শৈশৱত যেতিয়া ৰজিতাই দেউতাক আৰু তেওঁৰ ককাকে সৰু সৰু ল’ৰাবোৰক পুতলা নাচ শিকাই থকা খিৰিকীৰে দেখিছিল, তেতিয়াই তেওঁৰ মনত কৌতূহল জন্মিছিল যে কিয় তেওঁ সিহঁতৰ মাজত থাকি সেয়া শিকিব নোৱাৰে। বিশেষকৈ পুতলাবোৰে কণমানি ছোৱালীজনীৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কৰ্ণ-কুহৰত বাজিছিল পুতলা নাচৰ বিশেষ ছন্দৰীতিৰে আবৃত্তি কৰা সেই পদবোৰ
“পুতলানাচৰ প্ৰতি মোৰ সেই মোহ ককাই মোৰ চকুত দেখা পালে,” ৩৩ বৰ্ষীয় ৰজিতাই কয়। “তেওঁ মোক পুতলা নাচৰ গীত শিকাম বুলি কথা দিলে।”
চৌৰনুৰস্থিত পৰিয়ালৰ ষ্টুডিঅ’টোত কাঠৰ বেঞ্চি এখনত বহি ৰজিতা পুলাৱাৰে তোলপাৱকুট্টু পুতলা এটাৰ মুখখন গঢ় দিছে। তেওঁৰ সন্মুখত থকা ডেস্কখনত বিভিন্ন ধৰণৰ লোৰ সঁজুলি যেনে ভোঁহৰ শলা, হাতুৰী-বটালি আদি আছে।
আবেলিৰ সময়। ষ্টুডিঅ’ত সাময়িক নীৰৱতাই বিৰাজ কৰিছে। কেৱল পুতলা বনাই থকা চালিখনৰ তলত ৰজিতাৰ কাষতে থকা ফেনখন ঘৰ্ঘৰাই থকা শব্দ শুনা গৈছে। বাহিৰত মুকলি টেৰেচত চামৰাবোৰ পুতলা বনোৱাৰ বাবে কটাৰ আগেয়ে শুকাবলৈ মেলি দিয়া আছে।
“এইবোৰ পুতলা আমি আধুনিক কাহিনীৰ বাবে তৈয়াৰ কৰিছো,” নিজে কাম কৰি থকা পুতলাটোৰ প্ৰসংগত তেওঁ কয়। ভাৰতৰ মালাবৰ উপকূল অঞ্চলৰ এয়া পৰম্পৰাগত শিল্প প্ৰথমে দেৱী ভদ্ৰকালীৰ বাৰ্ষিক উৎসৱৰ সময়ত মন্দিৰ প্ৰাংগণত প্ৰদৰ্শন কৰা হৈছিল।
ৰজিতাৰ ককা কৃষ্ণনকুট্টি পুলাৱাৰে এইবিধ শিল্পক আধুনিক ৰূপত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ মন্দিৰৰ চৌহদৰ পৰা এই শিল্পবিধক উলিয়াই আনিলে, ৰামায়ণৰ কাহিনীৰে পুতলা নাচৰ আৰম্ভ হৈছিল যদিও তেওঁ সেই বিষয়বস্তুৰ বাহিৰত চিন্তা কৰি আগবাঢ়িল। (পঢ়ক: যুগৰ সৈতে মিলি আগবাঢ়িছে কেৰালাৰ ছাঁ পুতলানাচ )।
তেওঁৰ নাতিনীয়ে সেই পদাংক অনুসৰণ কৰিলে আৰু পুতলা নাচৰ ৰংগদলত যোগ দি পুতলা নাচ দেখুওৱা প্ৰথমগৰাকী মহিলা হিচাপে স্বীকৃতি পালে। ২০২১ত তেওঁ কেৱল মহিলাৰে গঠিত প্ৰথমটো তোলপাৱকুট্টু পুতলা নাচৰ ৰংগদল এটা গঠন কৰিলে।
এই পৰ্য্যায়লৈ তেওঁৰ যাত্ৰা আছিল দীঘলীয়া।
পুতলা নাচৰ ছন্দোময় পদবোৰ আছিল তামিল ভাষাত, মালায়ালম ভাষী ৰজিতাৰ বাবে সেইবোৰ আয়ত্ত কৰাটো বৰ কঠিন আছিল। কিন্তু তেওঁৰ পিতৃ আৰু ককাকে তাই সেই পদবোৰৰ অৰ্থ আৰু উচ্চাৰণ হৃদয়ংগম কৰালৈ ধৈৰ্য্য ধৰিছিল। “মোৰ ককাই মোক তামিল বৰ্ণমালা শিকাইছিল আৰু তাৰপাছত লাহে লাহে পদলৈ আহিছিল।”
“শিশু হিচাপে আমি ভাল পোৱা পদবোৰ তেওঁ আমাক শিকাইছিল,” ৰজিতাই কৈ যায়। ককাকৰ পৰা প্ৰথম শিকা পদটো আছিল ৰামায়ণৰ এটা দৃশ্য য’ত হনুমানে ৰাৱণক প্ৰত্যাহ্বান জনায়:
হে ৰাৱণ,
দুষ্কৰ্ম কৰিলি,
বসুমতীৰ জীয়ৰীক হৰিলি,
নেজেৰেই লংকাখন ছাৰখাৰ কৰিম
আঁতৰ হ ৰাৱণ!
পৰিয়ালৰ পুৰুষসকলে তেওঁক বৰ উৎসাহেৰে আদৰি ল’লে। বিশেষকৈ তেওঁৰ ভ্ৰাতৃ ৰাজীৱে বৰকৈ অনুপ্ৰেৰণা যোগাইছিল, ৰজিতাই কয়, “কেৱল মহিলাৰে গঠিত পুতলা নাচৰ দল এটা আৰম্ভ কৰিবলৈ তেঁৱেই মোক উৎসাহ যোগাইছিল।”
মন্দিৰ প্ৰাংগণত পুতলা নাচ দেখুওৱাটো মহিলাৰ বাবে গ্ৰহণযোগ্য নাছিল (এতিয়াও বহুলাংশে এই নিয়ম চলি আছে), সেয়ে ৰজিতা যেতিয়া পুতলা নাচৰ বাবে সাজু হৈছিল, তেওঁ পৰিয়ালৰ দলটোৰ সৈতে সমসাময়িক মঞ্চতহে পুতলা নাচ দেখুওৱা কাম কৰিব পাৰিছিল। আৰম্ভণিতে তেওঁ নেপথ্যতে থাকিবলৈ ভাল পাইছিল।
“মই সীতা আদি নাৰী চৰিত্ৰত কণ্ঠ দিছিলো (ৰামায়ণৰ আধুনিক অভিযোজন), কিন্তু পুতলা নচুওৱা বা দৰ্শকক সম্বোধন কৰাৰ আত্মবিশ্বাস মোৰ নাছিল,” তেওঁ কয়। কিন্তু দেউতাকে সৰু ল’ৰা-ছোৱালীৰ বাবে পতা কৰ্মশালাই তেওঁৰ আত্মবিশ্বাস গঢ়াত সহায় কৰিলে। “কৰ্মশালাত মই বহু মানুহৰ সৈতে মত বিনিময় কৰিছিলোঁ। তেনেকৈয়ে মই দৰ্শকৰ মুখামুখি হোৱাৰ সাহস গোটাব পাৰিলো।”
ৰজিতাই পুতলা বনোৱা শিল্পও আয়ত্ব কৰিলে। “প্ৰথমে কাগজৰ পুতলা বনাই অভ্যাস কৰিছিলোঁ। মোৰ পিতৃ-মাতৃ আৰু মোৰ ভাইটো আছিল মোৰ শিক্ষক,” তেওঁ কয়। “লাহে লাহে মই চামৰাত নক্সা তোলা আৰু ৰং কৰা শিকিলো, যিয়ে পুতলাটো প্ৰাণৱন্ত কৰি তোলে।” ৰামায়ণৰ পুতলাবোৰত যিদৰে বেছিকৈ ৰহন সনা মুখাৱয়ৱ থাকে, তাৰ পৰিৱৰ্তে সমসাময়িক পুতলানাচৰ পুতলাবোৰ অধিক বাস্তৱিক। “আনকি মহিলাৰ বয়স অনুযায়ী কাপোৰো সলনি কৰা হয়। বয়সস্থ মহিলাৰ চৰিত্ৰৰ পুতলাক শাড়ী পিন্ধোৱা হয়। কম বয়সৰ হ’লে টপ আৰু জিন্সো পিন্ধোৱা হয়,” ৰজিতাই বুজাই কয়।
ৰজিতাকেই কেৱল পৰিয়ালৰ লোকেই সমৰ্থন কৰিছিল আৰু উৎসাহ যোগাইছিল, এনে নহয়। তোলপাৱকুট্টুৰ ক্ষেত্রত লিংগ বিভাজন আঁতৰোৱাত প্ৰথমটো পদক্ষেপ লোৱা হৈছিল ৰজিতাই ককাকৰ সৈতে কাম আৰম্ভ কৰাৰ কেবাবছৰ আগেয়ে, সেয়া আছিল তেওঁৰ মাতৃ - ৰাজলক্ষ্মী।
১৯৮৬ত ৰজিতাৰ পিতৃ ৰামচন্দ্ৰৰ লগত বিয়া হোৱাৰ পিছত ৰাজলক্ষ্মীয়ে পুতলা বনোৱা কাম কৰি পৰিয়ালটোৰ পুতলা নাচৰ পৰম্পৰাক আগবঢ়াই নিয়াত সহায় কৰিছিল। অৱশ্যে পুতলানাচ প্ৰদৰ্শন আৰু পাঠত ভাগ ল’বলৈ তেওঁ সুযোগ পোৱা নাছিল। “ৰজিতাৰ এই যাত্ৰা দেখি মই বৰ সন্তুষ্টি অনুভৱ কৰোঁ। মই সৰু থাকোতে যিখিনি কৰিব নোৱাৰিলোঁ, সেইখিনি তাই কৰি দেখুৱাইছে,” ৰাজলক্ষ্মীয়ে কয়।
*****
ৰজিতাই নিজাকৈ পুতলা নাচৰ দল ‘পেন পাৱকুট্টু’ খোলাৰ সিদ্ধান্ত লোৱাৰ পিছত প্ৰথমটো কাম কৰিছিল তেওঁৰ মাতৃ ৰাজলক্ষ্মী আৰু ননদ অস্বতিক দলটোলৈ আদৰণি জনাই
প্ৰথম অৱস্থাত অস্বতিৰ এইবিধ শিল্পৰ প্ৰতি আগ্ৰহ নাছিল আৰু পুতলা নাচ দেখুওৱাৰ কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল। পুতলা নাচ দেখুওৱা পৰিয়ালৰ সৈতে বিয়া হোৱাৰ পিছত, তেওঁ কয়, “মই এইবিধ শিল্পৰ মোল বুজি পোৱা হ’লো।” কিন্তু ৰীতিগত পুতলানাচ বৰ লেহেমীয়া আৰু তাত পুতলাৰ বিশেষ একো কৰিবলগীয়া নাথাকে। সেয়ে তেওঁ সেই প্ৰক্ৰিয়া শিকাৰ প্ৰতি আগ্ৰহী নাছিল। কিন্তু গিৰীয়েকে কৰা সমসাময়িক পুতলা নাচ দেখি তেওঁ তাৰ প্ৰতি আগ্ৰহী হৈ পৰিল আৰু শিল্পবিধ আয়ত্ত কৰাৰ বাবে ৰজিতাৰ দলত সোমাল।
বিগত বছৰবোৰত ৰামচন্দ্ৰইও তেওঁৰ দলত মহিলাক নিয়োজিত কৰি আহিছে আৰু ইয়ে ৰজিতাক চুবুৰীয়াৰ ছোৱালী আৰু মহিলাৰে গঠিত এটা পুতলা নাচৰ দল গঠন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। প্ৰথমটো দলত আঠগৰাকী মহিলা আছিল - নিবেদিতা, নিত্যা, সন্ধ্যা, শ্ৰীনন্দা, দীপা, ৰাজলক্ষ্মী আৰু অস্বতী।
“মই মোৰ পিতৃৰ অধীনত আমাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলোঁ। দলটোৰ প্ৰায়ভাগ ছোৱালীয়ে স্কুলত পঢ়ি থকা বাবে আমি তেওঁলোকৰ বন্ধৰ দিনত নাইবা আজৰি সময়তহে প্ৰশিক্ষণ পাতিছিলো। পৰম্পৰা হিচাপে মহিলাই পুতলা নাচত অংশগ্ৰহণ কৰাৰ নিয়ম নাছিল যদিও পৰিয়ালবোৰে বৰ উৎসাহ যোগাইছিল,” ৰজিতাই কয়।
এনেকৈ পুতলা নাচ দেখুৱাই থকাৰ মাজতে তিৰোতা আৰু ছোৱালীবোৰৰ মাজত ঘনিষ্ঠতা গঢ়ি উঠিছে। “আমি এটা পৰিয়ালৰ দৰে,” ৰজিতাই কয়, লগতে যোগ দিয়ে, “আমি জন্মদিনৰ উৎসৱ আৰু পৰিয়ালৰ আন পৰ্ব আদি একেলগে উদযাপন কৰোঁ।”
তেওঁলোকৰ প্ৰথম পুতলানাচ প্ৰদৰ্শনী হৈছিল ২০২১ৰ ২৫ ডিচেম্বৰত। “আমি কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু আখৰাত বহু সময় দিছিলো,” ৰজিতাই কয়। সেয়া আছিল তোলপাৱকুট্টু প্ৰদৰ্শন কৰা প্ৰথমটো মহিলাৰ গোট। কেৰেলা চৰকাৰৰ ‘সমম’ কাৰ্য্যসূচীৰ অধীনত পলক্কড়ৰ প্ৰেক্ষাগৃহ এটাত সেই পুতলানাচ প্ৰদৰ্শিত হৈছিল।
শীতকা আছিল যদিও তেলৰ লেমবোৰৰ তাপে পুতলা নাচ প্ৰদৰ্শনকাৰীক দহিছিল। “আমাৰ কিছুমানৰ হাতত পানীজোলা ফুটিছিল,” ৰজিতাই কয়। “পৰ্দাৰ পিছফালে বৰ গৰম উঠে।” কিন্তু তেঁওলোক আটাইবোৰ দৃঢ়প্ৰতিজ্ঞ আছিল। ৰজিতাই কয়, “আমাৰ পুতলানাচ প্ৰদৰ্শন সকলোৱে ভাল পাইছিল, আমি সফল হৈছিলো।”
সমম মানে মালায়লম ভাষাত সমান বুজোৱা চৰকাৰী কাৰ্যসূচীটোৱে উচ্চাকাংক্ষী মহিলা শিল্পীসকলক এখন মঞ্চ প্ৰদান কৰে। অনুষ্ঠানটোৰ আয়োজন কৰে পলক্কড়ৰ মহিলা আৰু শিশুসেৱা বিভাগে। ৰজিতাৰ দলটোৱে পৰিৱেশন কৰা পুতলানাচে মহিলাসকলে শৈক্ষিক আৰু পাৰিবাৰিক জীৱনত, চাকৰি-বাকৰিৰ ক্ষেত্রত কৰিবলগীয়া হোৱা সংগ্ৰামৰ লগতে নিজৰ অধিকাৰ হাচিলৰ বাট দেখুওৱাৰ চেষ্টা কৰে।
“আমি আমাৰ শিল্পৰ যোগেদি বৈষম্যৰ বিৰুদ্ধে যুঁজ দিওঁ। এই ছাঁয়ে আমাৰ সংগ্ৰামৰ ছবি,” ৰজিতাই কয়। “আমি নতুন ধ্যান-ধাৰণা আৰু বিশেষকৈ বৰ্তমান সামাজিক প্ৰেক্ষাপটত প্ৰযোজ্য হোৱা কাহিনীৰ সন্ধান কৰি ভাল পাওঁ। মহিলাৰ দৃষ্টিৰে ৰামায়ণৰ উপস্থাপনো আমি কৰিব বিচাৰো।”
নিজা দলটো গঠনৰ পিছত ৰজিতাই পুতলা নচুওৱাৰ উপৰিও আন বহু দিশত অভিজ্ঞ হৈ পৰিল। তেওঁ নাট্যলিপি লিখাৰ পৰা আৰম্ভ কৰি গীত-মাত বাণীবদ্ধ কৰা, পুতলা বনোৱা, নচুওৱা আৰু দলটোৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া আদিকে ধৰি গোটেইখিনি কাম-কাজ পৰিচালনা কৰে। “প্ৰতিটো প্ৰদৰ্শনীৰ বাবে আমি ভালেখিনি প্ৰস্তুতি চলাও। এই ধৰক মহিলাৰ সবলীকৰণৰ কাহিনী এটা উপস্থাপন কৰিবলৈ মই মহিলা আৰু শিশু কল্যাণ বিভাগলৈ গৈ তাৰপৰা মহিলাৰ বাবে থকা আঁচনি আৰু সুযোগ-সুবিধাৰ তথ্য গোটাই আনিছিলো। তাৰপিছত মই নাট্যলিপি আৰু সংগীতৰ কাম কৰাইছিলো। বাণীবদ্ধকৰণ হোৱাৰ পিছত আমি পুতলা বনাই নচুওৱাৰ আখৰা কৰিছিলো। ইয়াত আমাৰ প্ৰতিজন সদস্যই অৰিহণা যোগাব পাৰে, পুতলা বনাব পাৰে আৰু নচুওৱাৰ কাম কৰিব পাৰে।”
সেই যে এটা প্ৰদৰ্শনী পাৰ হ’ল, তেতিয়াৰে পৰা তেওঁলোকে ৪০ টাৰো অধিক প্ৰদৰ্শনী কৰিছে। তেওঁলোকৰ ১৫ জনীয়া দলটোৱে এতিয়া পিতৃ-সংগঠন কৃষ্ণনকুট্টি মেম’ৰিয়েল তোলপাৱকুট্টু কলাকেন্দ্ৰমৰ সৈতে ঘনিষ্ঠভাৱে সহযোগ কৰি আহিছে। ২০২০ত ৰজিতাই কেৰালা লোকশিল্প একাডেমিৰ পৰা যুৱ প্ৰতিভা বঁটা লাভ কৰিছিল।
কেৱল মহিলাৰে গঠিত তেওঁলোক পুতলা নাচৰ দলটোৱে প্ৰাৰম্ভিক অৱস্থাত পুৰুষ গোটৰ সমান মাননি পোৱা নাছিল, ৰজিতাই কয়। কিন্তু লাহে লাহে পৰিস্থিতি সলনি হ’ল। “বহু সংগঠন, বিশেষকৈ চৰকাৰী সংগঠনে আমাৰ লগত বৈষম্য নকৰি পুৰুষ শিল্পীক যিমান মাননি দিযে, সিমানখিনি মাননি আমাকো দিবলৈ ধৰিলে,” তেওঁ কয়।
তেওঁলোকৰ সাফল্যৰ আন এটা মাইলৰ খুঁটি আছিল মন্দিৰ এটাত প্ৰদৰ্শন কৰিবলৈ পোৱা আমন্ত্ৰণ। “সেয়া মন্দিৰৰ বিধিগত প্ৰদৰ্শনী নাছিল যদিও মন্দিৰৰ পৰা আমন্ত্ৰণ পোৱা কথাটোক লৈ আমি আনন্দিত হৈছিলো,” ৰজিতাই কয়। এতিয়া তেওঁ কাম্বা ৰামায়ণাখনৰ পদ শিকি আছে। সেইখন তোলপাৱকুট্টুৰ পৰম্পৰাগত প্ৰদৰ্শনীত ব্যৱহৃত তামিল ভাষাৰ ৰামায়ণ। সেইখন আয়ত্ব কৰিব পাৰিলে তেওঁ দলটোৰ আনবোৰক শিকাব। ভৱিষ্যতক লৈ তেওঁ আশাবাদী। “মই নিশ্চিত যে এনে এটা দিন আহিব যে মহিলা পুতলা নাচ প্ৰদৰ্শকে পৱিত্ৰ মন্দিৰৰ প্ৰাংগণত কাম্বা ৰামায়ণৰ পদ মাতি পুতলা নাচ দেখুৱাব আৰু মই তাৰবাবেই এই ছোৱালীবোৰক সাজু কৰি আছো।”
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন চমুকৈ এমএমএফৰ পৰা প্ৰাপ্ত এক ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।
অনুবাদ: পংকজ দাস