“এইবোৰ কথা আমি নাজানো,” বাজেটৰ কথা বাৰে বাৰে সুধি থকাত বাবাচাহেবে খাৰাংখাচকৈ কথাষাৰ কয়।
“আমাক কি লাগে চৰকাৰে কেতিয়াবা সুধিছিলনে?” তেওঁৰ পত্নী মান্দাই একপ্ৰকাৰ জোৰ কৰি এই প্ৰতিবেদকলৈ প্ৰশ্ন কৰে। “আমাক নোসোধাকৈ তেওঁলোকে আমাৰ বাবে কেনেকৈ সিদ্ধান্ত ল’ব পাৰে? আমাক মাহটোৰ আটাইকেইটা দিনতে কাম লাগে।”
পুণে জিলাৰ শিৰুৰ তালুকৰ কুৰুলি গাঁৱৰ বাহিৰত তেওঁলোকৰ এটা কোঠাৰ টিন বেৰ দিয়া ঘৰটোত উখল-মাখল লাগিছে, সচৰাচৰ নোহোৱা ব্যস্ততা বাঢ়িছে। “আমি ২০০৪ত জালনাৰ পৰা ইয়ালৈ প্ৰব্ৰজিত হৈ আহিছিলো। আমাৰ নিজা গাওঁ বুলিবলৈ নাছিল। আমি ইঠাইৰ পৰা সিঠাইলৈ ঘুৰি ফুৰো কাৰণে আমাৰ মানুহখিনি সদায়ে গাঁৱৰ পৰা বাহিৰতে থাকে,” বাবাচাহেবে কয়।
তেওঁ আমাক নোকোৱা কথাটো হৈছে এসময়ত ব্ৰিটিছে ‘অপৰাধী’ বুলি ঘোষণা কৰা ভিল পাৰ্ধিসকলক বিমুক্ত কৰা হ’ল যদিও তাৰ ৭০ বছৰ পিছতো সামাজিক কালিমা লৈ বঞ্চিত জীৱন কটাবলগীয়া হৈ আছে। তেওঁলোকক মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি বুলি তালিকাভুক্ত কৰাৰ পিছতো। দমনৰ বলি হৈয়ে তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিবলগীয়া হয়।
নিশ্চয়কৈ তেওঁলোকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটৰ ভাষণত প্ৰব্ৰজনৰ ওপৰত কোৱা কথাখিনি শুনা নাই। শুনিলেও তেওঁলোক কিজানি উত্হাসিত নহ’লেহেঁতেন। “গ্ৰামাঞ্চলত পৰ্য্যাপ্ত সুযোগ-সুবিধা সৃষ্টি কৰাটো আমাৰ উদ্দেশ্য যাতে প্ৰব্ৰজন এক বিকল্প হওঁক, আৱশ্যকতা হৈ নপৰক,” ২০২৫-২৬ৰ বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে এনেদৰে কৈছিল।
![](/media/images/02-IMG_20221017_125148-J-What_we_want_is_w.max-1400x1120.jpg)
চাৰিজনীয়া এই ভিল আদিবাসী পাৰ্ধি পৰিয়ালটোত আছে বাবাচেহাব, ৫৭ (একেবাৰে সোঁফালে), মান্দা, ৫৫ (ৰঙা-নীলা পোচাকত), তেওঁলোকৰ পুত্ৰ আকাশ (২৩) আৰু স্বাতী (২২) – তেওঁলোকে মাহটোত ১৫ দিনতকৈ বেছি দিনৰ কাম নাপায়। দমনৰ বলি হৈয়ে তেওঁলোক সদায় প্ৰব্ৰজিত হ’বলৈ বাধ্য হৈ আহিছে
নীতি নিৰ্ধাৰণৰ স্থানৰ পৰা ১,৪০০ কিলোমিটাৰ দূৰত ভিল পাৰ্ধি সম্প্ৰদায়ৰ বাবাচাহেবৰ পৰিয়ালটোৱে নিচেই কম সুবিধা আৰু মনৰ পচন্দত জীৱন কটাবলগীয়া হৈছে। তেওঁলোক ভাৰতৰ ১৪৪ মিলিয়ন লোকৰ ভিতৰত পৰে, যাৰবাবে কাম বিচাৰি পোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান।
“আমি মাহটোত মাত্ৰ ১৫ দিনৰ কাম পাও। বাকী দিনকেইটা আমি নিবনুৱা হৈ থাকো,” বাবাচাহেবৰ ল’ৰা আকাশে কয়। কিন্তু আজি এটা বিশেষ দিন। তেওঁলোকৰ চাৰিগৰাকী আকাশ (২৩), তেওঁৰ পত্নী স্বাতী (২৩), মান্দা (৫৫) আৰু বাবাচাহেব (৫৭) – চাৰিওগৰাকীয়ে কাষৰে গাওঁ এখনৰ পিয়াজৰ খেতিত কাম পাইছে।
এই চুবুৰীটোৰ ভিল আদিবাসী ৫০ টা পৰিয়ালৰ পানীৰ পৰা আৰম্ভ কৰি বিদ্যুত আদি একোৰে সুবিধা নাই। “আমি শৌচ কৰিবলৈ হাবিলৈ যাও। আৰাম নাই, সুৰক্ষাও নাই। চুবুৰীয়া গাওঁবোৰৰ উদ্যানশস্যৰ পামবোৰেই আমাৰ একমাত্ৰ আয়ৰ উত্স,” স্বাতীয়ে প্ৰত্যেকৰে বাবে দুপৰীয়াৰ খোৱাবস্তু টোপোলা বান্ধি থকাৰ মাজতে কয়।
“আমি দিনে পিয়াজ তুলি ৩০০ টকা গাইপতি পাও। দুপইচা ঘটিবলৈ আমি প্ৰত্যেক দিনেই কাম কৰিব লাগে,” বাবাচাহেবে কয়। পৰিয়ালটোৰ বছৰি আয় ১.৬ লাখমান হয়। সেয়াও কিমান দিন কাম পায়, তাৰ ওপৰত নিৰ্ভৰ কৰে। “কেতিয়াবা আমি ছয় কিলোমিটাৰ পৰ্য্যন্ত খোজ কাঢ়ো। য’তেই কাম পাও, তালৈকে যাও,” আকাশে কয়।
অনুবাদ: পংকজ দাস