‘‘যেতিয়া মই প্ৰথমবাৰলৈ হাংগুল দেখিছিলো, মন্ত্ৰমুগ্ধ হৈ স্থানু হৈ পৰিছিলো’’, ছাবিৰ হুছেইনে তেওঁৰ প্ৰথম হাংগুল দৰ্শনৰ কাহিনী মনত পেলায়৷ তেওঁ সেই বিশেষ প্ৰজাতিৰ হৰিণা (চাৰ্ভাচ ইলাফাচ হাংগলু) এপলক চাবলৈ সেই স্থানলৈ বাৰে বাৰে গৈছিল৷ এই বিশেষ হৰিণাবিধ কাশ্মীৰত পোৱা যায় আৰু বৰ্তমানে গুৰুতৰভাৱে বিপন্ন প্ৰজাতিৰ সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে৷
ছাবিৰে কয় যে প্ৰায় ২০ বছৰৰ পিছতো ১৪১ বৰ্গ কিলোমিটাৰ এলেকাৰ এই উদ্যানখনত থকা জীৱ-জন্তু, চৰাই, গছ-গছনি আৰু ফুলৰ প্ৰতি তেওঁৰ আকৰ্ষণ অকণো হ্ৰাস হোৱা নাই৷ ‘‘সেয়া আছিল হাংগুল যিয়ে উদ্যানখনৰ প্ৰতি মোৰ হেঁপাহ তীব্ৰ কৰি তুলিছিল, অৱশ্যে হিমালয়ৰ ক’লা ভালুকেও মোক গভীৰভাৱে আকৰ্ষিত কৰিছিল৷’’
উদ্যানখনৰ ভিতৰত তেওঁক ‘এনচাইক্লোপেডিয়া অব্ দাছীগাম’ বুলি আখ্যা দিয়া হৈছে৷ ‘‘মই এই পৰ্যন্ত ৪০০তকৈও অধিক উদ্ভিদৰ প্ৰজাতি, ২০০তকৈও অধিক চৰাইৰ প্ৰজাতি আৰু অঞ্চলটোৰ প্ৰায় সকলো জন্তুৰ প্ৰজাতি চিনাক্ত কৰিছো’’, পাৰিৰ সন্মুখত তেওঁ এইদৰে উল্লেখ কৰে৷ উদ্যানখনত পোৱা অন্য বন্য জীৱজন্তুৰ ভিতৰত কস্তুৰী মৃগ, হিমালয়ৰ মুগা ভালুক, হিমবাঘ আৰু সোণালী ঈগলেই অন্যতম৷
















