''কলকাতা, জয়পুৰ, দিল্লী অথবা মুম্বাই, যি ঠায়েই নহওক কিয়, বাঁহৰ প’ল’ বল দেউলপুৰৰ পৰাই গৈছিল,’’ ভাৰতৰ কোন কোন ঠাইত প’ল’ খেলা হৈছিল তাৰ তালিকা দি ৰঞ্জিত মালে এইদৰে কয়।
পশ্চিমবংগৰ দেউলপুৰৰ প’ল’ বলৰ কাৰিকৰ ৭১ বৰ্ষীয় ৰঞ্জিতে বিগত প্ৰায় ৪০ বছৰ ধৰি বাঁহৰ মূঢ়াৰ পৰা এই বল প্ৰস্তুত কৰি আহিছে। ‘বাঁচেৰ গঢ়া’ – অসমীয়াত বাঁহৰ মূঢ়া হৈছে মাটিৰ তলত থকা বাঁহ গছৰ অংশ, ইয়াৰ পৰাই বাঁহ গছৰ বিস্তাৰ হয়। সম্প্ৰতি ইতিহাসত পৰিণত হ’বলৈ ধৰা এই হস্তশিল্পবিধৰ ৰঞ্জিতেই হৈছে অন্তিমগৰাকী শিল্পী।
কিন্তু যোৱা ১৬০ বছৰ ধৰি খেলি অহা আধুনিক প’ল’ খেলবিধৰ ক্ষেত্ৰত বিশেষকৈ সৈন্য, ৰাজপৰিয়ালৰ লোকসকল আৰু সম্ভ্ৰান্ত লোকসকলে খেলিবলৈ ব্যৱহাৰ কৰা বাঁহৰ প’ল’ বল এই দেউলপুৰতেই প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য যে বিশ্বৰ প্ৰথমটো প’ল’ ক্লাব প্ৰতিষ্ঠা হৈছিল ১৮৫৯ চনত অসমৰ শিলচৰত, ইয়াৰ পিছত ১৮৬৩ চনত কলকাতাত গঠিত হৈছিল দ্বিতীয়টো প’ল’ ক্লাৱ। আধুনিক প’ল’ হৈছে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ পৰম্পৰাগত খেল ছাগোল কাংজেইৰ অভিযোজিত সংস্কৰণ আৰু মেইটেইসকলেই বাঁহৰ মূঢ়াৰে তৈয়াৰী বল খেলিবলৈ ব্যৱহাৰ কৰিছিল।
১৯৪০ চনৰ আৰম্ভণিতে দেউলপুৰ গাঁৱৰত ৬-৭টা পৰিয়ালে প্ৰায় ১২৫ গৰাকী শিল্পীক কামত লগাইছিল আৰু তেওঁলোকে বছৰি অতিকমেও ১ লাখ বল প্ৰস্তুত কৰিছিল। “আমাৰ সুনিপুণ শিল্পীসকলে প’ল’ বজাৰখনৰ বিষয়ে জানিছিল,’’ ৰঞ্জিতে কয়। তেওঁৰ এই দাবীৰ প্ৰমাণ ব্ৰিটিছকালৰ হাওৰা জিলাত চলোৱা জৰীপতো স্পষ্ট হৈ আছে। তাত লিখা আছে এইদৰে, “দেউলপুৰেই হৈছে ভাৰতৰ একমাত্ৰ ঠাই য’ত প’ল’ বল প্ৰস্তুত কৰা হয়।’’
ৰঞ্জিতৰ পত্নী মিনতি মালে কয়, “প’ল’ বল প্ৰস্তুতৰ ৰমৰমীয়া ব্যৱসায় দেখিয়েই দেউতাই মোৰ ১৪ বছৰ বয়স হওতেই ইয়ালৈ বিয়া দিছিল।’’ এতিয়া ৬০ বছৰত ভৰি দিয়া মিনতিয়ে এক দশক আগলৈকে স্বামীক প’ল’ বল প্ৰস্তুত সহায় কৰিছিল। এই পৰিয়ালটো পশ্চিমবংগত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত মাল সম্প্ৰদায়ৰ আৰু ৰঞ্জিতে দেউলপুৰতে ডাঙৰ-দীঘল হৈ আজিৰ এই সময়ত উপনীত হৈছে।
মাদুৰি বনৰ কঠত বহি তেওঁ সংৰক্ষণ কৰি ৰখা আপুৰুগীয়া পুৰণি বাতৰি কাকত আৰু আলোচনীৰ পৃষ্ঠাবোৰ লুটিয়াই অতীতলৈ উভতি গৈছে। সেইবোৰ চাই থকাৰ মাজতে তেওঁ গৌৰৱেৰে কৈ উঠিছে, ''পৃথিৱীৰ য’তেই নহওক কিয় ক’ৰবাত যদি লুঙি পিন্ধি প’ল’ বল প্ৰস্তুত কৰি থকা কোনো এজন মানুহৰ পুৰণি ফটো দেখা পোৱা, জানিবা সেইজন ময়েই।’’














