উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ ভাৰাঘৰৰ পিছফালে তিনি বছৰীয়া সম্পৰ্কীয় ভাইটোৰ সৈতে ৭ বছৰীয়া কাজৰিয়ে খেলি আছিল। তেতিয়াই তাইক দুজন লোকে অপহৰণ কৰি লৈ যায়।
দহ বছৰ পিছত ২০২০ৰ ডিচেম্বৰত বেংক এজেণ্ট হিচাপে কাম কৰা তেওঁৰ আন এজন ভায়েকে চহৰৰ মানুহ এঘৰলৈ কিবা কাম সংক্ৰান্তত যাওতে মজিয়া মচি থকা অৱস্থাত দেখাত সাইলাখ কাজৰিৰ দৰে ছোৱালী এজনী দেখিলে। তেওঁ ছোৱালীজনীক তাইৰ নামটো সুধিলে যদিও কিবা এটা কোৱাৰ আগেয়েই মহিলা এগৰাকীয়ে আহি হস্তক্ষেপ কৰিলে আৰু তাইক একো কোৱাৰ সুযোগ নিদিলে। তেওঁ মানুহঘৰৰ পৰা ওলাই গৈয়ে হিংসাৰ বলি হোৱাৰ মহিলা আৰু শিশুক সহায়ৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত লক্ষ্নৌত স্থাপিত ৱান-ষ্টপ চেণ্টাৰত ফোন কৰে আৰু সহায় বিচাৰে। কেইঘণ্টামানৰ ভিতৰতে মোহনলালগঞ্জ আৰক্ষী থানাৰ পৰা অহা আৰক্ষীৰ এটা গোট আৰু ৱান-ষ্টপ চেণ্টাৰৰ কৰ্মচাৰীয়ে ঘৰটোত তালাচী চলাই কাজৰিক উদ্ধাৰ কৰে আৰু পৰিয়ালক চমজাই দিয়ে।
এতিয়া ২১ বৰ্ষীয় কাজৰিয়ে মানসিক সমস্যাত ভুগিছে, তেওঁৰ তলৰ পাৰি দাত নাই আৰু যোৱা দহটা বছৰ সৰবৰাহ হোৱা, যৌন আতিশয্যৰ সন্মুখীন হোৱা আৰু শিশু শ্ৰমিক হিচাপে ভুক্তভোগীৰ জীৱনটোৰ কথা তেওঁৰ অলপ-অচৰপ মনত আছে।











