজেই ক’ব পৰা নাছিল। লাহে লাহে ৰ’দটো চোকা হৈ আহিছিল আৰু তাইৰ পিয়াহ লাগিছিল, কিন্তু পানীৰ বটল এটা কিনিবলৈ হাতত পইছা নাছিল।
তেনেতে তাইৰ সন্মুখত এখন চিকচিকিয়া ক’লা গাড়ী আহি ৰৈছিল। “এজন মানুহে গাড়ীখন চলাইছিল আৰু পিছফালে এগৰাকী মহিলা আছিল,’’ নেহাই মনত পেলাই কৈ গৈছে। মহিলাগৰাকীয়ে গাড়ীৰ গ্লাছখন নমাই নেহাক কৈছিল যে ঘৰলৈ যাব খোজে যদি গাড়ীখনত উঠিব পাৰে। নেহাই কয়, “তেওঁলোকক ভাল মানুহ যেন লাগিছিল। গোটেই বাটটো খোজ কাঢ়ি বহুত ভাগৰ লাগিছিল, বাছত আহিবলৈকো মোৰ হাতত টকা নাছিল।”
নেহাই মহিলাগৰাকীৰ কথা শুনি গাড়ীখন উঠি ল’লে। এচি চলি থকা গাড়ীখনত উঠাত তাইৰ ভাগৰুৱা শৰীৰটোৱে সকাহ পালে, ছীটত আউজি কপালৰ ঘামখিনি ৰুমালেৰে মচি ল’লে। মহিলাগৰাকীয়ে তাইলৈ পানীৰ বটল এটা আগবঢ়াই দিলে।
কিন্তু যেতিয়াই মানুহজনে তাইৰ ঘৰৰ পৰা বিপৰীত দিশত গাড়ীখন ক্ৰমাৎ চলাই গৈ থকাতো গম পালে তেতিয়াই তাইৰ সেই ভাললগাখিনি ক্ষণিকতে নাইকিয়া হৈ পৰিল। ভয় খাই তাই গাড়ী ৰখাবলৈ চিঞৰিলে যদিও বহুদূৰ গৈ গৈ প্ৰায় এঘণ্টাৰ পিছতহে গাড়ীখন ৰ’ল। তেতিয়ালৈ গাড়ীখন গৈ ভূপাল পাইছিল। নেহাক অপহৰণ কৰা হৈছিল।
শিশু নিৰুদ্দেশৰ ক্ষেত্ৰত মধ্যপ্ৰদেশে ধাৰাবাহিকভাৱে শীৰ্ষস্থান দখল কৰি আহিছে। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৰাজ্যখনত ৬০,০৩১টা গোচৰ ৰুজু কৰা হৈছে (ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান ব্যুৰ’)। ২০২২ চনত চাইল্ড ৰাইটছ এণ্ড ইউ (CRY)ৰ পৰা আৰ.টি.আই.যোগে লাভ কৰা তথ্য অনুসৰি ১১,৭১৭টা শিশু নিৰুদ্দেশ হৈছিল। ৰাজ্যখনত বছৰি গড়ে প্ৰায় ১০,২৫০গৰাকী শিশু নিৰুদ্দেশ হৈ আহিছে, অৰ্থাৎ প্ৰতিদিনে প্ৰায় ২৮টা এনে ঘটনা সংঘটিত হৈছে। এয়া ভাৰতৰ আন যিকোনো ৰাজ্যতকৈ অধিক।




