“ঘৰত পৰি থকা কপাহবোৰৰ ৰং উৱলিব ধৰিছে, ওজনো কমিছে। ৰং যিমানেই ঢেলা পৰে, বেপাৰীয়ে সিমানেই কম দাম দিয়ে,” চিন্তিত হৈ পৰা সন্দীপ যাদৱে কয়। মধ্য প্ৰদেশৰ খৰগোন জিলাৰ গোংগৱা তহচিলৰ কৃষক সন্দীপে ২০২২ৰ অক্টোবৰত কপাহ চপোৱাৰ পিছত দাম বঢ়ালৈ অপেক্ষা কৰি আছে।
খৰগোন জিলাৰ ২ লাখ ১৫ হাজাৰ হেক্টৰ ভূমিত কপাহৰ খেতি কৰা হয়। আৰু এইখন মধ্যপ্ৰদেশৰ সৰ্বাধিক কপাহ উৎপাদনকাৰী জিলাৰ ভিতৰত এখন। ইয়াত প্ৰতিবছৰে মে’ মাহত কপাহৰ বীজ সিঁচা আৰম্ভ হয় আৰু অক্টোবৰৰ পৰা ডিচেম্বৰৰ দ্বিতীয় সপ্তাহলৈ কপাহ কপাহ চপোৱা হয়। খৰগোনৰ কপাহৰ মান্দিত প্ৰতিদিনে প্ৰায় ৬ কোটি টকাৰ কপাহ ক্ৰয় কৰা হয়, সাধাৰণতে অক্টোবৰ মাহত এই ক্ৰয় আৰম্ভ হয় আৰু পৰৱৰ্তী বৰ্ষৰ মে’ মাহলৈকে চলে। সন্দীপেও মধ্য প্ৰদেশৰ বহৰামপুৰা গাঁৱত নিজৰ ১৮ একৰ খেতিমাটিত কপাহৰ খেতি কৰে।
২০২২ৰ অক্টোবৰত সন্দীপে খেতি চপাই ৩০ কুইণ্টল কপাহ পোৱাত বৰ সুখী হৈছিল। তেওঁৰ খেতিত সেয়া প্ৰথমবাৰ শস্য চপোৱা হৈছিল। দ্বিতীয়বাৰ কপাহ চিঙি তেওঁ একেই পৰিমাণৰ কপাহ পাব বুলি আশা কৰিছিল, সেইবাৰ পাইছিল ২৬ কুইণ্টল।
কিন্তু কিছুদিন পিছত সন্দীপে বিচাৰিলেও নিজৰ ৩০ কুইণ্টল শস্য খৰগোনৰ কপাহৰ মান্দিত লৈ যাব নোৱাৰিলে, কিয়নো মধ্য প্ৰদেশৰ আটাইবোৰ কপাহ মান্দিৰ ব্যৱসায়ীসকলে ২০২২ৰ ১১ অক্টোবৰৰ পৰা ধৰ্মঘটত আছিল। বেপাৰীৰ ১০০ টকা ক্ৰয়ত ১.৭ টকাৰ কৰ দিবলগীয়া হৈছিল, যিটো ভালেকেইখন ৰাজ্যৰ তুলনাত বেছি। এয়াই কম কৰাৰ বাবে কপাহৰ ব্যৱসায়ীৰ ধৰ্মঘট আঠ দিনলৈ চলিল।
ধৰ্মঘট আৰম্ভ হোৱাৰ এদিন আগলৈকে, অৰ্থাৎ ১০ অক্টোবৰত খৰগোনৰ কপাহৰ মান্দিত কপাহ প্ৰতি কুইণ্টলত ৮,৭৪০ টকা দৰত বিক্ৰী হৈ আছিল। ধৰ্মঘট ভংগ হোৱাৰ পিছত কপাহৰ দাম ৮৯০ টকা কমি ৭,৮৫০ টকা প্ৰতি কুইণ্টল হ’ল। ১৯ অক্টোবৰত মান্দি পুনৰাই খোলাত দৰ কমা দেখি শস্যখিনি বিক্ৰী নকৰিলে। ২০২২ৰ অক্টোবৰত পাৰিৰ সৈতে কথা-বতৰাত প্ৰায় ৩৪ বৰ্ষীয় কৃষকজনে কয়, “এতিয়া মালখিনি বিক্ৰী কৰি দিলে মোৰ হাতত লাভ বুলিবলৈ একোৱেই নাথাকিব।








