কাৰচুঙে মনপা লোকৰ বিয়াত গীত গোৱাৰ পিছত তেওঁক ভেড়াৰ মাংসৰে ৰান্ধি এসাজ খুওৱা হয়। তেওঁ গোৱা বিয়াগীতে মনপাসকলৰ বিবাহ অনুষ্ঠানটোক পৱিত্ৰ কৰি তোলে আৰু কইনাঘৰে তেওঁক গীত গাবলৈ নিমন্ত্ৰণ জনায়।
মনপা সম্প্ৰদায়ৰ এহাল ল’ৰা-ছোৱালীয়ে বিয়াত বহিব বিচাৰিলে তেওঁলোকে দুদিনীয়া কাৰ্য্যসূচীৰে আগবাঢ়ে। দৰাপক্ষই কইনাৰ ঘৰলৈ যায় য’ত সকলোৱে মিলি স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা আৰা পান কৰে আৰু নাচে, গীত গায়। এই দুদিনীয়া পৰ্বতে কাৰচুঙে কোনো বাদ্যযন্ত্ৰৰ সহায় নোলোৱাকৈ গীত পৰিৱেশন কৰে। দ্বিতীয়দিনা দৰাই নকইনা লৈ ঘৰলৈ উভতি আহে।
কাৰচুঙৰ আচল নাম ৰিনচিন তাচি, কিন্তু তেওঁক সকলোৱে কাৰচুং বুলিয়ে জানে। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চাংপা ৰোডত তেওঁ এখন সৰু গেলামালৰ দোকান চলায়। সংগীতৰ প্ৰতি তেওঁৰ বৰ ৰাপ, গেলামালৰ দোকানখনত সকলো সময়তে ৰেডিঅ’টো বাজি থাকে। কাৰচুঙে আৰাক লৈও গীত গাব পাৰে। “মই খেতি-খোলাৰ সময়ত আৰু বন্ধুবৰ্গৰ সৈতে আড্ডাৰ সময়ত এই গীত গাওঁ,” তেওঁ কয়।
৫৩ বৰ্ষীয় কাৰচুং পত্নী পেম জম্বাৰ লগত থাকে, তেঁৱেই পৰিয়ালটোৰ ‘বছ’ বুলি কাৰচুঙে কয়। সাৰুৱা উপত্যকাখনত থকা তেওঁলোকৰ এক একৰমান খেতিমাটিত পেমেই খেতি কৰে। “আমি চাউল, মাকৈ, বেঙেনা, বেঙেনা, লাই শাক, পিয়াঁজ আৰু ফুলকবিৰ খেতি কৰোঁ,” তেওঁ কয়। খেতিৰ পৰা পোৱা ধান, মিলেট আৰু পাচলি আদি তেওঁলোকে নিজেই খায় আৰু উপৰিঞ্চিখিনি কেতিয়াবা ডিৰাং ব্লকৰ ৰামা কেম্পৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।





