“যেন কোনোবাই শুকান জলকীয়াহে পুৰিছিল!”
সেয়া ১৯৮৪ৰ ২ ডিচেম্বৰৰ নিশাৰ ভাগৰ কথা, ভূপালৰ বাসিন্দা নুছৰৎ জাহানে সাৰ পাই ধহমহকৈ উঠি বহিছিল। বুকুখন সোপা মাৰি ধৰিছিল তেওঁৰ। উশাহ ল’ব পৰা নাছিল। চকুকেইটা পুৰিছিল, পানী নিগৰিছিল। তাৰ ক্ষণিক পিছতেই তেওঁৰ ছবছৰীয়া সন্তানটিয়ে কান্দিবলৈ ধৰিছিল। সেই মাতত তেওঁৰ স্বামী মহম্মদ ছফীকো সাৰ পাইছিল।
“কয়ামত কা মঞ্জৰ থা (সেয়া আছিল মহাপ্ৰলয়),” এতিয়া ৭০ বৰ্ষীয় ছফীকে নৱাব কলনিৰ নিজ ঘৰত বহি ৪০ বছৰ আগৰ এই দিনটোতে মধ্যপ্ৰদেশৰ ৰাজধানী চহৰত ঘটা ভূপাল গেছ দুৰ্ঘটনাৰ শোকাৱহ দিনটো মনত পেলায়।
সেই বিষাক্ত গেছৰ ফলত ছফীকৰ পৰিয়ালটোৰ সদস্যসকল চকুৰ পচাৰতে অসুস্থ হৈ পৰিছিল, সময় বাগৰাৰ লগে লগে সকলোৰে স্বাস্থ্য ভাগি পৰিছিল। কাগজ কলত কাম কৰা শ্ৰমিক ছফীকে চিকিৎসা সাহায্য বিচাৰি ভালেকেইটা বছৰ হস্পিতালে হস্পিতালে ঘূৰি ফুৰিছিল। তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা সেই ঘটনাত প্ৰদূষিত হোৱা কুঁৱা এটাৰ পৰা ১৮ বছৰ ধৰি পানী খোৱাৰ ফলত বাঢ়িছিল। সেই পানীয়ে তেওঁৰ চকু জ্বলা-পোৰা কৰিছিল, কিন্তু পানীৰ বাবে আন কোনো উৎসও তেওঁলোকৰ নাছিল। ২০১২ চনতহে সম্ভাৱনা ট্ৰাষ্ট ক্লিনিকে সেই পানী পৰীক্ষা কৰি তাত বিষাক্ত উপাদান মিহলি হৈ থকা বুলি ধৰা পেলায়। সেই অঞ্চলটোৰ ব’ৰৱেলবোৰো ঘটনাক্ৰমে চৰকাৰে বন্ধ কৰি দিয়ে।
১৯৮৪ৰ সেই ৰাতি বিষাক্ত গেছ ছফীকৰ ঘৰত প্ৰৱেশ কৰিছিল ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (ইউ.চি.আই.এল.)ৰ কলঘৰ এটাৰ পৰা, তেতিয়া সেই কলঘৰটোৰ স্বত্ত্বাধিকাৰী আছিল বহুজাতিক ইউনিয়ন কাৰ্বাইড ক’ৰ্পৰেছন (ইউ.চি.চি.)। বিষাক্ত গেছৰ নিৰ্গমন ঘটিছিল ২ ডিচেম্বৰৰ নিশাৰ ভাগত। ইউ.চি.আই.এল.-ৰ পৰা ওলোৱা সেই গেছবিধ আছিল অতিকৈ বিষাক্ত মিথাইল আইছ’চায়ানেট। এনেকৈয়ে বিশ্বৰ আটাইতকৈ ভংয়কৰ গেছ দুৰ্ঘটনাটো ঘটিছিল।











