২০২৪ৰ ২৪ আগষ্টত প্ৰদূষিত পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ কোনধৰণৰ সদয় ভাৱ নথকাক লৈ পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। ‘কালে পানী দা মৰ্চা’ (পানী প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ)ৰ বেনাৰত শতদ্ৰু নদীৰ আশে-পাশে থকা ক্ষতিগ্ৰস্ত লোকসকল এই প্ৰতিবাদত থাকে।
‘স্পেয়াৰ বুড্ডা দৰিয়া (নদী)! স্পেয়াৰ শতদ্ৰু (বুড্ডা নদীখনক ৰক্ষা কৰক, শতদ্ৰুখনক ৰক্ষা কৰক)’ প্ৰতিবাদস্থলী এই শ্লোগানেৰে মুখৰিত হয়।
বুড্ডা নালাৰ প্ৰদূষণক লৈ এনে প্ৰতিবাদ কোনো নতুন কথা নহয়। একেদৰে নদীখন চাফা কৰাৰ প্ৰকল্পবোৰো নতুন নহয়। তিনি দশক ধৰি এনে প্ৰকল্প চলি আহিছে, কিন্তু মূৰকত একো লাভ হোৱা নাই। প্ৰথমটো প্ৰকল্প আছিল শতদ্ৰু নদী পৰিষ্কাৰৰ কাৰ্য্যপন্থা। মুকলি কৰা হৈছিল ১৯৯৬ত। তিনিটা বৰ্জ্য পানী পৰিশোধন প্ৰকল্প (চেৱেজ ট্ৰিটমেণ্ট প্লাণ্ট চমুকৈ এছটিপি) ক্ৰমে জমালপুৰ, ভাত্তিয়াঁ আৰু বাল্লোকে গাঁৱত স্থাপন কৰা হৈছিল।
২০২০ত পাঞ্জাৱ চৰকাৰে বুড্ডা নালা পুনৰুজ্জীৱিতকৰণৰ বাবে ৬৫০ কোটি টকাৰ দুবছৰীয়া প্ৰকল্প হাতত লয়। মুখ্যমন্ত্ৰী ভগৱন্ত মানে আগৰ চৰকাৰক দোষ জাপি দি বুড্ডা নালা পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ এছটিপি ৩১৫ কোটি টকাৰ বাবদ জমালপুৰত মুকলি কৰে।
বোকা ছটিওৱা খেল চলি থকাৰ মাজতে কাশ্মীৰা বাইয়ে কয় যে চৰকাৰ কিম্বা কোনো ৰাজনৈতিক দলৰ নদীৰ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে সদিচ্ছা নাই, কোনেও একো কৰা নাই। লুধিয়ানাৰ পৰিৱেশ কৰ্মীসকলে এই বিষয়টো পাঞ্জাৱ চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰি আহিছে যদিও কোটি কোটি টকা খৰছ কৰাৰ পিছতো নালা প্ৰদূষিত হৈয়ে ৰ’ল আৰু বাৰে বাৰে জনতা ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈ থাকিল।
মলকীত কৌৰ (৬০)য়ে মানচা জিলাৰ এহমদপুৰৰ পৰা এই প্ৰতিবাদত যোগ দিবলৈ আহিছে। “নদীখনৰ প্ৰদূষিত পানী, উদ্যোগবোৰে পানীত এৰা বিভিন্ন বৰ্জ্য পদাৰ্থৰ ফলত আমাৰ বেমাৰ-আজাৰ বাঢ়িছে। পানীয়েই জীৱন, আমাৰ মৌলিক প্ৰয়োজন। আমি বিশুদ্ধ পানীৰ সুবিধা পোৱা উচিত।”