আমি মাত্ৰ সুধিছিলোঁহে, শ্ৰেণীকোঠাৰ সকলো ল’ৰা-ছোৱালীয়ে টপৰাই উত্তৰ দিলে “ইংৰাজী”। ভাৰতীয় শ্ৰেণীকোঠা এটাত উত্থাপন কৰিবলগীয়া সিমানো স্মাৰ্ট প্ৰশ্ন নহয়। যদি প্ৰথম দুজন ছাত্ৰই “ইংৰাজী” বুলি কয়, তেন্তে বাকী সকলোৱে একেটা উত্তৰেই দিব। যদি আপুনি লক্ষ্য কৰে দেখিব যে যদি প্ৰথমে যি দুজন দুৰ্ভগীয়াৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পাল পৰিব, কোনো শাস্তি নোপোৱাকৈ যদি উত্তৰ দিব পাৰিছে, সেইটোকে ভৰসা কৰি আনবোৰ আগবাঢ়িব।
কিন্তু এই ঘটনাটো আমি আন এক দৃষ্টিৰে চোৱাৰ প্ৰয়োজন আছে। এইখন আন কোনো বিদ্যালয়ৰ দৰে নহৈ, কেৰালাৰ আটাইতকৈ ভিতৰুৱা আৰু একমাত্ৰ জনজাতীয় পঞ্চায়ত এডামালাকুড়িৰ এডালিপ্পাৰাস্থিত এখন স্কুল। এজনেই শিক্ষক থকা স্কুলখনৰ নাম সংহত জনজাতি উন্নয়ন প্ৰকল্প বিদ্যালয়। আৰু স্কুলৰ চাৰিবেৰ পাৰ হোৱাৰ পিছত আপুনি সততে ক’তো ইংৰাজী কোৱা শুনা নাপাব। সেই ভাষাত কোনো ব’ৰ্ড, পোষ্টাৰ বা আনকি স্বাক্ষৰ এটাও বিচাৰি পোৱাটো কঠিন৷ তথাপিও ল’ৰা-ছোৱালীবোৰে তেওঁলোকৰ প্ৰিয় বিষয় ইংৰাজী বুলিয়েই ক’লে। আন বহু বিদ্যালয়ৰ দৰে ইডুক্কি জিলাৰ এইখন বিদ্যালয়ৰো প্ৰথম মানৰ পৰা চতুৰ্থমানলৈ পাঠদানৰ একেটাই কোঠা। অতি কম দৰমহা পোৱা, অতিমাত্ৰা অতিৰিক্ত কাম কৰা, অসম্ভৱ পৰিস্থিতিৰ সৈতে যুঁজি থকা, এগৰাকী প্ৰশংসনীয়, ছাত্ৰ-ছাত্ৰীৰ নামত জীৱন উৎসৰ্গিত শিক্ষয়িত্ৰীৰ তত্বাৱধানত এই স্কুলখন চলিছে।
সেইসকলৰ মাজত এজন ব্যতিক্ৰমীও আছিল। এজন সাহসী ল’ৰা যিয়ে থিয় হৈ “অংক” বুলি কৈছিল। তেওঁৰ কথা শুনি আমি তেওঁক কেইটামান অংক কৰি দেখুৱাবলৈ কৈছিলো। তেওঁ ১ৰ পৰা ১২ লৈ নেওতা মাতি শুনোৱাত লাগিল, গৰ্বতে তেওঁৰ বুকুখনো ফুলি উঠিল। তেওঁ পুনৰ্বাৰ আৰম্ভ কৰিবলৈ লৈছিলহে, ভাগ্যে আমি ৰখালো।





