লিম্বড়ি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এফালে ফালি যোৱা বাট এটাৰে গৈ ১০-১২ কিলোমিটাৰ দূৰৰ মোটা টিম্বলা গাওঁ ঢুকি পাব পাৰি। গাওঁখনৰ একেবাৰে মুৰত বনকৰবাস বুলি নিৰ্দিষ্ট স্থান এডোখৰ আছে। তাত দলিত শিপিনী সম্প্ৰদায়ৰ লোকসকল থাকে। গলিবোৰ ঠেক, খাপৰেইল লগোৱা সৰু সৰু ঘৰ, মাজে মাজে খেৰৰ চালি দিয়া জুপুৰী। দুই-এটা মানুহৰ কথা উফৰি আহিব, কিন্তু নিৰন্তৰ ছন্দোময় খট্ খট্ শব্দই আপোনাৰ কাণত পৰিব। সেয়া তাঁতশালৰ শব্দ। ভালদৰে উনাই শুনিলে আপুনি তাঁতশালৰ ছন্দোময় শব্দৰ মাজতে সৰু সৰু ফুল বাছি থকা শিপিনীৰ হুমুনিয়াহৰ উমান পাব, সেয়াই যেন ৰেখা বেন ৱাঘেলাৰ জীৱনৰ প্ৰস্তাৱনা।
“অষ্টম শ্ৰেণীত পঢ়িবলৈ লোৱাৰ তিনি মাহমানহে হৈছিল। লিম্বড়িৰ হোষ্টেল এখনত আছিলোঁ, স্কুলৰ প্ৰথমটো পৰীক্ষা দি ঘৰলৈ আহিছিলোঁ। তেতিয়াই মায়ে কৈছিল, মই হেনো আৰু পঢ়িব নালাগে। মোৰ ডাঙৰ ভাই গোপালক কামত সহায় কৰিবলগীয়া আছিল। তেওঁ গ্ৰেজুৱেচন কৰিয়ে কামত ধৰিছিল। আমাৰ ঘৰখনে মোৰ দুই ভাইৰ পঢ়াৰ খৰছ দিব পৰা নাছিল। তেনেকৈয়ে মই পটোলাৰ কাম আৰম্ভ কৰিলো।” ৰেখা বেনৰ কথাবোৰ খাৰাংখাচ। বোধকৰোঁ দাৰিদ্ৰ্যই তেওঁক তেনেদৰে কথা ক’বলৈ বাধ্য কৰাইছে। এতিয়া ৪০ৰ দেওনা পাৰ কৰাৰ উপক্ৰম ঘটা অভিজ্ঞতাৰে তেওঁ গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাৰ মোটা টিম্বলাৰ পাকৈত শিপিনী।
“মোৰ স্বামী মদ্যাসক্ত আছিল, জুৱা খেলিছিল, পান-মচলা, চাধা খাইছিল,” বিয়াৰ পিছৰ জীৱনটোৰ এখিলা পাত লুটিয়াই তেওঁ কয়। সেই অধ্যায়টো সুখকৰ নাছিল। প্ৰায়ে তেওঁ মাকৰ ঘৰলৈ গৈ থাকিছিল। কিন্তু তাইক ফুচুলাই মাকহঁতে পুনৰ গিৰীয়েকৰ ওচৰলৈ পঠিয়াই দিছিল। তেওঁ জুৰুলা হৈ পৰিছিল। কিন্তু সেই কষ্টৰ ভাৰ তেওঁ বৈছিল। “তেওঁৰ চৰিত্ৰ ভাল নাছিল,” ৰেখাবেনে কয়।
“তেওঁ কেতিয়াবা মোক মাৰ-ধৰো কৰিছিল, আনকি পেটত সন্তান থকাৰ পিছতো তেওঁ ৰেহাই পোৱা নাছিল,” তেওঁ কয়। সেই মানসিক আঘাতৰ চিন তেওঁৰ কথাত ধৰা পৰে। “মোৰ ছোৱালী এজনী জন্ম হোৱাৰ পিছত মই তেওঁৰ পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা গম পালো। তেনেকৈয়ে এবছৰ থাকিলো। গোপাল ভাই তেতিয়াই দুৰ্ঘটনা এটাত ঢুকাল (২০১০ত)। তেওঁৰ পটোলা কামবোৰ আধৰুৱা হৈ আছিল। তেওঁক সূতা আদি যোগান ধৰা বেপাৰীজনক গোপাল ভাইয়ে পইচা পৰিশোধ কৰিবলগীয়া আছিল। সেয়ে মই মাহঁতৰ ঘৰত পাঁচমাহ থাকি তেওঁৰ আধৰুৱা কামখিনি শেষ কৰিলোঁ। তাৰপিছত স্বামীয়ে মোক নিবলৈ আহিল,” তেওঁ কয়।
নিজকে সুখী বুলি ফুচুলাই কেবাবছৰো পাৰ হ’ল। তেওঁ নিজৰ দুখ-হতাশাখিনি নিজৰ মাজতে সামৰি কণমানিটোৰ লালন-পালনত মনোনিৱেশ কৰিলে। “শেষত যেতিয়া মোৰ ছোৱালীজনী চাৰে-চাৰিবছৰীয়া হ’ল, মই আৰু অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰি এদিন গুছি আহিলো,” ৰেখা বেনে কয়। মাকৰ ঘৰলৈ আহিলত, তেওঁৰ পটোলা বোৱাৰ যি বিদ্যা আয়ত্ব কৰিছিল, সেয়াই তেওঁৰ জীৱিকা নিৰ্বাহৰ সম্বল হৈ পৰিল। দাৰিদ্ৰ্য আৰু আতিশয্যৰ ফলত ফিচিকি যোৱা তেওঁৰ মনটোক পুনৰাই সী উলিয়াইছিল তেওঁ। সেয়া তেওঁৰ বাবে নতুন এটা জীৱন পোৱাৰ দৰেই আছিল। নিজৰ ভৰিত থিয় দিব পৰা এক জীৱনৰ আৰম্ভণি।


















