প্ৰথমবাৰ বানত আক্ৰান্ত হৈ ঠাই সলাবলগীয়া হোৱাৰ কথা মহেশ্বৰ চমুৱাৰ আজিও ভালকৈয়ে মনত আছে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৫ বছৰ। "প্ৰথমে পানীয়ে আমাৰ এটা ঘৰ বুৰাই পেলাইছিল। আমি কোনোমতে নাৱত উঠি নিৰাপদ ঠাইৰ সন্ধান কৰিছিলো, আৰু কিছু দূৰৈৰ আন ঠাইত বসতি কৰিবলৈ আৰম্ভ কৰিছিলো," ৬০ বছৰীয়া চমুৱাই কয়।
চমুৱাৰ দৰে অসমৰ নদীদ্বীপ মাজুলীত বাস কৰা ১.৬ লাখ লোকে প্ৰতিবছৰেই বানৰ কবলত পৰি আহিছে আৰু ঘৰ-মাটি হেৰুৱাবলগীয়াত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুযায়ী নদীদ্বীপটোৰ মাটিকালিৰ পৰিমাণ ১৯৫৬ চনৰ ১২৪৫ বৰ্গকিলোমিটাৰৰ পৰা হ্ৰাস হৈ ২০১৭ চনত মাত্ৰ ৭০৩ বৰ্গকিলোমিটাৰ হৈছেগৈ।
যোৱা ১০ বছৰ ধৰি চমুৱাই পত্নী, কন্যা আৰু পুত্ৰক লৈ নতুন শালমৰা গাঁৱত বাস কৰি আহিছে। "কিন্তু এইখন আচল শালমৰা নহয়। শালমৰা গাঁওখন ৪৩ বছৰ আগতেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল," তেওঁ কয়। তাৰ পিছত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰিৰ মাজত নকৈ নতুন শালমৰা গাওঁ পতা হয়।
তেওঁৰ নতুন ঘৰটো আধা পকী বুলিব পাৰি। ঘৰৰ পৰা বাহিৰত অলপ দূৰৈত থকা শৌচালয়টোলৈ যাবলৈ জখলা ব্যৱহাৰ কৰিবলগীয়া হয়। "প্ৰতি বছৰে ব্ৰহ্মপুত্ৰত আমাৰ মাটি জাহ গৈয়েই আছে," তেওঁ কয়।
সঘনাই হোৱা বানে গাঁওখনৰ খেতিপথাৰসমূহকো বেয়াকৈ প্ৰভাৱান্বিত কৰি আহিছে। শালমৰা গাঁৱৰ গাঁওবুঢ়া জিশ্বৰে কয়, "আমাৰ খেতি-খোলা নাইকিয়াই হোৱা বুলিব পাৰি। ধান, মাহ, শাক-পাচলি একোৱেই কৰিব নোৱাৰো। আমাৰ সকলোৰে খেতিৰ মাতি শেষ হৈ গৈছে।" এনে পৰিপ্ৰেক্ষিতত এতিয়া অধিকাংশ বাসিন্দাই নাও সজা, মাটিৰ সামগ্ৰী গঢ়া আৰু মাছ মৰাৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে।
চমুৱায়ো আজিকালি নাও সাজিবলৈ লৈছে। কিয়নো চাপৰিটোৰ অধিকাংশ লোকেকে নদী পাৰ হ’বলৈ বা মাছ মাৰিবলৈ আৰু বানপানীৰ সময়ত কটাবলৈ নাৱৰ প্ৰয়োজন হয়। চমুৱাই কয়, "আমাৰ শালমৰাৰ নাও গোটেই মাজুলীতে মানুহে বিচাৰে।”
চমুৱাই নাও সজা কামটো নিজে নিজেই শিকিছে। তেওঁলোকে তিনিজনীয়া গোট হৈ নাও সজা কাম কৰে। নাও সাজিবলৈ হিজল গছৰ কাঠ ব্যৱহাৰ কৰা হয়। চমুৱাই জনোৱামতে সহজলভ্য নহয় যদিও ইয়াৰ কাঠ ভাল আৰু উন্নতমানৰ হোৱা বাবে সেই গছৰ কাঠকেই কামত লগোৱা হয়। তেওঁলোকে শালমৰা আৰু ওচৰ-পাজৰৰ গাঁৱৰ পৰা সেই গছ কিনি আনে।
এখন ডাঙৰ আকাৰৰ নাও সাজিবলৈ প্ৰায় এসপ্তাহৰ আৰু সৰু নাও সাজিবলৈ কমেও পাঁচ দিন লাগে। বহু কষ্টৰ অন্তত এমাহত তেওঁলোকে ৫-৮খন নাও সাজি উলিয়াব পাৰে। এখন ডাঙৰ নাও (১০-১২ জন মানুহ বহিব পৰা আৰু ৩খন মটৰ চাইকেল কঢ়িয়াব পৰা) ৭০ হাজাৰ টকা আৰু সৰু নাও প্ৰায় ৫০ হাজাৰ টকাত বিক্ৰী হয়। সেই ধন নাও সজা গোটটোৰ লোককেইজনে কাম অনুযায়ী ভগাই লয়।
নাও সাজি লাভ কৰা ধন তেওঁলোকৰ বাবে তেনেই মহঙা বুলিব পাৰি। বাৰিষা কালতহে তেওঁলোকে নাও সজাৰ অৰ্ডাৰ লাভ কৰে। সেয়ে বাকী সময়ছোৱাত চমুৱা আৰু তেওঁৰ লগৰীয়াসকল একপ্ৰকাৰ নিবনুৱা সদৃশ হৈ পৰে।
বানপানীৰ সময়ত ৫০ বছৰীয়া ৰুমী হাজৰিকাই নাও বাই নদীৰ পাৰে পাৰে আৰু কেতিয়াবা মাজভাগলৈকো গৈ উটি অহা গছ-কাঠ আদি সংগ্ৰহ কৰে। সেইবোৰ খৰি হিচাপত তেওঁ গাঁৱৰ বজাৰত বিক্ৰী কৰে। সেই খৰি বিক্ৰী কৰি প্ৰতি কুইণ্টলত তেওঁ কেইশমান টকা লাভ কৰে। নাও চলোৱাত পাকৈত মহিলাগৰাকীয়ে মাটিৰ পাত্ৰ, মাটিৰ চাকি আদিও গঢ়ে। সেই পাত্ৰবোৰ তেওঁ গড়মূৰ আৰু কমলাবাৰীত ১৫ টকা দৰত আৰু মাটিৰ চাকিবোৰ এটাত ৫ টকা দৰত বিক্ৰী কৰে।
তেওঁ আক্ষেপেৰে কয়,
"মাটিৰ লগতে আমি আমাৰ পৰম্পৰাগত কামবোৰো লাহে লাহে হেৰুৱাবলৈ লৈছো। মাটিৰ পাত্ৰ
গঢ়িবলৈ ব্যৱহৃত কলহ মাটিও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।"
এই প্ৰতিবেদকে প্ৰতিবেদন যুগুত কৰাত সহায় কৰা কৃষ্ণা পেগুক বিশেষবাৱে ধন্যবাদ জ্ঞাপন কৰিছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি