গোবৰ, বোকামাটি আৰু বাঁহ! মুখা শিল্পৰ বাবে প্ৰখ্যাত মাজুলীত নিপুণ হাতৰ পৰশ পাই এই তিনি উপাদান হৈ পৰে এক শিল্প। ব্ৰহ্মপুত্ৰৰ এই নদীদ্বীপটোত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিল্পীসকলে এই শিল্পৰ অনুশীলন কৰি আহিছে। “মুখাশিল্প আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, আৰু সম্ভৱতঃ এই শিল্প আজিকোপতি ধৰি ৰখা আমিয়েই অন্তিমটো পৰিয়াল,” এই মন্তব্য মুখাশিল্পী অনুপম গোস্বামীৰ। সৰল আৰু বিশেষ দুয়োধৰণৰ মুখাই ইয়াত বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত পিন্ধা হয়।
“আমাৰ পৰিয়ালৰ পৰম্পৰা জীয়াই ৰখাৰ দায়িত্ব এতিয়া ময়েই লৈছো,” এইদৰে কয় ২৫ বছৰীয়া অনুপমে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁৰ পৰিয়ালে মুখাশিল্পৰ সৈতে জড়িত হৈ আহিছে আৰু এতিয়া পৰিয়ালটোৰ ৯ গৰাকী সদস্যাৰ আটাইকেইগৰাকীয়েই সেয়া হাতে-কামে কৰি আহিছে।
“বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা মাজুলীলৈ পৰ্যটক আহে আৰু স্মৃতিৰ চিন হিচাপে মুখা কিনি লৈ যায়,” এই ভাষ্য ধীৰেন গোস্বামীৰ। অনুপমৰ ৪৪ বছৰীয়া খুৰাক ধীৰেনে তেওঁলোকৰ নিজা দোকানত বিভিন্ন ধৰণৰ মুখা বিক্ৰী কৰি আহিছে। সাধাৰণ এখন মুখা ৩০০ টকাত বিক্ৰী হয় যদিও আকাৰ আৰু বিশেষ ডিজাইনলৈ চাই কিছুমান মুখাৰ দাম ১০,০০০ টকা হয়গৈ।
২০১১ চনৰ পিয়ল অনুসৰি দেশৰ সৰ্ববৃহ নদীদ্বীপ মাজুলী ‘অসমীয়া বৈষ্ণৱ সংস্কৃতি বা একশৰণ নামধৰ্ম আৰু ৬২খন সত্ৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ’।












