অঞ্জন গাঁৱৰ উপকণ্ঠৰ পৱিত্ৰ টিলাটো গেৰুৱা আৰু বগা পতাকাৰে ভৰি আছে। বগা পতাকাবোৰ হৈছে শৰণা অনুগামীসকলৰ। তেওঁলোক হৈছে প্ৰকৃতিৰ উপাসক, আদিবাসী সম্প্ৰদায়ৰ লোক। এই অঞ্চলৰ ওৰাওঁ আদিবাসীসকল। আনহাতে গেৰুৱা পতাকাবোৰ হিন্দুধৰ্মৰ, ১৯৮৫ত ঝাড়খণ্ডৰ গুমলা জিলাৰ টিলাটোৰ শিখৰত স্থাপিত এটা হনুমান মন্দিৰৰ হিন্দু উপাসকসকলে তাত সেই পতাকা পুতিছে। তেওঁলোকে কয় যে সেই শিখৰটো হিন্দু দেৱতাৰ জন্মস্থান।
বাঁহৰ তোৰণখনত দুখন কমিটিৰ নাম থকা দুখন ডাঙৰ আকাৰৰ বেনাৰ ওলমি আছে। গুমলা বন প্ৰৱন্ধন মণ্ডল, যিটো বন বিভাগ আৰু অঞ্জন গাঁৱৰ গঞাই (যুটীয়াভাৱে সংযুক্ত গ্ৰাম বন প্ৰৱন্ধন সমিতি) চলায়। এই মণ্ডলে ২০১৬ চনৰ পৰাই উপসনাস্থলীলৈ অহা তীৰ্থভ্ৰমণকাৰীৰ পৰিচালনাৰ কাম কৰি আহিছে। মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত আছে ২০১৯ত হিন্দুৰ দ্বাৰা স্থাপিত অঞ্জন ধাম মন্দিৰ বিকাশ সমিতি।
ভিতৰৰ আদৰণি তোৰণত আমি দুটি ভিন্ন দিশে যোৱা চিৰি পাওঁ, দুই ভিন্ন উপাসনাস্থলীলৈ যোৱা বাট। পোনে পোনে থকা চিৰিয়ে আপোনাক টিলাটোৰ শিখৰত থকা হনুমান মন্দিৰটোলৈ লৈ যাব। আনটোৱে আপোনাক দুটা গুহালৈ লৈ যাব। হিন্দু মন্দিৰটো স্থাপনৰ বহু যুগ আগেয়েই শতিকাজুৰি সেই গুহাত আদিবাসী পাহানসকলে পূজা-অৰ্চনা কৰি আহিছে।
দুটা ধৰ্মীয় গোটৰ দুটা পৃথক বৰঙনিৰ বাকচ আছে, এটা গুহাৰ কাষত আৰু আনটো মন্দিৰটোৰ ভিতৰত। তৃতীয়টো বজৰংগ দলৰ, সিটো প্ৰাংগণত আছে। এইটো বাকচত জমা হোৱা বৰঙনিখিনিৰে মঙলবৰীয়া ভাণ্ডাৰা পতা হয় য’ত ধৰ্মপ্ৰাণ সাধু-সন্তৰ বাবে ভোজভাতৰ ব্যৱস্থা কৰা হয়। অৱশ্যে টিলাটোৰ পাদদেশত, গাওঁখনৰ কাষত আৰু এটা বৰঙনিৰ বাকচ আছে, তাত জমা হোৱা পইচাৰে আদিবাসীসকলে গুহাত প্ৰয়োজন হোৱা পূজাৰ সামগ্ৰী কিনে।
“এই ঠাই আদিবাসীসকলৰ। অঞ্জনত কোনোকালে পণ্ডিত-পুৰোহিত নাছিল।” এই ধৰ্মীয় স্থানত উপাসনাৰ এক আচহুৱা ৰূপ দেখি মনটো উৎসুকতাৰে ভৰি পৰিছিল, তাকে দেখি অঞ্জনৰ গাওঁবুঢ়া ৰণজয় ওৰাঁৱে মোক এইকথা কয়। “শেহতীয়াকৈহে বাৰাণসীৰ পৰা পণ্ডিতসকল আহিছে। ওৰাওঁ আদিবাসীসকলে বছৰ বছৰ ধৰি প্ৰকৃতিৰ দেৱী অঞ্জনীৰ পূজা কৰি আহিছে, অঞ্জনী যে হনুমানৰ সৈতে জৰিত, সেই কথা আমি জনা নাছিলো,” তেওঁ কয়।
“পণ্ডিতসকলে আহি ইয়াত প্ৰচাৰ চলালে যে অঞ্জনী আচলতে হনুমানৰ মাতৃ আছিল,” ৰণজয়ে কয়। “তাৰপিছত অঞ্জনখনক হনুমানৰ জন্মস্থান বুলি ঘোষণা কৰা হ’ল। মানুহে কিবা বুজি পোৱাৰ আগতেই পাহাৰখনৰ ওপৰত হনুমান মন্দিৰ এটা স্থাপন কৰা হ’ল আৰু ঠাইখনক অঞ্জনধাম বুলি ঘোষণা কৰা হ’ল।”










