“পানী লে’ লৌ! পানী (পানী লওঁক, পানী)!”
এই মাত শুনি আপুনি পিছে বাল্টি-কলহ লৈ দৌৰি নাহিব। কিয়নো পানীৰ এইখন গাড়ী তেনেই এধানিমান। ৰবৰৰ পুৰণি চেন্দেল, প্লাষ্টিকৰ বটল আৰু চুটি এডাল পাইপ আৰু কাঠেৰে বনোৱা হৈছে এই টেংকাৰখন, ধাৰণ ক্ষমতা এগিলাচ পানী।
বলবীৰ সিং, ভৱানী সিং, কৈলাশ কাঁৱৰ আৰু মোতি সিং - এই আটাইকেইজন চানৱাতাৰ শিশু। বয়স ৫ৰ পৰা ১৩ বছৰ। ৰাজস্থানৰ পূব দিশে থকা তেওঁলোকৰ গাওঁখনত সপ্তাহত দুবাৰ অহা পানীৰ টেংকাৰখন দেখিলে তেওঁলোকৰ মাক-দেউতাক আৰু গাঁৱৰ আন মানুহ কেনেদৰে উৎফুল্লিত হৈ পৰে, তাকে দেখি তেওঁলোকে এইখন পুতলা টেংকাৰ সাজিছে।








